মাদাৰ টেৰেছা

মাদাৰ টেৰেছা (ইংৰাজী: Mother Teresa) এগৰাকী কেথ'লিক খ্ৰীষ্টান পন্থীয় নান (nun) আছিল। তেখেত মূলতঃ এলবেনিয়ান জাতিৰ ব্যক্তি পাছলৈ এখেতে ভাৰতীয় নাগৰিকত্ব গ্ৰহণ কৰিছিল। এখেতে ১৯৫০ চনত কলিকতাত 'মিছনেৰীজ অফ চেৰিটি' স্থাপন কৰিছিল। ১৯৫০ চনৰপৰা 'মিছনেৰীজ অফ্ চেৰিটি'ৰ জৰিয়তে এখেতে দুখীয়া, অনাথ, ৰোগী আৰু মৃত্যুমুখী মানুহৰ সহায়ৰ বাবে কাম কৰিছিল। ভাৰতত এই কামৰ ভেঁটি স্থাপন হ'লেও পাছলৈ 'মিছনেৰীজ অফ্ চেৰিটি'ৰ কাম-কাজ সমগ্ৰ বিশ্বলৈ বিয়পি পৰে আৰু বৰ্তমান সমগ্ৰ পৃথিৱীত চাৰি হেজাৰতকৈও অধিক নানে ’মিছনাৰীজ অৱ চেৰিটিৰ সেৱা আগবঢ়াই আছে৷। পোপ জন পল দ্বিতীয়-ই এখেতক মৃত্যুৰ পাছত 'কলিকতাৰ স্বৰ্গীয় টেৰেছা' (Blessed Teresa of Calcutta) সন্মানেৰে বিভূষিত কৰি “সন্ত’’ৰ সন্মান যাচে৷। ১৯৭৯ চনত তেওঁলৈ আগবঢ়োৱা হয় শান্তিৰ নোবেল বঁটা৷ ১৯৮০ চনত ভাৰত চৰকাৰে ভাৰত ৰত্ন সন্মানেৰে বিভূষিত কৰে৷[১]
উদ্ধৃতিসমূহ
[সম্পাদনা কৰক | উৎস সম্পাদনা]- বিশ্বাসৰ ফল প্ৰেম, প্ৰেমৰ ফল সেৱা আৰু সেৱাৰ ফল শান্তি৷[২]
- যদি সুখী হ'ব বিচৰা, তেনেহ'লে ক্ষমা কৰিবলৈ শিকা।
- এই পৃথিৱীত খাদ্যৰ প্ৰতি মানুহৰ যিমান ক্ষুধা আছে, তাতোকৈ বহু বেছি গুণে ক্ষুধা আছে প্ৰেমৰ প্ৰতি।[৩]
- বিশ্বৰ বাবে প্ৰয়োজনীয় খাদ্য, আশ্ৰয়, মৰম-স্নেহ আৰু প্ৰাৰ্থনাই শান্তি আৰু ঐক্যৰ বান্ধোন৷[৪]
- মই অকলে পৃথিৱীখন সলাব নোৱাৰোঁ, কিন্তু পানীত এটা শিলগুটি দলিয়াই বহুতো তৰঙ্গৰ সৃষ্টি কৰিব পাৰোঁ।
- কিবা নহয় কিবা প্ৰকাৰে আমি সকলোৱেই প্ৰতিবন্ধী৷ কাৰোবাৰ ক্ষেত্ৰত এইটো বাহিৰৰ পৰা দেখা যায়, কাৰোবাৰ ক্ষেত্ৰত ভিতৰৰ পৰা৷[১]
- ঈশ্বৰক ভালপোৱাটোৱেই সকলো নহয়, যদিহে মই প্ৰতিবেশীক ভাল নাপাওঁ৷ ছেইণ্ট জনে কৈছে যে প্ৰতিবেশীক ভাল নাপাই আমি যদি কওঁ ঈশ্বৰক ভাল পাওঁ বুলি, তেনেহ’লে আমি মিছলীয়া৷ এইটো কেনেকৈ সম্ভৱ যে আমি ঈশ্বৰক ভাল পাওঁ, অথচ প্ৰতিবেশীক ভাল নাপাওঁ- যিসকলক আমি সদায় দেখোঁ, যাক আমি স্পৰ্শ কৰিব পাৰোঁ, যিসকলৰ কাষতে আমি বাস কৰোঁ?[১]
- শিশুৰ চকুত মই জীৱনৰ আৰু ঈশ্বৰৰ শক্তি দেখা পাওঁ৷[১]
- তোমালোকে মনত ৰাখিবা যে, ’মিছনাৰীজ অৱ চেৰিটি’ৰ ছিষ্টাৰসকলৰ জীৱন অতি কঠিন৷ তোমালোকেতো নিজেই দাৰিদ্ৰ্য বৰণ কৰিবাই; লগতে এই অৱস্থাৰে দৰিদ্ৰৰো দৰিদ্ৰতম সেৱা কৰিবা৷ তোমালোকৰ জীৱন-পথত একমাত্ৰ শক্তিৰ উৎস হ’ব এই বিশ্বাস যে, তোমালোকে দুঃস্থসকলৰ মাজত নিপীড়িত যীশুখ্ৰীষ্টক দেখা পোৱা; তোমালোকৰ সেৱাৰ মাজেৰে তোমালোকে যীশুক সেৱা কৰা৷[১]
- আমি সম্পূৰ্ণৰূপে ঈশ্বৰৰ ওপৰত নিৰ্ভৰশীল৷ আমাৰ কোনো সঞ্চয় নাই৷ অৰ্থ পালেই আমি নানা কামত ব্যয় কৰোঁ৷ এনেকুৱা সময়ো আমাৰ জীৱনলৈ আহিছে, যেতিয়া আমি নিশ্চিত নহয় পিছদিনাৰ আমাৰ আহাৰৰ বিষয়ে; কিন্তু ঈশ্বৰে আমাৰ আহাৰৰ যোগান ঠিকেই ধৰিছে৷ অৱশ্যে আমাৰ অৰ্ডাৰৰ চতুৰ্থটো শপত হ’ল দৰিদ্ৰৰ মাজত দৰিদ্ৰতমজনক সেৱা কৰাৰ৷ সেইটো আমি কোনোদিনে ভংগ কৰা নাই৷[১]
- মই ভগৱানৰ পেন্সিল৷ এি সৰু পেন্সিলডালেৰে তেওঁৰ যি ইচ্ছা তাকে লিখে৷ আমি আহিলা হিচাপে সুন্দৰ নহ’লেও আমাৰ জৰিয়তে তেওঁ সুন্দৰভাবে লিখে৷[৫]
- তুমি যদি নিঃস্বাৰ্থভাৱে কিবা ভাল কাম কৰি আছা, মানুহে তেতিয়াও তোমাৰ কামত স্বাৰ্থৰ গোন্ধ পাব। তথাপিও ভাল কাম কৰিবলৈ নেৰিবা।[৬]
- সততা আৰু স্পষ্টবাদিতাৰ বাবে বহু সময়ত তুমি হয়তো আঘাত পাবা, তথাপিও সৎ আৰু স্পষ্টবাদী হ'বা।[৬]
- পৃথিৱীক তোমাৰ সৰ্বশ্ৰেষ্ঠ অৱদান দিয়া, তোমাৰ কষ্ট হ'ব, তথাপিও পৃথিৱীখনক তোমাৰ সৰ্বশ্ৰেষ্ঠ অৱদান দি যোৱা।[৬]
- কাৰোবাক আঘাত দি নাভাবিবা যে তেওঁ অবুজ বা দুৰ্বল মনত ৰাখিবা তেওঁ তোমাক বিশ্বাস কৰিছিল যাৰ তুমি যোগ্য নাছিলা।[৬]
- যদি আপুনি মানুহক বিচাৰ কৰে, তেন্তে সিহঁতৰ ভালপোৱাৰ সময় নাপাব।[৭]
মাদাৰ টেৰেছাৰ বিষয়ে
[সম্পাদনা কৰক | উৎস সম্পাদনা]উৎস
[সম্পাদনা কৰক | উৎস সম্পাদনা]- ↑ ১.০ ১.১ ১.২ ১.৩ ১.৪ ১.৫ ড° অৰ্ভিন ঘোষ, অনু: ভুবন চন্দ্ৰ বৰা (২০১৬)। মাদাৰ টেৰেছা। ষ্টুডেণ্টচ্ ষ্টোৰচ্, পৃষ্ঠা:২২৫।
- ↑ নিয়মীয়া বাৰ্তা, ৩ ডিচেম্বৰ, ২০২১
- ↑ নিয়মীয়া বাৰ্তা
- ↑ উদ্ধৃতি অভিধান, ৰক্তাভ জ্যোতি বৰা, পৃ: নং, ২৩৬, প্ৰকাশক উৎপল হাজৰিকা, বাণী মন্দিৰ
- ↑ মহৎ লোকৰ বাণী, অপূৰ্ব তালুকদাৰ, নিষ্ঠা প্ৰকাশন, ২০১৬,পৃ: নং; ২২
- ↑ ৬.০ ৬.১ ৬.২ ৬.৩ মাদাৰ টেৰেছাৰ বাণী. আহৰণ কৰা হৈছে: 28 আগষ্ট 2023.
- ↑ মাদাৰ টেৰেছা বিখ্যাত উক্তি. প্ৰকাশক: ofhsoupkitchen.org (২১ জুন ২০২৩). আহৰণ কৰা হৈছে: 10 আগষ্ট 2025.
বাহ্যিক সংযোগ
[সম্পাদনা কৰক | উৎস সম্পাদনা]- Mother Teresa of Calcutta Center, India – Official Site
- Missionaries of Charity Brothers (Active Branch)
- Mother Teresa and her patron saint, St. Therese of Lisieux
- Mother Teresa Memorial Page
- Nobel Laureate Biography (Nobel Foundation)
- The TIME 100: The Most Important People of the Century – Mother Teresa
- Missionaries of Charity Fathers (MC Fathers / MC Priests) – Official Website: Biography of Mother Teresa
- Mother Teresa's Crisis of Faith (TIME.com)
- Speech at National Prayer Breakfast, Washington, D.C. (3 February 1994)
- Peggy Noonan, "Still, Small Voice," Crisis, (1 February 1998) (account of the National Prayer Breakfast speech)
- Missionaries of Charity Active and Contemplative Sisters with U.S. contact information (CMSWR member page)
- India to give Mother Teresa state funeral, at CNN (6 September 1997)
- "Mommie Dearest" by Christopher Hitchens, in Slate (20 October 2003)
- "Mother Teresa, John Paul II, and the Fast-Track Saints" (22 October 2007) by Michael Parenti, at CommonDreams.org,

