সমললৈ যাওক

নেপোলিয়ন বোনাপাৰ্ট

ৱিকিউদ্ধৃতিৰ পৰা
নেপোলিয়ন বোনাপাৰ্ট (১৮০২)

নেপোলিয়ন বোনাপাৰ্ট (ইংৰাজী: Napoleon Bonaparte; ১৫ আগষ্ট, ১৭৬৯ - ৫ মে’, ১৮২১) ফৰাচী বিপ্লৱৰ সময়ৰ এজন জেনাৰেল। তেওঁ ফৰাচী প্ৰজাতন্ত্ৰৰ প্ৰথম কনচুল (First Consul) আছিল।

  1. তুমি ভালেই কৰা বা বেয়াই কৰা, মানুহে তোমাক সমালোচনা কৰিব‌ই। সেইবুলি সমালোচনাৰ ভয়ত অকৰ্মণ্য হৈ বহি থাকিবা নেকি?[]
  2. জীৱনৰ অন্য নাম সংগ্ৰাম৷ সংগ্ৰাম অবিহনে জীৱন জীৱনেই হ'ব নোৱাৰে৷ সংগ্ৰাম বা সংঘাতৰ স'তে যুঁজি যুঁজি মানুহে যি সাহস, মনোবল তথা প্ৰেৰণা লাভ কৰে, সি তেওঁক অসাধ্য সাধন কৰাত শক্তি দিয়ে৷[]
  3. বুৰ্বকসকলে নিজকে ৰক্ষা কৰিব পাৰিলেহেঁতেন যদিহে লেখাবোৰ নিয়ন্ত্ৰণত সক্ষম হ’লহেঁতেন৷ হিলৈ-বাৰুদে সামন্তবাদ ধ্বংস কৰিলে-- চিয়াঁহীয়ে আধুনিক সমাজ ব্যৱস্থা ধ্বংস কৰিব৷[]
  4. অসম্ভৱ কথাটো মূৰ্খৰ অভিধানতহে পোৱা যায়৷ পৃথিৱীত অসম্ভৱ বুলি কোনো কামেই থাকিব নোৱাৰে৷[]
  5. আত্মবিশ্বাস যিজনৰ নাই, তেওঁ কোনো কামতেই সফল হ’ব নোৱাৰে৷[]
  6. অতি কম পৰিমাণৰ আহাৰ খাবলৈ পোৱা লোকতকৈ অত্যধিক পৰিমাণৰ আহাৰ খোৱা লোকহে বেছিকৈ মৰা৷[]
  7. জীৱনটো এখন সংগ্ৰামৰ থলী। সাহসী আৰু কৰ্মপটুজনেহে এই সংগ্ৰামত জয়লাভ কৰিব পাৰে।[]
  8. ল’ৰা-ছোৱালীয়ে ডাঙৰ হৈ কেনেদৰে চলে, সেইটো সম্পূৰ্ণ নিৰ্ভৰ কৰিব মাকৰ ওপৰত৷
  9. সকলো আনন্দদায়ক কামেই জিৰণি, অলাগতিয়াল জিৰণি হাড় ভঙা কামতকৈ গধুৰ৷
  10. সাংবাদিক এজনে আপত্তি কৰে, গৰিহণা দিয়ে, উপদেশ দিয়ে, সাৰ্বভৌমত্ব ৰক্ষা কৰে আৰু জাতিৰ শিক্ষক হিচাপে কাম কৰে৷[]
  11. পৃথিৱীৰ বিষয়ে মোৰ অভিজ্ঞতা যিমানেই বাঢ়িছে, সিমানেই মই এই কথাত পতিয়ন গৈছো যে গাৰ বলেৰে বা পাশৱিক শক্তিৰ দ্বাৰা কেতিয়াও কোনো স্থায়ী বস্তুৰ সৃষ্টি কৰিব নোৱাৰি৷[]
  12. কাকো একো কথা নিদিয়াটোৱেই হ’ল কথা ৰখাৰ আটাইতকৈ ভাল উপায়৷[]
  13. দুখ বুলি কোনো বস্তুৱেই নাই৷ সুখী মানুহৰ জীৱন হ’ল এনে এখন ছবি - য’ত ৰূপালী পটভূমিত ক’লা তৰাবোৰ বিচিত্ৰ কৰি দেখুওৱা হয়৷ অসুখী মানুহৰ জীৱন হ’ল এনে এখন ছবি য’ত ক’লা পটভূমিত ৰূপালী তৰা চিত্ৰ কৰি দেখুওৱা হয়৷ জীৱন মানেই যন্ত্ৰণা৷ কিন্তু সাহসী মানুহে অবিৰামভাৱে আত্মসংযম আয়ত্ত কৰিবলৈ চেষ্টা কৰে আৰু শেষ মুহূৰ্তপৰ্যন্ত সেই চেষ্টাত তেওঁ কৃতকাৰ্য হয়৷[]
  14. এহেজাৰ বেয়’নেটতকৈ চাৰিখন বাতৰি কাকত বেছি ভয়াবহ৷[]
  15. যিজনৰ নিজৰ ওপৰত বিশ্বাস নাই, তেওঁ কোনো কামতে সফল হ’ব নোৱাৰে৷[]
  16. “যুদ্ধত নৈতিক শক্তিৰ স্থান শাৰীৰিক শক্তিতকৈ বহু গুণ বেছি।” []
  17. “এজন নেতা হৈছে আশা বিক্ৰেতা।”[]
  18. “জয়ৰ অধিকাংশ ভাগ ধৈৰ্য আৰু দৃঢ়তাৰ ফল।”[]
  19. “সময় নষ্ট কৰাটো জীৱনৰ সৰ্বাধিক ডাঙৰ ক্ষতি।”[]
  20. মোক এগৰাকী শিক্ষিতা মাতৃ দিয়া, মই তোমালোকক এটা সুসভ্য আৰু সংস্কৃতিবান জাতি দিম।[১০]
  21. ৰাষ্ট্ৰ আৰু সমাজ গঠনত মাতৃৰ ভূমিকা অপৰিসীম।[১০]
  1. নিয়মীয়া বাৰ্তা, ৭ আগষ্ট, ২০২১
  2. মহৎ লোকৰ অমৰ বাণী. প্ৰকাশক: as.vikaspedia.in.
  3. বিবিধ প্ৰসংগ, ভিন্ন দৃষ্টিকোণ, গুণীন হাজৰিকা, চিৰন্তন প্ৰকাশন, পৃ: নং; ৭৫
  4. ৪.০ ৪.১ ৪.২ ৪.৩ ৪.৪ ৪.৫ ৪.৬ ৪.৭ ৪.৮ উদ্ধৃতি অভিধান, ৰক্তাভ জ্যোতি বৰা
  5. শ্ৰীদূৰ্গাশঙ্কৰ দেৱ শৰ্ম্মা (১৯৮৮)। উদ্ধৃতি। ওৰিয়েণ্টেল বুক কোম্পানী।
  6. The Military Maxims of Napoleon.ইংৰাজী অনুবাদ সংকলনৰ জনপ্ৰিয় সংস্কৰণ: ১৮৩১ চনত প্ৰকাশ পাইছিল।
  7. Napoleon: In His Own Words.সংকলন প্ৰকাশ ১৯৮০–২০০০ দশকৰ ভিতৰত।
  8. The Military Maxims of Napoleon.ইংৰাজী অনুবাদ সংকলনৰ জনপ্ৰিয় সংস্কৰণ: ১৮৩১ চনত প্ৰকাশ পাইছিল।
  9. The Military Maxims of Napoleon.ইংৰাজী অনুবাদ সংকলনৰ জনপ্ৰিয় সংস্কৰণ: ১৮৩১ চনত প্ৰকাশ পাইছিল।
  10. ১০.০ ১০.১ চহৰীয়া, চন্দ্ৰ (১-১৫ মে’ ২০২৬). "যন্ত্ৰণাক মীনভাৱে বৰণ কৰা চেনেহৰ আই". প্ৰান্তিক: ৩৪.