সোণ হৰিণৰ চেঁকুৰ (গ্ৰন্থ)

ৱিকিউদ্ধৃতিৰ পৰা
(সোণ হৰিণৰ চেঁকুৰৰ পৰা পুনঃনিৰ্দেশিত)

সোণ হৰিণৰ চেঁকুৰ হৈছে অনুৰাধা শৰ্মা পূজাৰীয়ে ৰচনা কৰা এখন অসমীয়া উপন্যাস। বৰ্তমান সময়ত এজন শিক্ষাৰ্থীৰ জীৱনৰ লগতে মনস্তাত্বিক দিশটোৰ ওপৰত অসমৰ শিক্ষাব্যৱস্থা তথা সামাজিক স্থিতিৰ প্ৰভাৱ সম্পৰ্কে লেখিকাই উপন্যাসখনত দাঙি ধৰিছে। উপন্যাসখন প্ৰথম প্ৰকাশিত হয় ২০১২ চনৰ এপ্ৰিল মাহত।[১]

উদ্ধৃতিসমূহ[সম্পাদনা কৰক | উৎস সম্পাদনা]

  1. পৰীক্ষা আৰু ৰিজাল্টে মানুহৰ জীৱন নিয়ন্ত্ৰণ নকৰে। তুমি কি কাম কৰিবা সেয়াহে তোমাৰ প্ৰকৃত উদ্দেশ্য।[২]
  2. আজিকালি ল'ৰাবোৰে কেৱল প্ৰশ্ন কাকত, উত্তৰ বহী আৰু টিউচন চিনি পায়। জীৱনৰ সোণালী ক্ষণ, সোণ হৰিণৰ পিচে পিচে চেঁকুৰ লওঁতে হেৰুৱায়, এনেকুৱা কাপুৰুষ হৈ নকটাবা। আমাক ধৰিবলৈ সকলোৱে প্ৰলোভনৰ, প্ৰৱঞ্চনাৰ জাল পেলাই থৈছে, ফান্দত নপৰি অন্যায় দেখিলে বিৰুদ্ধাচৰণ কৰিবা।[৩]
  3. শূন্য হৈ একো নাথাকে। খালী গিলাচতো বায়ু থাকে। তুমি যদি ক'ৰবাত শূন্য হোৱা, সেয়া তোমাৰ প্ৰাপ্তি, এছিভ্মেণ্ট।[৪]
  4. ভালকৈ পঢ়া, আমাৰ শিক্ষা ব্যৱস্থাই যিহেতুকে আমাক একোটা উৎপাদনৰ আহিলা কৰি তৈয়াৰ কৰিছে, ভালকৈ পঢ়িলে ভাল প্ৰডাক্ট হ'ব পাৰিবা। তাৰ বাবে নম্বৰ পাব লাগিব।[৫]
  5. কিন্তু পাহাৰক থিয় কৰি ৰখা ধৰিত্ৰীৰ শক্তি বহুত বেছি প্ৰণামী। ভূমিকম্পৰে অহংকাৰী পাহাৰক চূৰমাৰ কৰি দিয়ে ধৰিত্ৰীয়ে, প্ৰবল চাকনৈয়াৰে কোবাল নদীক নিমিষতে ঢাকি পেলায় ধৰিত্ৰীয়ে, এই সকলো শক্তি থাকিও ধৰিত্ৰী সহনশীলা, কাৰণ জ্ঞানীয়ে নিজৰ শক্তি যʼতে- ত'তে প্ৰকাশ নকৰে।[৬]
  6. পৃথিৱীৰ মানুহক দুটা ডাঙৰ সম্পদ ভগৱানে দিছে, হাঁহি আৰু কান্দোন। যি বুজিবলৈ কাৰো ভাষাৰ প্ৰয়োজন নহয়।[৭]
  7. মানুহৰ ঘৰত সোমালেই ঘৰৰ গৰাকীৰ ৰুচি বুজা যায়। ধনী-দুখীয়াৰ কথা নাই। মনেই ৰুচিৰ পৰিচয়।[৮]
  8. সকলো শেষ হৈ গ'লেও আত্মা থাকি যায় ক'ৰবাত, ভাগি যোৱা আইনাৰ টুকুৰাবোৰত প্ৰতিবিম্ব দেখাৰ দৰে, আত্মাৰ প্ৰতিবিম্ব থাকি যায়।[৯]
  9. যৌৱনৰ কালচোৱা মাৰাত্মকভাৱে সংবেদনশীল, অভিমানী। মগজুতকৈ হৃদয়ৰ ওজন বেছি। চিন্তাতকৈ আৱেগ তীব্ৰ।[১০]
  10. যিজনে অকৃত্ৰিম ভালপোৱাৰ স্পৰ্শ পায়, তেওঁৰ মুখত ফুটি উঠে হৃদয়সমৃদ্ধ এক গৰ্ব।এই গৰ্বৰ সৌন্দৰ্যত সকলো পাৰ্থিৱ, লৌকিকতা ম্লান হৈ যায়। সন্যাসিনীয়ে ঈশ্বৰত বিলীন হৈ অপৰূপ সুষমাৰে জগৎ সম্ৰাজ্ঞী হোৱাৰ দৰে, নাৰীৰ মনতো প্ৰেমৰ বৈভৱে; বিশ্বসম্ৰাজ্ঞীলৈ ৰূপান্তৰ কৰে।[১১]
  11. কেৱল বিদ্ৰোহৰ বাবে যি বিদ্ৰোহ কৰে, সেয়া লক্ষ্যভ্ৰষ্ট হ'বই, যিকোনো বিদ্ৰোহৰ বাবে লাগে সুপৰিকল্পিত আঁচনি, পৰিস্থিতি আৰু আৱেগৰ নিয়ন্ত্ৰণ। পৃথিৱীৰ বহু গণ-বিপ্লৱৰ পৰাজয় আৰু বদনাম হৈছে এনেবোৰ কাৰণতে। পৰাজিত বিপ্লৱীৰ সমান হতাশাগ্ৰস্ত লোক কোনো নাই।[১২]
  12. যিকোনো সৃষ্টিমূলক কাম কৰোঁতে স্ৰষ্টাই নাজানে ক'ত শেষ হ'ব বা কেনেকৈ আৰম্ভ হ'ব। সৃষ্টিৰ উন্মাদনা এক নিচা, সময়-অসময় নুবুজে।[১৩]
  13. হয়তো, প্ৰেমৰ যিদৰে বৈধ বা অবৈধ থাকিব নোৱাৰে, এটা মানৱ সন্তান কিদৰে অবৈধ হ'ব পাৰে! সন্তানৰ বাবে মাতৃ জানো অবৈধ হ'ব পাৰে! মাতৃগৰ্ভ যদি অস্পৃশ্য হয়, সৃষ্টিধৰ্মও অস্পৃশ্য হৈ যাব! মানুহ যদি প্ৰকৃতিৰ অংশ, তেন্তে চৰাইবোৰক কিয় প্ৰশ্ন সোধা নহয়, তোমাৰ সংগী কোন আছিল? ফুলবোৰৰক কিয় সোধা নহয়, কোন ভোমোৰাই তোমাক চুমিছিল, কোনে ৰেণু চুৰ কৰিছিল![১৪]
  14. নিজক কষ্ট নিদিবা। প্ৰতিশোধ ল'বলৈ যোৱাটো কষ্টৰে প্ৰতিফলন। জীৱনটো সুন্দৰ কৰিবলৈ উঠি-পৰি লাগা, শান্ত হোৱা। নদীৰ তলত বোকা শিলো থাকে, নদীয়ে সেইবোৰ ঢাকি সৌন্দৰ্যৰ গান গায়। এনেকুৱাই হোৱা। জীৱনৰ প্ৰত্যেক ক্ষণ নিজৰ উন্নতিৰ বাবে কামত লগোৱা। নিজক প্ৰাণ ভৰি ভাল পাবলৈ শিকা, তোমাৰ কোনো দুখ নাথাকিব।[১৫]
  15. যৌৱন সদায়েই ফাগুন নহয়, যৌৱন বলিয়া বতাহো নহয়, যৌৱন স্বপ্ন আৰু চকুলোৰ সামগ্ৰিক নীৰৱ প্ৰতিবাদ, জীৱনৰ কঠিন পথৰ এক ৰহস্যময় পথ নিৰ্দেশনা, যাৰ গুৰুত্ব অসীম।[১৬]
  16. আমাৰ বাবে ভালপোৱা আৰু যত্নৰ নাম -মা; ভালপোৱা আৰু ভয় সমীহৰ নাম-দেউতা; ভালপোৱা, সহায় আৰু সহানুভূতিৰ নাম-ভনী; ভালপোৱা, কাজিয়া আৰু বুজা-বুজিৰ নাম-ভাই বা ককাই; ভালপোৱা আৰু জীৱনৰ নাম- পত্নী; কিন্তু ভালপোৱা,যত্ন, ভয়-সমীহ, সহানুভূতি, কাজিয়া, বুজা-বুজি আৰু জীৱনৰ সকলো সংমিশ্ৰণৰ নাম এটা। সেয়ে হৈছে বন্ধু। গতিকে ভাল বন্ধুতকৈ ডাঙৰ সম্বন্ধ একো নাই।[১৭]
  17. মানুহৰ মন নামৰ এই বিমূৰ্ত অদৃশ্য বস্তুটোক মানুহে নিজে চিনি নাপায়, নিয়ন্ত্ৰণ কৰি ৰখাটো দূৰৈৰ কথা।[১৮]
  18. মই জীয়া মানুহ হৈ থাকিব খোজোঁ - কোৱা কোনখন পাঠশালাত পঢ়ো![১৯]

উৎস[সম্পাদনা কৰক | উৎস সম্পাদনা]

  1. গ্ৰন্থ: সোণ হৰিণৰ চেঁকুৰ; লেখিকা: অনুৰাধা শৰ্মা পূজাৰী; সপ্তম প্ৰকাশ: ছেপ্টেম্বৰ,২০২০; প্ৰকাশন: চন্দ্ৰ প্ৰকাশ
  2. সোণ হৰিণৰ চেঁকুৰ 2020, পৃষ্ঠা. 35.
  3. সোণ হৰিণৰ চেঁকুৰ 2020, পৃষ্ঠা. 44.
  4. সোণ হৰিণৰ চেঁকুৰ 2020, পৃষ্ঠা. 58.
  5. সোণ হৰিণৰ চেঁকুৰ 2020, পৃষ্ঠা. 60.
  6. সোণ হৰিণৰ চেঁকুৰ 2020, পৃষ্ঠা. 65.
  7. সোণ হৰিণৰ চেঁকুৰ 2020, পৃষ্ঠা. 75.
  8. সোণ হৰিণৰ চেঁকুৰ 2020, পৃষ্ঠা. 103.
  9. সোণ হৰিণৰ চেঁকুৰ 2020, পৃষ্ঠা. 104.
  10. সোণ হৰিণৰ চেঁকুৰ 2020, পৃষ্ঠা. 121.
  11. সোণ হৰিণৰ চেঁকুৰ 2020, পৃষ্ঠা. 123.
  12. সোণ হৰিণৰ চেঁকুৰ 2020, পৃষ্ঠা. 126.
  13. সোণ হৰিণৰ চেঁকুৰ 2020, পৃষ্ঠা. 140.
  14. সোণ হৰিণৰ চেঁকুৰ 2020, পৃষ্ঠা. 143.
  15. সোণ হৰিণৰ চেঁকুৰ 2020, পৃষ্ঠা. 154.
  16. সোণ হৰিণৰ চেঁকুৰ 2020, পৃষ্ঠা. 167.
  17. সোণ হৰিণৰ চেঁকুৰ 2020, পৃষ্ঠা. 180.
  18. সোণ হৰিণৰ চেঁকুৰ 2020, পৃষ্ঠা. 181.
  19. সোণ হৰিণৰ চেঁকুৰ 2020, পৃষ্ঠা. 186.

বাহ্যিক সংযোগ[সম্পাদনা কৰক | উৎস সম্পাদনা]