সমললৈ যাওক

ৰিচাৰ্ড ডকিন্স

ৱিকিউদ্ধৃতিৰ পৰা
২০১০ চনত ৰিচাৰ্ড ডকিন্স

ৰিচাৰ্ড ডকিন্স (ইংৰাজী: Richard Dawkins, জন্ম: ২৬ মাৰ্চ ১৯৪১) এগৰাকী ব্ৰিটিছ বিৱৰ্তনবাদী জীৱবিজ্ঞানী আৰু লেখক।

  • শিক্ষা ব্যৱস্থাত পৃথকীকৰণৰ কোনো স্থান নাই।
  • মই ধৰ্মবিৰোধী কিয়নো ই আমাক জগতখনক নুবুজাকৈয়ে সন্তুষ্ট হ'বলৈ শিকাইছে।
  • মাধ্যাকৰ্ষণ সত্যৰ কোনো সংস্কৰণ নহয়। ইয়েই সত্য। যিয়ে ইয়াক সন্দেহ কৰে তেওঁলোকক দশম মহলাৰ খিৰিকী এখনৰ পৰা জপিয়াই ওলাই আহিবলৈ আমন্ত্ৰণ জনোৱা হৈছে।[১]
  • সন্তানক কেৱল জ্ঞান প্ৰদান নকৰিব। বৰঞ্চ সিহঁতক নিজৰ বাবে কেনেকৈ চিন্তা কৰিব লাগে, প্ৰমাণ কেনেকৈ মূল্যায়ন কৰিব লাগে আৰু আপোনাৰ লগত কেনেকৈ মতানৈক্য কৰিব লাগে শিকাওক।[২]
  • কোনো শিশু খ্ৰীষ্টান নহয়, মুছলমান নহয়, সিহঁত খ্ৰীষ্টান পিতৃ-মাতৃৰ সন্তান বা মুছলমান পিতৃ-মাতৃৰ সন্তান। এই পিছৰ নামকৰণটো ল’ৰা-ছোৱালীবোৰৰ বাবে নিজৰ পৰিচয় আৰু সত্বাক লৈ বোধশক্তি বিকাশৰ বাবে অতি গুৰুত্বপূৰ্ণ।[২]
  • শিশুক বিভিন্ন ধৰ্মীয় বিশ্বাসৰ বিষয়ে শিকিব দিয়ক, সেই বিশ্বাসৰ সৈতে সিহঁতৰ অসামঞ্জস্যতা নিজে বিচাৰ কৰিবলৈ দিয়ক আৰু সেই অসঙ্গতিৰ পৰিণতিৰ বিষয়ে নিজৰ সিদ্ধান্ত ল’বলৈ দিয়ক। সিহঁতৰ সেই সিদ্ধান্ত কিমান ‘বৈধ’ সেই বিষয়ে বয়স হ’লে নিজে সিদ্ধান্ত কৰিবলৈ দিব লাগে।[২]
  • ধৰ্মীয় বিশ্বাস অতি বিপজ্জনক হ’ব পাৰে, আৰু ইচ্ছাকৃতভাৱে নিৰীহ শিশুৰ দুৰ্বল মনত ইয়াক ৰোপণ কৰাটো এক গুৰুতৰ ভুল।[২]
:w:
:w:
  1. Richard Dawkins, The Genius of Charles Darwin (2008)
  2. ২.০ ২.১ ২.২ ২.৩ https://www.goodreads.com/work/quotes/3044365-the-god-delusion