কমলাকান্ত ভট্টাচাৰ্য্য
অৱয়ব
(কমলাকান্ত ভট্টাচাৰ্যৰ পৰা পুনঃনিৰ্দেশিত)

কমলাকান্ত ভট্টাচাৰ্য্য (ইংৰাজী: Kamalakanta Bhattacharya ; ১৮৫৩-১৯৩৬) অসমীয়া সাহিত্যৰ অৰুণোদয় যুগৰ অন্যতম এগৰাকী কবি অৰু প্ৰবন্ধকাৰ। ১৮৫৩ চনৰ ডিচেম্বৰত শোণিতপুৰ জিলাৰ বিশ্বনাথ চাৰিআলিৰ ওচৰৰ গড়েহাগি গাঁৱত তেখেতে জন্মলাভ কৰিছিল। তেখেতক 'অগ্নিকবি' বুলি অভিহিত কৰা হয়। ৰাজনৈতিক ভাৱাদৰ্শৰ দিশৰ পৰা তেখেত ঘোৰ জাতীয়তাবাদী আছিল। তেখেতে ১৮৭১ চনত বঙালী ভাষাক অসমৰ চৰকাৰী ভাষা সজোৱাৰ প্ৰতিবাদ কৰিছিল। ১৮৮৬ চনত কলিকতাত অনুষ্ঠিত ভাৰতীয় জাতীয় কংগ্ৰেছৰ বাৰ্ষিক অধিবেশনত তেখেতে অসমৰ হৈ অংশ লৈছিল। ১৯২৯ চনত তেখেত অসম সাহিত্য সভাৰ সাধাৰণ সম্পাদকৰূপে নিৰ্বাচিত হৈছিল। ১৯২৯ চনত অসম সাহিত্য সভাৰ যোৰহাট অধিবেশনত তেখেতে সভাপতিত্ব কৰিছিল।[১]।[২] তেখেতে মহিলাৰ শিক্ষাৰ হকে মাত মতাৰ লগতে ১৯০৫-০৬ চনত স্বদেশী আন্দোলনত ভাগ লৈছিল।[৩]
উদ্ধৃতিসমূহ
[সম্পাদনা কৰক | উৎস সম্পাদনা]- আসামৰ সমান মূৰ্খ দেশ ক’তো নাই৷ ইয়াৰ ঘাই কাৰণ এই দেশত মাতৃভাষাৰ সাহিত্যৰ উন্নতি হোৱা নাই৷[৪]
- সঁচা দোষখিনি দেখুৱাই দিলেই যদি শত্ৰু হবলগা হয়, তেন্তে মিত্ৰ হৈ থকাতকৈ শত্ৰু হৈ থকা বৰং উপকাৰহে।[৫]
- ভাষাৰ বাপেক ভাব আৰু ককায়েক হ’ল জ্ঞান।[৫]
- আমাৰ নিজৰ ভিতৰত কৰা জাতৰ অহংকাৰ আৰু বিদেশীৰ ওচৰত ভয়ত বিহ্বল হৈ কুকুৰৰ দৰে লেউ সেউ হোৱা স্বভাৱটি গুচিলেই আমি মানুহ হ’ব পাৰোঁ৷[৬]
- যি মানুহে দৰ্শন শাস্ত্ৰ নপঢ়ে তেওঁৰ আচলতে একোৱেই পঢ়া হোৱা নাই৷ তেওঁ জন্তুৰ দৰে পৃথিৱীত মিছাকৈয়ে ভাৰ লৈ থাকিবলৈ আহিছে৷[৭]
- সাহিত্যিকসকল যে প্ৰায়েই দৰিদ্ৰ তাক অনেক দেশেই প্ৰমাণ কৰে, কিন্তু দেশৰ মংগলসাধক সাহিত্যিকসকলেই জাতি গঠন কৰে৷[৭]
- কেৱল মানুহে নিজৰ নিমিত্তে জীৱন ধৰা নাই, মানুহে মানুহৰ নিমিত্তে জীৱন ধৰিছে৷[৮]
- প্ৰকৃতিৰ নিয়মেই হৈছে, সামঞ্জস্য, সকলো সমান হৈ থাকিব লাগে৷ গছ বাঢ়ি লগৰ গছবোৰতকৈ ওখ হ’লেও তাক বতাহে ভাঙি পেলায়৷[৮]
- বিজ্ঞান, দৰ্শন, বুৰঞ্জী আৰু একেশ্বৰ-বাদ ধৰ্ম্মশাস্ত্ৰ মাতৃভাষাৰ চৰ্চ্চাৰ লগে লগে যি কোনো জাতিৰ ভিতৰত বহল হৈ পৰে সেয়ে জাতিটিৰ ভাব-ৰাজ্য গঢ়ি তোলে। (কঃ পন্থা)[৯]
- যিকোনো দেশ মাতৃভাষাৰ উন্নতিয়েইহে জ্ঞানী কৰি তোলে, দুখৰ বিষয় আমি অসমীয়া মানুহে মাতৃভাষাৰ উন্নতিৰ পিনে একো চেষ্টা নকৰোঁ৷ পৃথিৱীত যতবিলাক সভ্য দেশ আগৰ পৰা গুৰিলৈকে শক্তিশালী আৰু পৰাক্ৰমী হৈ উঠিছিল আৰু উঠিছে, সকলোবিলাক দেশেই যে মাতৃভাষাৰ উন্নতি সাধনৰ দ্বাৰাই তেনে হৈছে তাৰ ভুল নাই৷[১০]
- জাতিভেদৰ বান্ধ ছিঙি বৰ্ত্তমান যুগধৰ্ম্ম অনুসাৰে জ্ঞান-বিজ্ঞান, কৃষি-বাণিজ্য প্ৰভৃতি ধন ঘটা বিদ্যাও আমি যদি একতা সূত্ৰত-আবদ্ধ হৈ শিক্ষা কৰিবৰ চেষ্টা নকৰোঁ তেন্তে ১০|১২ বছৰৰ ভিতৰতে অসমীয়া জাতিৰ নাম নুমাব যে তাৰ ভুল নাই।[৯]
- ধৰ্মই সকলোকে এক কৰে৷ যি ধৰ্মই সকলোকে এক আৰু সমান কৰিব নোৱাৰে, সেই ধৰ্মক ধৰ্ম নোবোলে– সি উপধৰ্ম মাথোন; আৰু যি ধৰ্মই মানুহৰ মাজত হিংসা আৰু পশু ব্যৱহাৰ শিক্ষা আৰু পশু বা আসুৰিক বল বঢ়ায়, সি ধৰ্ম ইহ-পৰকাল দুইকাললৈ মানুহৰ অমংগলহে সাধন কৰে৷[১০]
- কৰ্মৰে সৈতে ধৰ্মৰ ঘনিষ্ঠ সম্বন্ধ৷ ধৰ্মৰ দ্বাৰাইহে জ্ঞানৰ উৎপত্তি হয়৷ ভগৱান শ্ৰীকৃষ্ণে নিজে খৰি লোৰাৰ পৰা গৰু ৰখা পৰ্যন্ত একো কাম বাকী ৰখা নাই৷ আমাৰ যেই-সেই কাম কৰা অপমান জ্ঞান জুই পুৰি ছাই কৰি শিক্ষিত ডেকাসকলে বাঙ্গালীৰ বাবুৱনী আদৰ্শ এৰি কৰ্মী হ’বলৈ শিক্ষা আৰু চেষ্টা কৰক৷ হাল, কোৰ, কমাৰ, কুমাৰ কোনো কামেই সৰু নহয়৷[১০]
- মানুহক জ্ঞানেই ডাঙৰ কৰে, অজ্ঞানেই সৰু কৰে।[৯]
- পৃথিবীত আন আন যত সভ্য জাতি বা দেশে উন্নতি জখলাৰ খোপে খোপে উঠিছে, তাৰ মূল কাৰণ স্ত্ৰী জাতিক সুশিক্ষা দিয়া। যি জাতিৰ মানুহে মাতৃ জাতিক সন্মান কৰিব জানে আৰু শিকে সেই জাতিৰ ভিতৰতহে মানুহ জন্মে আৰু সেই মানুহকে দেৱতা বুলি কয়।[৯]
- বৰ্তমান যুগ সমস্যা যি স্থলত অসমীয়া জাতিৰ পক্ষে সংকটজনক হৈ উঠিছে, এই সময়ত আমাৰ ঘাই আৱশ্যক হৈছে জাতীয় একতাৰ। ইয়াক প্ৰেমে মাথোন থাপনা কৰিব পাৰে। ইটি সিটিৰ দোষ ধৰাধৰি নিন্দাবাদ কথা, চকু চৰহা স্বভাৱ, অহংকাৰ আৰু ঘিণৰ ভাৱ দূৰ কৰিব নোৱাৰিলে আমাৰ জাতীয় একতা দুৰাশা মাথোন।[১১]
উৎস
[সম্পাদনা কৰক | উৎস সম্পাদনা]- ↑ ১৯১৭ চনৰ পৰা অসম সাহিত্য সভাৰ সভাপতিসকলৰ তালিকা অসম সাহিত্য সভাৰ ৱেবছাইট, আহৰণ: ১৮ নৱেম্বৰ, ২০১২।
- ↑ Asam Sahitya Sabha is the foremost and the most popular organization of Assam. প্ৰকাশক: Vedanti.com. Archived from the original on 2013-09-26. আহৰণ কৰা হৈছে: 2013-05-16.
- ↑ (2006) Brahmo Samaj and North-East India - Dipankar Banerjee - Google Books। Books.google.co.in। ISBN: 9788179751763। আহৰণ কৰা হৈছে: 2013-05-15।
- ↑ গোস্বামী, ত্ৰিদিব (২০১২)। মহৎ লোকৰ বাণী। গুৱাহাটী। বনলতা। আহৰণ কৰা হৈছে: ৮ ছেপ্টেম্বৰ ২০২১।
- ↑ ৫.০ ৫.১ অসমীয়া ভাষাত অসমীয়া ব্যক্তিৰ কেইটামান উদ্ধৃতি, ৭ জানুৱাৰী, ২০২২
- ↑ এশ একুৰি সাহিত্যিকৰ জীৱনী, উমেশ চেতিয়া
- ↑ ৭.০ ৭.১ বৰা, ৰক্তাভজ্যোতি (২০০৩)। উদ্ধৃতি অভিধান। বাণী মন্দিৰ, পৃষ্ঠা:১৪২, ৩৫৩।
- ↑ ৮.০ ৮.১ (সম্পা)অপূৰ্ব তালুকদাৰ (২০২৩)। মহৎ লোকৰ বাণী। নিষ্ঠা প্ৰকাশন।
- ↑ ৯.০ ৯.১ ৯.২ ৯.৩ কঃ পন্থা. আহৰণ কৰা হৈছে: 3 জুন 2024.
- ↑ ১০.০ ১০.১ ১০.২ স্বদেশানুৰাগী কমলাকান্ত. আহৰণ কৰা হৈছে: 3 জুন 2024.
- ↑ বৰুৱা, ড° নিৰোদ কুমাৰ (২০২১)। অসমীয়া জাতি গঠনত গোপীনাথ বৰদলৈ। দ্য বুক নুক, পৃষ্ঠা:৭৮।