বীৰেন্দ্ৰ কুমাৰ ভট্টাচাৰ্য

ৱিকিউদ্ধৃতিৰ পৰা
নেভিগেশ্যনলৈ যাওক সন্ধানলৈ যাওক

বীৰেন্দ্ৰ কুমাৰ ভট্টাচাৰ্য (ইংৰাজী: Birendra Kumar Bhattacharya; ১৪ অক্টোবৰ, ১৯২৪ – ৬ আগষ্ট, ১৯৯৭) অসমীয়া ভাষাৰ এজন গল্পকাৰ, ঔপন্যাসিক, কবি, নিবন্ধকাৰ আৰু সাংবাদিক আছিল। তেওঁ ১৯৭৯ চনত মৃত্যুঞ্জয় উপন্যাসৰ বাবে ভাৰতীয় জ্ঞানপীঠ বঁটা লাভ কৰিছিল। তেওঁ হৈছে জ্ঞানপীঠ বঁটা লাভ কৰা প্ৰথম অসমীয়া লেখক। ১৯৬১ চনত ঈয়াৰুইঙ্গম গ্ৰন্থৰ বাবে তেওঁ সাহিত্য অকাডেমি বঁটাও লাভ কৰিছিল। ২০০৫ চনত “Love in the Time of Insurgency” নামেৰে এই গ্ৰন্থৰ ইংৰাজী অনুবাদ প্ৰকাশ পায়। ১৯৮৩-১৯৮৫ বৰ্ষৰ অসম সাহিত্য সভাৰ সভাপতি হিচাপে তেওঁ কাৰ্যনিৰ্বাহ কৰিছিল।

উদ্ধৃতিসমূহ[সম্পাদনা কৰক | উৎস সম্পাদনা]

  1. ইউৰোপীয় চিন্তাৰ প্ৰভাৱ অনুভূতি হোৱাৰ পিছত ৰাজনৈতিক ক্ষেত্ৰত প্ৰথমতে যিবিলাক বিষয়ৰ চৰ্চাত অসমীয়া মধ্যবিত্তৰ প্ৰথমচাম বুদ্ধিজীৱীয়ে মনোযোগ দিয়ে, সেইবিলাক হ’ল বুৰঞ্জী, ভাষাতত্ত্ব, সাহিত্য, পুৰাত্ত্ব ইত্যাদি৷ এইবিলাক বিষয় চৰ্চাৰ চালিকা শক্তি আছিল জাতীয়তাবাদ৷[১]
  2. ধৰ্ম এটা কোট চোলা৷ মই ইচ্ছা কৰিলে পিন্ধিবও পাৰোঁ, খুলি থবও পাৰোঁ৷[২]
  3. সৰুসুৰা জাতিবোৰে নিজৰ অস্তিত্ব ৰক্ষা কৰিবলৈ হ’লে সেই জাতিটোৰ প্ৰতিজনেই নিজ নিজ ক্ষেত্ৰত যোগ্য ব্যক্তি হ’ব লাগিব৷ নিজৰ কৰ্তব্য আৰু দায়িত্ব নিয়াৰিকৈ পালন কৰিব লাগিব৷[৩]
  4. গাওঁ নেদেখিলে দেশ দৰ্শন নহয়৷ গাঁৱৰ ওপৰত আমাৰ সকলো সাধনা প্ৰতিষ্ঠিত নহ’লে দেশ নিৰ্মাণ, দেশ ৰক্ষা, সাংস্কৃতিক নৱ-জাগৰণ আদি সকলো পণ্ড হ’ব৷[৪]

উৎস[সম্পাদনা কৰক | উৎস সম্পাদনা]

  1. ডেৰশ বছৰীয়া অসমীয়া সংস্কৃতিত এভূমুকি
  2. অমৃত বাণী, সংগ্ৰাহক: চন্দ্ৰোপল বৰা, ১ আগষ্ট ২০১৪
  3. উদ্ধৃতি অভিধান, ৰক্তাভ জ্যোতি বৰা, পৃ: নং, ১২০, প্ৰকাশক: উৎপল হাজৰিকা, বাণী মন্দিৰ
  4. বিবিধ প্ৰসংগ, ভিন্ন দৃষ্টিকোণ, গুণীন হাজৰিকা, চিৰন্তন প্ৰকাশ, পৃ:নং; ৬৪

বাহ্যিক সংযোগ[সম্পাদনা কৰক | উৎস সম্পাদনা]