মায়াবৃত্ত (গ্ৰন্থ)
অৱয়ব
(মায়াবৃত্তৰ পৰা পুনঃনিৰ্দেশিত)
মায়াবৃত্ত হৈছে ৰীতা চৌধুৰীয়ে ৰচনা কৰা এখন অসমীয়া উপন্যাস। উপন্যাসখন প্ৰথম প্ৰকাশ পাইছিল ২০১২ চনৰ ডিচেম্বৰ মাহত। লেখিকাই পুতি নামৰ এজনী ছোৱালীৰ জীৱনক কেন্দ্ৰ কৰি উপন্যাসখনৰ কাহিনী গঢ়ি তুলিছে।[১]
উদ্ধৃতিসমূহ
[সম্পাদনা কৰক | উৎস সম্পাদনা]- পানী নৰৰূপ পৰমাত্মাৰ সন্তান। সেই কাৰণে পানীক নাৰা বুলি কোৱা হয়। সেই নাৰা পৰমাত্মাৰ প্ৰথম নিবাসস্থান। সেয়ে পৰমাত্মাৰ নাম 'নাৰায়ণ'।[২]
- মানুহ সদায় নাৰিকলৰ দৰে হ'ব লাগে। নাৰিকলৰ ভিতৰৰ পানীখিনিক কাকো চুবলৈ দিব নালাগে। চুবলৈ দিলে নাৰিকলটো ফালি পেলাব লাগিব। ফালি পেলালে সেই নাৰিকলৰ পৰা আৰু কেতিয়াও গছ নগজে। সেই নাৰিকলক আৰু ঘটত থৈ কোনেও পূজা নকৰে।[৩]
- তেজীমলাক মাকে ঢেঁকীত খুন্দি মাৰিলে, তেজীমলা লাউগছ হৈ গজিল। লাউগছ কাটি পেলালে জৰাগছ হৈ গজিল। জৰাগছ কাটি পেলালে পদুম হৈ গজিল, তাৰ পিছত পদুমৰ পৰা আকৌ তেজীমলা হ'ল। তেজীমলাক মাৰিব নোৱাৰিলে- কাৰণ তেজীমলাই জীয়াই থাকিব খুজিছিল। জীয়াই থাকিম বুলি ঠিক কৰা মানুহক কোনেও মাৰিব নোৱাৰে।[৪]
- ডাঙৰ কথা ভাবিবি। ডাঙৰ কাম কৰিবি। ডাঙৰকৈ জীয়াই থাকিবি। পোক-পৰুৱাৰ দৰে জন্ম হৈ পোক-পৰুৱাৰ দৰে কোটি কোটি মানুহ মৰি যায়। আমি চবেই মৰিম। কিন্তু ভালকৈ জীয়াই থাকি মৰিব লাগে।[৫]
- উপেক্ষাৰ সমান শক্তি নাই।[৬]
- প্ৰতিজন ব্যক্তিৰ নিজা একোখন পৃথিৱী আছে। সেই পৃথিৱীৰ পৰা তেওঁ বাহিৰৰ পৃথিৱীলৈ চায়। সকলো কথা তেওঁ সেই পৃথিৱীৰ উচ্চতা আৰু দৃষ্টি অনুসাৰে দেখে। সেই পৃথিৱী অনুসাৰে বুজে। মই পৃথিৱীলৈ আকাশৰ সমান ওখৰ পৰা চাম। মই জীৱনক সাগৰৰ দৰে গভীৰকৈ বুজিম। ৰহস্যময় জীৱনক উদ্ঘাটন কৰি, চেষ্টা কৰিম অৰ্থপূৰ্ণ জীৱনৰ গৰাকী হ'বলৈ।[৭]
- সাধাৰণ জীৱনতকৈ ওপৰৰ, মনুষ্য জীৱন। দেৱত্বলৈ নহয়, মই উন্নীত হ'ব বিচাৰোঁ মনুষ্যত্বলৈ।[৮]
- সংগী হ'বলৈ আত্মাৰ বন্ধুত্বৰ প্ৰয়োজন। শৰীৰ ক্ষয় হৈ গʼলেও আত্মাৰ বন্ধুত্বৰে প্ৰেম জীয়াই থাকে। মানুহে ভাৱে সংসাৰৰ বাবে প্ৰেমৰ প্ৰয়োজন। মোৰ মতে বন্ধুত্বহে প্ৰাথমিক। প্ৰেম বন্ধুত্বনিৰ্ভৰ। বন্ধুত্বহীন প্ৰেম এটা হ'ৰমনেল ইল্যুজন মাত্ৰ। এটা শৰীৰনিৰ্ভৰ অনুভৱ। অস্থায়ী। হ'ৰমনৰ নিঃসৰণৰ লগত জড়িত তাৰ জন্ম-মৃত্যু। আৰু একো নহয়।[৯]
- কেতিয়াবা হৈ যায়। সৰু সৰু কথাই জীৱনৰ গতি সলনি কৰি দিয়ে। সৰু শব্দটো ৰিলেটিভ। আনৰ দৃষ্টিৰে চাই সৰু বুলি ভবা যায়, নিজৰ কাৰণে তাতকৈ ডাঙৰ হয়টো আৰু একো নাই।[১০]
- ভাৱিছিলোঁ, মানুহেনো কিয় আনৰ দুখৰ কাহিনী পঢ়ি, চকুপানী টুকি ইমান ভাল পায়। আজিকালি ভাব হয়, মানুহে আচলতে সেইবোৰ দুখৰ সৈতে নিজৰ ভিতৰৰ কষ্টবোৰ একাকাৰ কৰি পেলায়। মানুহে আচলতে নিজৰ কাৰণে কান্দে। কান্দি মনৰ বোজা নমায়।[১১]
- মই যেতিয়া কষ্টৰ ওচৰত হাৰি যাবলৈ ধৰিছিলো তেতিয়া মই আনৰ ডাঙৰ ডাঙৰ দুখবোৰলৈ চাইছিলো। হাৰি যোৱা সহজ। দুখৰ ওচৰত আত্মসমৰ্পণ কৰি জীৱনটো খৰচ কৰি দিয়া সহজ। মৰি যোৱাও সহজ। মৃত্যুটো হাতৰ ওচৰতে আছে। যেতিয়াই মন যায় তেতিয়াই মৰি যাব পাৰি। কিন্তু মৰিম কিয়? এঘড়ী যুঁজাত আপত্তি কি?[১২]
- অহিংসাৰ পথ যেতিয়া ল'বা, কোনোবাই স্বীকৃতি দিব আৰু ভাল পাব বুলি আশা নকৰিবা। এইটো তোমাৰ নিজৰ দায়বদ্ধতা। অহিংসাৰ পথত লোৱা মানে আত্মৰক্ষা নকৰাটো নুবুজায়। তোমাক মই খুটিবলৈ মানা কৰিছিলোঁ। ফণা তুলিবলৈ মানা কৰা নাছিলো। ফণা তুলিবা। সময়ত, প্ৰয়োজনত ফণা দেখুৱাবা। কিন্তু নুখুটিবা। এয়াহে অহিংসাৰ পথ। অহিংসা মানে অশুভ শক্তিৰ ওচৰত আত্মসমৰ্পণ নহয়। নিজে ভালে থাকিব লাগিব। জীব লাগিব। অহিংসও হ'ব লাগিব।[১৩]
- ভগৱানে নিজৰ পিছতে চেতনাৰ দ্বিতীয় স্তৰ মানুহকে দিছে। মানুহৰ জ্ঞানেন্দ্ৰিয় আৰু কৰ্মেন্দ্ৰিয়সমূহ ইমানে সমৰ্থ যে মানুহক সৃষ্টিৰ আটাইতকৈ সমৰ্থ বুলি ক'ব পাৰি। মাত্ৰ কায়া আৰু ভৌতিক জগততে নহয়, অদৃশ্য ক্ষেত্ৰ ৰূপে জনা সূক্ষ্ম জগততো মানুহৰ অসাধাৰণ অধিকাৰ আছে। মানুহ ভ্ৰাম্যমাণ দেৱতা। মানৱ সত্ত্বাক দেৱদুৰ্লভ বুলি কোৱা হয়। ক্ষুদ্ৰাতিক্ষুদ্ৰ পৰমাণুত যেনেকৈ এক সামগ্ৰিক গ্ৰহপিণ্ডৰ শক্তি থাকে তেনেকৈ মানুহৰ কায়াত সিমানেই গোলক আছে যিমান বিশ্ব ব্ৰহ্মাণ্ডৰ তৰা, গ্ৰহ-উপগ্ৰহত। সংসাৰখন জড় পদাৰ্থৰে নিৰ্মিত হৈছে। ইয়াত ভাল আৰু বেয়া বুলিবলৈ একো নাই। সেইবোৰৰ সুখ আৰু দুখৰ অনুভূতি মানুহে নিজে গঢ়ি লয়। পাপ-পুণ্য পদাৰ্থই সৃষ্টি নকৰে। সেইবোৰৰ সুপ্ৰয়োগ আৰু অপপ্ৰয়োগৰ পৰাহে পুণ্য আৰু পাপৰ ধাৰণাৰ সৃষ্টি হয়। বিবেচনা, নিষ্ঠা, দায়িত্ব আৰু সাহস -এয়াই হ'ল চাৰি বিভূতি। শ্ৰম, আত্মবিশ্বাস, মমতা, সহানুভূতি, সাহস, প্ৰসন্নতা, মানসিক সন্তুলন এইবোৰেই মহাজীৱনৰ সমল। মহাজীৱনৰ সম্ভাৱনা সকলোৰে ভিতৰত থাকে। প্ৰশিক্ষণ আৰু অভ্যাসেৰে বিকাশ কৰিব পাৰি। নিজৰ সমীক্ষা কৰোৱা। দোষ-গুণ বাছি উলিওৱা। সৰু সৰু বেয়া অভ্যাসেৰে আৰম্ভ কৰি নিজক পৰিশুদ্ধ কৰা। পৰিৱৰ্তনশীল পৰিস্থিতিৰ সাহসেৰে মুখামুখি হোৱা। নিৰ্বাপিত বন্তিক যদি প্ৰজ্জ্বলিত কৰিব খোজা নিজে প্ৰজ্জ্বলিত বন্তি হোৱা।[১৪]
- মোক এন্ধাৰলৈ ঠেলি নিদিবা। মোক অসত্যলৈ ঠেলি নিদিবা। মোক মৃত্যুলৈ ঠেলি নিদিবা। মহাজীৱনৰ পথেৰে মোক যাবলৈ দিয়া। মোক উৰিবলৈ দিয়া উদাৰ আকাশত। ভাল পাবলৈ দিয়া প্ৰকৃতিক, অৰণ্যক, নদীক, সকলোকে...[১৫]
- দুখন নৈ যেতিয়া লগ হয়, তাৰ পিচত কোনোবাই যদি কয় পানীখিনি ভাগ কৰো, বেলেগ বেলেগ কৰোঁ,কৰিব জানো পাৰে? আমিও ঠিক তেনেকুৱাই পুতি। আটাইতকৈ কঠিন বিদ্ৰোহীজনেও ভাবে মোক কোনোবাই বুজক। সকলোৱেই জীৱনৰ কোনোবা নহয় কোনোবা সময়ত ভাবে- মোক কোনেও নুবুজিলে।ক'ৰবাত আমি সকলোৱেই একে নিকিতা ক'ৰবাত আমি সকলোৱেই অকলশৰীয়া।
- মৰা মানে মানুহ যে মৰি যায়, জ্বলাই যে দিয়ে, তেনেকুৱা নহয়। আমাক বহুতে বহুত ধৰণে মাৰিব খুজিব পাৰে। কিন্তু আমি জীয়াই থাকিম বুলি ঠিক কৰিব লাগিব। তেতিয়া আমাক কোনেও মাৰিব নোৱাৰে।
- নাৰী-পুৰুষৰ ভালপোৱাৰ মাজেৰে, বন্ধুত্বৰ মাজেৰে যি ঘৰ গঢ়ি উঠে তাতকৈ ডাঙৰ স্বৰ্গ আৰু একো নাই। সেই স্বৰ্গ আমি গঢ়িব নাজানো বা আমাক গঢ়িবলৈ বাধা দিয়ে কাৰণেই ঘৰ নামৰ স্বৰ্গ এখন নাই বুলি আমি কোনেও কৈ দিব নোৱাৰো। দিনৰ শেষত উভতি আহিবলৈ যাৰ ঘৰ নাই, মনৰ ভাৰ নমাই থ'বলৈ যাৰ লগৰীয়া নাই, সি বুজে ঘৰ কাক কয়।
- ওখ গছে জানো ছাঁ পায়? ডাৱৰৰ বাহিৰে ওখ গছক আৰু কোনেও ছাঁ দিব নোৱাৰে। ওখ গছে জানো ছাঁ দিব নোৱাৰিলে বুলি আন গছক খং কৰে? বেয়া পায়? অভিমান কৰে? তুমিও ওখ গছ পুতি। আনক ছাঁ দিবৰ কাৰণেই তোমাৰ জন্ম।
- আৱেগে বিপৰ্যস্ত কৰাৰ পৰত, সমস্যাই দিশহীন কৰি তোলাৰ পৰত, কলম থমকি ৰ'ব খোজাৰ পৰত নীৰাৰ ওচৰলৈ দৌৰি আহে মিনাক্ষীহঁত। তেওঁলোকে নীৰাৰ সবল উপস্থিতিলৈ বিশ্বাস আৰু আস্থাৰে মূৰ তুলি চায়। নীৰাৰ পৰা তুলি ল'ব খোজে যুঁজাৰ শক্তি। সৃষ্টিৰ উদ্যম।
- শৰীৰেই সকলো নহয়। সংগী হ'বলৈ আত্মাৰ বন্ধুত্বৰ প্ৰয়োজন। শৰীৰ ক্ষয় হৈ গ'লেও আত্মাৰ বন্ধুত্বৰে প্ৰেম জীয়াই থাকে। মানুহে ভাবে সংসাৰৰ বাবে প্ৰেমৰ প্ৰয়োজন। মোৰ মতে বন্ধুত্বহে প্ৰাথমিক। প্ৰেম বন্ধুত্বনিৰ্ভৰ। বন্ধুত্বহীন প্ৰেম এটা হৰম'নেল ইল্যুজন মাত্ৰ। এটা শৰীৰনিৰ্ভৰ অনুভৱ। অস্থায়ী। হৰম'নৰ নিঃসৰণৰ লগত জড়িত তাৰ জন্ম-মৃত্যু। আৰু একো নহয়।
- শৰীৰৰ মৃত্যু হয়, কিন্তু আত্মা নামৰ সত্তাটোৰ জানো মৃত্যু হ'ব পাৰে? শৰীৰৰ মৃত্যু হোৱাৰ পিচত আকৌ সেই একেই আত্মায়েই এক নতুন ৰূপত ক'ৰবাত এক নতুন জীৱন পায়।
- আজিৰ পৰা মই নিজৰ অধিনায়ক। দ্ৰষ্টা। স্ৰষ্টা। বিচাৰক। স্বতন্ত্ৰ। আজিৰ পৰা মই মোৰ ৰথৰ সাৰথি। মই মোৰ প্ৰহৰী। মই মোৰ বন্ধু, নিৰ্দেশক। মই যোদ্ধা।
- প্ৰশংসাৰ ঢৌৰ সন্মুখত ৰৈ থকাটো কঠিন। কিন্তু নীৰাই জানে কিমানখিনিলৈ প্ৰশংসা প্ৰয়োজনীয়। জানে কিমানখিনিৰ পিচত প্ৰশংসাই লেখকক সৰগলৈ তোলে, অহংকাৰত মত্ত কৰে,নতুন জ্ঞানৰ বাট বন্ধ কৰে। জানে কিমানখিনি প্ৰশংসাক ভিতৰলৈ সোমাবলৈ দিলে অসহ্য লাগিবলৈ আৰম্ভ কৰে, ৰুদ্ধ কৰে পৰিশুদ্ধি আৰু উত্তৰণৰ বাট।
- নিজৰ কথা নীৰাই কাকো নকয়। অতীতৰ কোনোবা এদিন জাপ খাবলৈ আৰম্ভ কৰা অন্তৰৰ দুৱাৰখন অৱশেষত বন্ধ হৈ গৈছিল।নিজ হাতে গোটাই আনি বন্ধ দুৱাৰখনৰ সিপাৰে দলিয়াই দিছিল জীৱনৰ চৌপাশে সিঁচৰিত হৈ থকা বিষয়বোৰ, স্মৃতিবোৰ।
- পাঠকৰ হাততেই আছে এজন লেখকৰ মৃত্যু আৰু জীৱনৰ চাবিকাঠী। মহাজীৱনক স্পৰ্শ কৰিবলৈ নীৰাৰ নিৰলস সাধনাক পাঠকেই দিছে ক্লান্তিৰ পৰৰ প্ৰাণশক্তি।
- বহু বছৰৰ পিচত বিৰতিহীন কামেৰে গঢ়া তীব্ৰ গতিশীলতাৰ পৰা ওলাই যেন শান্ত নদীৰ তীৰত অকলে বহিছেহি নীৰা। সমুখৰ নদীয়েদি যেন উটি যাব ধৰিছে এখনৰ পিচত আন এখন স্মৃতি কঢ়িওৱা নাওঁ। চমকি উঠিছে নিগাজী আসনত বহি থকা বিচিত্ৰ মুহূৰ্তবোৰ। ক'ৰবাত যেন লাহে লাহে লেটা এটাৰ মুখ মুকলি হৈছে। ওলাই আহিব খুজিছে ৰঙীণ পাখি জোঁকাৰি উৰি যাব খোজা পখিলা এটা। এঙামুৰি দি উঠি বহিব খুজিছে বেহিচাপী অভিযাত্ৰী এজন।
- সেই বিপৰীত জলবায়ুত পুতিৰ কাৰণে নাছিল বিকাশৰ বতাহ আৰু উত্তাপ,সেই নিৰ্মম মাটিত নাছিল সুজলা ভূমিৰ সজীৱতা। লহপহাই বাঢ়ি আহিব খুজি লাহে লাহে তাই মৰহি গৈছিল। তাইৰ ক'লা মুকুতাৰ দৰে তিৰবিৰাই থকা,সপোন ওপঙি থকা চকুযোৰ নিষ্প্ৰভ হৈ পৰিল। বন্ধ হৈ পৰিল হাঁহিৰ সঁফুৰাটো। বন্ধ হৈ পৰিল অবিৰত কলকলনি।শৈশৱ নামৰ নিঃসংগতা,প্ৰবল স্নেহহীনতা,এক অভিমান আৰু অপ্ৰকাশৰ যন্ত্ৰণা লগত লৈ পুতি কিশোৰী হ'ল।পুতি নীৰা হ'ল।
- নীৰাৰ ভিতৰৰ আলোড়ন তীব্ৰতৰ হৈ পৰিছে। চকুযোৰ বাৰে বাৰে সৰোবৰ হৈ পৰিব খুজিছে। তাই খুলি দিব খুজিছে অনুভৱৰ উৎসমুখ। গুচি যাব খুজিছে বেগৱতী নৈৰ সৈতে প্ৰকাশৰ সমতললৈ।
- নীৰাই নিজেই নিজৰ কাৰণে বাছি উলিয়াইছিল এটা জীৱন-দৰ্শন। বুটলি লৈছিল নিজৰ বাবে, নজহা-নপমা এমুঠি মূল্যবোধ।এটা বাট বাছি উলিয়াইছিল কিন্তু আগবঢ়া সহজ নাছিল। সমুখত আছিল আত্মবিশ্বাসহীনতা আৰু নীচাত্মিকাবোধে গঢ়ি তোলা সুউচ্চ দেৱাল। আছিল আনুগত্যত অভ্যস্ত সমাজৰ নিয়মবোৰ, শৃংখলবোৰ।আছিল প্ৰচণ্ড অপমান আৰু তীৰ্যক ব্যংগৰ শেলবোৰ।
- পাখি জানো মাত্ৰ চৰাইৰ থাকে?মানুহৰ কিমান বুদ্ধি!পাখি লগা ঘৰ সাজি মানুহে ভিতৰত বহি উৰি যায়।আমি দেখোন মনৰো পাখি গঢ়ি ল'ব পাৰো।যেনি মন যায় তেনি উৰি যাব পাৰোঁ।ব'লা এবাৰ চেষ্টা কৰোঁ পুতি-ব'লা এটা বাট সাজোঁ, কোনেও বন্ধ কৰি দিব নোৱাৰা এটা বাট।
- বেছি ভাল লাগিলে চকুপানী ওলায়।চবৰে ওলায়।কিমান ভাল লাগিছে আনক বুজাই ক'ব নাজানি যে।সেই কাৰণেও।
- সকলো মানুহেই বেলেগ-বেলেগ কষ্ট কঢ়িয়াই লৈ ফুৰে।কষ্টৰ পৰা মুক্ত কোনো নহয়।যি কষ্ট আপুনি পাইছে,আপুনি যি অনুভৱ কৰে,আমি তাৰ সমভাগী হ'ব পাৰো।কিন্তু কষ্টখিনি লৈ আহিব নোৱাৰোঁ।কিন্তু মই জীৱনেৰে বুজিছোঁ,কষ্টক শক্তিলৈ ৰূপান্তৰিত কৰিব পাৰি।কষ্টৰ পৰা অন্য আনন্দলৈ বাট মুকলি কৰিব পাৰি।ইচ্ছা কৰিলেই পাৰি।ইচ্ছা কৰক।
উৎস
[সম্পাদনা কৰক | উৎস সম্পাদনা]- ↑ গ্ৰন্থ:মায়াবৃত্ত; লেখিকা:ৰীতা চৌধুৰী; সপ্তম প্ৰকাশ:জুন,২০১৯; প্ৰকাশক: জ্যোতি প্ৰকাশন
- ↑ মায়াবৃত্ত 2019, পৃষ্ঠা. 57.
- ↑ মায়াবৃত্ত 2019, পৃষ্ঠা. 60.
- ↑ মায়াবৃত্ত 2019, পৃষ্ঠা. 79.
- ↑ মায়াবৃত্ত 2019, পৃষ্ঠা. 93.
- ↑ মায়াবৃত্ত 2019, পৃষ্ঠা. 149.
- ↑ মায়াবৃত্ত 2019, পৃষ্ঠা. 150.
- ↑ মায়াবৃত্ত 2019, পৃষ্ঠা. 151.
- ↑ মায়াবৃত্ত 2019, পৃষ্ঠা. 215.
- ↑ মায়াবৃত্ত 2019, পৃষ্ঠা. 337.
- ↑ মায়াবৃত্ত 2019, পৃষ্ঠা. 363.
- ↑ মায়াবৃত্ত 2019, পৃষ্ঠা. 439.
- ↑ মায়াবৃত্ত 2019, পৃষ্ঠা. 448.
- ↑ মায়াবৃত্ত 2019, পৃষ্ঠা. 453.
- ↑ মায়াবৃত্ত 2019, পৃষ্ঠা. 289.
- চৌধুৰী, ৰীতা (2019)। মায়াবৃত্ত। জ্যোতি প্ৰকাশন।