প্লেটো

ৱিকিউদ্ধৃতিৰ পৰা
নেভিগেশ্যনলৈ যাওক সন্ধানলৈ যাওক
প্লেটোৰ মূৰ্তি

প্লেটো (৪২৮/৪২৭ বা ৪২৪/৪২৩ – ৩৪৮/৩৪৭ খ্ৰীষ্টপূৰ্ব) প্ৰাচীন গ্ৰীচৰ ধ্ৰুপদী কালৰ এগৰাকী এথেনিয়ান দাৰ্শনিক আছিল। তেওঁ প্লেটোনিষ্ট শিক্ষাৰ প্ৰৱৰ্তক আৰু পশ্চিমীয়া বিশ্বৰ উচ্চ শিক্ষাৰ প্ৰথম প্ৰতিষ্ঠান একাডেমীৰ প্ৰতিষ্ঠাপক।

তেওঁক মানৱ ইতিহাসৰ আটাইতকৈ গুৰুত্বপূৰ্ণ আৰু প্ৰভাৱশালী ব্যক্তি হিচাপে গণ্য কৰা হয়। তেওঁৰ শিক্ষক ছক্ৰেটিছ আৰু তেওঁৰ আটাইতকৈ বিখ্যাত শিক্ষাৰ্থী এৰিষ্টটলৰ লগতে প্লেটো প্ৰাচীন গ্ৰীক আৰু পাশ্চাত্য দৰ্শনৰ ইতিহাসৰ গুৰুত্বপূৰ্ণ ব্যক্তি। প্লেটোক প্ৰায়ে পাশ্চাত্য ধৰ্ম আৰু আধ্যাত্মিকতাৰ অন্যতম প্ৰতিষ্ঠাপক হিচাপেও উল্লেখ কৰা হৈছে। প্লটিনাছ আৰু পৰ্ফিৰিৰ দৰে দাৰ্শনিকসকলৰ তথাকথিত নৱপ্লেটোবাদে আগষ্টিনৰ দৰে গীৰ্জাৰ ফাদাৰৰ জৰিয়তে খ্ৰীষ্টান ধৰ্মক যথেষ্ট প্ৰভাৱিত কৰিছিল।

উদ্ধৃতিসমূহ[সম্পাদনা কৰক | উৎস সম্পাদনা]

  1. যাৰ অন্তৰত সংগীত নাই তেওঁক বিশ্বাস কৰিব নোৱাৰি।[১][২]
  2. ভালভাৱে জীৱন যাপন কৰিব বিচাৰিছা যদি সত্যক আঁকোৱালি লোৱা[৩]
  3. অন্যায়গ্ৰস্তজনতকৈ অন্যায়কাৰীজনে পৃথিৱীত অধিক দুৰ্ভোগ ভোগ কৰে৷[২]
  4. আমি যেতিয়া আঘাত পাওঁ, তেতিয়া আনে ভবাৰ দৰে আমি কেতিয়াও প্ৰত্যাঘাত কৰিব নাপায়৷ কাৰণ আমি কেতিয়াও কাকো আঘাত কৰিব নাপায়৷[২]
  5. যিবোৰে কবিতা ৰচনা কৰে তেওঁলোকক যেন সৰস্বতীৰ আত্মাই লম্ভেহি৷ সেই অলৌকিক আত্মা আহি কবিৰ আলফুলীয়া আৰু কুমাৰী আত্মাত প্ৰৱেশ কৰেহি, উন্নত্ততাৰ দ্বাৰা অনুপ্ৰাণিত কৰে আৰু অনন্য কাব্যৰূপ জগাই তোলে৷[২]
  6. বেয়া বা ভাল চিনাক্ত কৰিব পাৰে কেৱল দাৰ্শনিকসকলেহে৷ সেইকাৰণে ৰাজ্যৰ শাসনভাৰ দাৰ্শনিকসকলৰ ওপৰতেই অৰ্পণ কৰিব লাগে৷[২]
  7. সমাজৰ যি শ্ৰেণীৰ লোক যি কামৰ বাবে উপযুক্ত সেই কামত নিয়োগ কৰাই হৈছে ন্যায়৷[২]
  8. নৈতিকতা শিক্ষাৰ মেৰুদণ্ড হোৱা উচিত আৰু এই শিক্ষাৰ যোগেদিয়ে ব্যক্তিৰ নৈতিক চৰিত্ৰ গঠনত গুৰুত্ব দিব লাগে৷[২]
  9. পৃথিৱীখন হৈছে ভগৱানে মানুহলৈ লিখা এখন মুকলি চিঠি৷ সেই চিঠিখন পঢ়ি তাৰ মৰ্ম অনুধাৱন কৰিব পাৰিলে সুস্থ মগজুৰ মানুহে ভগৱানৰ শক্তি গভীৰভাৱে উপলব্ধি নকৰাকৈ নাথাকে৷ ভগৱানৰ মহিমা আৰু কৰুণাৰ সম্যক আভাস তেওঁ তাৰ পৰা পাব পাৰিব৷[২]
  10. প্ৰগতি তাতেই নিশ্চিত, য’ত অমৰ পুত্ৰসকলে তেওঁলোকৰ পিতৃৰ ঐতিহ্যক অতিক্ৰম কৰিবলৈ সমৰ্থ৷[২]
  11. শিক্ষা হৈছে সুখ দুখ অনুভৱ কৰিব পৰা ক্ষমতা৷[২]
  12. শিক্ষা জীৱনৰ আৰম্ভ গল্প আৰু খেল-ধেমালিৰ যোগেদি হ’ব লাগে৷ [২]
  13. ভাল গুণ আৰু সু-অভ্যাস গঠনৰ কাৰণে ল’ৰা-ছোৱালীৰ আগত মহৎ লোকৰ জীৱনৰ মহৎ কাৰ্যাৱলী আৰু গুণাগুণৰ চানেকি দাঙি ধৰিব লাগে৷[২]
  14. যি ৰাজ্যত সকলো নাগৰিকে একেবিধ কথাতে কান্দে আৰু আনন্দ পায়, সেই ৰাজ্যই হৈছে এখন সৰ্বাঙ্গসুন্দৰ দেশ৷[৪]
  15. চিত্ৰকলা এটা নিৰৱ কবিতা আৰু কবিতা হৈছে কথা কোৱা চিত্ৰ৷ [৫]

উত্‍স[সম্পাদনা কৰক | উৎস সম্পাদনা]

  1. নিয়মীয়া বাৰ্তা, ২০ জুলাই, ২০২১
  2. ২.০০ ২.০১ ২.০২ ২.০৩ ২.০৪ ২.০৫ ২.০৬ ২.০৭ ২.০৮ ২.০৯ ২.১০ ২.১১ উদ্ধৃতি অভিধান, ৰক্তাভ জ্যোতি বৰা
  3. নিয়মীয়া বাৰ্তা, ১৭ আগষ্ট, ২০২১
  4. মীৰজুমলাৰ অসম আক্ৰমণ, ড° সূৰ্য্যকুমাৰ ভূঞা, গ্ৰন্থকাৰৰ নিবেদন, বাণী মন্দিৰ, ২০০৯
  5. আইৰ প্ৰাণৰ ভাষা, কলংপাৰ, অসমীয়া সাপ্তাহিক, ২২ ফেবৰুৱাৰী, ২০২৩