সমললৈ যাওক

দ্য অ'থ অফ দ্য বায়ুপুত্ৰজ

ৱিকিউদ্ধৃতিৰ পৰা

দ্য অ'থ অফ দ্য বায়ুপুত্ৰজ (ইংৰাজী: The Oath of the Vayuputras) হৈছে ভাৰতীয় লেখক অমিষ ত্ৰিপাঠীৰ শিৱ ত্ৰিলজীৰ অন্তিমখন গ্ৰন্থ। ২০১৩ চনৰ ২৭ ফেব্ৰুৱাৰীত ৱেষ্টলেণ্ড প্ৰেছযোগে উন্মোচন কৰা গ্ৰন্থখনে মেলুহা নামৰ এখন কাল্পনিক ঠাই আৰু ইয়াৰ নিবাসীসকলক শিৱ নামৰ ভ্ৰমণকাৰী এজন কিদৰে ৰক্ষা সেই কাহিনী সম্পূৰ্ণ কৰিছে। পূৰ্বৱৰ্তী গ্ৰন্থ দ্য ছিক্ৰেট অফ দ্য নাগাজৰ শেষছোৱাৰ পৰা আঁত ধৰি কাহিনীটো আগুৱাই গৈছে য'ত শিৱই আৱিষ্কাৰ কৰে যে সোমৰসেই হৈছে প্ৰকৃত অপশক্তি। তেওঁ তেতিয়াও সোমৰস ত্যাগ কৰিব নোখোজা লোকসকল, মূলতঃ মহৰ্ষি ভৃগুৰদ্বাৰা পৰিচালিত সম্ৰাট দক্ষ আৰু দিলীপৰ বিৰুদ্ধে এক ধৰ্মযুদ্ধ ঘোষণা কৰে। যুদ্ধ চলি থকা অৱস্থাত শিৱই বায়ুপুত্ৰ নামৰ এক সুখ্যাত জনগোষ্ঠীৰ সৈতে আলোচনাৰ বাবে পৰিহা নামৰ ঠাইলৈ ৰাওনা হয়। তেওঁ উলটি আহে মানে তেওঁৰ পত্নী সতীৰ হত্যাৰ লগতে যুদ্ধৰ ইতি পৰে। ক্ৰোধিত হৈ শিৱই বায়ুপুত্ৰসকলে দিয়া পাশুপাত নামৰ পাৰমাণৱিক অস্ত্ৰৰে মেলুহাৰ ৰাজধানী দেৱগিৰি বিনষ্ট কৰে আৰু সোমৰস ইতিহাসৰ পৰা হেৰাই যায়। শিৱ আৰু তেওঁৰ সহযোগীসকল তেওঁলোকৰ কৰ্মৰ বাবে দেৱতা হিচাপে জনপ্ৰিয় হয় আৰু ইয়াতে কাহিনীৰ অন্ত পৰে।

  1. দুৰ্বল মানুহে কেতিয়াও স্বীকাৰ নকৰে যে তেওঁলোক নিজে নিজৰ স্থিতিৰ বাবে দায়বদ্ধ। তেওঁলোকে সদায় পৰিস্থিতি বা আনক দোষ দিয়ে।
  2. মূল প্ৰশ্ন এইটো নহয় 'দানৱ কি?' মূল প্ৰশ্নটো হ’ল ‘মানৱ কেতিয়া দানৱ হৈ পৰে?[১]
  3. ভালৰ পৰা অধিকতকৈ আৰু অধিক পোৱাৰ আমাৰ লোভেই ইয়াক বেয়ালৈ ৰূপান্তৰিত কৰে।[১]
  4. সৃষ্টি আৰু বিনাশ হৈছে একেটা মুহূৰ্তৰেই দুটা পৰিণাম। আৰু সৃষ্টি আৰু পৰৱৰ্তী বিনাশৰ মাজৰখিনিয়েই হৈছে জীৱন যাত্ৰা।[১]
  5. উদ্দেশ্য কেতিয়াও গন্তব্যস্থান নহয়, ই যাত্ৰাৰ নামান্তৰ মাত্ৰ। যিয়ে এই সহজ সত্যটো বুজি পায়, তেওঁলোকেহে প্ৰকৃত সুখ অনুভৱ কৰিব পাৰে।[১]