মাও চে তুঙ

ৱিকিউদ্ধৃতিৰ পৰা

মাও জেদং (ইংৰাজী: Mao Zedong) বা মাও চে তুং চীন দেশৰ এজন ৰাজনৈতিক নেতা আছিল। ১৮৯৩ চনৰ ২৬ ডিচেম্বৰ তাৰিখে চীন দেশৰ য়ুনান প্ৰদেশৰ ছাও ছান নামে ঠাইৰ এটা কৃষক পৰিয়ালত জন্মগ্ৰহণ কৰে।খেতিয়কৰ সন্তান মাওক দেউতাকে খেতিয়ক হোৱাটোকে বিচাৰিছিল। কিন্তু শিশু অৱস্থাৰ পৰাই সকলো কথাৰ প্ৰতি সূক্ষ্মদৃষ্টি সম্পন্ন মাওৱে ছাত্ৰাৱস্থাতে উপলব্ধি কৰে যে পৃথিৱীৰ বৃহত্তম জনগোষ্ঠীটোৰ কৃষক শ্ৰমিক সকলৰ দুখ দৈন্য আঁতৰ কৰাৰ ক্ষেত্ৰত তেওঁৰ বহুতো কৰিবলগীয়া আছে। তেওঁ লগতে এইটোও উপলব্ধি কৰে যে শ্ৰমিক শ্ৰেণীৰ জৰ্জড়িত জীৱনৰ যন্ত্ৰণা দূৰ কৰাৰ একমাত্ৰ উপায় বিপ্লৱ। সেয়ে তেওঁ তেওঁৰ উদ্দেশ্য সাধনৰ বাবে প্ৰয়োজনীয় শিক্ষা আহৰণত গুৰুত্ব দিয়ে আৰু দেউতাকে তেওঁ শিক্ষা গ্ৰহণৰ বাবে খৰচ যোগাবলৈ অমান্তি হোৱাত মাওৱে তেওঁৰ বন্ধুবৰ্গৰ পৰা টকা ধাৰ কৰি নিজৰ অধ্যয়নৰ খৰচ যোগাৰ কৰে।

পৃথিৱীৰ এক তৃতীয়াংশ জনতাৰ ভাগ্য পৰিবৰ্তনৰ ইপ্সিত লক্ষ্য আগত ৰাখি মাওৱে প্ৰথমতে অধ্যয়ন কৰিবলৈ লয় চীনৰ অতীত ইতিহাস। এই সময়ত মাওক বুৰঞ্জীৰ দুটা ঘটনাই বৰকৈ আকৃষ্ট কৰে। এটা হ’ল ১৮৫০ চনৰ পৰা ১৮৬৫ চনলৈ টাইপিং বিপ্লৱৰ নেতাসকলৰ নেতৃত্বত শ্ৰমিক শ্ৰেণী মুক্ত হ’বলৈ চলোৱা প্ৰচেষ্টা আৰু আনটো হ’ল চানয়েট চেনৰ নেতৃত্বত মাঞ্চু শাসকৰ বিৰুদ্ধে মুক্তি অভিযান।

১৯১৯ চনত, ২৬ বছৰ বয়সত মাওৱে সমগ্ৰ চীন ভ্ৰমণৰ অন্তত ছাংহাইত উপস্থিত হয় আৰু প্ৰথম বিশ্বযুদ্ধত ব্ৰিটিছ আৰু ফৰাচী মিত্ৰ গোষ্ঠীয়ে চীনৰ প্ৰতি বিশ্বাসঘাতকতা কৰাৰ প্ৰতিবাদত ছাত্ৰ সকলে আৰম্ভ কৰা বিক্ষোভ প্ৰদৰ্শনত যোগ দিয়ে।

উদ্ধৃতিসমূহ[সম্পাদনা কৰক | উৎস সম্পাদনা]

  • দেশে বিচাৰে স্বাধীনতা, জাতিয়ে বিচাৰে মুক্তি, জনগণে বিচাৰে বিপ্লৱ৷
  • ৰাজনীতি হ’ল ৰক্তপাত নকৰাকৈ যুদ্ধ আৰু যুদ্ধ হ’ল ৰক্তপাতৰ ঘটনা৷[১]
  • আটাইতকৈ কৌশলপূৰ্ণ ছদ্মবেশী উপায়েৰে ৰক্তপাত নোহোৱাকৈ কৰা হত্যা কলমৰ দ্বাৰা কৰা হয়৷
  • খৃ: পূ: আগৰে পৰা চিৰদিন শ্ৰম কৰি অহা চীনৰ জনগণেই চীনদেশ নিৰ্মাণ কৰি আহিছে৷ তেওঁলোক আছিল সাধাৰণ মানুহ৷ কোনোকালেই বিশেষজ্ঞ নাছিল৷ আগৰ চীনদেশৰ মানুহে সামাজিক অভ্যাসৰ পৰাই ন ন বৈজ্ঞানিক সূত্ৰ আৱিষ্কাৰ কৰিছিল৷ গতিকে আজিও (১৯৬০) সমস্যাবোৰক তেনেদৰেই সমাধান কৰিব লাগিব৷ শ্ৰেণী সংগ্ৰাম, বৈজ্ঞানিক গৱেষণা আৰু উৎপাদনৰ বাবে মহাসংগ্ৰাম-- এই তিনিওটাকে একেলগে চলাব লাগিব৷[২]
  • জনগণ, একমাত্ৰ জনগণেই পৃথিৱীৰ ইতিহাস সৃষ্টিৰ চালিকা শক্তি৷[১]
  • জাতীয়তাবাদী নোহোৱাকৈ কেতিয়াও আন্তৰ্জাতিকতা গঢ়িব নোৱাৰি৷ দেশপ্ৰেমিক নোহোৱাকৈ সাম্যবাদী হ’ব নোৱাৰি৷[১]
  • যিসকল লোকৰ কেৱল পুথিগত বিদ্যাহে আছে, কিন্তু বাস্তৱৰ লগত কোনো সম্পৰ্ক নাই, তেওঁলোকে যেন নিজৰ দোষ-ত্ৰুটিবোৰ স্বীকাৰ কৰি নিজৰ আচৰণত বিনম্ৰ হ’বলৈ শিকে৷[৩]
  • আমি অৱশ্যেই বিজ্ঞানক বিশ্বাস কৰিব লাগিব, তাৰ বাহিৰে অন্য একোতে আমাৰ বিশ্বাস নাই৷ অৰ্থাৎ কোনো ক্ষেত্ৰতে আমাৰ অন্ধবিশ্বাস থাকিলে নহ’ব৷[১]
  • কিছুমান মানুহে কেতিয়াও বিশ্লেষণ কৰাৰ জতিলতা বহন কৰিব নিবিচাৰে, তেওঁলোকে কেৱল ’বতাহ’ অনুসৰণ কৰে৷ আজি যদিহে উত্তৰে বতাহ বলিছে, তেওঁলোকে ’উত্তৰে বতাহ’ গোষ্ঠীত যোগদান কৰিব, ভৱিষ্যতলৈ যদিহে পশ্চিমলৈ বতাহ ব’বলৈ ধৰে, তেওঁলোকেও ’পশ্চিম বতাহ’ গোষ্ঠীত এক হ’বলৈ ঢাপলি মেলিব৷ পুনৰ যদিহে বতাহ উত্তৰলৈ ব’বলৈ ধৰে তেওঁলোকেও ’উত্তৰ বতাহ’ গোষ্ঠীত সংযুক্ত হ’বলৈ দৌৰি আহিব৷ তেওঁলোকৰ মুঠেই কোনো নিজৰ স্বাধীন মতামত নাই৷ মানুহ আৰু সমাজৰ স্বাৰ্থতেই সেইসকলৰ ওপৰত নিৰ্দয় হোৱাৰ প্ৰয়োজনীয়তা আছে৷[১]
  • শ্ৰমিক-কৃষকৰ হাত বোকা-মাটিৰে অপৰিষ্কাৰ হ’লেওভৰি ধূলি-বালিৰে মলিয়ন হ’লেও তেওঁলোকেইহে সবাতোকৈ পৰিচ্ছন্ন মানুহ৷[১]
  • আমি দুখীয়া হ’ব পাৰোঁ কিন্তু যাতে অসৎ নহওঁ তাৰ প্ৰতি লক্ষ্য ৰাখিব লাগিব৷[১]
  • পৃথিৱীৰ আটাইতকৈ সহজ কাম হৈছে কিতাপ পঢ়া৷[১]
  • জাতীয়তাবাদী নোহোৱাকৈ কেতিয়াও আন্তৰ্জাতিকতা গঢ়িব নোৱাৰি৷ দেশপ্ৰেমিক নোহোৱাকৈ কেতিয়াও সাম্যবাদী হ’ব নোৱাৰি৷[১]

উৎস[সম্পাদনা কৰক | উৎস সম্পাদনা]

  1. ১.০ ১.১ ১.২ ১.৩ ১.৪ ১.৫ ১.৬ ১.৭ ১.৮ উদ্ধৃতি অভিধান, ৰক্তাভ জ্যোতি বৰা
  2. হিউৱেন চাঙৰ দেশত, দেৱব্ৰত বৰগোহাঞি, পৃ: নং: ৭৩, প্ৰকাশক, New Assam Academic Centre (NAAC)
  3. অন্তহীন প্ৰেৰণা, হোমেন বৰগোহাঞি, পৃ: নং, ১০ প্ৰকাশক অনন্ত হাজৰিকা, বনলতা

বাহ্যিক সংযোগ[সম্পাদনা কৰক | উৎস সম্পাদনা]

:w:
:w:
ৱিকিপিডিয়াত সম্বন্ধিত পৃষ্ঠা: