সমললৈ যাওক

ঠাকুৰ অনুকূলচন্দ্ৰ

ৱিকিউদ্ধৃতিৰ পৰা
ডেকা কালৰ অনুকূল চন্দ্ৰ

শ্ৰীশ্ৰীঠাকুৰ অনুকূলচন্দ্ৰ (১৪ ছেপ্টেম্বৰ, ১৮৮৮ - ২৬ জানুৱাৰী, ১৯৬৯) ভাৰতৰ এগৰাকী ধৰ্ম সংস্কাৰক। তেওঁ সৎসঙ্গ নামৰ এটি সংগঠনৰ প্ৰবৰ্তক। মূলতঃ স্বাবলম্বন তথা পৰনিৰ্ভৰশীলতা ত্যাগৰ দীক্ষাই অনুকূলচন্দ্ৰৰ সৎসঙ্গ আশ্ৰমৰ আদৰ্শ।

  1. জগতত মানুহে যিমান দুখ পায় তাৰ অধিকাংশই কামিনী-কাঞ্চনত আসক্তিৰ পৰা আহে, সেই দুটাৰ পৰা যিমানে আঁতৰি থকা যায় সিমানেই মঙ্গল।[]
  2. আগুৱাই যোৱা, কিন্তু জুখি চাবলৈ নাযাবা কিমান দূৰ আগুৱালা; তেনেহ’লে আকৌ পিছুৱাই পৰিবা।[]
  3. প্ৰেম ভক্তিৰেই ক্ৰমোন্নতি। ভক্তিৰ গাঢ়ত্বই প্ৰেম। অহঙ্কাৰ য’ত যিমান পাতল, ভক্তিৰ স্থান তাত সিমান বেছি।[]
  4. যি সাধনা কৰিলে হৃদয়ত প্ৰেম আহে, তাকেই কৰা, আৰু য'ত ক্ৰূৰতা, কঠোৰতা, হিংসা আহে, সেয়া আপাততঃ লাভজনক হ'লেও তাৰ ওচৰলৈ নাযাবা।[]
  5. যিজন কোৱাত কম কামত বেছি, তেৱেঁই প্ৰথম শ্ৰেণীৰ কৰ্ম্মী; যিজনে যেনেকৈ কয় তেনেকৈ কৰে, তেওঁ মধ্যম শ্ৰেণীৰ কৰ্ম্মী; যিজনে কয় বেছি, কামত কম, তেওঁ তৃতীয় শ্ৰেণীৰ কৰ্ম্মী; আৰু যিজনৰ ক'বলৈও আলস্য, কৰিবলৈও আলস্য সেইজনেই অধম।[]
  1. ১.০ ১.১ ১.২ ১.৩ ১.৪ সত্যানুসৰণ, প্ৰথম সংস্কৰণ: ১৯৫১, সৎসঙ্গ পাবলিচিং হাউচ