চলমান ৰুশ্বদি

আহমেদ চলমান ৰুশ্বদি (ইংৰাজী: Salman Rushdie, জন্ম: ১৯ জুন, ১৯৪৭) এগৰাকী ব্ৰিটিছ ভাৰতীয় ঔপন্যাসিক আৰু প্ৰবন্ধকাৰ। তেওঁৰ দ্বিতীয় উপন্যাস মিডনাইটছ চিলড্ৰেনে ১৯৮১ চনত মেন বুকাৰ বঁটা লাভ কৰিছিল। তেওঁৰ বেছিভাগ লেখাই ভাৰতীয় উপমহাদেশক সামৰি লৈছে। কোৱা হয় যে, তেওঁ যাদুৰ বাস্তৱৰ আধাৰত ঐতিহাসিক কল্পকাহিনী লিখে। পূব আৰু পশ্চিমৰ মাজত সংযোগ, বিচ্ছিন্নতা আৰু অভিব্যক্তি তেওঁৰ লেখাৰ অন্যতম বিষয়।
১৯৮৮ চনত প্ৰকাশিত তেওঁৰ চতুৰ্থখন উপন্যাস দ্য ছেটানিক ভাৰ্চেছ বিশ্বজুৰি এক বৃহৎ পৰিমাণৰ বিতৰ্কৰ কেন্দ্ৰবিন্দু হৈ পৰে। কিতাপখন প্ৰকাশ হোৱাৰ পিছত, কেইবাখনো দেশৰ মুছলমানসকলে প্ৰতিবাদ কৰিছিল যি কেতিয়াবা হিংসাত্মক হৈ পৰিছিল। তেওঁক মৃত্যুৰ ভাবুকিও দিয়া হৈছিল। ইৰাণৰ মুখ্য ধৰ্মীয় নেতা আয়াতুল্লাহ ৰুহুল্লা খোমেনীয়ে কিতাপখন লিখাৰ বাবে ১৯৮৯ চনৰ ১৪ ফেব্ৰুৱাৰীত তেওঁৰ বিৰুদ্ধে মৃত্যুদণ্ডৰ ফতোৱা জাৰি কৰিছিল।
উদ্ধৃতি
[সম্পাদনা কৰক | উৎস সম্পাদনা]- মাত্ৰ এটা জীৱন বুজিবলৈ পৃথিৱীখন গিলিব লাগিব ... তেন্তে আপুনি ভাবিছেনে যে মই এজন ওজনশীল শিশু আছিলোঁ?[১]
- আমি সকলোৱে মৃত্যুৰ প্ৰতি এটা জীৱনৰ ঋণী।[১]
- বাস্তৱ আৰু সত্য একে হ’বই লাগিব বুলি ক’ব নোৱাৰি।[১]
- আমাৰ জীৱনত যিবোৰ গুৰুত্বপূৰ্ণ, তাৰ বেছিভাগেই আমাৰ অনুপস্থিতিত সংঘটিত হয়।[১]
- যিসকল লোকৰ ‘কালি’ বুজোৱা শব্দৰ সৈতে ‘কাইলৈ’ বুজোৱা শব্দ একে, তেনে লোকৰ সময়ৰ ওপৰত দৃঢ় দখল আছে বুলি ক’ব নোৱাৰি৷[১]
- শিশু হৈছে সেই পাত্ৰ, য’ত প্ৰাপ্তবয়স্কসকলে নিজৰ বিষ ঢালি দিয়ে।[১]
লগতে চাওক
[সম্পাদনা কৰক | উৎস সম্পাদনা]উৎস
[সম্পাদনা কৰক | উৎস সম্পাদনা]বাহ্যিক সংযোগ
[সম্পাদনা কৰক | উৎস সম্পাদনা]- Official Salman Rushdie website
- British Council: Contemporary writers: Salman Rushdie
- "Salman Rushdie, The Art of Fiction No. 186" by Jack Livings in The Paris Review (Summer 2005)
- New York Times special feature on Rushdie, 1999
- Vernon Corea The Golden Voice of Radio Ceylon
- Salman Rushdie's The Satanic Verses
- "Rushdie knighthood an insult to Islam, says Tehran" BBC News (18 June 2007)
- Row over Rushdie knighthood grows" Reuters (June 2007)
- "Pakistani women protest against Rushdie" (June 2007)
- The Hindu interview 'There is no right not to be offended' (2012-10-08)

