সমললৈ যাওক

পাওলো কোৱেলহো

ৱিকিউদ্ধৃতিৰ পৰা
পাওলো কোৱেলহো (২০০৭)।

পাওলো কোৱেলহো ডি চুজা (ইংৰাজী: Paulo Coelho de Souza) বা চমুকৈ পাওলো কোৱেলহো (জন্ম: ২৪ আগষ্ট ১৯৪৭) এজন ব্ৰাজিলিয়ান গীতিকাৰ আৰু ঔপন্যাসিক। তেওঁ ব্ৰাজিলিয়ান একাডেমী অফ লেটাৰছৰ সদস্য। বিশ্বজুৰি তেওঁৰ উপন্যাস দ্য এলকেমিষ্টৰ ১৫০ মিলিয়নতকৈও অধিক কপি বিক্ৰী হৈছে। এই গ্ৰন্থখন কোনো ব্ৰাজিলিয়ান লেখকৰ সৰ্বকালৰ সৰ্বাধিক বিক্ৰী হোৱা কিতাপ। সংগীতজ্ঞ ৰাউল চেইক্সাছৰ সৈতে তেওঁৰ অংশীদাৰিত্বৰ জৰিয়তে তেওঁ ব্ৰাজিলিয়ান ৰক সংগীতক প্ৰভাৱিত কৰিছিল।

  • আমাৰ সৈতে সংঘটিত হোৱা আটাইবোৰ ভাল বস্তুৱেই আমাৰ প্ৰাপ্য।
  • জীৱনে আপোনাক যি দিয়ে তাক স্বীকাৰ কৰক আৰু প্ৰতিটো পিয়লাৰ পৰা পান কৰিবলৈ চেষ্টা কৰক। সকলো মদিৰাৰ সোৱাদ ল'ব লাগে; কিছুমানত কেৱল চুমুক দিব লাগে, কিন্তু আনৰ সৈতে, গোটেই বটলেই গলাধঃকৰণ কৰিব লাগে।[১]
  • এটা সপোন বাস্তৱায়িত হোৱাৰ সম্ভাৱনাই জীৱনটোক আকৰ্ষণীয় কৰি তোলে।[২]
  • যেতিয়া আমি ভাল পাওঁ তেতিয়া আমি সদায় আমাৰ তুলনাত ভাল হ’বলৈ চেষ্টা কৰোঁ। যেতিয়া আমি আমাতকৈ ভাল হ’বলৈ চেষ্টা কৰোঁ, তেতিয়া আমাৰ চৌপাশৰ সকলো বস্তুও ভাল হৈ পৰে।
  • সপোন এটাক বাস্তৱায়িত কৰাটো অসম্ভৱ কৰি তোলা এটাই কথা আছে: বিফলতাৰ ভয়।[২]
  • কিন্তু জীৱনৰ ৰহস্য হ’ল সাতবাৰ পতিত হোৱা আৰু আঠবাৰ উত্থান ঘটা।[২]
  • সহজ-সৰল কথাবোৰো আটাইতকৈ অসাধাৰণ বস্তু, আৰু সেইবোৰ কেৱল জ্ঞানীসকলেহে চাব পাৰে।[২]
  • আন মানুহে কেনেকৈ জীৱন যাপন কৰিব লাগে সেই বিষয়ে সকলোৰে যেন এটা স্পষ্ট ধাৰণা আছে, কিন্তু নিজৰ জীৱনটোৰ বিষয়ে একোৱেই নাই।[২]
  • মনত ৰাখিব যে আপোনাৰ হৃদয় য’তেই থাকে, তাতেই আপুনি আপোনাৰ সম্পদ বিচাৰি পাব।[২]
  • হৃদয়ক কওক যে বেদনা হোৱাৰ ভয়টো বেদনাতকৈয়ো বেছি বেয়া। আৰু কোনো হৃদয়ে নিজৰ সপোন বিচাৰি যোৱাৰ সময়ত কেতিয়াও কষ্ট পোৱা নাই, কাৰণ অনুসন্ধানৰ প্ৰতিটো চেকেণ্ডেই হৈছে ঈশ্বৰৰ সৈতে আৰু অনন্তকালৰ সৈতে এক চেকেণ্ডৰ মুখামুখি।[২]
  • প্ৰেম হৈছে আমাৰ পছন্দৰ যোগফল, আমাৰ কাৰ্যৰ ফলাফল।[৩]
  1. Brida, HarperCollins, 22-Jul-2008
  2. ২.০ ২.১ ২.২ ২.৩ ২.৪ ২.৫ ২.৬ Paulo Coelho Quotes. প্ৰকাশক: goodreads.com. আহৰণ কৰা হৈছে: 14 জুলাই 2022.
  3. মিশ্ৰ, তপোবন (১০ ফেব্ৰুৱাৰী ২০২২). লভ ইজ ইন দ্য এয়াৰ: প্ৰেম সম্পৰ্কে বিখ্যাত উক্তি. প্ৰকাশক: নীলা চৰাই. আহৰণ কৰা হৈছে: ১৬ ফেব্ৰুৱাৰী, ২০২৩.
:w:
:w:
ৱিকিপিডিয়াত সম্বন্ধিত পৃষ্ঠা: