নেলছন মেণ্ডেলা

নেলছন ৰোলিহলাহলা মেণ্ডেলা (১৮ জুলাই, ১৯১৮ - ৫ ডিচেম্বৰ, ২০১৩) বা চমুকৈ নেলছন মেণ্ডেলা দক্ষিণ আফ্ৰিকাৰ এগৰাকী ৰাজনৈতিক ব্যক্তি আছিল যিজনে ৰাষ্ট্ৰপতি হিচাপে ১৯৯৪ চনৰ পৰা ১৯৯৯ চনলৈ কাৰ্যভাৰ চলাইছিল। দক্ষিণ আফ্ৰিকাত তেওঁ মাডিবা আৰু টাটা নামেৰেও জনাজাত আছিল। তেওঁ ১৯৯৩ চনত ন’বেল বঁটা লাভ কৰিবলৈ সক্ষম হৈছিল। মেণ্ডেলাই তেওঁৰ জীৱনত ২৫০ টাতকৈও অধিক বঁটা লাভ কৰিছিল। তেওঁ দক্ষিণ আফ্ৰিকাৰ নেচনেল কংগ্ৰেছৰ নেতা আছিল। ১৯৯০ চনৰ ১৫ অক্টোবৰ তাৰিখে নেলছন মেণ্ডেলা ভাৰত ভ্ৰমণলৈ আহোঁতে ভাৰতে তেওঁৰ স্থিতিৰ প্ৰতি পূৰ্ণ সমৰ্থন আগবঢ়ায়। তদুপৰি ২৭ বছৰ কাৰাবন্দী জীৱন কটোৱা আফ্ৰিকাৰ এই বাসত্তৰ বছৰীয়া জাতীয়তাবাদী নেতাগৰাকীক ১৯৯০ চনৰ বাবে ভাৰত চৰকাৰে শীৰ্ষতম বঁটা ভাৰত-ৰত্ন উপাধিৰে সন্মানিত কৰে। দক্ষিণ আফ্ৰিকাবাসীৰ বাবে আজীৱন ত্যাগ স্বীকাৰ কৰা বাবে নেলছন মেণ্ডেলাক সন্মান জনাই তেওঁৰ জন্ম দিন ১৮ জুলাই তাৰিখে প্ৰতি বছৰে আন্তঃৰাষ্ট্ৰীয় মেণ্ডেলা দিৱস উদযাপন কৰি আহিছে।
উদ্ধৃতিসমূহ
[সম্পাদনা কৰক | উৎস সম্পাদনা]- জীৱনত যদি কিবা কৰিব বিচৰা তেনেহ’লে অকলে কেনেকৈ যুঁজিব লাগে সেয়া শিকি লোৱা।[১]
- কোনবাই যদি নিজৰ লক্ষ্যত স্থিৰ থাকে, তেনেহ’লে তেওঁ জয়ী হ’বই।[১]
- তুমি যিমান মূল্যবান হ’বা, সিমানেই সমালোচনাৰ সন্মুখীন হ’বা।[১]
- বেলেগৰ দয়াত ৰাজভোগ খোৱাতকৈ নিজৰ উপাৰ্জনৰ ৰুটি খোৱা ভাল।[১]
- তোমাৰ কামত যেন তোমাৰ ভয়বোৰৰ সলনি আশাবোৰ প্ৰকাশ পায়।[১]
- যেতিয়া এজন মানুহে বিবেচনা কৰে যে নিজ জাতি আৰু দেশৰ প্ৰতি তেওঁ দায়িত্ব পালন কৰিছে, তেতিয়া তেওঁ শান্তিতে মৃত্যু বৰণ কৰিব পাৰে।[১]
- স্বাধীন মনৰ অধিকাৰী বন্ধুসকলক মই পছন্দ কৰোঁ, কাৰণ সিহঁত বিভিন্ন সমস্যাক সকলো দৃষ্টিকোণৰ পৰা চাবলৈ আপোনাক সহায় কৰে।[১]
- হাতৰ ৰেখাত ভাগ্য লিখা নাথাকে, ভাগ্য থাকে মানুহৰ কৰ্মত।[১]
- শিক্ষা হৈছে সকলোতকৈ শক্তিশালী অস্ত্ৰ, যাৰ মাধ্যমত পৃথিৱী সলনি কৰিব পাৰোঁ।[১]
- আপুনি যদি শত্ৰুৰ লগত শান্তিতে থাকিব বিচাৰে, তেনেহ’লে তাৰ লগতে আপোনাৰ মিলি যাব লাগিব মিলি কাম কৰিব লাগিব, তেনেহ’লে আপোনাৰ শত্ৰু আপোনাৰ সংগী হ’ব।[১]
- ’মে আই বুই আফ্ৰিকা’- আফ্ৰিকা আমাৰ, ইয়াক ঘূৰাই দিয়া৷[২]
- শ্বেতাংগ চৰকাৰে যদি শোষণ, অন্যায়, অত্যাচাৰ আৰু ক’লা আইনৰ অন্ত নেপেলায়, তেনেহ’লে কৃষ্ণাংগসকলৰ আৰু সশস্ত্ৰ সংগ্ৰামৰ অবিহনে অন্য পথ নাই৷[২]
- মোৰ গোটেই জীৱনটোকেই মই আফ্ৰিকাৰ মানুহৰ মুক্তি সংগ্ৰামৰ বাবে স্বেচ্ছাই উছৰ্গা কৰিছোঁ৷ শ্বেতাংগ আধিপত্যৰ বিৰুদ্ধে মই যুঁজ দিছোঁ, আৰু সকলো ব্যক্তিয়েই মিলিজুলি থাকিব পৰা, সমান সুবিধা পাব পৰা এখন মুকলি গণতান্ত্ৰিক সমাজৰ আদৰ্শ সম্মুখত লৈ মই অহৰ্নিশে কাম কৰিছোঁ৷ এই আদৰ্শক বাস্তৱত পোৱাৰ বাবেই জীয়াই থাকিবলৈ মই ইচ্ছা কৰোঁ৷ তথাপি প্ৰয়োজন হ’লে, মই এই আদৰ্শৰ বাবেই মৰিবলৈকো মই সৰ্বদায় সাজু৷[২]
- ক্ষমতানো আৰু কি? ই মাথোন শিক্ষা দিয়ে বেছি মানৱীয় হ’বলৈ৷[২]
উৎস
[সম্পাদনা কৰক | উৎস সম্পাদনা]বাহ্যিক সংযোগ
[সম্পাদনা কৰক | উৎস সম্পাদনা]- Nelson Mandela – Biography at Nobelprize.org
- The Mandela Page at ANC
- Mandela: An Audio History
- Time 100 profile
- Complete speech from the Live 8 concert
- Nelson Mandela Foundation - 46664
- Nelson Mandela Children's Fund
- Nelson Mandela at Writespirit.Net
- Nelson Mandela Quotes Video
- Quotes By Nelson Mandela

