ৰবীন্দ্ৰনাথ ঠাকুৰ
অৱয়ব

ৰবীন্দ্ৰনাথ ঠাকুৰ (ইংৰাজী: Rabindranath Tagore, ৭ মে', ১৮৬১ – ৭ আগষ্ট, ১৯৪১) বঙালী সাহিত্যৰ দিকদৰ্শক কবি, ঔপন্যাসিক, গল্পকাৰ, গীতিকাৰ, সুৰকাৰ, নাট্যকাৰ আৰু দাৰ্শনিক। ঊনবিংশ শতিকাৰ শেষ ভাগৰ পৰা বিংশ শতিকাৰ মাজভাগলৈকে ৰবীন্দ্ৰনাথে বঙালী সাহিত্যত এক যুগান্তকাৰী পৰিবৰ্তনৰ সূচনা কৰে। তেখেতৰ গীতাঞ্জলি কাব্যগ্ৰন্থৰ বাবে ১৯১৩ চনত তেওঁ এছিয়া মহাদেশৰ প্ৰথম ব্যক্তি হিচাপে ন'বেল বঁটা লাভ কৰে।
উদ্ধৃতিসমূহ
[সম্পাদনা কৰক | উৎস সম্পাদনা]- কেৱল সমুদ্ৰ পাৰত থিয় হৈ অথবা ইয়াৰ জলপৃষ্ঠলৈ চাই চাই সমুদ্ৰ অতিক্ৰম কৰিব নোৱাৰি।[১]
- উদ্দেশ্য যদি মহৎ হয়, কৰ্তব্যত হেলা নাথাকে, তেন্তে ব্যৰ্থতা কেতিয়াও আহিব নোৱাৰে৷[উৎসৰ প্ৰয়োজন]
- বেদনাৰ পৰা যি আনন্দৰ উত্পত্তি হয়, সেই আনন্দৰ তুলনা নহয়।[২]
- প্ৰেমৰ আনন্দ ক্ষণস্থায়ী, কিন্তু প্ৰেমৰ বেদনা চিৰস্থায়ী।[৩][৪]
- পৰক আপোন কৰিবলৈ প্ৰতিভাৰ প্ৰয়োজন৷[৩]
- স্বাধীন হোৱা মানেই মুক্ত হোৱা নহয়৷[৩]
- মুক্তি বিচৰাসকলৰ দীক্ষাৰ প্ৰয়োজন হয়৷[৩]
- বান্ধি ৰাখি লাভ নাই, উৰিব দি চোৱা, দিনৰ শেষত উভতিলে তেতিয়া আকোৱালি ৰাখিব।[৫]
- গীত, সাহিত্য, দেশপ্ৰেমী সমন্বিতে অপূৰ্ব সুন্দৰ আসাম দেশ।[৬]
- মূল উৎসৰ নদীৰ ধাৰা বন্ধ হৈ গ’লে যেনেকৈ সি বন্ধ জলাশয়ত পৰিণত হয়, তেনেকৈ জ্ঞানৰ তপস্যাত বা কলাৰ সাধনাত অতীতৰ সৈতে বৰ্তমানৰ সম্পৰ্ক যদি অৱৰুদ্ধ হৈ পৰে, তেন্তে সেই সমস্ত ক্ষীণ হৈ একালত বিলুপ্ত হয়৷[৭]
- গোৰ মাৰিলে ধূলি উৰে, শস্য নগজে৷[৮]
- একমাত্ৰ মাতৃভাষাৰ সূঁতিয়েদি আগবাঢ়ি গৈহে বিশ্বৰ মানৱ সংস্কৃতিৰ সাগৰত উপনীত হ’ব পাৰি।[৯]
- মোৰ মনত এনেকুৱা ভাব হয়—পৃথিৱীৰ পৰা আমি যিবোৰ পৃথিৱীৰ ধন পাইছোঁ সেইবোৰ ধন আমি কোনোবা স্বৰ্গৰ পৰা পালোহেঁতেননে?[১০]
- প্ৰেম কেৱল অনুভূতি নহয়, ইয়েই একমাত্ৰ বাস্তৱ। প্ৰেম সৃষ্টিৰ কেন্দ্ৰবিন্দুত থকা চুড়ান্ত সত্য।[১১]
- প্ৰতি মানুহৰ ভিতৰত এটুকুৰা গোপন স্থান থাকে, য’ত আনৰ প্ৰৱেশ নিষিদ্ধ৷[১২]
- ফুল আৰু পখিলাক বাহ্যিক ৰূপেৰে জুখিবা, মানুহক নুজুখিবা।[১৩]
- সাহিত্য শব্দটোৰ মাজত এটি মিলনৰ ভাৱ দেখা যায়। সি যে কেৱল ভাৱে-ভাৱে ভাষাই-ভাষাই মিল, তেনে নহয়; মানুহৰ লগত মানুহৰ, অতীতৰ লগত বৰ্তমানৰ, দূৰৰ লগত ওচৰৰ মিলন।[উৎসৰ প্ৰয়োজন]
- “মই শুই থাকোঁতে সপোন দেখিলোঁ—জীৱন আনন্দ। জাগি উঠি দেখিলোঁ—জীৱন সেৱা। সেৱা কৰি বুজিলোঁ—সেৱাই আনন্দ।”[১৪]
- “যদি তুমি কন্দাৰ কাৰণে সূৰ্য্যটো নেদেখা, তেন্তে তুমি তৰা বোৰো হেৰুৱাবা।”[১৫]
- “আনন্দ সহজ নহয়; ই আমাৰ ভিতৰত আৰু আমাৰ কৰ্মৰ মাজতেই পোৱা যায়।”[১৬]
- “প্ৰেম কেৱল অধিকাৰ নহয়, ই মুক্তিৰো নাম।”[১৭]
উত্স
[সম্পাদনা কৰক | উৎস সম্পাদনা]- ↑ “Dainik Assam:E-Paper”10 Sep, 2023
- ↑ ঠাকুৰ, ৰবীন্দ্ৰনাথ. "বাণী", ১২ আগষ্ট, ২০২১, পৃষ্ঠা. ৬. আহৰণ কৰা হৈছে ৮ ছেপ্টেম্বৰ ২০২১.
- ↑ ৩.০ ৩.১ ৩.২ ৩.৩ গোস্বামী, ত্ৰিদিব (২০১২)। মহৎ লোকৰ বাণী। গুৱাহাটী। বনলতা। আহৰণ কৰা হৈছে: ৮ ছেপ্টেম্বৰ ২০২১।
- ↑ ৰবীন্দ্ৰনাথ ঠাকুৰ. "নমস্কাৰ", ২ আগষ্ট, ২০২১, পৃষ্ঠা. ৬. আহৰণ কৰা হৈছে ১০ ছেপ্টেম্বৰ ২০২১.
- ↑ ৰবিন্দ্ৰনাথ ঠাকুৰ। শেষেৰ কবিতা।
- ↑ অসমীয়া জাতিৰ কাণ্ডাৰী অসম কেশৰী অম্বিকাগিৰী, গ্ৰন্থমালিতা, মিনা কুমাৰী ৰায়মেধি
- ↑ প্ৰসংগঃ অসমীয়া সাহিত্যত আধুনিকতা, ড° শিৱনাথ বৰ্মন; সাহিত্য সংস্কৃতিৰ বিবিধ প্ৰসংগ
- ↑ অমৃত বাণী, সংগ্ৰাহক: চন্দ্ৰোপল বৰা, ১ আগষ্ট ২০১৪
- ↑ শ্ৰীদূৰ্গাশঙ্কৰ দেৱ শৰ্ম্মা (১৯৮৮)। উদ্ধৃতি। ওৰিয়েণ্টেল বুক কোম্পানী।
- ↑ হোমেন বৰগোহাঞি, গীতিমালিকা নেওগ (২০০৩)। জীৱন-জিজ্ঞাসা, পৃষ্ঠা:১২৫-১২৬।
- ↑ মিশ্ৰ, তপোবন (১০ ফেব্ৰুৱাৰী ২০২২). লভ ইজ ইন দ্য এয়াৰ: প্ৰেম সম্পৰ্কে বিখ্যাত উক্তি. প্ৰকাশক: নীলা চৰাই. আহৰণ কৰা হৈছে: ১৬ ফেব্ৰুৱাৰী, ২০২৩.
- ↑ ৰবীন্দ্ৰনাথ ঠাকুৰ. "দিনটোৰ বাণী", ২০ মাৰ্চ ২০২৩, পৃষ্ঠা. ১. আহৰণ কৰা হৈছে ২০ মাৰ্চ ২০২৩.
- ↑ ৰবীন্দ্ৰনাথ ঠাকুৰ. "বাণী", নিয়মীয়া বাৰ্তা, 2026-05-30, পৃষ্ঠা. 6. (in as)
- ↑ ষ্ট্ৰে বাৰ্ড্ছ
- ↑ ষ্ট্ৰে বাৰ্ড্ছ
- ↑ সাধনা
- ↑ দ্য গাৰডিনাৰ
বাহ্যিক সংযোগ
[সম্পাদনা কৰক | উৎস সম্পাদনা]- Free Download of Selected Books of Rabindranath Tagore
- Brief biography at Kirjasto (Pegasos)
- Rabindranath Tagore at Project Gutenberg
- Online texts of some of Rabindranath Tagore's works
- Brief biography, and some of Tagore's English works at Calcuttaweb.com]
- "Tagore and His India" - Amartya Sen - article on Tagore by Amartya Sen featured on Nobel Foundation website
- Biography of Tagore at the official website of the Nobel Foundation
- Nobel Prize in Literature Presentation Speech from the official website of Nobel Foundation
- Poems of Tagore
- Profile by BBC
- Visva-Bharati
- Rabindranath Section in Parabaas
- Famous quotes from Rabindranath Tagore
- Great Quotes By Rabindranath Tagore in Bengali

