সমললৈ যাওক

ৱাল্টাৰ লিপমেন

ৱিকিউদ্ধৃতিৰ পৰা
ৱাল্টাৰ লিপমেনৰ আলোকচিত্ৰ

ৱাল্টাৰ লিপমেন (ইংৰাজী: Walter Lippmann; ২৩ ছেপ্টেম্বৰ, ১৮৮৯ – ১৪ ডিচেম্বৰ, ১৯৭৪) আছিল আমেৰিকাৰ এজন প্ৰভাৱশালী লেখক, সাংবাদিক আৰু ৰাজনৈতিক মন্তব্যকাৰী। ৬০ বছৰীয়া কেৰিয়াৰৰ সৈতে তেওঁ শীতল যুদ্ধৰ ধাৰণাটো প্ৰৱৰ্তন কৰা প্ৰথম ব্যক্তিসকলৰ ভিতৰত অন্যতম। তেওঁ বাতৰি কাকতৰ স্তম্ভ আৰু কেইবাখনো কিতাপত সংবাদ মাধ্যম আৰু গণতন্ত্ৰৰ সমালোচনা কৰাৰ বাবে বিখ্যাত। ১৯২২ চনত তেওঁ পাব্লিক অপিনিয়ন নামৰ এক গ্ৰন্থ প্ৰকাশ কৰে।

  • যেতিয়া সকলো মানুহে একেধৰণে চিন্তা কৰে, তেতিয়া বুজিব লাগে যে কোনো এজন মানুহেই গভীৰভাৱে চিন্তা নকৰে।
  • বৃহৎ বহুত্ববাদী সমাজ এখনক এই কথা স্বীকাৰ নকৰাকৈ পৰিচালিত কৰিব নোৱাৰি যে ইয়াৰ বহুত্ববাদী স্বাৰ্থক চেৰাই উচ্চ সাধাৰণ আইন থকা যুক্তিসংগত ব্যৱস্থা আছে।
  • এক মুক্ত সংবাদ মাধ্যম কোনো বিশেষ সুবিধা নহয় বৰঞ্চ এখন বৃহৎ সমাজত এক জৈৱিক প্ৰয়োজনীয়তা।
    • ইণ্টাৰনেচনেল প্ৰেছ ইনষ্টিটিউট এছ'চিয়েচন, লণ্ডন, (২৭ মে' ১৯৬৫)
:w:
:w: