মিডনাইটছ চিলড্ৰেন
অৱয়ব
মিডনাইটছ চিলড্ৰেন (ইংৰাজী: Midnight's Children) হৈছে লেখক চলমান ৰুশ্বদিৰ ১৯৮১ চনৰ এখন উপন্যাস। উপন্যাসখনত ব্ৰিটিছ ঔপনিৱেশিক শাসনৰ পৰা স্বাধীনতালৈকে ভাৰতৰ পৰিৱৰ্তন আৰু ভাৰতৰ বিভাজনৰ চিত্ৰায়ন কৰা হৈছে। ইয়াক উত্তৰ ঔপনিৱেশিক, উত্তৰ-আধুনিক আৰু যাদুকৰী বাস্তৱবাদী সাহিত্যৰ এক উদাহৰণ বুলি গণ্য কৰা হয়। উপন্যাসখনৰ মুখ্য নায়ক ছালিম চিনাইৰ দ্বাৰা কাহিনীটো কোৱা হৈছে আৰু ইয়াক প্ৰকৃত ঐতিহাসিক ঘটনাৰ পৰিপ্ৰেক্ষিতত নিৰ্মাণ কৰা হৈছে।
উদ্ধৃতি
[সম্পাদনা কৰক | উৎস সম্পাদনা]- মাত্ৰ এটা জীৱন বুজিবলৈ পৃথিৱীখন গিলিব লাগিব ... তেন্তে আপুনি ভাবিছেনে যে মই এজন ওজনশীল শিশু আছিলোঁ?[১]
- আমি সকলোৱে মৃত্যুৰ প্ৰতি এটা জীৱনৰ ঋণী।[১]
- বাস্তৱ আৰু সত্য একে হ’বই লাগিব বুলি ক’ব নোৱাৰি।[১]
- আমাৰ জীৱনত যিবোৰ গুৰুত্বপূৰ্ণ, তাৰ বেছিভাগেই আমাৰ অনুপস্থিতিত সংঘটিত হয়।[১]
- যিসকল লোকৰ ‘কালি’ বুজোৱা শব্দৰ সৈতে ‘কাইলৈ’ বুজোৱা শব্দ একে, তেনে লোকৰ সময়ৰ ওপৰত দৃঢ় দখল আছে বুলি ক’ব নোৱাৰি৷[১]
- শিশু হৈছে সেই পাত্ৰ, য’ত প্ৰাপ্তবয়স্কসকলে নিজৰ বিষ ঢালি দিয়ে।[১]