নিক'লা টেছলা

ৱিকিউদ্ধৃতিৰ পৰা
বৈজ্ঞানিক মানুহে তাৎক্ষণিক ফলৰ লক্ষ্য নিদিয়ে। তেওঁ আশা নকৰে যে তেওঁৰ উন্নত ধাৰণা সহজেই গ্ৰহণ কৰা হ’ব... তেওঁৰ কৰ্তব্য হ’ল যিসকল আহিবলগীয়া তেওঁলোকৰ বাবে ভেটি স্থাপন কৰা, আৰু পথ আঙুলিয়াই দিয়া।

নিক'লা টেছলা (ইংৰাজী: Nikola Tesla ; ১০ জুলাই ১৮৫৬ – ৭ জানুৱাৰী ১৯৪৩) হৈছে এগৰাকী ছাৰ্বিয়ান-আমেৰিকান পদাৰ্থবিজ্ঞানী, উদ্ভাৱক আৰু বৈদ্যুতিক অভিযন্তা। সামৰিক সীমান্তত (বৰ্তমানৰ ক্ৰ’ৱেচিয়া) জন্মগ্ৰহণ কৰা টেছলা পিছলৈ আমেৰিকাৰ নাগৰিক হৈছিল। বৈদ্যুতিক ক্ষেত্ৰলৈ আগবঢ়োৱা অবিস্মৰণীয় অৱদানৰ বাবে নিক’লা টেছলাক ইতিহাসৰ অন্যতম গুৰুত্বপূৰ্ণ উদ্ভাৱক হিচাপে গণ্য কৰা হয়।

উদ্ধৃতিসমূহ[সম্পাদনা কৰক | উৎস সম্পাদনা]

প্ৰথমে জানিবলগীয়া গুৰুত্বপূৰ্ণ কথাটো হ’ব: পৃথিৱীৰ ক্ষমতা কিমান? আৰু বিদ্যুৎকৃত অৱস্থাত ইয়াত কিদৰে আধানযুক্ত হয়
  • আমাৰ গুণ আৰু আমাৰ বিফলতাবোৰ বল আৰু পদাৰ্থৰ দৰে অবিচ্ছেদ্য। যেতিয়া সিহঁতৰ বিচ্ছেদ হয়, তেতিয়া মানুহৰ অস্তিত্ব নাথাকে৷[১]
  • এটা স্ফটিকত আমাৰ হাতত এটা গঠনমূলক জীৱন-নীতিৰ অস্তিত্বৰ স্পষ্ট প্ৰমাণ আছে, আৰু যদিও আমি এটা স্ফটিকৰ জীৱন বুজিব নোৱাৰো, তথাপিও ই এটা জীৱ কম নহয়।[২]
  • সকলো প্ৰতিৰোধৰ ভিতৰত মানুহৰ গতিবিধিক সবাতোকৈ বেছি মন্থৰ কৰে অজ্ঞানতাই, যাক বুদ্ধই ‘পৃথিৱীৰ আটাইতকৈ বৃহৎ দুষ্টতা’ বুলি অভিহিত কৰিছে। অজ্ঞানতাৰ ফলত সৃষ্টি হোৱা ঘৰ্ষণক...জ্ঞানৰ প্ৰসাৰ আৰু মানৱতাৰ বৈষম্যপূৰ্ণ উপাদানসমূহৰ একত্ৰীকৰণৰ দ্বাৰাহে হ্ৰাস কৰিব পৰা যায়। ইয়াতকৈ উত্তম প্ৰয়াসক সঠিকভাৱে কাৰ্যকৰী কৰিব পৰা নাযাব[৩]
  • মানুহে ধনৰ ওপৰত যি মূল্য ৰাখিছে, সেই মূল্য ধনে প্ৰতিনিধিত্ব নকৰে। মোৰ সকলো টকা পৰীক্ষা-নিৰীক্ষাত বিনিয়োগ কৰা হৈছে যাৰ সহায়ত মই নতুন নতুন আৱিষ্কাৰ কৰিছো যাৰ ফলত মানৱ জাতিয়ে অলপ সহজ জীৱন লাভ কৰিবলৈ সক্ষম হৈছে৷[৪]
  • ভৱিষ্যতে সঁচা কথা কওক আৰু প্ৰত্যেককে নিজৰ কৰ্ম আৰু সাফল্য অনুসৰি মূল্যায়ন কৰক। বৰ্তমানটো তেওঁলোকৰ; আৰু ভৱিষ্যতটো, যাৰ বাবে মই সঁচাকৈয়ে কাম কৰিছোঁ, সেয়া মোৰ৷[৫]
  • পাৰমাণৱিক শক্তিৰ ধাৰণাটো মায়াময় যদিও ই মনত ইমানেই শক্তিশালীভাৱে ধৰি লৈছে, যে যদিও মই পঁচিশ বছৰ ধৰি ইয়াৰ বিৰুদ্ধে প্ৰচাৰ কৰি আহিছো, তথাপিও কিছুমানে ইয়াক বাস্তৱায়িত কৰিব পৰা বুলি বিশ্বাস কৰে।[৬]
  • যদি এডিছনক ঘাঁহৰ থোপা এটাত থকা বেজী এটা বিচাৰিবলৈ দিয়া হয়, তেন্তে তেওঁ মৌমাখিসদৃশ অধ্যৱসায়েৰে আগবাঢ়ি গৈ তেওঁৰ সন্ধানৰ বস্তুটো বিচাৰি নোপোৱালৈকে খেৰৰ পিছত খেৰ পৰীক্ষা কৰিব। সামান্য তত্ত্ব আৰু গণনাৰ সহায়ত সেই কামটো কৰাহেঁতেন তেওঁ নব্বৈ শতাংশ শ্ৰমৰ পৰা ৰক্ষা পৰিলহেঁতেন৷ এই কথা জানিও মই এনে দুখজনক কামৰ সাক্ষী আছিলোঁ।[৭]

উৎস[সম্পাদনা কৰক | উৎস সম্পাদনা]

  1. The Problem of Increasing Human Energy", Century Illustrated Magazine (June 1900)
  2. In 'The Problem of Increasing Human Energy: With Special Reference to the Harnessing of the Sun’s Energy', Century Illustrated Magazine (Jun 1900), 60, No. 2, 180.
  3. "The Problem of Increasing Human Energy", The Century (Jun 1900), 211. Collected in The Century (1900), Vol. 60, 211
  4. As quoted in "A Visit to Nikola Tesla" by Dragislav L. Petković in Politika (April 1927); also in Tesla, Master of Lightning (1999) by Margaret Cheney, Robert Uth, and Jim Glenn, p. 82
  5. On patent controversies regarding the invention of Radio and other things, as quoted in "A Visit to Nikola Tesla" by Dragislav L. Petković in Politika (April 1927); as quoted in Tesla, Master of Lightning (1999) by Margaret Cheney, Robert Uth, and Jim Glenn, p. 73 আই.এচ.বি.এন. 0760710058  ; also in Tesla: Man Out of Time (2001) by Margaret Cheney, p. 230 আই.এচ.বি.এন. 0743215362
  6. Quoted in 'Tesla, 75, Predicts New Power Source', New York Times (5 Jul 1931), Section 2, 1.
  7. New York Times (19 October 1931)

বাহ্যিক সংযোগ[সম্পাদনা কৰক | উৎস সম্পাদনা]

:w:
:w:
ৱিকিপিডিয়াত সম্বন্ধিত পৃষ্ঠা: