পল ভালেৰি

ৱিকিউদ্ধৃতিৰ পৰা
পল ভালেৰিৰ আলোকচিত্ৰ

পল ভালেৰি (ইংৰাজী: Paul Valéry, ৩০ অক্টোবৰ ১৮৭১ – ২০ জুলাই ১৯৪৫) আছিল এগৰাকী ফৰাচী কবি, প্ৰবন্ধকাৰ আৰু দাৰ্শনিক।

উদ্ধৃতিসমূহ[সম্পাদনা কৰক | উৎস সম্পাদনা]

  1. “ঈশ্বৰে পুৰুষ সৃষ্টি কৰাৰ পিছত অনুভৱ কৰিলে যে পুৰুষজন যিমান অকলশৰীয়া হোৱা উচিত, সিমানখিনি হোৱা নাই৷ সেই কাৰণে পুৰুষৰ সংগিনী হিচাপে তেওঁ সৃষ্টি কৰিলে নাৰীক- যাতে নাৰীৰ সংগত পুৰুষজন আৰু বেছি গভীৰভাৱে নিসংগ হ’ব পাৰে৷”[১]
  2. যি পুৰুষ বা তিৰোতাক আমি সম্পূৰ্ণৰূপে জানো, তেনে পুৰুষ বা তিৰোতাক ভালপোৱাটো সম্ভৱ নহয়৷ আমাৰ হৃদয়ত প্ৰেম জাগ্ৰত কৰে এনে পুৰুষ বা এনে তিৰোতাইহে, যাৰ জীৱনৰ বা ব্যক্তিত্বৰ কিবা এটা অংশ চিৰকাল আমাৰ পৰা গোপন হৈ থাকে৷[২]
  3. কিছুমান মানুহে আনক অপমান কৰি আৰু ব্যংগ বিদ্ৰূপ কৰি খুব ভাল পায়৷ এনেধৰণৰ অপমান বা ব্যংগ বিদ্ৰূপ দৰাচলতে মানুহজনৰ নিজৰ কাপুৰুষতা বা পুৰুষত্বহীনতাৰ বাহিৰে আন একো নহয়৷ আনক অপমান কৰা মানুহজনে আচলতে এইটো বিচাৰে যে তেওঁ অপমান কৰাজনক আনে ধ্বংস কৰক বা মূল্যহীন কৰি তোলক৷ বাহিৰৰ শক্তিৰ সহায় নোলোৱাকৈ অপমান কেতিয়াও কাৰ্য্যকৰী বা ফলপ্ৰসূ হ’ব নোৱাৰে, কাৰণ তৃতীয় পক্ষ অবিহনে অপমানৰ বিষদাঁত ভোটা হৈ পৰে৷[৩]

বাহ্যিক সংযোগ[সম্পাদনা কৰক | উৎস সম্পাদনা]

:w:
:w:
ৱিকিপিডিয়াত সম্বন্ধিত পৃষ্ঠা:

উৎস[সম্পাদনা কৰক | উৎস সম্পাদনা]

  1. ভালেৰী, পল. "বাণী", নিয়মীয়া বাৰ্তা, ১০ আগষ্ট, ২০২১, পৃষ্ঠা. ৬. আহৰণ কৰা হৈছে ১০ ছেপ্টেম্বৰ ২০২১.
  2. উদ্ধৃতি অভিধান, ৰক্তাভ জ্যোতি বৰা, পৃ: নং, ১৯৯; প্ৰকাশক উৎপল হাজৰিকা, বাণী মন্দিৰ
  3. উদ্ধৃতি অভিধান, ৰক্তাভ জ্যোতি বৰা, পৃ: নং, ১২; প্ৰকাশক উৎপল হাজৰিকা, বাণী মন্দিৰ