হীৰেন গোহাঁই
অৱয়ব
হীৰেন গোহাঁই (ইংৰাজী: Hiren Gohain, জন্ম:১৯৩৯) অসমীয়া আৰু ইংৰাজী সাহিত্যৰ এজন সাহিত্যিক আৰু সমালোচক। ইয়াৰ উপৰি তেখেত এজন কবি, সাংবাদিক, শিক্ষাবিদ আৰু শিক্ষক। তেখেত ১৯৩৯ চনত অসমৰ গোলাঘাট চহৰত জন্মগ্ৰহণ কৰিছিল। অসমীয়া জাতীয় জীৱনত মহাপুৰুষীয়া পৰম্পৰা শীৰ্ষক গ্ৰন্থৰ বাবে ১৯৮৯ চনত ড॰ হীৰেন গোহাঁইক সাহিত্য অকাডেমি বঁটাৰে সন্মানিত কৰা হৈছিল। তেওঁ গুৱাহাটী বিশ্ববিদ্যালয়ৰ ইংৰাজী বিভাগৰ অৱসৰপ্ৰাপ্ত মুৰব্বী অধ্যাপক।
উদ্ধৃতিসমূহ
[সম্পাদনা কৰক | উৎস সম্পাদনা]- চিন্তাৰ মৌলিকতা আৰু যুক্তিৰ বান্ধোন, প্ৰকাশভংগীৰ বলিষ্ঠতা আৰু ভাষাৰ সাৱলীলতা নাথাকিলে প্ৰবন্ধ পঢ়াত সময় খৰচ কৰিব কোনে?[উৎসৰ প্ৰয়োজন]
- এদলে অসমীয়া নপঢ়ে; ইংৰাজী পঢ়ে, ফলত অসমীয়া ভাষা-সংস্কৃতিৰ ক্ষেত্ৰত একো অৱদান যোগাব নোৱাৰে, আন দলে আকৌ কেৱল অসমীয়াহে পঢ়ে, ইংৰাজী নপঢ়ে; ফলত বিদেশৰ লগত আদান-প্ৰদানত যথেষ্ট বাধাৰ সন্মুখীন হয়।[১]
- বিজ্ঞান মানৱ মনৰ যুক্তিৰ প্ৰধান আহিলা, যদি মানৱ মুক্তিৰ আদৰ্শৰ দ্বাৰা সি পৰিচালিত হয়।[২]
- ইতিহাস-ৰচনা একে অতি সুশৃংখল, প্ৰণালীবদ্ধ আৰু সতৰ্ক কাম, যাক rigorous বোলা হয় ইংৰাজীত। আৰু আজি আমি ইতিহাস ৰচনাৰ এইবোৰ প্ৰচলিত পদ্ধতি ধৰ্মীয় বা জাতিগত অন্ধ আৱেগৰ বশীভূত হৈ লংঘন কৰিলে মানৱীয় জ্ঞান আৰু সভ্যতাৰ বাটত আগবাঢ়ি নগৈ পিছলি আহি পৰিহে যাম।[৩]
- 'ৰূপান্তৰেহে মাথোঁ জগৎ ধুনীয়া কৰে' বুলি অন্তৰৰো অন্তঃস্থলৰ পৰা বিশ্বাস কৰা জ্যোতিপ্ৰসাদে মানুহৰ ৰুচিবোধ আৰু মনোজগতৰ ৰূপান্তৰতে ক্ষান্ত হোৱা নাছিল। স্পষ্ট আৰু দ্বিধাহীন ভাষাত তেওঁ সমাজৰ ৰূপান্তৰ বিচাৰিছিল, সকলো ধৰণৰ শোষণ-দমনৰ অৱসান গভীৰ প্ৰত্যয়েৰে দাবী কৰিছিল। যিসকলে সমাজৰ ৰূপান্তৰৰ সম্ভাৱনাত ভীতিগ্ৰস্ত হৈ মানৱ-মনৰ অভ্যন্তৰীণ শোধন আৰু সংস্কাৰতে জোৰ দি থাকে, তেওঁলোকে জ্যোতিপ্ৰসাদৰ চিন্তাৰ এই ভাৰসাম্য (Balance) বিকৃত কৰে।'[৪]
- শ্ৰদ্ধাটো মানুহৰ জীৱনৰ এটা খুব গুৰুত্বপূৰ্ণ আৱেগ৷ মাথো শ্ৰদ্ধাটো আবেগসৰ্বস্ব হ'ব নালাগে৷ তাত অলপ Criticismৰ ভাবো মাজে মাজে থকা ভাল৷[৫]
- অসমীয়াই নিজ সন্তানক ইংৰাজী শিকাব পাৰে৷ কিন্তু ভাষাৰ বাবে মৰিবলৈ আৰু মাৰিবলৈ দ্বিধা নকৰে৷[৫]
- আমি সত্ৰত শৰণ নোলোৱাকৈ শংকৰদেৱ অধ্যয়ন কৰিব পাৰোঁ, উগ্ৰ জাতীয়তাবাদৰ লাই নিদিয়াকৈও অসমীয়া ভাষা সাহিত্য গঢ়িব পাৰোঁ, সেই মানসিকতাও থাকিব লাগে৷[৫]
- নিজৰ প্ৰাপ্য অধিকাৰৰ বাবে সংগ্ৰাম বা দাবী যুক্তিযুক্ত, কিন্তু সেইটো আনৰ অধিকাৰ আৰু আত্মসন্মানৰ প্ৰতি ভাবুকি যাতে নহয়, সেই ভাৰসাম্য ৰক্ষাৰ দায়িত্ব বৌদ্ধিক আৰু সাংস্কৃতিক নেতৃত্বৰ৷[৫]
- ’কা’ এখন সাধাৰণ আইন নহয়৷ এইখনে গণতন্ত্ৰত আঘাত হানিব, স্বাধীনতা হৰণ কৰিব আৰু হয়তো ঔপনিৱেশিক যুগৰ দৰে জনসাধাৰণক অন্নহীন, বস্ত্ৰহীন অৱস্থাত পেলাই দিব৷[৬]
- (অৱশ্যে) অসমীয়া সাহিত্যৰ ভৱিষ্যত অন্ধকাৰ বোলাৰ ধৃষ্টতাও আমাৰ নাই। যদিও আজি গাঁৱৰ প্ৰতিজন হাইস্কুল-ফেৰৎ বেকাৰ যুৱকেই উপন্যাস সৃষ্টিত উদ্যোগী, যদিও আধুনিক অসমীয়া কবিতাই বহু বুদ্ধিমান পাঠকক বিছাই ডকাদি ডাকে, যদিও কৰ্ত্তা-ক্ৰিয়াৰ স্থান ওলট-পালট হ’লেই গদ্যই আমাৰ মাজত কাব্যিক আখ্যা পায়— তথাপি অসমীয়া সাহিত্যৰ সম্ভাৱনা সম্পৰ্কে আমি নিৰাশ হ’বলৈ নাৰাজ। (১৮৮৪ শক।)[৭]
আত্মজীৱনী
[সম্পাদনা কৰক | উৎস সম্পাদনা]- বতাহত ক'ৰ গধূলিগোপাল
গ্ৰন্থৰ পাতনি বা আগকথা
[সম্পাদনা কৰক | উৎস সম্পাদনা]- অৰণ্যৰ গান
- আদিবাসী কল্পনাত প্ৰকৃতি যেনেদৰে অমৰ, সেইদৰে মানুহৰ সুখদুখ, প্ৰেমপ্ৰীতিৰো এক অন্তহীন প্ৰবাহ আবহমান কালৰে পৰা চলি আছে। সেইদৰে জীৱন-ধাৰণৰ বাবে "খেতি-পথাৰৰ কাম" বা উৎপাদনশীল শ্ৰমো চন্দ্ৰ-সূৰ্য্যৰ দৰে এক অক্ষয় সত্য। কিন্তু আজিৰ সমাজৰ কবিকে ধৰি অসংখ্য মানুহ জীৱন ধাৰণৰ বাবে প্ৰয়োজনীয় প্ৰত্যক্ষ শ্ৰমৰ পৰা নিৰ্বাসিত। প্ৰকৃতিৰ প্ৰত্যক্ষ সংস্পৰ্শৰ পৰাও দৈনন্দিন জীৱনত আজিৰ মানুহ বঞ্চিত। বিচ্ছিন্ন মানুহৰ অনুভূতি হৈছে চৰম বিশৃংখলতাৰ।
- আধুনিক জীৱনবোধৰ এক আহুকলীয়া সমস্যা হৈছে এই পবিত্ৰতাবোধৰ অভাৱ। মানুহে নিজৰ বাবে দাবী কৰিছে ক্ষমতা আৰু অধিকাৰ, অথচ পাহৰি গৈছে যে তাৰ জীৱনৰ ওপৰতো প্ৰকৃতিৰ ছন্দায়িত আৱৰ্ত্তনৰ প্ৰভাৱ আছে।
- আগকথা, অৰণ্যৰ গান (নীলমণি ফুকনৰ আদিবাসী আৰু জনজাতীয় অনুবাদ কবিতাৰ সংকলন)[৮]
সমাগত সংকট
[সম্পাদনা কৰক | উৎস সম্পাদনা]- গুপ্তসত্যা যে কেৱল গোপনে কৰা হয়, তেনে নহয়৷ কোনে, কেতিয়া, কেনেকৈ কৰিলে বহু সময়ত তাৰো কোনো ভূ পোৱা নাযায়৷ কোনো কোনো ক্ষেত্ৰত মানুহে হত্যাৰ সন্দেহ কৰিলেও একে কৰিব নোৱাৰে আৰু ৰাইজৰ মাজত তেনে কোনো হুলস্থূলো নহয়৷ কিন্তু সাধাৰণ মানুহে ভয় খায়৷[৯]
- জীৱনৰ পাছত আত্মা থাকে বুলি মই বিশ্বাস নকৰোঁ৷ কিন্তু মই নিশ্চিত যে জীৱন কালত মানুহৰ আত্মা থাকে৷ সি কেৱল আবেগ-অনুভূতি নহয়, কেৱল ভাবনা-চিন্তা নহয়, আনৰ লগত সংযোগ আৰু সহমৰ্মিতা নহয়৷ আনকি প্ৰত্যেকৰে মাজত থকা নিজস্ব সত্তা সম্পৰ্কীয় অহংকাৰবোধ নহয়৷ সেই আত্মাৰ অস্তিত্ব অনুভৱ কৰিব পাৰি অসুখী, অতৃপ্ত আৰু বিকাৰগ্ৰস্ত আচৰণ আৰু মানসিকতাত৷[৯]
- আজি কিছুকাল ধৰি আমাৰ দেশত লাহে লাহে এনে এক পৰিৱেশ গঢ়ি উঠিছে যে মোৰ মনত এনে ভাবে ঠাই পাইছে যে আমাৰ বহুতৰে আত্মা এতিয়া ভীষণ চাপত আছে৷ সি উশাহ ল’বলৈ মুকলি বতাহ পোৱা নাই, নিজেও মুক্ত অনুভৱ কৰা নাই৷[৯]
- ৰাষ্ট্ৰই য’ত বলদৰ্পীৰ আচৰণ কৰে তাত মানুহৰ আত্মা নিপীড়িত, দুৰ্গত আৰু বিকাৰগ্ৰস্ত হ’ব পাৰে, সেয়ে ৰাষ্ট্ৰ পৰিচালনাত দূৰদৰ্শী আৰু সূক্ষ্মদৰ্শী প্ৰজ্ঞাৰ প্ৰয়োজন৷[৯]
- ফেচীবাদী শক্তিয়ে দেশ বা সমাজত তাৰ বাহিৰে আন কোনো মতামত বা চিন্তাধাৰা থকাটো নিবিচাৰে৷ সেয়ে সি প্ৰচণ্ডভাৱে ধুমুহাৰ বেগেৰে আৱেগসৰ্বস্ব অপ্ৰপচাৰ চলায়, একাংশ প্ৰচাৰ মাধ্যমে গুৰিৰে পৰা ফেচীবাদী শক্তিৰ ভাবধাৰাক ৰক্ষণাবেক্ষণ দিয়াত নিৰত হয়৷[৯]
হীৰেন গোহাঁইৰ বিষয়ে বিভিন্নজনৰ মন্তব্য
[সম্পাদনা কৰক | উৎস সম্পাদনা]- সাম্প্ৰতিক কালত আমাৰ ইয়াত ড° হীৰেন গোহাঁইৰ তুল্য অসাধাৰণ ব্যক্তিত্ব, পাণ্ডিত্য - পাণ্ডিত্যৰ ব্যাপ্তি আৰু গভীৰতা-মৌলিকতা- তাৰ সামাজিক-মানৱিক গুৰুত্ব আৰু প্ৰাসঙ্গিকতা তেনেকৈ চকুত নপৰে৷ (নীলমণি ফুকন) [১০]
- এজন প্ৰকৃত দেশপ্ৰেমিক - ড° গোহাঁই অসমী আইৰ সুসন্তান, তেওঁৰ হাতত দেশ আৰু জাতি সম্পূৰ্ণ নিৰাপদ৷ ( নলিনীধৰ ভট্টাচাৰ্য) [১০]
- আজিৰ অসমৰ বৌদ্ধিক চিন্তা চৰ্চ্চাৰ তথা বস্তুনিষ্ঠ সমীক্ষাৰ সাধাৰণ স্তৰ যদি উৰ্দ্ধগামী হৈছে তাৰ সৰহখিনি কৃতিত্ব ড° গোহাঁইদেৱৰ প্ৰাপ্য৷ (ইন্দিবৰ দেউৰী) [১০]
- অসমৰ বৌদ্ধিক জগতখনৰ বিশাল এটা অংশক তেওঁ এনেদৰে প্ৰভাৱিত কৰি ৰাখিছে যে কিবা এটা সংকট উপস্থিত হ’লেই ড° গোহাঁইৰ অৱস্থিতি কি, তেওঁ কি কৈছে, আদি কথাবোৰ অত্যন্ত প্ৰাসংগিক হৈ পৰে, চাৰিওফালে হুলস্থূল লাগি যায়৷ (অজিত কুমাৰ ভূঞা) [১০]
- ...... মই মেলে-মিটিঙে মাজে মাজে কৈ থাকোঁ, - বৰ্তমান পৰিস্থিতিত তেওঁ অসমৰ বিবেক৷ (ড° অমলেন্দু গুহ)[১০]
- মোৰ বিশ্বাস অন্য এক যুগে এদিন তেওঁক নতুনকৈ আৱিষ্কাৰ কৰিব আৰু গৌৰৱবোধ কৰিব এই ভাবি যে, অসমত এনে এক বিস্ময়কৰ প্ৰতিভাৰ জন্ম হৈছিল৷ (মামনি ৰয়ছম গোস্বামী) [১০]
- তেওঁৰ গদ্য ৰচনাত প্ৰতিফলিত চিন্তাৰ স্বচ্ছতা, অনুভূতি আৰু সংবেদনৰ সজীৱতা, দৃষ্টিভংগীৰ গভীৰতা আৰু ভাষাৰ ব্যৱহাৰত সৃজনীশীলতাৰ বাবে হীৰেন গোহাঁইক অসমীয়া সাহিত্যৰ শ্ৰেষ্ঠ গদ্য লেখককেইজনৰ এজন বুলিব পাৰি৷ (ড° মদন শৰ্মা) [১০]
উৎস
[সম্পাদনা কৰক | উৎস সম্পাদনা]- ↑ সমীন কলিতা (২০০৮)। সাহিত্য অকাডেমি বঁটা বিজয়ী অসমীয়া, পৃষ্ঠা:১৩৭।
- ↑ বিজ্ঞানমনস্কতা আৰু আমাৰ সমাজ, শিল্প-সংস্কৃতিৰ ৰণাঙ্গন, হীৰেন গোহাঁই, ঐকান্তিক প্ৰকাশন, ডিচেম্বৰ, ২০২১
- ↑ ইতিহাসৰ পৰিহাস, শিল্প-সংস্কৃতিৰ ৰণাঙ্গন, হীৰেন গোহাঁই, ঐকান্তিক প্ৰকাশন, ডিচেম্বৰ, ২০২১
- ↑ জ্যোতিপ্ৰসাদৰ পথ পৰিক্ৰমাৰ মানচিত্ৰ, শিল্প-সংস্কৃতিৰ ৰণাঙ্গন, হীৰেন গোহাঁই, ঐকান্তিক প্ৰকাশন, ডিচেম্বৰ, ২০২১
- ↑ ৫.০ ৫.১ ৫.২ ৫.৩ সোণসেৰীয়া কথা, সংকলক-দেৱেন শইকীয়া, মিছিছিপি প্ৰকাশন, এপ্ৰিল, ২০০৩
- ↑ "নাগৰিকক অন্নহীন বস্ত্ৰহীন কৰিব ’কা’ই". অসমীয়া প্ৰতিদিন ২৯ (৩৪৩). ১৮ ফেব্ৰুৱাৰী ২০২৪.
- ↑ 'সাহিত্যৰ সত্য', ড৹ হীৰেন গোহাঁই। প্ৰথম প্ৰকাশঃ আগষ্ট, ১৯৭০। প্ৰকাশকঃ 'বৰুৱা এজেঞ্চি'।
- ↑ নীলমনি ফুকন (১৯৯৩)। অৰণ্যৰ গান। ষ্টুডেণ্টচ্ ষ্ট'ৰচ্। ISBN: 8185-905-21-5।
- ↑ ৯.০ ৯.১ ৯.২ ৯.৩ ৯.৪ হীৰেন গোহাঁই (২০১৭)। সমাগত সংকট গ্ৰন্থ। মুক্ত চিন্তা প্ৰকাশন।
- ↑ ১০.০ ১০.১ ১০.২ ১০.৩ ১০.৪ ১০.৫ ১০.৬ অখিল গগৈ (সম্পা:) (২০০০)। ড° হীৰেন গোহাঁই-জীৱন আৰু কৰ্মৰ সমালোচনাত্মক মূল্যায়ণ।