সমললৈ যাওক

জৰ্জ এলিয়ট

ৱিকিউদ্ধৃতিৰ পৰা
১৮৫০ চনত ফ্ৰাংকো ডি'এলবাৰ্টে অংকণ কৰা জৰ্জ এলিয়টৰ প্ৰতিকৃতি

মেৰী এন ইভান্স (২২ নৱেম্বৰ ১৮১৯ – ২২ ডিচেম্বৰ ১৮৮০; বৈকল্পিকভাৱে মেৰী এনি বা মাৰিয়ান), যাক তেওঁৰ ছদ্মনাম জৰ্জ ইলিয়ট বুলি জনা যায়, এগৰাকী ইংৰাজ ঔপন্যাসিক, কবি, সাংবাদিক, অনুবাদক আৰু ভিক্ট'ৰিয়ান যুগৰ এগৰাকী আগশাৰীৰ লেখিকা আছিল। তেওঁ সাতখন উপন্যাস লিখিছিল: এডাম বেড (১৮৫৯), দ্য মিল অন দ্য ফ্লছ (১৮৬০), চিলাছ মাৰ্নাৰ (১৮৬১), ৰোমোলা (১৮৬২-৬৩), ফেলিক্স হল্ট, দ্য ৰেডিকেল (১৮৬৬), মিডলমাৰ্চ (১৮৭১-৭২) আৰু ডেনিয়েল ডেৰোণ্ডা (১৮৭৬)। চাৰ্লছ ডিকেঞ্চ আৰু থমাছ হাৰ্ডিৰ দৰে, তেওঁ প্ৰাদেশিক ইংলেণ্ডৰ পৰা আত্মপ্ৰকাশ কৰিছিল আৰু তাতেই তেওঁ বেছিভাগ সাহিত্যকৃতিৰ নিৰ্মাণ সম্পূৰ্ণ কৰে। তেওঁ ইংলেণ্ডৰ প্বাস্তৱবাদ, মানসিক অন্তৰ্দৃষ্টি, স্থানৰ অনুভূতি আৰু গ্ৰাম্য অঞ্চলৰ বিতং চিত্ৰণৰ বাবে জনাজাত।

  1. তুমি জীৱনত যিটো মানুহ হ'ব পাৰিলাহেঁতেন, সেই মানুহটো হ'বলৈ সময় কেতিয়াও উকলি নাযায়।[১]
  2. বিচ্ছেদৰ মুহূৰ্ততহে আমি প্ৰেমৰ গভীৰতা আটাইতকৈ তীব্ৰভাৱে অনুভৱ কৰোঁ।[২]
  3. নাৰীয়ে একে সময়তে দুটা চিন্তা কৰে আৰু সেই চিন্তা পাছত হ’বগৈ পাঁচটা, যদিহে কান্দি থাকে বা বিৰক্ত হয়।[৩]
:w:
:w:
ৱিকিপিডিয়াত সম্বন্ধিত পৃষ্ঠা: