মাৰ্টিন লুথাৰ কিং
আমেৰিকান পাদ্ৰী মাৰ্টিন লুথাৰ কিং (ইংৰাজী: Martin Luther King Jr.; ১৫ জানুৱাৰী ১৯২৯ – ৪ এপ্ৰিল ১৯৬৮) একাধাৰে সক্ৰিয় কৰ্মী, আফ্ৰিকীয়-আমেৰিকান গণ অধিকাৰ আন্দোলনৰ আগশাৰীৰ নেতা আছিল। তেওঁক বিশেষকৈ আমেৰিকা যুক্তৰাষ্ট্ৰ তথা সমগ্ৰ বিশ্বতে গণ অধিকাৰৰ বিষয়ে সজাগতা অনাৰ বাবে জনা যায়।
১৫ জানুৱাৰী ১৯২৯ত আটলাণ্টা চহৰত মাৰ্টিন লুথাৰ কিং কনিষ্ঠৰ জন্ম হয়। তেওঁৰ পিতৃ মাৰ্টিন লুথাৰ কিং অগ্ৰজ আৰু মাতৃ এলবাৰ্টা ৱিলিয়ামচ কিং।
সৰুকালত কিং নানান খ্ৰীষ্টিয় বিশ্বাসৰ ওপৰত সন্দেহী আছিল। কিন্তু পাচলৈ তেওঁৰ ভাৱ হয় যে বাইবেল বহুতো গভীৰ সত্যৰ ভঁৰাল আৰু ছেমিনাৰীত যোগদান কৰে।
আটলাণ্টাত ডাঙৰ-দীঘল হোৱা কিঙে বুকাৰ টি ৱাচিংটন হাইস্কুলত শিক্ষা লাভ কৰে। ১৫ বচৰ বয়সতে তেওঁ মুৰহাউচ মহাবিদ্যালয়ত নামভৰ্তি কৰে আৰু ১৯৪৮ চনত সমাজ তত্ত্বৰ স্নাতক উপাধি লাভ কৰে। ইয়াৰ পাচত তেওঁ ক্ৰ্'জাৰ থিয়'ল'জিকেল চেমিনাৰী পেনচিলভেনিয়াৰ পৰা ঈশ্বৰত্বৰ স্নাতক উপাধি লাভ কৰে।
উদ্ধৃতিসমূহ
[সম্পাদনা কৰক | উৎস সম্পাদনা]- আমি সীমিত হতাশাক প্ৰশ্ৰয় দিব লাগে। ইয়াৰ বিপৰীতে অসীম আশাক কেতিয়াও ত্যাগ কৰিব নালাগে।[উৎসৰ প্ৰয়োজন]
- পৃথিৱীত যিমানবোৰ কাম কৰা হয়, সকলো আশাৰ জৰিয়তেই কৰা হয়।[উৎসৰ প্ৰয়োজন]
- আমি চৰাইৰ দৰে উৰিবলৈ শিকিছোঁ, মাছৰ দৰে সাঁতুৰিবলৈ শিকিছোঁ সঁচা, কিন্তু এই পৃথিৱীত পৰস্পৰৰ সৈতে ভাতৃৰ দৰে বসবাস কৰিবলৈ শিকা নাই৷[১]
- কোনো এঠাইৰ অন্যায় সকলো ঠাইৰ ন্যায়ৰ প্ৰতি ভাবুকি৷[২]
- এজন মানুহৰ বাবে ইয়াতকৈ অধিক বেয়া একোৱেই হ’ব নোৱাৰে যে, তেওঁ এটা দীঘলীয়া জীৱন কটালে; অথচ তেনে কোনো বিশেষ জ্ঞান আহৰণ কৰিব নোৱৰিলে৷[৩]
- সময়ক সদায় বুদ্ধিমত্তাৰ সৈতে ব্যৱহাৰ কৰিব লাগিব৷ কাৰণ উপযুক্ত কাম কৰিলেহে সময়ে সকলোতকৈ ভাল ফল দিব৷[৩]
- ভালপোৱাই হ’ল পৃথিৱীৰ একমাত্ৰ শক্তি, যি শত্ৰুকো বন্ধু কৰিব পাৰে৷[৩][৪]
- শিক্ষাৰ প্ৰকৃত উদ্দেশ্য হ’ল মানুহক গভীৰভাৱে আৰু নতুনকৈ চিন্তা কৰিবলৈ শিকোৱা৷[৩]
- আমি হয়তো সকলোৱে বেলেগ বেলেগ নাওত ইয়ালৈ আহিছোঁ, কিন্তু এতিয়া আমি এখন জাহাজৰ যাত্ৰী৷[৩]
- যিবোৰ কামেৰে মানুহৰ কল্যাণ হয়, সেই কামবোৰৰ প্ৰত্যেকটোৱেই সৰ্বোত্তম যত্নেৰে কৰা উচিত৷[৩]
- মিছাৰ আয়ুস একেবাৰেই কম৷[৩]
- এজন মানুহৰ প্ৰকৃত জীৱন তেতিয়ালৈ আৰম্ভ নহয়, যেতিয়ালৈ তেওঁ নিজ স্বাৰ্থৰ বাবে জীয়াই থাকিবলৈ বাদ দি আনৰ কাৰণে জীয়াই থাকিবলৈ আৰম্ভ নকৰে৷[৩]
- মই বিশ্বাস কৰোঁ, নিৰস্ত্ৰ সত্য আৰু নিঃস্বাৰ্থ প্ৰেমেই শেষত জয়ী হয়৷ সেয়ে, সত্য সাময়িকভাৱে পৰাজিত হ’লেও সি কদৰ্য আৰু মিথ্যাতকৈ শক্তিশালী৷[৩]
- সকলোতকৈ বেয়া মানুহবোৰৰ মাজতো কিছুমান ভাল গুণ থাকে আৰু সকলোতকৈ ভাল মানুহবোৰৰ মাজতো কিছুমান বেয়া গুণ থাকে৷ এইটো বুজি উঠিব পাৰিলেই আমাৰ ঘৃণাৰ পথ বহুত সৰু হৈ যাব৷[৩]
- যদি উৰিব নোৱাৰা, তেন্তে দৌৰা; যদি দৌৰিব নোৱাৰা, তেন্তে খোজ কাঢ়া; খোজ কাঢ়িব নোৱাৰিলে আঁঠুকাঢ়ি আগবাঢ়া৷ যি অৱস্থাতেই থাকা, আগুৱাই যোৱা বন্ধ নকৰিবা৷[৩]
- যিকোনো লোকেই মহৎ হ’ব পাৰে৷ কাৰণ, সেৱা কৰাৰ ক্ষমতা সকলোৰে আছে৷ মানুহৰ সেৱা কৰিবলৈ কোনো কলেজৰ ডিগ্ৰীৰ প্ৰয়োজন নাই৷ মানুহৰ সেৱা কৰিবলৈ কোনো ব্যাকৰণ শিকাৰো দৰকাৰ নাই৷ মাত্ৰ থাকিব লাগে এখনি মহৎ হৃদয় আৰু ভালপোৱাৰে পৰিপূৰ্ণ এটি আত্মা৷[৩]
- যেতিয়ালৈকে এজন মানুহে নাজানে তেওঁ কিহ’ৰ বাবে মৰিবলৈ ৰাজী আছে, তেতিয়ালৈকে তেওঁ নাজানিব তেওঁ কিয় বাচি আছে৷[৫]
- ভয়ৰ বন্যাক ৰুধিবলৈ আমি সাহসৰ বান্ধ তৈয়াৰ কৰিব লাগিব৷[৫]
- সকলোতকৈ অন্ধকাৰ ৰাতিতেই সকলোতকৈ উজ্জ্বল তৰাবোৰ দেখি৷[৫]
উৎস
[সম্পাদনা কৰক | উৎস সম্পাদনা]- ↑ মাৰ্টিন লুথাৰ কিং. "দিনটোৰ বাণী", ৪ মাৰ্চ ২০২৩, পৃষ্ঠা. ১. আহৰণ কৰা হৈছে ৬ মাৰ্চ ২০২৩.
- ↑ মহৎ লোকৰ বাণী, অপূৰ্ব তালুকদাৰ, নিষ্ঠা প্ৰকাশন, ২০১৬,পৃ: নং; ৫৭
- ↑ ৩.০০ ৩.০১ ৩.০২ ৩.০৩ ৩.০৪ ৩.০৫ ৩.০৬ ৩.০৭ ৩.০৮ ৩.০৯ ৩.১০ ৩.১১ মাৰ্টিন লুথাৰ কিং. আহৰণ কৰা হৈছে: 4 জুলাই 2023.
- ↑ https://nilacharai.com/%E0%A6%AA%E0%A7%8D%E0%A6%B0%E0%A7%87%E0%A6%AE-%E0%A6%B8%E0%A6%AE%E0%A7%8D%E0%A6%AA%E0%A6%B0%E0%A7%8D%E0%A6%95%E0%A7%87-%E0%A6%89%E0%A6%95%E0%A7%8D%E0%A6%A4%E0%A6%BF/
- ↑ ৫.০ ৫.১ ৫.২ মাৰ্টিন লুথাৰ কিঙৰ উক্তি. আহৰণ কৰা হৈছে: 4 জুলাই 2023.