সমললৈ যাওক

টমাচ পেইন

ৱিকিউদ্ধৃতিৰ পৰা
শিল্পীৰ তুলিকাত টমাচ পেইন

টমাচ পেইন (ইংৰাজী: Thomas Paine; ৯ ফেব্ৰুৱাৰী, ১৭৩৭ – ৮ জুন, ১৮০৯) এজন ইংৰাজ আৰু আমেৰিকান ৰাজনৈতিক কৰ্মী, দাৰ্শনিক, ৰাজনৈতিক তত্ত্ববিদ আৰু বিপ্লৱী আছিল।

  1. সংগ্ৰাম যিমানেই কঠিন হ’ব; জয়লাভো সিমানেই গৌৰৱময় হ’ব৷
  2. জ্ঞান কৰ্তব্য হ’লেও অজ্ঞানতা অপৰাধ।[]
  3. এশজন পুৰোহিততকৈ এজন ভাল স্কুল শিক্ষকৰ কাম বেছি।[]
  4. যি সময়ত চিকিৎসালয়ত অগণন কেঁচুৱা মৃত্যুমুখত পৰিছে আৰু অত্যাৱশ্যকীয় সামগ্ৰীৰ অভাৱত ৰাজপথত বৃদ্ধ আৰু অসুস্থ দৰিদ্ৰ লোকৰ মৃত্যু হৈছে, সেই সময়ত পুৰোহিত আৰু ঘণ্টাৰ কথা কোৱাটো সংবেদনহীন।[]
  5. জাতিটোত পুৰুষৰ দুটা সুকীয়া শ্ৰেণী আছে—এজনে কৰ আদায় দিয়া, আৰু আনজনে কৰ লাভ কৰি তাৰ ওপৰত জীৱন নিৰ্বাহ কৰা।
  6. বাকপটুতা হয়তো কাণত ভাল লাগে, কিন্তু দৰিদ্ৰতাৰ ভাষাই হৃদয়ত আঘাত কৰে – প্ৰথমটো হয়তো সংগীতৰ দৰেই মনোমোহা, কিন্তু দ্বিতীয়টো অবিবেচক আক্ৰমণৰ দৰে।[]
:w:
:w:
ৱিকিপিডিয়াত সম্বন্ধিত পৃষ্ঠা: