সমললৈ যাওক

লিঅ’ টলষ্টয়

ৱিকিউদ্ধৃতিৰ পৰা
লিঅ' টলষ্টয়ৰ আলোকচিত্ৰ

লিঅ' টলষ্টয় (ইংৰাজী: Lev Nikolayevitch Tolstoy or Leo Tolstoy) আছিল এগৰাকী ৰাছিয়ান লেখক যিয়ে মূলতঃ উপন্যাস আৰু চুটিগল্প ৰচনা কৰিছিল। পিছলৈ তেওঁ নাটক আৰু বিভিন্ন প্ৰবন্ধও লিখিবলৈ লয়। ১৮৭০ চনত হোৱা এক নৈতিক সংকট আৰু ধাৰ্মিক জাগৰণৰ পিছত তেওঁৰ অত্যন্ত নীতিবাদী আৰু গোড়া ধাৰ্মিক চিন্তাধাৰাসমূহক লৈ সৃষ্টি হোৱা তেওঁৰ জটিল আৰু স্ববিৰোধী ব্যক্তিত্বৰ বাবেও তেওঁ জনাজাত যাৰ পিছৰে পৰা তেওঁ নৈতিক চিন্তাবিদ তথা সমাজ সংস্কাৰক হিচাপেও প্ৰখ্যাত হয়।

উদ্ধৃতিসমূহ[সম্পাদনা কৰক | উৎস সম্পাদনা]

  1. এজন মানুহ এটা ভগ্নাংশৰ দৰে, যাৰ লবটো হৈছে তেওঁ যি সেইটো আৰু তেওঁৰ হৰটো হৈছে তেওঁ নিজকে যি বুলি ভাবে সেইটো। হৰটো বৃহত্তৰ মানে ভগ্নাংশটো ক্ষুদ্ৰতৰ।[উৎসৰ প্ৰয়োজন]
  2. যুদ্ধ এনে ধ্বংসাত্মক কাৰ্য যে যি যুদ্ধ কৰে, সি বিবেকক বিসৰ্জন দিয়ে৷
  3. যিসকলে নিজৰ স্বাৰ্থৰ কথা নাভাবি আনৰ কাৰণে ভাবে, তেনে বুদ্ধিমান লোকসকলে স্বাৰ্থজড়িত পুৰণি গণ্ডীৰ পৰা মুক্ত থাকিব বিচাৰে, কিন্তু ন্যস্তস্বাৰ্থজড়িতসকলে পুৰণিক সাবটি থাকে৷[১]
  4. সাংবাদিকতা হ’ল--একপ্ৰকাৰ বৌদ্ধিক বেশ্যালয়-- য’ৰ পৰা পলায়নৰ কোনো পথ নাই৷[১]
  5. যিসকলে কেৱল জিভাৰ তৃপ্তিৰ বাবে খাদ্য গ্ৰহণ কৰে— খাদ্যৰ পুষ্টিবৰ্ধক ক্ষমতাক মুঠেই অগ্ৰাহ্য নকৰে, সেইসকল স্থূল ভোজনবিলাসী আৰু এই শিল্পামোদ সন্ধানী মানুহৰ মাজত কোনো পাৰ্থক্য নাই। লক্ষ্যহীন সাহিত্য মূল্যহীন। মহৎ শিল্পৰ এটা প্ৰধান লক্ষণ হ'ল তাৰ সাৰল্য, তাৰ প্ৰত্যক্ষ প্ৰভাৱগম্যতা, তাৰ প্ৰাঞ্জলতা। সৎ শিল্পৰ পৰিধিৰ ভিতৰত অস্পষ্টতা বা অস্বচ্ছতাৰ কোনো অৱকাশ নাই।[২]
  6. মানুহৰ সকলো পাপৰ কাৰণ এলাহ আৰু কুসংস্কাৰ৷ আৰু পৃথিৱীত মাত্ৰ দুটা ভাল গুণ আছে- উৎসাহ আৰু বুদ্ধি৷[৩]
  7. পৃথিৱীত ক্ষমতা এটা মূলধন৷ কিন্তু তাক ৰাখিবলৈ হ’লে তাৰ মিতব্যৱহাৰ কৰিব লাগে৷[৩]
  8. সকলোৱেই জীয়াই থাকিবলৈ বিচাৰে কেৱল নিজৰ কাৰণে নিজৰ সুখ সম্ভোগৰ কাৰণে, ভগৱান বা ধৰ্মনিষ্ঠাৰ বাবে কোৱা সকলো কথাই ভুৱা মাত্ৰ৷[৪]
  9. যন্ত্ৰণা যেতিয়া অনুভূত হ’ব আৰু মানুহে তাক উপলব্ধি কৰিব তেতিয়াইহে মানুহৰ পৰিত্ৰাণ হ’ব- কাৰণ যেতিয়া মানুহে যন্ত্ৰণা উপলব্ধি কৰিব তেতিয়াহে সোনকালে হওক পলমকৈ হওক যন্ত্ৰণাক নিৰ্মূল কৰিবলৈ মানুহ যত্নপৰ হ’ব৷[৪]
  10. দৰিদ্ৰৰ নিম্নতম স্তৰতে সুখ বিৰাজ কৰে৷[১]
  11. যি স্পষ্টন সংহত আৰু সুনিৰ্দিষ্ট তাকেই বোলা হয় সুন্দৰ৷[১]
  12. নিজৰ সুখেই যাৰ জীৱনৰ লক্ষ্য তেওঁ এজন অসৎ লোক, আনৰ প্ৰশংসা পোৱাটোৱেই যাৰ জীৱনৰ লক্ষ্য তেওঁ এজন দুৰ্বল আৰু আনৰ সুখেই যাৰ জীৱনৰ লক্ষ্য তেওঁ এজন সৎ লোক৷[১]
  13. সকলো সুখী পৰিয়ালৰ মাজত সামঞ্জস্য আছে, অসুখী পৰিয়ালৰ অসুখ নিজা নিজা৷[১]
  14. যিসকলে নিজৰ স্বাৰ্থৰ কথা নাভাবি আনৰ কাৰণে ভাবে তেনে বুদ্ধিমান লোকসকলে স্বাৰ্থজড়িত পুৰণি গণ্ডীৰ পৰা মুক্ত থাকিব বিচাৰে, কিন্তু ন্যস্তস্বাৰ্থজড়িতসকলে পুৰণিক সাবটি থাকে৷[১]

লগতে চাওক[সম্পাদনা কৰক | উৎস সম্পাদনা]

উৎস[সম্পাদনা কৰক | উৎস সম্পাদনা]

  1. ১.০ ১.১ ১.২ ১.৩ ১.৪ ১.৫ ১.৬ বৰা, ৰক্তাভজ্যোতি (২০০৩)। উদ্ধৃতি অভিধান। বাণী মন্দিৰ, পৃষ্ঠা:৩৭৩, ৩৩৬, ১৪২, ৩৫৫, ৩৬২, ৩৬৩, ৩৭৩।
  2. সদিচ্ছা (পঞ্চদশ সংখ্যা). মে' ২০২২. 
  3. ৩.০ ৩.১ টলষ্টয়, লিও; অনুবাদ: দাস, সুৰেন্দ্ৰ মোহন (১৯৬৩)। যুদ্ধ আৰু শান্তি। সাহিত্য অকাডেমী। ISBN: 81-260-1855-0
  4. ৪.০ ৪.১ টলষ্টয়, লিও: অনুবাদ: বৰুৱা, অনু (২০০২)। Resurrection : সঞ্জীৱন। সাহিত্য অকাডেমী। ISBN: 81-260-1279-X

বাহ্যিক সংযোগ[সম্পাদনা কৰক | উৎস সম্পাদনা]

:w:
:w:
ৱিকিপিডিয়াত সম্বন্ধিত পৃষ্ঠা: