হেমাঙ্গ বিশ্বাস

ৱিকিউদ্ধৃতিৰ পৰা
(হেমাংগ বিশ্বাসৰ পৰা পুনঃনিৰ্দেশিত)
নেভিগেশ্যনলৈ যাওক সন্ধানলৈ যাওক
হেমাঙ্গ বিশ্বাসৰ আলোকচিত্ৰ

হেমাঙ্গ বিশ্বাস (ইংৰাজী: Hemanga Biswas; ১৯১২ - ১৯৮৭) এগৰাকী গীতিকাৰ, কবি, কণ্ঠশিল্পী আৰু নিবন্ধকাৰ। তেওঁ মূলতঃ অসমীয়া আৰু বাংলা ভাষাত সাহিত্য ৰচনা কৰিছিল। তেওঁ অসমৰ গণনাট্য সংঘৰ প্ৰতিষ্ঠাপক সম্পাদক আছিল।

উদ্ধৃতিসমূহ[সম্পাদনা কৰক | উৎস সম্পাদনা]

  1. বিহু কাব্যৰ প্ৰেম অবাধ; কিন্তু ই দেহবাদী নহয়। আদিত যৌথ কৃষি আৰু চিকাৰী জীৱনৰ প্ৰাকৃতিক পৰিৱেশক বশ কৰাৰ ঐন্দ্ৰজালিক কল্পনাৰ ঐতিহ্যৰে ই মধুৰ। বিহুৰ আদিৰস কৰ্ম জীৱনৰ পৰা বিচ্ছিন্ন ব্যক্তিকেন্দ্ৰিক নাগৰিক প্ৰেম নহয়; সমষ্টি চেতনাৰ ছন্দেৰে ই সুস্থ আৰু সজীৱ।[১]
  2. যি নাই বিহুগীতত, সি নাই অসমত৷ যি নাই অসমত, সি নাই বিহুগীতত৷ অসম আৰু অসমীয়া জনমানসৰ নিৰ্ভুল দাপোণ এই বিহু৷ অসমৰ পৰ্বত-পাহাৰ, চৰাই-চিৰিকটি, নৈ-বিল, পথাৰ-সমাৰ, ফুল-ফল, গোন্ধ-বৰণ আৰু সিবিলাকৰ মাজত কৰ্মৰত নাৰী-পুৰুষৰ এনে প্যানোৰমা ভাৰতৰ লোকসংগীতত বিৰল৷ বিহু গীতৰ সাহিত্যিক আৰু সাংগীতিক ভেটিৰ ওপৰতেই থিয় হৈ আছে অসমীয়া সংস্কৃতিৰ উপৰিসৌধ৷[২]
  3. অসমৰ জ্বলন্ত জুইৰ চেকা মোৰ বুকুতেও লাগিছে৷ লৱৰি যাবলৈ মন গ’লেও ক’লৈ যাম৷[৩]
  4. নৱবৰ্ষৰ গধূলি চুংহুৱা পাহাৰৰ টিঙত বেলি মাৰৰ লগত মোৰ মনলৈ আহিল ১৭ জানুৱাৰীৰ কথা৷ যিমান দূৰতেই থাকোঁ, হেজাৰ মাইলৰ কুঁৱলী ভেদ কৰি মোলৈ জিলিকি থাকে ১৭ জানুৱাৰীৰ লুইতৰ পাৰৰ অক্ষয় বন্তিৰ জ্যোতি৷ (চীন ভ্ৰমণকালত তিলক হাজৰিকালৈ লিখা চিঠিৰ একাংশ) [৪]
  5. সংকটপূৰ্ণ সময়ত মই অনুভৱ কৰোঁ যে অসমবাসীক উদ্বিগ্নতা আৰু বিপৰ্যয়ৰ সময়ত ময়ো তেওঁলোকলৈ সহানুভূতি আৰু সমবেদনা জনাবই লাগিব৷ এই হত্যালীলাই সকলোকে আতংকিত কৰি তোলাৰ লগতে অসমৰ জনসাধাৰণৰ ঐতিহ্যমণ্ডিত ঐক্য আৰু সম্প্ৰীতিৰ ভেটি গুৰুতৰভাৱে কঁপাই তুলিছে৷ এনেবোৰ ঘটনাই ভৱিষ্যতে আমাৰ বাবে সূচনা কৰিছে ভয়ানক অবিশ্বাসৰ দৃশ্য, সংশয় আৰু এক শ্বাসৰুদ্ধকাৰী সমাজ জীৱন৷ .... অনুপ্ৰৱেশৰ সমস্যাটোৱেই এই ব্যাপক সন্ত্ৰাস আৰু যন্ত্ৰণাৰ কাৰণ, গতিকে চৰকাৰে অনুপ্ৰৱেশ বন্ধ কৰিবলৈ আশু কাৰ্যকৰী ব্যৱস্থা গ্ৰহণ কৰিব লাগে৷ (১৯৮৩ চনত অসমৰ গণহত্যালীলাত অসুস্থ দেহাৰে কলিকতাৰ পৰা অসমবাসীলৈ দিয়া সংবাদ)[৫]

বাহ্যিক সংযোগ[সম্পাদনা কৰক | উৎস সম্পাদনা]

:w:
:w:

উৎস[সম্পাদনা কৰক | উৎস সম্পাদনা]

  1. জয়কান্ত গন্ধীয়া (১৯৮৬)। হুঁচৰি, মুকলি বিহু আৰু বিহুনাচ। বনলতা।
  2. হেমাংগ বিশ্বাসৰ অসম-প্ৰীতি, প্ৰফুল্ল গগৈ, গৰীয়সী, আগষ্ট, ২০১২
  3. হেমাংগ বিশ্বাসৰ অসম-প্ৰীতি, প্ৰফুল্ল গগৈ, গৰীয়সী, আগষ্ট, ২০১২
  4. হেমাংগ বিশ্বাসৰ অসম-প্ৰীতি, প্ৰফুল্ল গগৈ, গৰীয়সী, আগষ্ট, ২০১২
  5. হেমাংগ বিশ্বাসৰ অসম-প্ৰীতি, প্ৰফুল্ল গগৈ, গৰীয়সী, আগষ্ট, ২০১২