নিৰ্মলপ্ৰভা বৰদলৈ

ৱিকিউদ্ধৃতিৰ পৰা

ড° নিৰ্মলপ্ৰভা বৰদলৈ (ইংৰাজী: Nirmalprabha Bordoloi; ১৯৩৩-২০০৪) অসমৰ এগৰাকী কবি, গীতিকাৰ আৰু লোক-সংস্কৃতিৰ গৱেষক, গুৱাহাটীৰ ভোলা বৰুৱা কলেজৰ প্ৰাক্তন অধ্যাপিকা, গুৱাহাটী বিশ্ববিদ্যালয়ৰ জৱাহৰলাল নেহৰু আসনৰ অৱসৰপ্ৰাপ্ত অধ্যাপক আৰু নতুন দিল্লীৰ বিশ্ববিদ্যালয় অনুদান আয়োগৰ জাতীয় প্ৰবক্তা আছিল। 'সুদীৰ্ঘ দিন আৰু ঋতু' শীৰ্ষক কাব্য-সংকলনৰ বাবে তেওঁ ১৯৮৩ চনত সাহিত্য অকাডেমি বঁটা লাভ কৰে। উল্লেখযোগ্য যে, এই গ্ৰন্থখন বঙালী, পঞ্জাবী, হিন্দী আৰু ওড়িয়া ভাষাকে ধৰি বহুকেইটা ভাৰতীয় ভাষালৈ অনূদিত হৈছে। গৱেষণমূলক গ্ৰন্থ ‘শিৱ’, ‘দেৱী’ আৰু ‘সূৰ্য্য’ অসমীয়া সাহিত্যলৈ উল্লেখযোগ্য অৱদান৷

উদ্ধৃতিসমূহ[সম্পাদনা কৰক | উৎস সম্পাদনা]

  1. জীয়াই থাকিব জনাটোও এটা আৰ্টহে৷[১]
  2. “প্ৰেম প্ৰেৰণাৰেই বৃহৎ বিশ্বৰ বিচিত্ৰ মানুহে তেওঁবিলাকৰ সমস্ত বিচ্ছিন্নতাৰ দ্বন্দ্বক অতিক্ৰম কৰি অবিৰোধেৰে একত্ৰে মিলিব পাৰে৷ ..... বিভিন্নতা আৰু বিচিত্ৰতাৰ মাজতেই ঐক্যৱদ্ধ মহৎ জীৱনৰ কাৰণে বিৰাটৰ সাধনা চলিব লাগিছে৷ বুজাবুজিয়েই হ’ব তাৰ মূলমন্ত্ৰ৷’’[২]
  3. ছোৱালী হ’ল কাৰণেই নিজস্ব অস্তিত্ব যেন একো থাকিবই নোৱাৰে৷ মাক-বাপেকৰ কেৱল যেন এক বোজা৷ তাৰ মূল কাৰণ নিশ্চয়কৈ আছিল মহিলাৰ পৰনিৰ্ভৰশীলতা৷ অক্ষম অৱস্থা৷[৩]
  4. অসমত ৰেডিঅ ষ্টেচন স্থাপন হোৱাৰ লগে লগে অসমীয়া গীত ৰচক, সুৰ সংযোজক, গায়কসকলৰ কাৰণে এখন নতুন দুৱাৰ মুকলি হ’ল৷ সুৰত, ৰচনাত মৌলিকত্ব দেখুৱাবলৈ ই সুযোগ মুকলি কৰি দিলে৷[৪]
  5. এপাহ স্থলপদ্মৰ এদিনৰ জীয়া কাহিনী নাৰীৰ জীৱনৰ সৈতে একে৷ প্ৰহৰে প্ৰহৰে ৰূপৰ সলনি ঘটা স্থলপদ্মৰ দৰে নাৰী জীৱনৰো সঘন পৰিৱৰ্তন ঘটে৷[৫]
  6. বিয়া অসমীয়া সমাজৰ প্ৰাণময় উৎসৱ৷ গঞা সমাজৰ ৰং-ৰহইচৰ ৰহঘৰা৷[৬]
  7. শুনা বা দেখা বস্তুৰ ওপৰত ভেটি কৰিয়েই মানুহৰ কল্পনাই সদায় গঢ় লয়৷[৭]
  8. লুইতপৰীয়া সাংস্কৃতিক প্ৰতীক বুলি বহাগ বিহু এইকাৰণেই ক’ব পাৰি যে বহাগ বিহুৰ গীত, নৃত্য, আচাৰ-অনুষ্ঠানে অসমীয়া মানহুৰহ জীৱন-যাত্ৰা আৰু জীৱনাদৰ্শন স্বৰূপাৰ্থত বহন কৰিছে৷[৮]
  9. বিজ্ঞান হৈছে কোনোবা এটা বিষয়ত গৱেষণা কৰি তাৰ সংযোজন(Synthesis), সম্বন্ধয়ীকৰণ(Co-ordination) আৰু সুশৃংখল( arrangement) কৰি বিষয়টোৰ ওপৰত এক বিশেষ জ্ঞান(special knowledge) আহৰণ কৰা৷[৯]
  10. মোৰ সাহিত্য দায়বদ্ধ সাহিত্য৷ মোৰ দায়বদ্ধতা মোৰ বিবেকক একোৱে বন্দী কৰিব নোৱাৰে৷[১০]
  11. সাহিত্যৰ জাত নাই, ধৰ্ম নাই৷ সেইদৰে সাহিত্যিকৰো জাত নাই, ধৰ্ম নাই৷ সাহিত্যিকৰ ধৰ্ম সদায় মানৱ ধৰ্ম৷ লিখিলেই গীত, লিখিলেই গল্প নহয়৷ জীৱনৰ অভিজ্ঞতাৰ নিটোল নিৰ্যাস হ’লেহে সাহিত্য৷[১১]
  12. মানুহৰ দুখ গুচোৱা কথাটো মুখৰ কথা নহয়। শুকান বালি তিওৱা বৰ টান। ধনী আত্মীয় বহুত থাকিলেও বেছিভাগেই প্ৰকৃত অৰ্থত সহায় নকৰে। হয় মুখেৰে উপদেশ দিব খোজে, নহয় গা এৰা দিয়ে।[১২]

উত্‍স[সম্পাদনা কৰক | উৎস সম্পাদনা]

  1. সূৰ্য্য, নিৰ্মলপ্ৰভা বৰদলৈ
  2. অসম সাহিত্য সভাৰ সভাপতিৰ অভিভাষণত বিদেশী নাগৰিকৰ সমস্যা আৰু সাম্প্ৰদায়িক সম্প্ৰীতি, ডঃ অমল ৰাজখোৱা, মনপুৰ মৌচন্দা
  3. বৰ্ণিল যাত্ৰা, দ্বি-ভাষিক পত্ৰিকা, পশ্চিম গুৱাহাটী শাখা লেখিকা সংস্থা, পৃ: নং,২১
  4. ভূপেন হাজৰিকাৰ গীত আৰু জীৱন ৰথ, ড° দিলীপ দত্ত, পৃ, নং, ৮২
  5. অসমৰ লোকসংস্কৃতি, নিৰ্মলপ্ৰভা বৰদলৈ, পৃ:নং; ১১, বীণা লাইব্ৰেৰী, ২০০৪
  6. অসমৰ লোকসংস্কৃতি, নিৰ্মলপ্ৰভা বৰদলৈ, পৃ:নং; ২৩, বীণা লাইব্ৰেৰী, ২০০৪
  7. অসমৰ লোকসংস্কৃতি, নিৰ্মলপ্ৰভা বৰদলৈ, পৃ:নং; ৫৯, বীণা লাইব্ৰেৰী, ২০০৪
  8. অসমৰ লোকসংস্কৃতি, নিৰ্মলপ্ৰভা বৰদলৈ, পৃ:নং; ১২৫, বীণা লাইব্ৰেৰী, ২০০৪
  9. সূৰ্য্য, ড° নিৰ্মলপ্ৰভা বৰদলৈ, পৃ:নংল ২৫১, সাহিত্য প্ৰকাশ, ট্ৰিবিউন বিল্ডিংচ৷ ২০০৮
  10. সাহিত্য অকাডেমী বঁটা বিজয়ী অসমীয়া, সমীন কলিতা, (ড° নিৰ্মলপ্ৰভা বৰদলৈ), পৃ:নং; ১২৭, চন্দ্ৰ প্ৰকাশ,২০০৯, ISBN-13978-81-244-0004-3
  11. সাহিত্য অকাডেমী বঁটা বিজয়ী অসমীয়া, সমীন কলিতা, (ড° নিৰ্মলপ্ৰভা বৰদলৈ), পৃ:নং; ১৩২, চন্দ্ৰ প্ৰকাশ,২০০৯, ISBN-13978-81-244-0004-3
  12. ড° নিৰ্মলপ্ৰভা বৰদলৈ (২০০৪)। জীৱন জীৱন বৰ অনুপম। জ্যোতি প্ৰকাশন, পৃষ্ঠা:২০১।

বাহ্যিক সংযোগ[সম্পাদনা কৰক | উৎস সম্পাদনা]