শ্ৰীনিবাস ৰামানুজন
অৱয়ব

শ্ৰীনিবাস ৰামানুজন (তামিল: சீனிவாச இராமானுஜன், ২২ ডিচেম্বৰ ১৮৮৭ – ২৬ এপ্ৰিল ১৯২০) এজন ভাৰতীয় গণিতজ্ঞ। ১৯১৮ চনত তেওঁ ইংলেণ্ডৰ ৰ'য়েল ছ'ছাইটিৰ সভ্যপদৰ (FRS) বাবে নিৰ্বাচিত হয়।
উদ্ধৃতিসমূহ
[সম্পাদনা কৰক | উৎস সম্পাদনা]- এটা সমীকৰণে মোৰ বাবে কোনো অৰ্থ বহন নকৰে যদিহে সমীকৰণটোত ভগৱানৰ চিন্তা প্ৰতিফলিত নহয়।
- জীৱনৰ প্ৰতিটো দিনেই আমাৰ বাবে মূল্যবান উপহাৰ৷[১]
- মােৰ বিশ্ববিদ্যালয়ৰ শিক্ষা নাই, কিন্তু স্কুলীয়া শিক্ষা আছে। স্কুল এৰাৰ পিছত আজৰি সময়ত নিজেই এই পথ আৱিষ্কাৰ কৰিছোঁ।(অধ্যাপক হাৰ্ডিলৈ লিখা চিঠি)[২]
- মোৰ বাবে কোনো সমীকৰণৰ কোনো অৰ্থ নাই যদিহে ই ঈশ্বৰৰ চিন্তাক প্ৰকাশ নকৰে।[৩]
ৰামানুজনৰ বিষয়ে
[সম্পাদনা কৰক | উৎস সম্পাদনা]- ৰামানুজন ভাৰতৰ সৰু জুপুৰি এটাত বাস কৰিছিল। তেওঁৰ কোনো আনুষ্ঠানিক শিক্ষা নাছিল আৰু আন কামৰ সুবিধাও নাছিল। কিন্তু তেওঁ গণিতৰ এখন পুৰণি পাঠ্যপুথি বিচাৰি পালে আৰু এই মূল পাঠ্যৰ আধাৰত বছৰ বছৰ ধৰি গণিতজ্ঞসকলক বিমোৰত পেলোৱা উপপাদ্য প্ৰণয়ন কৰিবলৈ সক্ষম হ’ল। ... ৰামানুজনৰ প্ৰতিভাৰ অতুলনীয় আছিল।
- Ben Affleck and Matt Damon, in Good Will Hunting (1997)
- ৰামানুজনে কলেজত ভৰ্তি হোৱাৰ প্ৰায় একে সময়তে তেওঁ নিজৰ গাণিতিক আৱিষ্কাৰবোৰ বহীত লিপিবদ্ধ কৰিবলৈ আৰম্ভ কৰিলে... ৰামানুজনে গণিতৰ সকলো প্ৰচেষ্টা অৰ্পণ কৰি পৰৱৰ্তী ছবছৰলৈকে কোনো প্ৰমাণ নোহোৱাকৈ বহীত লিপিবদ্ধ কৰি থাকিল।
- Bruce C. Berndt, "An Overview of Ramanujan's Notebooks," Ramanujan: Essays and Surveys (2001) Berndt & Robert Alexander Rankin
লগতে চাওক
[সম্পাদনা কৰক | উৎস সম্পাদনা]উৎস
[সম্পাদনা কৰক | উৎস সম্পাদনা]- ↑ উক্তি সঞ্চয়ন, সংগ্ৰাহক: শ্ৰীৰাম চন্দ্ৰ ভূঞা, ২৫ পৃ: নং; প্ৰকাশিকা: বীণা বৰা ভূঞা
- ↑ শ্ৰীনিবাস ৰামানুজন. আহৰণ কৰা হৈছে: 7 ফেব্ৰুৱাৰী 2024.
- ↑ the Man and the Mathematician (1967) by Shiyali Ramamrita Ranganathan, p. 88
বাহ্যিক সংযোগ
[সম্পাদনা কৰক | উৎস সম্পাদনা]- Srinivasa Aiyangar Ramanujan
- A short biography of Ramanujan
- "Our Devoted Site for Great Mathematical Genius"
- "Film to celebrate mathematics genius" by Soutik Biswas, BBC News (March 2006)
- Feature Film on Mathematics Genius Ramanujan by Dev Benegal and Stephen Fry
- BBC radio programme about Ramanujan – episode 5
- A biographical song about Ramanujan's life

