ডেল কাৰ্নেগী

ৱিকিউদ্ধৃতিৰ পৰা

ডেল হাৰ্বিছন কাৰ্নেগী (ইংৰাজী: Dale Carnegie, ২৪ নৱেম্বৰ, ১৮৮৮ – ১ নৱেম্বৰ, ১৯৫৫) এগৰাকী আমেৰিকান লেখক আৰু প্ৰবক্তা আছিল। আত্ম-উন্নয়ন, বিক্ৰীকৰ্মীৰ দক্ষতা, কৰ্পৰেট প্ৰশিক্ষণ, ৰাজহুৱা বক্তৃতা আৰু আন্তঃব্যক্তিগত দক্ষতা সম্পৰ্কীয় বিখ্যাত পাঠ্যক্ৰমসমূহৰ প্ৰস্তুতকৰ্তা হিচাপেও তেওঁক জনা গৈছিল। মিছৌৰীৰ এখন ফাৰ্মত দৰিদ্ৰতাৰ মাজত জন্মগ্ৰহণ কৰা কাৰ্নেগীৰ প্ৰথমখন কিতাপ "হাউ টু উইন ফ্ৰেণ্ডছ এণ্ড ইনফ্লুৱেন্স পিপল" ১৯৩৬ চনত প্ৰকাশ পাইছিল। বেষ্টচেলাৰ হিচাপে পৰিগণিত হোৱা এই গ্ৰন্থখনৰ আজিৰ দিনতো জনপ্ৰিয়তা কমা নাই। তদুপৰি তেওঁ আব্ৰাহাম লিংকনৰ জীৱনী "লিংকন দ্য আনন’ন"ৰ লগতে আন কেইবাখনো গ্ৰন্থও ৰচনা কৰিছিল।

উদ্ধৃতিসমূহ[সম্পাদনা কৰক | উৎস সম্পাদনা]

  • মানুহে নিজে কৰি থকা কামটো উপভোগ নকৰালৈকে কাচিৎহে সুখী হোৱা দেখা যায়।[উৎসৰ প্ৰয়োজন]
  • পৃথিৱীৰ বেছিভাগ গুৰুত্বপূৰ্ণ কামেই এনেকুৱা মানুহে সম্পন্ন কৰিছে, যিসকলে কোনোধৰণৰ আশাই নথকা যেন লগাৰ পাছতো চেষ্টা অব্যাহত ৰাখিছিল।[উৎসৰ প্ৰয়োজন]
  • যেতিয়া আমি আমাৰ শত্ৰুক ঘৃণা কৰোঁ, আমি তেওঁলোকক আমাৰ ওপৰত কৰ্তৃত্ব চলোৱাৰ ক্ষমতা অৰ্পণ কৰোঁ: এই কৰ্তৃত্ব বা নিয়ন্ত্ৰণ আমাৰ টোপনি, আমাৰ ভোক, আমাৰ ৰক্তচাপ, আমাৰ স্বাস্থ্য আৰু আমাৰ সুখৰ ওপৰত অৰ্পণ কৰা কৰ্তৃত্ব।[উৎসৰ প্ৰয়োজন]
  • মনত ৰাখিব, আজিৰ দিনটোৱেই সেই কাইলৈ আছিল, যাক লৈ আপুনি কালি উদ্বিগ্ন হৈ আছিল।[উৎসৰ প্ৰয়োজন]
  • সকলো শিল্পৰ সাৰমৰ্ম হ’ল আনক সুখ বিলাই সুখ আহৰণ কৰা।[উৎসৰ প্ৰয়োজন]
  • মনত ৰাখিব, সুখ আপুনি কোন বা আপোনাৰ কি আছে তাৰ ওপৰত নিৰ্ভৰ নকৰে; ই কেৱল আপুনি কি চিন্তা কৰে তাৰ ওপৰত নিৰ্ভৰ কৰে।[উৎসৰ প্ৰয়োজন]
  • এটোপাল মৌৱে এক গেলন তিতাতকৈ অধিক মাখি ধৰি ৰাখিব পাৰে।[উৎসৰ প্ৰয়োজন]
  • নতুনত্বহীনতা (monotony) হৈছে দৰিদ্ৰতাৰ স্বাক্ষৰ, সেয়া বাক্যতেই হওক বা জীৱনতেই হওক।[উৎসৰ প্ৰয়োজন]
  • আপুনি যদি শ্ৰোতাসকলক আপোনাৰ বক্তব্যৰ সমভাগী কৰি ল’বলৈ সমৰ্থ হয়, তেনেহ’লে ধৰি ল’ব পাৰিব যে আপোনাৰ আধা উদ্দেশ্যই হাচিল হৈ গ’ল৷[১]
  • ইচ্ছা কৰিলে পৃথিৱীৰ যিকোনো মানুহেই ভয়ক জয় কৰিব পাৰে৷[১]
  • জীৱনত মাথো সেইসকল মানুহেহে সাফল্য লাভ কৰিবলৈ সক্ষম হৈছে, যিসকলে মনৰ পৰা নেতিবাচক চিন্তাবোৰ সমূলঞ্চে বিসৰ্জন দিব পাৰিছে৷ এটা প্ৰবল আশাবাদী মন গঢ়ি তোলক৷ নিজৰ উদ্দেশ্যক ধিয়াই কাম কৰি চিন্তাৰে আগুৱাই যাওক, আপুনি সফল হ’বই হ’ব৷[১]
  • আপুনি জনসংযোগৰ সময়ত আপোনাৰ বক্তব্যত আনুপাতিক হাৰত উত্তেজনা আৰু আৱেগৰ সংমিশ্ৰণ কৰিব লাগিব৷ এইটোও এটা কলা৷ ইয়াক আপুনি সযত্নে পালন কৰিব লাগিব৷ [১]
  • উদ্দীপনা বহুখিনি সঞ্জীৱনীৰ দৰে৷ যি মানুহৰ ভিতৰত উদ্দীপনাৰ বীজ সুপ্ত হৈ থাকে, সেই মানুহে কামত উদ্দীপনাবোধ কৰিলে দুৰ্দমনীয় হৈ উঠে, কামটো সমাধা কৰিবৰ বাবে তেওঁৰ আৱেগে বাধা নমনা হয়৷[১]
  • উচ্চাকাংক্ষা থাকিলেও উদ্দীপনাৰ প্ৰয়োজন৷ যি মানুহৰ মাজত এই গুণটো স্বাভাৱিক পৰিমাণে থাকে, তেওঁ যি কাম সম্পন্ন কৰিবলৈ আগবাঢ়িব, সেই কাম সিমানেই কঠিন আৰু কষ্টসাধ্য নহওক কিয়, তেওঁৰ মানত সেই কাম আনুষংগিক কামৰ দৰেই সহজ যেন হ’ব৷ [১]

উৎস[সম্পাদনা কৰক | উৎস সম্পাদনা]

  1. ১.০ ১.১ ১.২ ১.৩ ১.৪ ১.৫ উদ্ধৃতি অভিধান, ৰক্তাভ জ্যোতি বৰা

বাহ্যিক সংযোগ[সম্পাদনা কৰক | উৎস সম্পাদনা]

:w:
:w:
ৱিকিপিডিয়াত সম্বন্ধিত পৃষ্ঠা: