কোৰান

ৱিকিউদ্ধৃতিৰ পৰা
কোৰান শ্বৰীফ

কোৰান বা কোৰ্‌-আন বা কোৰান শ্বৰীফ ইছলাম ধৰ্মৰ মূল ধৰ্মগ্ৰন্থ। মুছলিমসকলে কোৰআন স্ৰষ্টাৰ অবিকৃত, হুবহু বক্তব্য বুলি বিশ্বাস কৰে। কোৰআনক আৰবী সাহিত্যৰ অতি উত্তম সৃষ্টি বুলি জ্ঞান কৰা হয় বিশ্বৰ অন্যতম জনপ্ৰিয় গ্ৰন্থখনক লৈ বহু অন্য সাহিত্যৰো সৃষ্টি হৈছে। কোৰআনৰ পাঠবোৰক 'ছূৰা' আৰু পদবোৰক 'আয়াত' বোলা হয়। কোৰআনত সৰ্বমুঠ ১১৪টা ছূৰা আছে আৰু ৬,৬৬৬টা আয়াত আছে। মুছলিমসকলে বিশ্বাস কৰে যে ৬০৯ চনৰ ২২ ডিচেম্বৰত মুহাম্মাদ(ছাঃ)ৰ ৪০ বছৰ বয়স হোৱাৰে পৰা তেওঁৰ মৃত্যু হোৱা ৬৩২ চনলৈকে ২৩ বছৰ জুৰি সৃষ্টিকৰ্তাই দূত জিব্ৰাইলৰ(গেব্ৰিয়েল) জৰিয়তে কোৰআন তেওঁক মৌখিকভাৱে প্ৰদান কৰিছিল। কোৰআনৰ বাণীসমূহ প্ৰথমে আদম (আঃ) আৰু শেষত মুহাম্মাদ(ছাঃ)ক দিয়া পৱিত্ৰ বাৰ্তা বুলি গণ্য কৰা হয়। মুছলিমসকলে কোৰআনক সৃষ্টিকৰ্তাই বিকৃতকৰণৰ পৰা ৰক্ষা কৰা একমাত্ৰ পৱিত্ৰ গ্ৰন্থ বুলি জ্ঞান কৰে। শ্বৰিয়াৰ নিয়মসমূহ পালন কৰোঁতে হাদিছৰ লগতে কোৰআনৰ ব্যৱহাৰ কৰা হয়। প্ৰাৰ্থনাৰ সময়ত কোৰআন কেৱল আৰবী ভাষাত পাঠ কৰা হয়। গোটেই কোৰআনক মনত ৰখাজনক হাফিজ বুলি কোৱা হয়। কিছুমান মুছলিমে কোৰআনৰ আয়াসবোৰ এক নিৰ্দিষ্ট শৈলীত পঢ়ে যিটোক তজ্‌ৱিদ বুলি কোৱা হয়। ৰমজান (ৰমাদ্বান) মাহত কিছু মুছলিমে তাৰাৱীহ প্ৰাৰ্থনাৰ সময়ত গোটেই কোৰআন পাঠ কৰে। কোৰআনৰ নিৰ্দিষ্ট পদৰ অৰ্থ জানিবলৈ অধিকাংশ মুছলিমে তাফছিৰৰ ওপৰত নিৰ্ভৰ কৰে।

উদ্ধৃতিসমূহ[সম্পাদনা কৰক | উৎস সম্পাদনা]

  1. তোমালোকে ইজনে সিজনৰ ধন-সম্পদ অন্যায়ভাৱে আত্মসাৎ নকৰিবা আৰু তাক বিচাৰকৰ ওচৰত এই উদ্দেশ্যেও উপস্থাপন নকৰিবা যে¸ তোমালোকে আনৰ সম্পত্তিৰ কিছু অংশ ইচ্ছা কৰি অন্যায়ভাৱে ভক্ষণ কৰাৰ সুযোগ পোৱা। (কোৰআন ছুৰা নং ২ঃ আয়াত নং ১৮৮)[১]
  2. তোমালোকে যদি প্ৰকাশ্যভাৱে দান-দক্ষীণা কৰা তেন্তে এয়া ভাল। আৰু যদি গোপনে অভাৱগ্ৰস্তলোকক দান কৰা, তেন্তে এয়া তোমালোকৰ বাবে অতি উত্তম। এই নীতি মানি চলিলে তোমালোকৰ বহু পাপ মোচন হব। (২ঃ২৭১)
  3. আল্লাহে সুতক মঙ্গলহীন কৰিছে আৰু দান-দক্ষীণাত মঙ্গল বৃদ্ধি কৰিছে। আল্লাহে কোনো অকৃতজ্ঞ আৰু দুষ্কাৰ্যকাৰীক ভাল নাপায়। (২ঃ২৭৬)
  4. হে মুমিনসকল! তোমালোকে আল্লাহক ভয় কৰা আৰু ধৰুৱাৰ পৰা যি সুত পাবলৈ আছে সেইটো এৰি দিয়া যদি তোমালোক মুমিন হোৱা। কিন্তু যদি তোমালোকে এনে নকৰা, তেনেহলে সাৱধান আল্লাহ আৰু তেওঁৰ ৰাছুলৰ পৰা তোমালোকৰ বিৰুদ্ধে যুদ্ধৰ ঘোষণা আছে, আৰু যদি তোমালোকে তাওবা কৰা (অনুতাপ কৰি সুত খাবলৈ এৰি দিয়া) তেনেহলে তোমালোকৰ মূলধনখিনি ঘুৰাই লবলৈ তোমালোকৰ অধিকাৰ আছে। তোমালোকে অন্যায় নকৰিবা আৰু তোমালোকৰ ওপৰতো অন্যায় কৰা নহ’ব। (২ঃ২৭৮-২৭৯)
  5. মাউৰাসকলক তোমালোকে সিহঁতৰ ধন-সম্পদ ঘুৰাই দিয়া¸ তোমালোকে উৎকৃষ্ট বস্তুৰ লগত নিকৃষ্ট বস্তু সলনি নকৰিবা। তোমালোকে নিজ সম্পদৰ লগত সিহঁতৰ সম্পদ মিলাই গ্ৰাস নকৰিবা। নিশ্চয় এইটো মহাপাপ। (৪ঃ২)
  6. যিসকলে মাউৰা লৰা-ছোৱালীসকলৰ ধন-সম্পত্তি অন্যায়ভাৱে গ্ৰাস কৰে, দৰাচলতে সিহঁতে নিজ পেটত অগ্নি ভৰাই লয় অনতিপলমে সিহঁত জাহান্নামৰ প্ৰজ্জ্বলিত জুইত প্ৰৱেশ কৰিব। (৪ঃ১০)[২]
  7. হত্যাৰ পৰিবৰ্তে নাইবা পৃথিৱীত অশান্তি সৃষ্টি ৰোধ কৰাৰ বাহিৰে যদি কোনোবাই কাৰোবাক হত্যা কৰে সি যেনিবা সমগ্ৰ মানৱ জাতিকহে হত্যা কৰিলে আৰু যিয়ে কাৰোবাৰ প্ৰাণ ৰক্ষা কৰিলে সি যেনিবা সমগ্ৰ মানৱজাতিৰ প্ৰাণ ৰক্ষা কৰিলে। (৫:৩২)[৩]

উৎস[সম্পাদনা কৰক | উৎস সম্পাদনা]

  1. কোৰআন বােধ - পৱিত্ৰ কোৰআনৰ অসমীয়া অনুবাদ
  2. Selected Verses of the Holy Quran in Assamese - Al Islam
  3. কোৰআনঃ আল্লাহৰ পৰা মানৱ জাতিলৈ এক উজ্জল পদ নিৰ্দশক, ২৪ ফেব্ৰুৱাৰী, ২০২১