সাৰথি (গ্ৰন্থ)

ৱিকিউদ্ধৃতিৰ পৰা

সাৰথি সত্যনাথ বৰাৰ এখন প্ৰবন্ধ সংকলন।

উদ্ধৃতিসমূহ[সম্পাদনা কৰক | উৎস সম্পাদনা]

  1. চিন্তা মনৰ জেউতি, তাৰ গুণত আন্ধাৰ সমস্যা পোহৰ হয়, টান কাম উজু হয়।[১]
  2. শ্ৰম কুচিন্তাৰ পৰম ঔষধ। সদায় শ্ৰমত থকা মানুহে হিংসা কুৰ্চুট বা আনবিলাক কু-প্ৰবৃত্তিৰ কাম কৰিবলৈ আজৰি নাপায়। কু-প্ৰবৃত্তি এলাহত বাঢ়ে, যাৰ এলাহ নাই তাৰ তেনে প্ৰবৃত্তি নাই।[২]
  3. সংসাৰত উদগতি কৰিবলৈ মানুহক মনৰ একাগ্ৰতা লাগে, পঢ়নৰপৰা সেই একাগ্ৰতা জন্মে। চঞ্চল মন থিৰ কৰিবলৈ, আৰু ভোটা বুদ্ধি চোকা কৰিবলৈ পঢ়নৰ নিচিনা গুণকাৰী উপায় নাই।
  4. বিদ্যা মানৱ মনৰ দীপ্তি; তাৰ ৰশ্মিৰ পোহৰত কাম কৰি মানুহে ধন, মান আৰু যশস্যা লাভ কৰে। বিদ্যাই আন্ধাৰ কাটি মন ফৰকাল নকৰিলে, মানুহে তাৰ ক্ষমতা লগাবলৈ ঠাই দেখা নাপায়। লিখনি থাকিলেও খনিকৰে আন্ধাৰত চিত্ৰ আঁকিব নোৱাৰে। বিদ্যাৰে মন পোহৰাই নল’লে সংসাৰত কৰ্ম কৰিবলৈ সুচল নহয়। এতেকে উদগতিৰ পথৰ যাত্ৰা কৰিবৰ আগেয়ে বিদ্যা যুগুত কৰি লোৱা উচিত।[৩]
  5. কুসংস্কাৰ উদ্গতিৰ পথৰ এটা বাধা৷ জাতীত কুসংস্কাৰে জাতীয় উদ্গতিৰ পথ আৰু ব্যক্তিৰ কুসংস্কাৰে ব্যক্তিৰ উদ্গতিৰ পথ ভেটে৷ বিজ্ঞানৰ জ্ঞানে এই ভেটা ভাঙি উদ্গতিৰ পথ মোকলাই দিয়ে৷
  6. চিন্তা প্ৰশ্নৰ ফল, অৰ্থাৎ যি বস্তু দেখা যায়, সেই বস্তু সম্বন্ধে মনক প্ৰশ্ন কৰিব লাগে৷ প্ৰশ্ন কৰিলেই চিন্তা কৰা হয়৷ প্ৰশ্নৰ পৰিমাণেই শিক্ষাৰ পৰিমাণ৷[১]
  7. আনৰ অহিত চিন্তা কৰা অজ্ঞানীৰ কাম৷ তাৰ পোটক তুলিবলৈ চেষ্টা কৰিলে নিজকো অজ্ঞানী বুলি পৰিচয় দিয়া হয়৷
  8. ভুল হ’লে সৈ কঢ়া ন্যায়ৱন্তৰ ঘাই লক্ষণ৷
  9. অন্যায়ত চলা বন্ধুতকৈ ন্যায়ত চলা শত্ৰুও ভাল৷
  10. খং উঠা মানুহৰ আগত এখন আৰ্চি ধৰিব লাগে, তেনেহ’লে আৰ্চিত সি তাৰ ৰাক্ষসী মূৰ্তি দেখি লাজ পাব আৰু লাজ পালে খঙো জিমাব৷
  11. খঙৰ সময়ত লেখি লেখি নটা ঢোক নমৰাকৈ কথা কোৱা বা কোনো কাম কৰা উচিত নহয়৷
  12. যি মানুহে যথাৰ্থ শিক্ষা লাভ কৰে, তাক অহঙ্কাৰ ৰিপুৱে সেও কৰিব নোৱাৰে, কিয়নো যথাৰ্থ শিক্ষাৰ পৰা নম্ৰতাহে জন্মে, অহঙ্কাৰ নজন্মে৷
  13. মিছা কথাৰ ঘাই হেতু অপকৰ্ম৷[৪]
  14. আনৰ অনুগ্ৰহ সততে গৰল যেন জ্ঞান কৰা উচিত৷ কিন্তু উৎকট ৰোগত পৰিলে মানুহে গৰলো ব্যৱহাৰ কৰে, এতেকে দুৰ্ঘোৰ বিপদত পৰিলেহে অনুগ্ৰহ গৰললৈ হাত মেলিব লাগে৷
  15. মিঠা মাত ব্যৱহাৰ প্ৰণালীৰ ঘাই মন্ত্ৰ৷ স্বভাৱতে বহুত দোষ থাকিলেও মিঠা মাতৰ গুণত সৰবৰহী হ’ব পাৰি৷........... ........... তিতা মাত মাতিলে সহস্ৰ উপকাৰ মানুহে একেতিলে পাহৰে, অৰ্বুদ দানৰ ফল একেতিলে লয় হয়৷
  16. সকলো কামতে বিদ্যা বুদ্ধি লাগে৷ বিদ্য-বুদ্ধি লগাই কৰিলেহে কামটো ভালকৈ সিজে৷ স্বতন্তৰীয়া বৃত্তিত বিদ্যা-বুদ্ধিৰ বিশেষ প্ৰয়োজন আছে৷ বিদ্যাৰ সাৰ দিলে বৃত্তিৰ উদ্গতি হয়৷ ইউৰোপত আৰু আমেৰিকাত স্বতন্তৰীয়া বৃত্তি শিক্ষিত মানুহৰ হাতত, সেইদেখি বৃত্তিবোৰ তাত বহুত উন্নত হৈছে৷
  17. উগ্ৰ শ্ৰম উৎকট ব্যাধিৰ নিচিনা, সংসাৰ যাত্ৰীয়ে তাক সততে পৰিহাৰ কৰা উচিত৷[২]
  18. মানুহে স্বভাৱতে উৎসাহী মানুহৰ পাছ ধৰে, উৎসাহীক নায়ক বৰণ কৰিবলৈ আৰু তাৰ কথামতে চলিবলৈ লাজ নকৰে৷ এই নিমিত্তে উৎসাহী মানুহ সমাজৰ মুখীয়াল হয়৷
  19. অভ্যাসে সময়ৰ খৰচ কমায়৷
  20. সময়ৰ লগত আগুৱাই যোৱা মানুহে তাৰ কৰ্মৰ জোখাৰে ফল পায়, পাছপৰা বা আগবঢ়াবিলাকে নাপায়৷ সময়ৰ অনুৰূপ কাম কৰাই উদ্গতিৰ ঘাই উপায়৷
  21. দীৰ্ঘকাল জীয়াই থাকিলে মানুহক দীৰ্ঘজীৱী বোলে, কিন্তু দৰাচলপক্ষত তেনে মানুহক দীৰ্ঘজীৱী নুবুলি, যি সংসাৰত সৰহ কাম কৰে তাকহে দীৰ্ঘজীৱি বোলা উচিত৷ সময় জীৱনৰ জোখ নহয়, জীৱনৰ আচল জোখ কাম৷
  22. এবাৰত কৰিব নোৱাৰা কাম অসাধ্য বুলি ভবা উচিত নহয়৷
  23. কৰ্তব্যবোধ থকা মানুহে কামত কেতিয়াও আপোন-পৰ নিবিচাৰে৷
  24. কৰ্ত্তব্যজ্ঞানে কৰ্মলৈ উৎসাহ আৰু প্ৰতিজ্ঞা জন্মায়৷
  25. আয় অনুসৰি খৰচ কৰাই অৰ্থ ব্যৱহাৰৰ মূলমন্ত্ৰ৷
  26. স্বাস্থ্যধন মহা ধন৷ যি এই ধনত দুখীয়া, সি সকলো বিষয়ত দুখীয়া৷
  27. বিদ্যা উদ্‌গতিৰ ঘাই আহিলা, এতেকে যি উদ্‌গতি কৰিব খোজে, সি আগে বিদ্যা যতনাই লোৱা উচিত৷[৫]
  28. পঢ়নৰ পৰা মানুহৰ মনত বিদ্যাৰ পাতনি থাপিত হয়, সেই পাতনি যাৰ শকত সি বিদ্যা ব্যৱসায়ত উদ্‌গতি কৰিব পাৰে, যাৰ দুৰ্ব্বল সি নোৱাৰে।[৬]

সাৰথি সম্পৰ্কে[সম্পাদনা কৰক | উৎস সম্পাদনা]

  • বেকনৰ আৰ্হিৰ জ্ঞানদায়ক প্ৰবন্ধ আৰু বেকনৰ দৰেই প্ৰবাদ-বাক্যৰ তুল্য সূক্ষ্ম বাক্যই ‘সাৰথি’ক মূল্যবান সম্পদ কৰি তুলিছে।

উৎস[সম্পাদনা কৰক | উৎস সম্পাদনা]

  1. ১.০ ১.১ সত্যনাথ বৰা. সাৰথি পৃষ্ঠা: ১৭-১৯. প্ৰকাশক: বনলতা. আহৰণ কৰা হৈছে: 3 এপ্ৰিল 2022.
  2. ২.০ ২.১ সত্যনাথ বৰা. সাৰথি পৃষ্ঠা: ৪৪-৪৭. প্ৰকাশক: বনলতা. আহৰণ কৰা হৈছে: 3 এপ্ৰিল 2022.
  3. সত্যনাথ বৰা. সাৰথি পৃষ্ঠা: ৫. প্ৰকাশক: বনলতা. আহৰণ কৰা হৈছে: 3 এপ্ৰিল 2022.
  4. সত্যনাথ বৰা. সাৰথি পৃষ্ঠা: ৩৩-৩৪. প্ৰকাশক: বনলতা. আহৰণ কৰা হৈছে: 3 এপ্ৰিল 2022.
  5. সত্যনাথ বৰা. সাৰথি পৃষ্ঠা: ৫. প্ৰকাশক: বনলতা. আহৰণ কৰা হৈছে: ১৪ জুলাই ২০২২.
  6. সত্যনাথ বৰা. সাৰথি পৃষ্ঠা: ৫. প্ৰকাশক: বনলতা. আহৰণ কৰা হৈছে: ১৪ জুলাই ২০২২.

বাহ্যিক সংযোগ[সম্পাদনা কৰক | উৎস সম্পাদনা]

:s:
:s:
ৱিকিউৎসত সম্বন্ধিত পৃষ্ঠা: