ফকৰা যোজনা

ৱিকিউদ্ধৃতিৰ পৰা
নেভিগেশ্যনলৈ যাওক সন্ধানলৈ যাওক

ফকৰা যোজনা (ইংৰাজী: Assamese Proverb) হৈছে অসমীয়া ভাষাত প্ৰবাদৰূপে ব্যৱহৃত চিৰন্তন সাধাৰণ জ্ঞানৰ শিক্ষা, যাক “দহৰ জ্ঞান একৰ বাণী’’ বোলা হয়৷ ফকৰা-যোজনা, পটন্তৰ আদি মুখে মুখে চলি অহা বাবে এইবোৰক লোকোক্তিও বোলে৷ সাধাৰণতে কম পৰিসৰৰ বাক্য বা বাক্যাংশৰ দ্বাৰা বহু ভাৱ ব্যঞ্জন কৰা এই ফকৰা যোজনা অসমীয়া ভাষাৰ গৌৰৱ৷ ইয়াৰ ভাষা সৰল, প্ৰতীকধৰ্ম্মী আৰু ছন্দোবদ্ধ ৰূপত থকা বাবে ফকৰা যোজনাৰ ব্যৱহাৰে ভাষাটিৰ সাহিত্যিক সুষমা বৃদ্ধি কৰিছে৷ দৈনন্দিন কথা-বতৰাত কথাৰ লাচতে, প্ৰায়েই ঠাট্টাৰ সুৰত বক্তব্যক তুলি ধৰিবলৈ প্ৰায়েই এই ফকৰা যোজনাবোৰ ব্যৱহাৰ কৰা হয়। ইয়াক ইংৰাজী ভাষাৰ 'Proverb'-অৰ লগত তুলনা কৰিব পাৰি।

আভিধানিক অৰ্থ অনুসৰি ফকৰা, যোজনা, দৃষ্টান্ত, পটন্তৰ, ডাকৰ বচন আদি সমাৰ্থক৷ কিছুমান ফকৰা যোজনাক “ডাকৰ বচন” নামেৰে জনা যায়। অসমীয়া সমাজত সাধাৰণতে কিছুসংখ্যক ফকৰা যোজনাক ডাক নামে এক “প্ৰবাদ পুৰুষ”ৰ মুখনিঃসৃত বাণী বুলি বিশ্বাস কৰে৷ ডাকৰ বচনবোৰত কৃষিজীৱী অসমীয়া লোকজীৱনৰ নানা বৈষয়িক দিশত সাধাৰণ জ্ঞান বা উপদেশ দিয়া আছে।

অসমীয়া ভাষাৰ ফকৰা যোজনাৰ ভাণ্ডাৰটো যথেষ্ট ডাঙৰ। সৰল অথচ বুদ্ধিদীপ্ত এই প্ৰবাদবোৰ সাধাৰণ অসমীয়া মানুহৰ জীৱনৰ প্ৰতি থকা গভীৰ আস্থা, দৃষ্টিভংগী আৰু বোধৰ গম্ভীৰ প্ৰকাশ। এইবোৰ অসমীয়া জাতিৰ বিশ্বাস, জাতিসত্বা, সমাজ ব্যৱস্থা আৰু বুৰঞ্জীৰ উৎকৃষ্ট সমল। পুৰণি হ’লেও যথেষ্ট সংখ্যক ফকৰা যোজনাৰ প্ৰাসংগিকতা আজিও অটুত আছে। কথা কওঁতে বা লিখাৰ মাজত উপযুক্ত ফকৰা যোজনাৰ ব্যৱহাৰ কৰি লিখিব পাৰিলে বক্তাৰ ভাষাজ্ঞান উন্নত বুলি গণ্য কৰা হয়।

তলত দিয়া ফকৰা-যোজনাৰ সংকলনটো সম্পূৰ্ণ নহ’লেও যথেষ্ট প্ৰতিনিধিত্বমূলক আৰু বিষয়টোৰ বিষয়ে ভালদৰে আভাস দিয়ে।

বৰ্ণানুক্ৰম অনুসৰি ফকৰা যোজনা[সম্পাদনা কৰক | উৎস সম্পাদনা]

· · · · · · · · · ·
· · · · · · · · · · · · · · · · · · · · · · · · · · · · · · · · · ক্ষ · ড় · ঢ় · য়

[সম্পাদনা কৰক | উৎস সম্পাদনা]

  1. অসতীৰ সজ জ্ঞান,গৰু চোৰৰ গঙ্গাস্নান: অসৎ স্বভাৱৰ লোকক সজজ্ঞান দিলেও কামত নাহে৷ গৰু চুৰ কৰা এক পাপ কাম৷ তেওঁলোকে চৌৰ্যবৃত্তিৰ দ্বাৰা জীৱিকা আহৰণ কৰে৷ গঙ্গাস্নানেও তেওঁলোকৰ পাপ মোচন কৰিব নোৱাৰে৷[১]
  2. অতি ধুনতীৰ ঘৰ নাশ, ধুনে কৰে সৰ্বনাশ: অতি বেছি ধুন-পেছ মাৰি ফুৰা তিৰোতাই ঘৰৰ বন নিয়াৰিকৈ কৰিবলৈ সময় নোপোৱাৰ ফলত ঘৰৰ উন্নতিত বাধা হয়৷[২]
  3. অতিথিও ৰওক, চাউলো সিজক: উভয়কুল ৰক্ষা কৰাৰ স্বাৰ্থত এনেকৈ কোৱা হয়৷ একে সময়তে দুটা প্ৰয়োজনীয় কাম যেনেতেনে সমাপন কৰা৷[৩]
  4. অচিন আলহীক নিদিবা ঠাই ল’ৰা-ছোৱালীক নিদিবা লাই: অচিনাকি লোকক ঘৰত ঠাই দিব নালাগে, তাৰপৰা কেতিয়াবা বিপদ হ’ব পাৰে৷ সৰু ল’ৰা-ছোৱালীকো লাই দিলে স্বভাৱ নষ্ট হয়৷
  5. অজ্ঞানীক জ্ঞান দি মনত পালোঁ কষ্ট, কণীবোৰ পেলাই দি বাঁহো কৰিলে নষ্ট: এই ফকৰাৰ অন্তৰালৰ কাহিনীটো হৈছে বৰষুণত তিতি-বুৰি জুপুৰি দিয়া বান্দৰবোৰক টোকোৰা চৰাইবিলাকে নিজৰ উদাহৰণ দেখুৱাই বাহ সাজিবলৈ উপদেশ দিছিল। কিন্তু মূৰ্খ বান্দৰবোৰে উপহাস কৰা বুলি ভাবি টোকোৰাৰ কণীবোৰো নষ্ট কৰিলে আৰু বাহবোৰো ভাঙিলে। মূৰ্খক কেতিয়াও উপদেশ দিব নালাগে৷ তেনে উপদেশে উপকাৰ কৰিবলৈ যোৱাজনৰ ক্ষতিহে কৰে৷[৪]
  6. অতি কথকীক কথাই খায়, বৈদ্যক খায় সাপে; সাতখন ভাগৱত পঢ়াজনকো কিঞ্চিৎ চোৱে পাপে: অতি বেছি কথা কোৱা মানুহ কেতিয়াবা নিজে কোৱা কথাৰ দ্বাৰাই বিপদত পৰে, কাৰণ কথা বেছিকৈ কোৱাৰ ফলত ক’ত কি কৈ দিয়ে ধৰিব নোৱাৰে; সৰ্প দংশনৰ বিষ নিৰাময় কৰা বৈদ্যকো কেতিয়াবা অসাৱধানতাৰ বাবে সাপে খুটি মাৰিব পাৰে৷ তেনেদৰে নিতৌ ভাগৱত পাঠ কৰাজনক পূণ্যাত্মা বুলি ভবা হয় যদিও তেওঁৰ দৈনন্দিন জীৱনত কৰা কামে কেতিয়াবা সাত্তিকতা হেৰুৱায়৷ ইয়াৰ অৰ্থ সকলো কামত কোনো কামত পাকৈতজনৰো অসাৱধানতাত ভুল হৈ যাব পাৰে৷
  7. অ'তো নাহিলোঁ খাই, ত’তো পাবলৈ নাই: এটা সুযোগ পায়ো নোলোৱাৰ পিছত দ্বিতীয়টো পায়ো হেৰুওৱা৷
  8. অকাটন কটাৰী আবদুৱা পো, চেকচেকী তিৰোতা লাঠিয়ন গো: চোক নথকা কটাৰী, আদৰত ডাঙৰ হোৱা ল’ৰা, চেকচেকাই কথা কোৱা মহিলা আৰু খীৰাওতে লঠিওৱা গাইৰ কোনো উপকাৰ নাই৷
  9. অকৰা মৈত উঠা : খেতি পথাৰত হাল বাওঁতে মৈ দিলে তাত উঠি হালোৱা ম'হৰ সৈতে চলি ফুৰিব পাৰি। কোনো অল্পজ্ঞান লোকে ইয়াৰ তাৎপৰ্য বুজি নাপাই মৈত উঠিবলৈ পালে নামিব নোখোজে। অৰ্থাৎ যিটো কামত লাগে তাক এৰি নিদিয়া।
  10. অল্প আৰ্জন বিস্তৰ ভোজন, সেই পুৰুষৰ দৰিদ্ৰ লক্ষণ : আয় আৰু ব্যয়ৰ মাজত সদায় সামঞ্জস্য থাকিব লাগে৷ যিয়ে আয় চাই ব্যয় কৰিব নোৱাৰে তেওঁ সদায় দৈন্যতাত ভোগে৷
  11. অগ্নি ব্যাধি ঋণ এই তিনিৰ নেৰাখিবা চিন: জুই, ৰোগ আৰু ঋণ অৰ্থাৎ ধাৰ, এই তিনিপ্ৰকাৰ সমূলঞ্চে শেষ কৰিব লাগে কাৰণ, জুই বা ৰোগ বা ধাৰৰ অলপমান থাকিলেও সিয়েই পুনৰ উক দি দুৰ্যোগ ঘটাব পাৰে৷
  12. অভগা য’লৈ যায়, হুলে বিন্ধে বৰলে খায়: যাৰ ভাগ্য বেয়া থাকে সি য’তে থাকে ত’তে বেয়া ঘটনাৰ লগত সাঙোৰ খাই পৰে৷
  13. অধিক মাছত বগলী কণা[৪]: বহুত বেছি বিকল্প থাকিলে তাৰ মাজৰ পৰা এটা বাছনি কৰিবলৈ অসুবিধা হয়। বগলীয়ে মাছ খাই ভাল পায়। ই মাছ ধৰাৰ ক্ষেত্ৰতো অত্যন্ত পাৰ্গত। কিন্তু চৌদিশে মাছ উভৈনদী হ’লে কোনটো ধৰোঁ কোনটো নধৰোঁ হৈ বগলীয়ে মাছ ধৰিব নোৱাৰা হয়। সেয়েহে অত্যধিক বিকল্পৰ ক্ষেত্ৰত বাছ-বিচাৰ কৰি থাকোঁ‌তে বাছনিত ভুল হোৱাৰ বা বাছনি কৰিব নোৱাৰা নহ’বলৈ এই যোজনাৰ দ্বাৰা সকীয়াই দিয়া হৈছে।
  14. অভ্যাসৰ নৰ, কৰ্ণপথে কৰে শৰ: নিয়মিত অভ্যাস কৰিলে যিকোনো কামেই সহজে কৰিব পাৰি। কাণৰ কেৰু বা থুৰীয়া পিন্ধা ফুটাটো সৰু। ইয়াৰ মাজেৰে কাঁড় মৰাৰ অভ্যাস কৰিবলৈ কাঁড়ীজন অত্যন্ত পাৰ্গত নহ’লে লক্ষ্য হোৱা ব্যক্তিজনৰ প্ৰাণ যোৱাৰো আশংকা থাকে। কিন্তু অভ্যাস কৰিলে মানুহ ইয়াতো পাৰ্গত হয়। সেয়ে অভ্যাস কৰিলে টান কামো কৰিব পৰা যায় বুলি এই যোজনাৰ দ্বাৰা অনুপ্ৰাণিত কৰা হৈছে।
  15. অধিক ভোজন মৃত্যুক আহ্বান: যিকোনো বস্তুৰে প্ৰয়োজনতকৈ বেছি হোৱাটো বেয়া। ভোজন বা খাদ্য মানুহৰ বাবে অত্যন্ত প্ৰয়োজনীয়। কিন্তু অত্যধিক ভোজনৰ ফলত শৰীৰৰ অনিষ্ট হোৱাৰহে সম্ভাৱনা থাকে। তেনেদৰে যিকোনো কামৰ ক্ষেত্ৰতে এই কথা প্ৰযোজ্য। প্ৰয়োজনাধিক উপভোগ/ব্যৱহাৰৰ ফলত উপকাৰী বস্তুৰ পৰাও অপকাৰ হ’ব পাৰে।
  16. অধিক বাঢ়ৈত গুৰ ধমনা : কাৰিকৰ বা ৰান্ধনি বেচি হ’লে ব্যঞ্জন খাবলৈ ভাল হোৱাতকৈ বেয়া হোৱাৰ সম্ভাৱনা অধিক। ভিন্নজনৰ ভিন্ন মতত এটা শুদ্ধ সিদ্ধান্ত ল'বলৈ কেতিয়াবা অসুবিধা হয়। বিভিন্নজনৰ মতক প্ৰাধান্য দিলে এটা ভুল সিদ্ধান্ত লোৱাৰ সম্ভাৱনা থাকে।
  17. অতি ভক্তি চোৰৰ লক্ষণ: কোনো ব্যক্তিয়ে প্ৰয়োজনাধিক সৎ হিচাপে নিজকে উপস্থাপন কৰিবলৈ যত্ন কৰিলে বুজিব লাগে যে তেনে ব্যক্তিৰ প্ৰকৃত উদ্দেশ্য সৎ নহ'বও পাৰে।
  18. অতিপাত শলাগণি ফুচুলনিৰ চিন, আপুনি আঁ‌তৰি যাবা তাক কৰি ঘিণ[৪]: প্ৰয়োজনাধিক বা অহৈতুক তোষামোদৰ অন্তৰালত সাধাৰণতে ন্যস্তস্বাৰ্থ জড়িত থাকে। গতিকে এনে তোষামোদত ভোল গৈ কামত প্ৰবৃত্ত হ’লে ভালতকৈ বেয়া হোৱাৰহে সম্ভাৱনা অধিক। গতিকে ইয়াক চিনি পাই এনে উচটনিত ভোল যোৱাৰপৰা বিৰত থকাই ভাল।
  19. অভাৱত স্বভাৱ নষ্ট: অতি প্ৰয়োজন হ’লে সৎ‍ মানুহ এজনেও অসৎ‍ কাম কৰিব পাৰে। মানুহ সাধাৰণতে পৰিস্থিতিৰ দাস। গতিকে কোনো কাৰ্যৰ ভাল-বেয়া বিচাৰ কৰোঁতে কৰ্তাই কি পৰিস্থিতিত পৰি এনে কাৰ্য কৰিছে সেয়াও বিবেচনা কৰি চোৱা উচিত।
  20. অচিন কাঠৰ থোৰা নলগাবা: ঢেঁকীৰ থোৰাটো মজবুত হ’ব লাগে, অন্যথা ভাগি গৈ অনিষ্ট কৰিব পাৰে। ঢেঁকীথোৰাৰ কামটো অত্যন্ত গুৰুত্বপূৰ্ণ — ইয়াক আগৰ দিনত চাউল খুন্দাৰপৰা আৰম্ভ কৰি বাৰুদ খুন্দালৈকে বিভিন্ন গুৰুত্বপূৰ্ণ কাৰ্যত ব্যৱহাৰ কৰা হৈছিল। সেয়ে উপযুক্ত পৰীক্ষা-নিৰীক্ষা নকৰাকৈ এনে কামৰ বাবে যিকোনো কাঠ বাচনি কৰিলে ভাগি গৈ কামত বাধা বা অথন্তৰ কৰিব পাৰে। তেনেদৰে গুৰুত্বপূৰ্ণ কামত অচিনাকি মানুহ বা উপাদান বা আহিলা ব্যৱহাৰ কৰা অনুচিত।
  21. অল্প বিদ্যা ভয়ঙ্কৰী: আধৰুৱা জ্ঞান যিকোনো ক্ষেত্ৰত বিপদজনক হ’ব পাৰে।
  22. অবুজনক বুজোৱা, ঢেৰুৱা ঠাৰি সিজোৱা: ঢেৰুৱা ঠাৰি যিমান সিজালেও নিসিজে, ঠিক তেনেদৰে যি বুজিব নোখোজে তেনে লোকক যিমান বুজাবলৈ চেষ্টা কৰিলেও লাভ নহয় বা ফল নধৰে।[৪]
  23. অবাবত তৰ্ক কৰা মূৰ্খৰ চিন: মূৰ্খইহে যেতিয়াই তেতিয়াই তৰ্ক কৰি থাকে, জ্ঞানী মানুহে পৰিস্থিতি চাইহে তৰ্ক কৰে।
  24. অকলশৰীয়া পহু, গায়ে মূৰে খহু[৪]: অকলশৰীয়া মানুহৰ বেমাৰ-আজাৰ হ’লেও চোৱা চিতা কৰা মানুহৰ অভাৱ। অকলশৰীয়াকৈ জীৱনৰ বাবে সংগ্ৰাম কৰিব লগা হ’লে এই ফকৰা যোজনাটোৰে উপমা দিয়া হয়।
  25. অথাই সাগৰত কাঠি-জাল বোৱা: অপ্ৰয়োজনীয় কাম কৰা। পাৰাপাৰহীন সাগৰত কাঠি-জাল বাই যিদৰে মাছ ধৰিব নোৱাৰি সেই দৰে ফল নধৰা কাম কৰা বুজাবলৈ এই যোজনাটো ব্যৱহাৰ হয়।
  26. অনভ্যাসে হত বিদ্যা: বহুদিন অভ্যাস নকৰিলে জনা বিদ্যাও নজনা হৈ যায়৷
  27. অহঙ্কাৰেই পতনৰ মূল (নীতি-বচন): মনলৈ অহংকাৰ ভাব আহিলে, চৰিত্ৰৰ নম্ৰতাগুণ নোহোৱা হয়৷ নম্ৰতাই উন্নতিৰ সোপান৷ সেয়ে, অহংকাৰভাব পতনৰ কাৰণ বুলি কয়৷
  28. অতি দৰ্পে হত লংকা: ৰাৱণৰ অহংকাৰৰ ফলতে সোণৰ লংকা চাৰখাৰ হৈছিল, তেনেদৰে অহংকাৰ পৰিহাৰ নকৰিলে বিপদ নিশ্চিত।[৪]
  29. অজৌ−কালৰ বজৌ−গুটি : আজো কালৰ বজ্ৰ গুটি৷ বহু বয়স হোৱা হাড়-টান কটীয়া মানুহ৷ বহু-দিনীয়া গছ হ’লে তাৰ গুটিবিলাক নিচেই সৰু হয় এই ভাব বুজোৱা হৈছে।
  30. অশ্বত্থামা হত কিন্তু ইতি গজ: মহাভৰতত যুধিষ্ঠিৰে দ্ৰোণাচাৰ্য্যক কোৱা এটি প্ৰখ্যাত উক্তি। ইয়াত দ্ৰোণাচাৰ্যৰ পুত্ৰ যুদ্ধত মৃত্যু হোৱা বুলি প্ৰচাৰিত এটা উৰাবাতৰিৰ সত্যতা প্ৰতিপন্ন কৰিবলৈ দ্ৰোণাচাৰ্যই সদায় সত্য পক্ষত থকা যুধিষ্ঠিৰক সুধিলে। যুধিষ্ঠিৰেও কথাটো পোনপটীয়াকৈ নকৈ ক’লে যে অশ্বত্থামাৰ মৃত্যু হোৱাতো সঁচা, কিন্তু সি এটা হাতীহে। অৰ্থাৎ অশ্বত্থামা নামৰ এটা হাতীহে মৰিছে, সেয়া আপোনাৰ পুত্ৰ নহয়। কিন্তু পুত্ৰৰ মৃত্যুৰ আশংকাত জৰ্জৰিত দ্ৰোণই প্ৰথমখিনি শুনি পাছৰখিনি নুশুনিলে। ফলত পুত্ৰৰ মৃত্যু হোৱা বুলি তেওঁ অস্ত্ৰ সম্বৰণ কৰে। বৰ্তমান এই প্ৰবাদটি সঁচাও নহয় মিছাও নহয় বুলি দ্ব্যৰ্থক উত্তৰ দিয়া প্ৰসংগত ব্যৱহাৰ কৰা হয়।[৪]
  31. অকাজীয়ে কপাহ কাটি ধোঁৱা চাঙত থলে; গা মূৰ বিষাইছে বুলি ছমাহলৈ শুলে : অদক্ষ বা এলেহুৱা লোকে সৰু কাম এটা কৰিও বহুত কৰা দেখুৱাই আনৰ মনোযোগ আকৰ্ষণ কৰে।
  32. অন্ন চাই ঘি দিবা, পাত্ৰ চাই জী দিবা : উপযুক্ত অন্নত ঘি সেইদৰে উপযুক্ত পাত্ৰলৈ জীক বিয়া দিলে অসুবিধা নাই।
  33. অন্ধৰ হস্তী দৰ্শন : অন্ধলোকে সকলো বস্তু চুই চাইহে অৱয়ব উপলব্ধি কৰিব পাৰে। হাতীৰ দৰে বিশালকায় জীৱক সম্পূৰ্ণ ৰূপে চুই চাই সঠিক ৰূপত অনুমান কৰিব নোৱাৰে। সেয়ে বিশাল বস্তুক সামান্যভাৱেহে জনা বুজাবলৈ এই প্ৰবাদ ব্যৱহাৰ কৰা হয়।
  34. অহা বাটত দিবা জেং, ভকতলৈ মেলিবা ঠেং, গুৰুলৈ দিবা পিঠি, তেহে যাবা বৈকুণ্ঠলৈ উঠি: এই সংসাৰলৈ আহি নানা কষ্ট পোৱা যায়, সেয়ে পুনৰ অহিবলৈ কামনা নকৰি, সাধু সন্তৰ ঠাইলৈ যাব লাগে, আৰু গুৰু ভজি সেৱা কৰিব লাগে, তেতিয়াহে পূণ্য লাভ হয়৷ (ভকতীয়া যোজনা)
  35. অ’ত থিয় ত’ত থিয়, পৈয়েৰৰ ঘৰৰ মানুহ আহিছে, নোসোধ কিয়: অকৰ্মণ্য মানুহে এনেয়ে সময় নষ্ট কৰে৷ সময়ত কি কাম কৰিব নাজানে বাবে সোঁৱৰাই দিব লগা হয়৷[৫]

[সম্পাদনা কৰক | উৎস সম্পাদনা]

  1. আই থাকিলে খাই যাবি, বোপাই থাকিলে চাই যাবি: বিয়া হৈ যোৱা ছোৱালীয়ে মাক থাকে মানে আগৰ দৰেই আলহ-উদহ পায়, মাকৰ মৃত্যুৰ পিছত নাপায় বুলি প্ৰচলিত ধাৰণা৷ তেতিয়া কেৱল বাপেকক চোৱাৰ বাবেহে ছোৱালীবোৰ আহে৷
  2. আনৰ আন চিন্তা বুঢ়ী বামুণীৰ কাণৰ চিন্তা: সামাজিক বিপদৰ পৰতো ব্যক্তিগত কাৰণ লৈ ব্যস্ত থকা৷
  3. আপোন ভালেই জগত ভাল: নিজৰ চৌপাশৰ পৰিৱেশ ভাল কৰিব পাৰিলেই গোটেই জগতখন ভাল যেন বোধ হয়। অন্য অৰ্থত ভাল চিন্তা কৰিলেই সকলো ভাল হয়৷
  4. আঁউসীৰ ধাৰ পূৰ্ণিমাত সুজ: এটাৰ প্ৰতিশোধ আনটোত লোৱা।
  5. আগৰ গৰু বাঘে খায়[৬]: সকলো কামতে আগবাঢ়ি গৈ কৰাও উচিত নহয়। কেতিয়াবা বিপদত পৰাৰ সম্ভাৱনা অধিক।
  6. আকালত ভাত, বিপদত মাত : আকালত এসাঁজ ভাত পোৱা আৰু বিপদৰ সময়ত কাৰোবাৰ এষাৰ মাত বা সঁ‌হাৰি পোৱা, এই দুয়োটাই পৰম উপকাৰী।
  7. আগফালে তেতেলী পিছফালে ঔ, সেই ঘৰ মানুহৰ উঠিবৰ হ’ল নে নৌ?: যি ঘৰৰ চাৰিওফালে ডাঙৰ ডাঙৰ গছে আগুৰি থাকে, সেই ঘৰত ৰাতিপুৱা সূৰ্য্যৰ পোহৰ ভালদৰে নপৰে, সেয়েহে সেই ঘৰৰ মানুহে ৰাতিপুৱা পলমকৈ উঠে।
  8. আইৰ সমান হ’ব কোন, নৈৰ সমান ব’ব কোন: মাকৰ সমান মৰম কোনেও কৰিব নোৱাৰে, যেনেকৈ নৈৰ সমান পানী কোনেও ব’ব নোৱাৰে।[৬]
  9. আইৰ ঘৰলৈ যাম, দুই হাতে খাম, বিধাতাই বোলে ময়ো পাছে পাছে যাম/আইৰ ঘৰলৈ যাম, দুবেলা দুমুঠি খাম, বিধাতাই বোলে ময়ো পাছে পাছে যাম।: বিয়া দিয়া ছোৱালীৰ মাকৰ ঘৰলৈ হেঁপাহ বহুত। সুখৰ আশাৰে আইৰ ঘৰলৈ হেঁপাহেৰে গ’লেও বিধাতাৰ দুৰ্বিপাকত পৰি সেই সুখৰ পৰা বঞ্চিত হোৱাৰ কথা কোৱা হৈছে।[৬]
  10. আঙুলিৰ মূৰত দিন গণা : কোনো বিশেষ দিনলৈ ব্যগ্ৰ ভাৱে অপেক্ষা কৰা।
  11. আয়ে চায় মুখলৈ, ঘৈণীয়ে চায় হাতলৈ: পুৰুষ এজন ঘৰলৈ আহিলে মাকে মুখলৈ চায়, তেওঁ খোৱা লোৱা ভালদৰে কৰিছে নে নাই চাবলৈ; আনহাতে ঘৈণীয়েকে হাতলৈ চায় তেঁওলৈ কি আনিছে চাবলৈ।[৬]
  12. আছে গৰু নাবায় হাল, থকাতকৈ নথকাই ভাল: থকা সম্পদ এটা যদি ব্যৱহাৰ কৰা নহয়, তেন্তে উক্ত সম্পদৰ পৰা আপোনা আপুনি লাভ কেতিয়াও নহয়। বৰঞ্চ এই সম্পদৰ পৰিচালনাত ব্যয়ৰ হে সম্ভাৱনা অধিক। পৰিচালনা নকৰি পেলাই থ'লেও সম্পদবিধ অনিষ্টহৈ গৰাকীৰ লোকচান হয়। সেয়ে ব্যৱহাৰ নোহোৱা এনে সম্পদ থকাতকৈ নথকাটোহে অধিক লাভজনক।
  13. আঁঠুৱা চাই ঠেং মেলিবা: নিজৰ সামৰ্থ্য চাইহে কাম কৰা উচিত।[৭]
  14. অল্প আৰ্জন বিস্তৰ ভোজন, সেই পুৰুষৰ দৰিদ্ৰ লক্ষণ: যিমান সামৰ্থ্য সিমানহে খৰছ কৰিব লাগে, নহ’লে বিপদত পৰিব লাগে।
  15. আদাক দেখি উঠিল গা, কেঁতুৰিয়ে বোলে মোকো খা: সামৰ্থ্য নাথাকিলেও আনক দেখি কোনো কাম কৰিবলৈ যোৱা। আদা আৰু কেঁতুৰি দেখিবলৈ একে, কিন্তু আদাহে খোৱাত ব্যৱহাৰ হয়, কেঁ‌তুৰি খোৱাত ব্যৱহাৰ নহয়।[৬]
  16. আনলৈ হুল পুতি নিজে মৰে ফুটি: আনৰ অনিষ্ট কৰাৰ চেষ্টা কৰিলে নিজৰে অনিষ্ট হয়।
  17. আপোন ভালেই জগত ভাল: যি নিজে ঠিক থাকে, তেওঁৰ বাবে বাকী সকলো ঠিকেই থাকে।[৬]
  18. আপোনাৰটোক মাৰিবা কিলাবা লৰি বুলিব আই, পৰৰটোক কেটেৰাই মাতিবা ওভতি বুলিব তাই  : আপোন-পৰৰ প্ৰভেদ স্পষ্ট কৰা হৈছে।
  19. আহক বাৰিষা কাটক পাত, ৰৈ যা ভিনিহি খাই যা ভাত: ভৱিষ্যতত কোনো কাম হ’ব বুলি আশা কৰি বহি থাকি লাভ নাই।
  20. আছে হেংদান, লোৱা নাই; ল’লে হেংদান চাৰন নাই বা আছে বেক্ৰা দা, লোৱা নাই; ল’লে বেক্ৰা দা চাৰন নাই: যুঁজিবলৈ আগবাঢ়ি নাহিলে কাৰোবাক দুৰ্বলী বা ভয়াতুৰ বুলি ভাবিব নালাগে। খং উঠিলে সকলোৱেই ভয়ংকৰ হৈ উঠিব পাৰে।
  21. আছে কপালত নিব কোনে, নাই কপালত দিব কোনে: কপালত থাকিলে কোনেও কাঢ়ি নিব নোৱাৰে। সেইদৰে কপালত নথকা বস্তু কোনেও দিও বুলিও দিব নোৱাৰে। ইয়াত অদৃষ্টবাদী মানুহৰ সৰল বিশ্বাস প্ৰতিফলিত হৈছে।
  22. আপোনাৰ নাক কাটি সতিনীৰ যাত্ৰা ভংগ: নিজৰ অনিষ্ট কৰি হ’লেও শত্ৰুৰ অনিষ্ট কৰা — অৰ্থত ব্যংগ কৰি এই যোজনা ব্যৱহাৰ কৰা হয়। কোনো শুভ কামৰ যাত্ৰা কালত অংগক্ষত লোকক দেখিলে অশুভ বুলি বিশ্বাস কৰা হয়। সাধাৰণতে এগৰাকী সতিনীয়ে অন্য সতিনীক ভাল নাপায় আৰু শত্ৰুতা আচৰণ কৰে বুলি ভবা হয়। কেতিয়াবা এনে আচৰণ এনে পৰ্যায়লৈ যাব পাৰে (হাস্যাৰ্থত) যে এগৰাকীয়ে আনগৰাকীক ক’ৰবালৈ ওলাই যোৱাত বা কোনো কামৰ আৰম্ভনিত বাধা দিবলৈ নিজৰ নাকটো কাটি হ'লেও আনগৰাকী সতিনীৰ আগত দেখা দিবলৈ মন্ত্ৰনা ৰচিব পাৰে— যাতে “বিকৃত দৃশ্য দেখিলোঁ” বুলি তেওঁৰ উৎসাহত যতি পৰে। কেতিয়াবা শত্ৰুতা এনে অবিবেচনাপূৰ্ণ পৰ্যায়লৈ গতি কৰে যে এজনে কেৱল শত্ৰুৰ অনিষ্ট কৰাৰ খাতিৰতে এনে আচৰণ কৰিবলৈ পাছ নোহোঁহকে। হিতাহিত জ্ঞানশূন্য হৈ কৰা এনে আচৰণে ব্যক্তি বা সমাজৰ অনিষ্ট কৰে। সেয়ে এনে নকৰিবৰ কাৰণে এই যোজনাৰ জৰিয়তে ব্যংগ আৰোপ কৰি এনে অবিবেচক কাৰ্য্যৰপৰা মানুহক দূৰত ৰাখিবলৈ প্ৰয়াস কৰা হৈছে।
  23. আৰ চিগা চুলি, তাৰ চিগা চুলি, বান্ধি যাওঁ নেঘেৰী খোপা: নেঘেৰী খোপা দেখিবলৈ বৰ শুৱনী৷ নেঘেৰী খোপা বন্ধা নাৰীৰ সৌন্দৰ্য অতি কমনীয় হৈ পৰে৷ যাৰ নিজৰ নেঘেৰী খোপা বান্ধিব পৰা চুলি নাথাকে, তেওঁ আনৰ চিগা চুলিৰে হ’লেও খোপা বান্ধি সুন্দৰী হোৱাৰ চেষ্টা কৰে৷ গতিকে, লোকৰ বস্তু সংগ্ৰহ কৰি ব্যৱহাৰ নিজৰ যশ প্ৰকাশ কৰা৷
  24. আৰৈতকৈ উখুৱাৰ খচখচনি বেছি: সমজুৱা কামত অদৰকাৰীভাৱে বা অপ্ৰয়োজনীয়জনে মাত মতা।
  25. আলিবাটত চুৰিয়াৰ ফেৰ, ঘৰত ঢকুৱাৰ বেৰ: ঘৰত যিমান আছে বাহিৰত তাতকৈ বেছি দেখুওৱা।
  26. আগ তপা লনী, মাজ তপা ধনী, পিছ তপা শনি (ডাকৰ বচন): যি মানুহৰ মাজ মূৰটো তপা, তেওঁ ধনী হব বুলি ভবা হয়। যি মানুহৰ পিছ মূৰটো তপা, তেওঁৰ দিন ভাল নহব বুলি ভবা হয়। আকৌ আগমূৰটো তপা হ’লে কপালখন চিকমিকাই থকা বাবে তেনে পুৰুষক লনী অৰ্থাৎ ধুনীয়া দেখায়৷
  27. আগফালে দুৱাৰ দাং, পাছফালে ধোবাং-বাং[৬]: আগফালৰ দুৱাৰ ভালদৰে মাৰি পিছফালৰ দুৱাৰ খোলা ৰখা। অৰ্থাৎ অনৰ্থকভাৱে কোনো কাৰ্য্য কৰা৷
  28. আগৰ হাল যিফালে যায়, পাছৰ হালো সিফালে যায়: নেতৃবৃন্দ যিফালে যায় অনুসৰণকাৰী সকলো সেইফালে যায়।
  29. আনলৈ হুল পুতি নিজে মৰে ফুটি: আনৰ অনিষ্ট কৰিব গলে নিজৰহে ক্ষতি হয়।
  30. আপোন হাত জগন্নাথ, পৰত আশ, বনত বাস: নিজৰ কাম আনে কৰি দিব বুলি ৰৈ থকিলে বিপদত পৰিব লাগে, সেয়েহে নিজে কৰিব লাগে।
  31. আহু চাবা গধূলি, শালি চাবা পুৱা, জাকৈ বাওঁতে ছোৱালী চাবা কোন কেনেকুৱা (ডাকৰ বচন): আহু ধান গধূলি চাব লাগে, আনহাতে শালি ধান ৰাতিপুৱা চাব লাগে। ঠিক তেনেদৰে ছোৱালী চাবলৈ হ’লে জাকৈ বাই থকা অবস্থাত চাব লাগে।
  32. আদা বেপাৰীক জাহাজৰ খবৰ: অপ্ৰয়োজনীয় খবৰ বিচৰা।
  33. আৰ্জিলে নন্দ গোৱালে, খালে বোন্দা শিয়ালে: কোনোবাই কষ্ট কৰিলে, কিন্তু আন কোনোবাইহে ফল ভোগ কৰিলে৷
  34. আগ নুগুণি গুণে পাছ, লোভত মৰে বৰশীৰ মাছ: ভালদৰে চিন্তা-চৰ্চা নকৰি লোভত কিবা কাম কৰিলে বিপদত পৰিবলগীয়া হ’ব পাৰে।
  35. আমো নাই ফৰ্মুঠিও নাই : কাৰোবাক বিচাৰি অন্য এজনক পঠালে বহু পৰলৈ যদি বিচৰাজনো নাই, পঠোৱা জনো নাইকিয়া হোৱা বুজাবলৈ ব্যৱহাৰ কৰা হয়।
  36. আবতৰীয়া বেঙেনাই মোক তোল, মোক তোল কৰা: সম্পৰ্ক নথকা মানুহক সম্পৰ্কীয় বুলি কৈ আদৰ বিচৰা লোক৷
  37. আপোন হাত জগন্নাথ, পৰত আশ বনত বাস : নিজে নিজৰ কামৰ গুৰুত্ব বুজি সেইমতে সময়ত খৰখেদাকৈ হ’লেও কামটো সম্পন্ন কৰা হয়; কিন্তু সেই একে কামৰ গুৰুত্ব আনে নুবুজে বাবে ধীৰ গতিত কৰে বা কৰিবলৈ দিলে নকৰি পেলাই থয়৷ সেয়ে আনে কৰিব বুলি ভবাতকৈ নিজে কৰাই ভাল৷
  38. আমে বান, কঁঠালে ধান: প্ৰবাদ অনুসৰি যি বছৰ আম বেছিকৈ হয় সেইবছৰ বানপানীৰ প্ৰকোপ বেছি হয়। সেইদৰে কঁঠাল বেছি হ’লে ধানৰ উৎপাদন ভাল হয়।
  39. আইৰো বাৰ্তা গংগাৰো যাত্ৰা: এটা সজ কাম কৰিবলৈ যাওঁতে আন এটা সজ কাম কৰি অহা৷
  40. আহিল কণা, গ’ল কণা, খাগৰি কাটিল তিনি কণা : কৰোঁতা অনেক যদিও কোনো জোখৰ কাম নোহোৱা।
  41. আঞ্জাৰ মাছকে ধৰিব নোৱাৰে, বিলত মাছ মাৰিবলৈ যায় : আঞ্জাত দিয়া মাছ প্ৰাণহীন ৷ সেই মাছ বাটিত থাকে ৷ বিনা আয়াসত ধৰিব পাৰে ৷ কিন্তু যি মানুহে সেই মাছো ধৰিব নোৱাৰে সিনো কেনেকৈ বিলত মাছ মাৰিবগৈ ৷ ইয়াত মানুহৰ কাৰ্য ক্ষমতাক কটাক্ষ কৰা হৈছে।
  42. আগৰ কমলাবৰীয়াই ধুই খায় খৰি, আজিৰ কমলাবৰীয়াই খাবলৈ নিতিয়ায় ভৰি : আগতে ভকতে সকলো নীতি-নিয়ম মানি চলিছিল, এতিয়া নমনা হ’ল৷ অৰ্থাৎ সময়ৰ লগে লগে সকলো সলনি হোৱাত কোৱা হয়৷
  43. আটাইতকৈ তিতা নেমুটেঙাৰ পাত, তাতোকৈ তিতা মাহীআইৰ মাত: মাহীমাকৰ কঠোৰ স্বভাৱ বুলি প্ৰচলিত ধাৰণাত ব্যক্ত কৰা মত৷
  44. আছে কাপোৰ আছে জাৰ, নাই কাপোৰ নাই জাৰ: মানুহে অৱস্থা চাই ব্যৱস্থা কৰিবলৈ বাধ্য হয়৷ যাৰ কাপোৰ আছে যিমান পিন্ধিলেও জাৰ নুগুচে, কিন্তু কম কাপোৰ থকা মানুহে অলপ কাপোৰেৰেই জাৰ নিবাৰণ কৰিব পাৰে৷[৮]
  45. আঁজোৰে মানে নাটে, সীও মানে ফাটে: মানুহৰ অভাৱ-অনাটন যিমানেই বাঢ়ে সিমানেই বিপদ-আপদেও জুমুৰি দি ধৰে৷[৮]
  46. আপদ থাকে দুৱাৰ চুকত, সম্পদ থাকে বাৰীৰ চুকত: আপদ-বিপদ কেতিয়া আহে কোনেও ক’ব নোৱাৰে৷ গাৰ কাষতে বিপদৰ সম্ভাৱনা লুকাই থাকিব পাৰে৷ তেনেদৰে, ঘৰৰে বাৰীখন আটোমটোকাৰি কৰি ৰাখিলে কেতিয়াবা তাৰপৰাও প্ৰয়োজনীয় সম্পদ আহৰণ কৰি উপকৃত হ’ব পাৰে৷[৮]
  47. আগত গ’লে খোৰাই যাওক, পিছত গ’লে ঘোঁৰাই যাওক: আগত যোৱাজনে সদায় চাই-চিতি সাৱধানে যাব লাগে, পিছত যোৱাজন আগত যোৱাজনক চাই বেগাই যাব পাৰে৷
  48. আহোঁতে নাৰদ যাওঁতে নাৰদ, নাৰদৰ ঘৰৰ ছোৱালী নানিবা, মেখেলা মেলে চালত: নাৰদ অৰ্থাৎ টুটুকীয়া স্বভাৱৰ মানুহে ইঘৰত সিঘৰত কথা লগাই ফুৰোঁতে নিজৰ ছোৱালীক সামাজিক নীতি-নিয়ম শিকাবলৈ সময়েই নাপায়৷ সেয়ে তেনে ঘৰৰ ছোৱালী আনিলে মেখেলা চালত মেলি দিয়াৰ দৰে অৰুচিকৰ কাম কৰিব বুলি আনিবলৈ বাৰণ কৰা হৈছে৷

[সম্পাদনা কৰক | উৎস সম্পাদনা]

  1. ইয়াত মাৰিলো টিপা, গড়গাঁও পালেগৈ শিপা: সাধাৰণতে উৰা-বাতৰি যি দ্ৰুত বেগে বিয়পে তাক বুজাবলৈ ব্যৱহাৰ কৰা হয়। উল্লেখনীয় যে কেতিয়াবা ইয়াক সাঁথৰ হিচাবেও ব্যৱহাৰ কৰা হয়। উত্তৰটো হৈছে "ভূমিকম্প"। কোনটো আগতে সৃষ্টি কৰা জনা নগ’লেও ভূমিকম্প আৰু উৰাবাতৰিৰ বিস্তাৰৰ বেগৰ তুলনা কৰা হৈছে বুলি অনুমান কৰিব পৰা যায়।[৯]
  2. ইন্দ্ৰৰ সভাত ফেঁচাৰ উৰুলি: আঢ্যৱন্ত লোকৰ মাজত দীন-দুখীয়া লোকৰ উপস্থিতি৷ সাধাৰণতে ফেঁচাক অস্পৃশ্য বা অমঙ্গলীয়া বুলি ধৰা হয়৷ ইন্দ্ৰৰ সভা এক সৰগীয় আৰু পবিত্ৰ অনুষ্ঠান৷ তাত ফেঁচাৰ দৰে অমঙ্গলীয়া চৰাইৰ উপস্থিতি নাই বুলি ধৰা হয়৷[৯]
  3. ইকাণ সিকাণ সহস্ৰ কাণ: গোপন কথা এজনৰ পিছত আন এজনে শুনিলে গোপনীয়তা নোহোৱা হোৱা৷
  4. ইজনে দিলে কটা ঘাঁটি, সিজনে দিয়ে দৰব বটি৷: মানুহে যদি কোনো এক পৰিয়াল বা সমাজৰ মাজৰ এজনৰ পৰা কষ্ট পায়, তেনেস্থলত সেই পৰিয়ালৰ আন এজনৰ পৰা সমবেদনা বা অনুকম্পা আদি পালে, ব্যঙ্গাত্মকভাৱে এনেদৰে কোৱা হয়।[৯]
  5. ইমানদিনে শুই থাকিল নাকত তেল দি, আজি হেনো ভাৰস্তখন উদ্ধাৰিব সি৷: বহুসময় অবাবত নষ্ট কৰাৰ পাছত, কোনো ব্যক্তিয়ে হঠাৎ কৰ্মতৎপৰতা দেখুৱালে এনেদৰে কৈ উপলুঙা কৰা হয়৷[৯]
  6. ইডালত ছমাহ সিডালত ছমাহ, মইনো বান্দৰী হৈ জীম কেইমাহ: সহায় সাৰথি নোহোৱা মানুহে অ’ত কেইদিনমান, ত’ত কেইদিনমান কৰি জীৱনকাল অতিবাহিত কৰাৰ কথা কোৱা হৈছে৷[৮]
  7. ইমানতে সিমান, বণিজলৈ গ’লে বেহাবি কিমান: বেহা-বেপাৰ কৰিবলৈ যথেষ্ট ধৈৰ্যৰ প্ৰয়োজন৷ আৰম্ভণিতে ভাগৰি গ’লে নহয়৷[১০]

[সম্পাদনা কৰক | উৎস সম্পাদনা]

  1. ঈশ্বৰে কৰিলে লীলা, মনিচে কৰিলে কিলা: ক্ষমতাশালী লোকে কৰা কাম দুৰ্বলীয়ে কৰিলে দোষ ধৰা৷
  2. ঈশ্বৰে যি কৰে ভালকে কৰে, বিপদত পেলালেও ঈশ্বৰেহে তৰে: বিপদত পৰাজনক সান্ত্বনা দি ধনাত্মকভাবে চিন্তা কৰিবলৈ উপদেশ দিয়া হয়৷

[সম্পাদনা কৰক | উৎস সম্পাদনা]

  1. উঠোঁ‌তে ভাগিল বৰ চাং বহোঁতে ভাগিল পীৰা, ন-সম্বন্ধৰ মিতিৰ আহিছে বলদ গৰুটো খীৰা: উঠোঁ‌তে বৰ চাং আৰু বহিলেই পীৰাখন সতকাই ভাগিব নোৱাৰে। একেদৰেই বলদ গৰুৱে গাখীৰ দিয়াটো সম্ভৱ নহয়। অৰ্থাৎ নোহোৱা নোপোজা ধৰণৰ ঘটনা সংঘটিত হোৱা।
  2. উপকাৰীক অজগৰে খায়: অজগৰ সাপক উপকাৰ কৰিলেও সুবিধা পালে উপকাৰীজনক খায়, অৰ্থাৎ যাকে তাকে উপকাৰ কৰিব নালাগে।
  3. উপদেশতকৈ আৰ্হি ভাল: কিবা এটা কাম কৰাৰ উপদেশ দিয়াতকৈ নিজে কৰি দেখুওৱা ভাল।
  4. উৰহৰ খং ভঙা ঢাৰীত জৰা: সাধাৰণতে বিচনা লেতেৰা হ’লে তাত উৰহ নামৰ পোকবিধ হয় আৰু ৰাতি সি শুই থকা মানুহক কামোৰে৷ আনহাতে বিচনাৰ তলত থকা ভগা ঢাৰিতে সেই উৰহ থাকে বুলি জানি উৰহক বিচাৰি নাপাই ঢাৰিকে মৰিয়াই হাৰাশাস্তি কৰে৷ অৰ্থাৎ কাৰোবাৰ খং কাৰোবাৰ ওপৰত সৰা বিষয়ত ইয়াক ব্যৱহাৰ কৰা হয়৷
  5. উমৈহতীয়া শ বাহী শ হয়: ৰাজহুৱা সম্পত্তি চোৱা চিতা কৰা মানুহৰ অভাৱ।
  6. উদঙীয়া গৰু, ঢাকনি নাইকিয়া চৰু: নিয়ন্ত্ৰণহীন। উদঙীয়া বা এৰাল নথকা গৰুৱে যেনেদৰে লোকৰ বাৰী বা খেতিপথাৰ নষ্ট কৰে; তেনেদৰে ঢাকোন নথকা চৰুত থকা খাদ্যত কিবা অখাদ্য মিহলি হৈ খাদ্যবস্তু নষ্ট হ’ব পাৰে৷
  7. উদক ভেটা ৰখীয়া পতা: সাধাৰণতে সকলোৱে জানে যে উদে মাছ খায়৷ কিন্তু সেই উদকে যদি মাছ ধৰিবৰ কাৰণে মৰা ভেটা ৰাখিবলৈ দিয়া হয় তেন্তে তাৰ ফল ওলোটাহে হ'ব৷ অৰ্থাৎ যি মানুহ যি বস্তুৰ প্ৰতি অধিক আসক্ত বা দুৰ্বলতা আছে তাক সেই বস্তুৰে ৰখীয়া পতা৷
  8. উদৰ সম্মুখৰ শালপোণা: উদৰ সম্মুখত শাল মাছ বা পোনা মাছৰ কোনো বাচ বিচাৰ নোহোৱাৰ দৰে চিকাৰীৰ সন্মুখত কোনো চিকাৰৰ বাচ বিচাৰ নহয়৷
  9. উদৰ সাতপুৰুষ গ’ল কেঁচা মাছ খাওঁতেই: উদ মাছ খোৱা জীৱ, সি সাধাৰণতে মাছ কেঁচাই খায় আৰু তেনেদৰেই চলি আছে৷ অৰ্থাৎ আগৰ প্ৰচলিত ৰীতি সহজতে এৰিব নোৱাৰা।
  10. উলঙ্গ দেশত কাম কি ধোবাৰ : য’ত কোনো নিয়ম নীতি নাই তাত নিয়মৰ কথা কোৱা অৰ্থহীন।
  11. উলুৰ লগত বগৰী পোৰা যোৱা: সাধাৰণতে উলুৱনিত বগৰি গছ থাকে, কিন্তু উলুৱনিত জুই দিয়াৰ সময়ত সেই বগৰী গছো পোৰা যায়৷ অৰ্থাৎ অসৎ মানুহৰ সঙ্গত ভাল মানুহ থাকিলেও তেওঁৰো বিপদ হ'ব পাৰে৷
  12. উৰহী গছৰ ওৰ লোৱা : উৰহী গছৰ গুৰি বিচৰি উলিওৱা সহজ নহয়, সেইদৰে ৰহস্য থকা কথাৰো গুৰি উলিওৱা অৰ্থত ফকৰাটি ব্যৱহাৰ কৰা হয়।
  13. উভলা গছ দেখিলে আটায়ে বাগী কুঠাৰ মৰা: দুৰ্বল দেখিলে আটায়ে নেওচা দিয়া।
  14. উদে মাছ মাৰে, গেৰেলাই পাৰত বহি ভাগ বটায়: এটাই পৰিশ্ৰম কৰি ঘটে বা আৰ্জে, কিন্তু পৰিশ্ৰম নকৰা এজনে ভাগ ল’বলৈ যোৱা। [গেৰেলা-শিয়ালৰ দৰে এবিধ প্ৰাণী]
  15. উলি তামোলৰ পুলি, ইজনীয়ে বোলে মোৰ পৈ, সিজনীয়ে বোলে মোৰ পৈ, লাগে চুলিয়াচুলি: উমৈহতীয়া বস্তুৰ ওপৰত নিজৰ হক যতাওঁতে কাজিয়া লগা৷
  16. উত্তম লোকে কৰে যদি গৰিহিত কৰ্ম, পাচৰ লোকে তাক মানিবেক ধৰ্ম[১১]: সমাজৰ বৰমূৰীয়া বা আগশাৰীৰ লোকসকলক সকলোৱে আদৰ্শ হিচাপে মানে। তেনে লোকে যদি কোনো নকৰিবলগীয়া কাম কৰে তেন্তে বাকী লোকসকলে তাকেই আদৰ্শ মানি কাম কৰাৰ সম্ভাৱনা থাকে।
  17. উঁই পৰুৱাৰ পাখি গজিলেই মৰণ: মানুহৰ বুদ্ধিবৃত্তি যিমানৰ সিমানতে থাকিব লাগে৷ তাতকৈ ওপৰলৈ উঠিলে কষ্ট হয়৷

[সম্পাদনা কৰক | উৎস সম্পাদনা]

  1. ঊনা ভাতে দুনা বল, অধিক ভাতে ৰসাতল : প্ৰয়োজন অনুসৰি খালে স্বাস্থ্যৰ কোনো ক্ষতি নহয়৷ কিন্তু প্ৰয়োজনতকৈ অধিক খালে স্বাস্থ্যৰ লগতে ধনো হানি হয়৷

[সম্পাদনা কৰক | উৎস সম্পাদনা]

  1. এক বৰাই ধান খায়, এক বৰাই হান খায়: একে স্বভাৱৰ দুজন লোকৰ এজনে দোষ কৰে আৰু ভুলক্ৰমে আনজনে শাস্তি পায়৷ অৰ্থাৎ, দোষ কৰি চতুৰজন সাৰি যায় আৰু নিৰ্দোষীজনে দোষ নকৰাকৈয়ে শাস্তি পায়৷
  2. এক/এই জাৰেই শেষ নহয় আৰি জাৰ আছে : বিপদ এটাতে শেষ নহয়। ই আহিয়েই থাকে।
  3. এদেও, দুদেও, লোটা নিয়াৰ চেওঁ: সুবিধা পালে চুৰি কৰা।
  4. এন্দুৰক সেন্দূৰ পিন্ধোৱা: কুৰূপ ব্যক্তিক কৃত্ৰিম উপায়েৰে অধিক সুন্দৰ কৰিবলৈ যত্ন কৰা৷
  5. এনেয়ে উৰ্বশী দুৱাৰে বাট দিয়া: সুযোগ বিচাৰি ফুৰা মানুহক অধিক দুষ্টালি কৰিবলৈ চল দিয়া৷
  6. এবাৰ সাপে খালে লেজুলৈকো ভয়: এবাৰ বিপদত পৰিলে পিছত বেছি সাৱধান হোৱা।
  7. একে গছৰ পাণ, সি নো হ’ব কি আন: একে বংশৰ মানুহৰ স্বভাৱ-চৰিত্ৰ একে হয়।
  8. এশ গৰু মাৰিলে বাঘৰো মৰণ: বনৰ বাঘ মাজে মাজে গাওঁলৈ আহি পোহনীয়া গৰু ম’হ আদি মাৰি খায়, কিন্তু কোনো এটা বাঘে যদি নিয়মীয়াকৈ আহি পোহনীয়া জন্তু আক্ৰমণ কৰে তেনেহলে গাওঁৰ ৰাইজে মিলি বাঘটো মাৰি পেলায়। অৰ্থাৎ বহু বেছি বেয়া কাম কৰিলে শেষত নিজে বিপদত পৰিব লাগে।
  9. এখন হাতেৰে চাপৰি নাবাজে: কাজিয়া লাগিবলৈ কমেও দুটা পক্ষ লাগে। যেনেদৰে এখন হাতেৰে চাপৰি বজাব নোৱাৰি তেনেদৰে এটা পক্ষই অকলে কাজিয়া কৰিব নোৱাৰে।
  10. এঘৰৰ পাটনাদ, এঘৰৰ জৰী, এঘৰে পানী তুলে হুৰূস হুৰূস কৰি: লোকৰ বস্তুৰে কম আয়াসতে নিজৰ কাম কৰা কাৰ্যক বুজোৱা হৈছে।
  11. এদিন বামুণৰ, এদিন বহুৱাৰ: সকলোৰে এদিন নহয় এদিন ভাল দিন আহে।
  12. এনেই বুঢ়ী নাচনী, তাতে নাতিনীয়েকৰ বিয়া: বুঢ়ী এগৰাকীয়ে যদি নাচি ভাল পায়, তেনেহলে নাতিনীয়েকৰ বিয়া হ’লেতো কথাই নাই, মন প্ৰাণ ঢালি নাচিব।। অৰ্থাৎ যি কাম কৰিব ভাল পায়, সেই কামকে কৰিব সুবিধা পোৱা।
  13. এনেই শিঙিমাছ, তাতে বাহী গাৰে পোৰা : শিঙি মাছ উচ্চবৰ্ণৰ অভক্ষ, তাতে আকৌ বাহী গাৰে পোৰাত সি অভক্ষৰো অভক্ষ। অৰ্থাৎ কোনো ফালৰপৰাই গ্ৰহণযোগ্য নোহোৱা। এই ফকৰাত অসমীয়া সমাজত এসময়ত প্ৰচলিত বৰ্ণবাদৰ আভাসো পোৱা যায়।
  14. এনেই মৰিছোঁ ঋষিৰ শাপত, তাতে দিছে ধানৰ ভাপত: বিপদত পৰি থকোঁতে অন্য এটা বিপদ হোৱা।
  15. এৰি দিয়া শৰ ঘূৰাই আনিব নোৱাৰি: টূনৰ পৰা কাঁড় ধনুৰ সহায়ত এবাৰ এৰি দিলে যেনেকৈ ওভোতাই আনিব নোৱাৰি, তেনেকৈ, কোৱা কথা ঘূৰাই আনিব নোৱাৰি।
  16. এৰিলে মন ঘোঁৰাৰ ছুটি, বান্ধিলে মন শিলৰ খুটি: নিজৰ মনক নিজে নিয়ন্ত্ৰণ কৰিব পাৰি। মনটো এৰি দিলে ঘোঁৰাৰ দৰে দৌৰি ফুৰিব, আনহাতে বান্ধি ৰাখিলে শিলৰ খুটিৰ দৰে স্থিৰ হৈ থাকিব।
  17. এবাৰ হাগি দহ বাৰ উলটি চোৱা: খুব বেছি কৃপণ, ইমানেই কৃপণ যে শৌচ কৰি উঠি বাৰে বাৰে উলটি চায় বেছিকৈ শৌচ কৰিলে নেকি। ব্যাঙ্গাত্মক ভাবত ব্যৱহাৰ হয়।
  18. এলেকৰ পেলেক কুকুৰা চৰাইৰ ভাগিনীয়েক: ইমান বেছি দূৰ সম্পৰ্কৰ মানুহ যে সম্পৰ্কীয় বুলি ক’বই নোৱাৰি।
  19. এটা মুদ্ৰাৰ ইপিঠি সিপিঠি: এটাৰ ওপৰত আনটো নিৰ্ভৰশীল। এটাক বাদ দি আনটো অসম্পূৰ্ণ।
  20. এৰাল চিগা গৰু, ঢাকন নাইকিয়া চৰু:দুয়োটাৰে একো ভৰষা নাই। এৰাল ছিগা গৰু যেনেদৰে নিয়ন্ত্ৰণহীন, তেনেদৰে ঢাকন নাইকিয়া চৰুতো যি কোনো সময়তে কুকুৰ মেকুৰীয়ে মুখ দিব পাৰে।
  21. এক গুলীত দুই চিকাৰ: একেটা কামেৰে দুটা উদ্দেশ্য সফল কৰা
  22. একালৰ বৃন্দাবন একালত পৰে চন: ভাৰতীয় হিন্দু পৰম্পৰাত শ্ৰীকৃষ্ণৰ লীলাভূমি বৃন্দাবন অতি পৱিত্ৰ আৰু মনোৰম ক্ষেত্ৰ৷ কিন্তু সময়ৰ পৰিৱৰ্তনৰ লগে লগে বৃন্দাৱন চনপৰা বা গুৰুত্বহীন হৈ পৰে৷ অৰ্থাৎ একালত বিশেষ গুৰুত্বপূৰ্ণ স্থানো সময়ত ধ্বংসৰ গৰাহত পৰে বা গুৰুত্বহীন হয়৷
  23. এক তিৰি লোদোৰ পোদোৰ
    দুই তিৰি গাঁতৰ এন্দূৰ
    তিনি তিৰি নাপায় ভাত
    চাৰি তিৰিৰ মূৰে-কপালে হাত
    : কেইবাগৰাকী তিৰোতা বিয়া কৰালে ঘৰত অথন্তৰ, কন্দল হয়৷
  24. এঠাইত কাটিলে সাতঠাইত গজা: অতি দুষ্ট প্ৰকৃতিৰ লোক৷

[সম্পাদনা কৰক | উৎস সম্পাদনা]

  1. ঐ টেকটেকী কলৈ যাৱ, গালখন পাতি দুচৰ খাৱ: যাৰে তাৰে কথাত মুখ পাতি লৈ যিহকে তিহকে কৈ অপমানিত হোৱা৷
  2. ঐৰাৱতো নিমাখিত হয় কাণত সোমোৱা পৰুৱাৰ ওচৰত৷:ঐৰাৱত বা হাতীৰ সমুখত পৰুৱা আকাৰত তেনেই নগণ্য প্ৰাণী, কিন্তু হাতীৰ কাণৰ ভিতৰত সোমালে সেই পৰুৱায়ো হাতীক অতিকৈ কষ্ট দিব পাৰে ৷ সেয়ে এই ফকৰাৰ সন্নিৱিষ্ট অৰ্থ হ`ল যে অসতৰ্ক হ`লে কোনো তুচ্ছ বস্তু বা প্ৰাণীয়েও মানুহক মহাবিপদত পেলাব পাৰে৷[১২]

[সম্পাদনা কৰক | উৎস সম্পাদনা]

  1. ওচৰৰ আলহী নকৰে কাণ, নৰিয়াত পৰিলে আহে কাম: ওচৰ-চুবুৰিয়াক কেতিয়াও অৱজ্ঞা কৰিব নালাগে, কাৰণ বিপদত ওচৰ-চুবুৰীয়াই সহায় কৰে।
  2. ওস্তাদৰ খেল শেষ ৰাতি: পাৰ্গত লোকে প্ৰথমতে হাৰিলেও শেষত জিকিবই।
  3. ওপৰলৈ পানী ছটিয়ালে নিজৰ গাতে পৰে: নভবা নিচিন্তাকৈ কাম কৰিলে নিজলৈকে বিপদ আহে।
  4. ওঁঠ চেপিলে গাখীৰ ওলোৱা: সৰু হৈ ডাঙৰৰ দৰে কথা ক’লে অপমানসূচক ভাবত ব্যৱহাৰ কৰা হয়৷
  5. ওলায়েই দেখিবা যাক, শতৰু নুবুলিবা তাক: ওচৰ-চুবুৰীয়াৰ লগত শত্ৰুতা কৰিব নালাগে।
  6. ওচৰৰ বামুণ শূদিৰ শূদিৰ: ঘৰৰ ওচৰত জ্ঞানী লোক থাকিলেও তেওঁৰ মান নকৰা৷
  7. ওচৰৰ পুঠি খলিহনা দূৰৈৰ ৰৌ বৰালি: কাষতে থকা বস্তুক নগণ্য বুলি ভাবি উপেক্ষা কৰা
  8. ওৰণীয়ে বাৰণীয়ে দেখিবলৈ ভাল, ওৰণী গুচালে ওফোন্দা গাল: দেখাত সাধু প্ৰকৃতিৰ হ’লেও ভিতৰি ভিতৰি দুষ্ট প্ৰকৃতিৰ লোক ৷
  9. ওল্টাই দিলে দা, পাল্টাই দিলে কাঁচি : ডাঙৰ বিষয়াৰ কথাৰ হুকুমৰ দ্ব্যৰ্থকতা বুজোৱা হৈছে। ইফালেও বিপদ সিফালেও বিপদ।

[সম্পাদনা কৰক | উৎস সম্পাদনা]

  1. ঔটো পৰি কপৌটো মৰিল, বগে নিৰামহি খায়; সখীয়তী চৰায়ে ছমাহলৈ বিনালে, সমন্ধত একোডাল নাই: কপৌ, বগলী, সখীয়তী-বেলেগ বেলেগ চৰাই৷ কিন্তু সিহঁতৰ জাতি একেটাই৷ হঠাৎ হোৱা দুৰ্ঘটনাত জাতিটোৰ সকলোৱে দুঃখিত হয়৷ সেইদৰে, সম্বন্ধত একো নাথাকিলেও মানুহে পৰস্পৰে পৰস্পৰৰ দুখ বুজি বিপদকালত একগোট হোৱা উচিত৷
  2. ঔ বিচাৰোঁতে মৌ পোৱা: সামান্য বস্তু বিচাৰোঁতে বহুমূলীয়া বস্তু পোৱা৷
  3. ঔটো পৰিলে তললৈ যায়, যাচি যাচি কিল খায়: উপযাচি নিজৰ বিপদ চপাই লোৱা৷[১৩]

[সম্পাদনা কৰক | উৎস সম্পাদনা]

  1. কটাৰ পো কুটি, লোকলৈ বুলি হুল পুতি নিজে মৰে ফুটি: আনৰ অন্যায় কৰিবলৈ গৈ নিজৰে অনিষ্ট হোৱা৷
  2. কালৰো কাল বিপৰীত কাল, হৰিণাই চেলেকে বাঘৰ গাল: অদ্ভূত কাৰ্য সংঘটিত হোৱা৷
  3. ক বুলিব নাজানে ৰত্নাৱলী পঢ়ে: ৰত্নাৱলী এখন সংস্কৃতত লিখা ধৰ্মশাস্ত্ৰ, আৰু ইয়াক সহজে বুজা নাযায়। সেয়েহে যি একেবাৰে লিখা-পঢ়া নাজানে সি ৰত্নাৱলী পঢ়া অসম্ভৱ। অৰ্থাৎ একেবাৰে কৰিব নোৱাৰা কাম এটা কৰিবলৈ যোৱা।
  4. কচু পাতৰ পানী : ক্ষণস্থায়ী জীৱনৰ উপমা হিচাপে ব্যৱহাৰ কৰা হয়।
  5. কণাৰ কি দিন ৰাতি: অন্ধ লোকে দিন ৰাতি গম ধৰিব নোৱাৰে। সেইদৰে অজ্ঞানী লোকে ভুল শুদ্ধ বিচাৰ কৰিব নোৱাৰে।
  6. কণা হাঁহক পতান দিয়া: হোজা মানুহক ঠগোৱা।
  7. কলাৰ আগত বেঙাই কয়, কলাই বোলে হয় হয়: বেঙা মানুহে কথা ক’ব নোৱাৰে, আনহাতে কলা মানুহে কাণেৰে নুশুনে। তেনেস্থলত বেঙা লোক এজনে কাণেৰে নুশুনা এজন লোকক কথা কওঁতে হয়ভৰ দিয়াটো অৰ্থহীন। অৰ্থাৎ কথা ভালদৰে নুশুনি এনেই হয়ভৰ দিয়া।
  8. কুকুৰ চিকুণ গৃহস্থৰ যশ: কোনো এঘৰ মানুহৰ যদি পোহনীয়া কুকুৰ যদি চাফ-চিকুণ হয়, তেনেহলে সেই ঘৰ মানুহো চাফ-চিকুণ বুলি ধৰিব পাৰি।
  9. কুকুৰৰ নেজ দীঘল হলে নিজে পাৰি বহিব: কুকুৰৰ নেজ দীঘল হ’লেও তাত আনক বহিব নিদিয়ে, সাধাৰণতে কৃপণ মানুহক বুজাবলৈ এইশাৰী কথা ব্যৱহাৰ কৰা হয়।
  10. কুকুৰে একেদিনাই স্বৰ্গ পাবগৈ পাৰে, কেৱল জ্ঞাতিৰ কাৰণে নোৱাৰে : নিজৰ অসফলতাৰ কাৰণে আনক দোষ দিয়া।
  11. কুকুৰৰ নেজ কেতিয়াও পোন নহয়: কিছুমান মানুহৰ স্বভাৱ যিমান চেষ্টা কৰিলেও সলনি নহয়।
  12. কঁকালতে কাঁচি, বুঢ়ী ফুৰে নাচি : কিবা বস্তু নিজৰ হাতত থকাটো, পাহৰি আন ঠাইত বিচাৰি ফুৰা।
  13. কাকনো বুলিবা ককা, সকলোৰে দাঢ়ি-চুলি পকা: যেতিয়া সৰু বৰ সকলোৱে অপকৰ্মত লিপ্ত হয়, তেতিয়া কাকো দোষ দিবলৈ কোনো উপায় নেথাকে।
  14. কালৰো কাল বিপৰীত কাল, হৰিণাই চেলেকে বাঘৰ গাল: বাঘে হৰিণা চিকাৰ কৰি খায়, তেনেক্ষেত্ৰত যদি হৰিণাই বাঘৰ গাল চেলেকা দেখা যায় তেনেহলে নিশ্চয় ডাঙৰ অঘটন ঘটিছে।
  15. কিনা হাঁহৰ ঠোঁটলৈকে মঙহ: সাধৰণতে হাঁহ খালে ঠোঁট, ঠেং আদি পেলাই দিয়া হয়। কিন্তু হাঁহটো যদি কিনি অনা হয়, তেনেহলে যিমান বেছি পাৰি সিমান মাংস কাটি উলিওৱাৰ যত্ন কৰা হয়। অৰ্থাৎ কিনি অনা বস্তুৰ যিমান পাৰি সিমান বেছি ব্যৱহাৰ কৰিব চেষ্টা কৰা হয়।
  16. কুমলীয়া আদা পায়, ভৰিৰে মোহাৰি খায়: আদাৰ বাকলি কটাৰীৰে গুচোৱা হয়, কিন্তু কুমলীয়া আদা হলে ভৰিৰে মোহাৰিলেই বাকলি গুচি যায়। ঠিক তেনেদৰে দুৰ্বল মানুহক সহজে বশ কৰা যায়।
  17. কেঁচা বৰলক জোকাই ললে গা সৰা টান: বৰলৰ বাহক জোকাই ল’লে বৰলবোৰে আক্ৰমণ কৰিবলৈ খেদি ফুৰে, তেনে বৰলৰ পৰা হাত সৰা টান। ঠিক তেনেদৰে কাজিয়া প্ৰৱণ মনোভাবৰ মানুহক জোকাই নোলোৱাই ভাল।
  18. কেঁচু খান্দোতে সাপ ওলোৱা: কিছুমান অন্য কথা আলোচনা কৰোঁতে, মনে বিচাৰি থকা তথ্যৰ সম্ভেদ পোৱা।
  19. কাঠৰ মালা ফুটে ফাটে, মনৰ মালা কাহে চুটে: (ভকতীয়া যোজনা) ভকতে ধ্যান কৰাৰ সময়ত তুলসী কাঠৰ গুটিৰ মালা জপি ধ্যান কৰে৷ কিন্তু মনটো ধ্যানৰ পৰা পিছলি যায়৷ সেয়ে, মন থিৰ কৰি ধ্যান কৰা যুগুত৷ মন থিৰ হ’লে ধ্যান কৰোঁতে মালা নজপিলেও হয়৷
  20. কথাত কথা বাঢ়ে, খৰিকাত বাঢ়ে কাণ, মাকৰ ঘৰত জীয়েক বাঢ়ে, পথাৰত বাঢ়ে ধান:
  21. কেৰেলাতকৈ গুটি দীঘল: প্ৰয়োজনতকৈ অপ্ৰয়োজনীয় কথাত বেছি সময় যোৱা
  22. কোলাৰটো এৰি বোকাৰটো লোৱা : আপোন বা ভালটো এৰি পৰৰ বা নিকৃষ্ট এটা বাচনি কৰা।
  23. কোনো মৰে হাড়ে ছালে, কোনো মৰে মঙহ ভাৰে : অনাহাৰত শুকাই ৰখীণায়ো মানুহ মৰে, সেইদৰে অতি ভোগ বিলাসেও মানুহৰ বেমাৰৰ কাৰণ হৈ মৰে।
  24. কোন কালতে পৈয়েক মৰিল, ঢেঁকী দিওঁতে মনত পৰিল: অপ্ৰয়োজনীয় সময়ত পুৰণি স্মৃতি সোঁৱৰণ কৰা৷
  25. কটাৰী ধৰাবা শিলে, তিৰোতা বলাবা কিলে: কটাৰীৰ ধাৰ গুচি গ’লে শিলত ধৰাব লাগে, ঠিক তেনেদৰে ঘৈণীয়েকে কথা নুশুনিলে বল প্ৰয়োগ কৰি মনাব লাগে। (এই ডাকৰ বচন শাৰী পুৰণি সময়ৰ সমাজৰ মহিলাৰ প্ৰতি থকা মনোভাবৰ প্ৰতিফলন।)
  26. কোৱাই কা নকৰা, জিলিয়ে জা নকৰা : নিমাওমাও পৰিৱেশৰ কথা বুজোৱা হৈছে। যুদ্ধ-বিগ্ৰহ বা বিপদৰ ফলত পৰিত্যক্ত পৰিৱেশৰ কথা বুজাবলৈ ব্যৱহাৰ কৰা হয়।
  27. কথা ক’ত বোলে ভেকুৰিৰ তলত, চিঙিব নোৱাৰি কাঁইটৰ বলত: কিছুমান কথা উৰা-বাতৰিৰূপে বিয়পি পৰে৷ ক’ৰ পৰানো কথাটোৰ আৰম্ভণি হ’ল, কোনেও ক’ব নোৱাৰে৷
  28. কথাত কটা যায়, কথাত বঁটা পায়: ভুল সময়ত ভুল ঠাইত ভুল কথা ক’লে বিপদত পৰিব লাগে, আনহাতে ঠিক সময়ত ঠিক ঠাইত ঠিক কথা ক’লে লাভজনক হয়।
  29. ক’ৰ পৰা আহিলা ক’ত দিলা ভৰি, চোতাল খন ফাটি গ’ল চেৰেক চেৰেক কৰি: বহুদিন নহা মানুহ আহিলে ব্যৱহাৰ কৰা হয়।
    উল্লেখযোগ্য যে এই যোজনাটো লীলা গগৈৰ "বিহুগীত আৰু বনঘোষা" নামৰ অসমীয়া লোকগীতৰ সংকলনত বিহুনাম হিচাবে সন্নিৱিষ্ট কৰা হৈছে।
  30. ক’লেও আয়ে কিল খায়, নক’লেও বোপায়ে ছুৱা খায়: দেউতাকৰ বাবে ভাত বাঢ়ি থোৱা ভাত মেকুৰীয়ে খোৱাটো পুতেকে দেখিছে, এতিয়া দেউতাক অহাৰ পাছত যদি কথাতো কৈ দিয়া হয় তেনেহলে দেউতাকে মাকক কিলাব, আনহাতে নক’লে দেউতাকে জুঠা খাব লাগিব।
    কোনো কথা ক’লেও বিপদ আৰু নক’লেও বিপদ অৰ্থাৎ ই দোধোৰ-মোধোৰ অবস্থাত পৰা বুজাইছে।
  31. কৃষ্ণই কৰিলে লীলা, আমি কৰিলে ধৰি বান্ধি কিলা: সমাজৰ গণ্য-মান্য মানুহে কিছুমান কাম কৰিলে প্ৰসংশা পায়, কিন্তু সাধাৰণ মানুহে কৰিলে ঠাট্টা মস্কৰাহে কৰা হয়।
  32. কালিলৈ ৰাম ৰজা হ’ব আজি অধিবাস[টোকা ১], কোনেনো জানিছিল ৰাম যাব বনবাস: ভৱিষ্যত অনিশ্চিত।
    ৰামায়ণৰাম আছিল জনপ্ৰিয় যুৱৰাজ। কিন্তু ৰাজনৈতিক চক্ৰান্তৰ বলি হৈ তেওঁৰ পিতৃ দশৰথে (দশৰথ) তেওঁৰ ৰাজ্যাভিষেকৰ দিনাই লোকপ্ৰত্যাশাৰ বিপৰীতে সিংহাসনৰ পৰা বঞ্চিত কৰি চৌধ্য বছৰৰ কাৰণে বনবাসলৈ পঠাবলৈ বাধ্য হৈছিল।
  33. কি ক আছিলা, কি ক হ’লা, খাবলে নাপাই শুকাই খীণাই গ’লা[টোকা ২]: বহুদিন ভাল অৱস্থাত থকাৰ পিছত বেয়া অৱস্থা হোৱা বুজাবলৈ ব্যৱহাৰ হয়।
  34. কেৰ্কেটুৱাৰ বাঁহপাতেই ভেটি : যাৰ যি আছে, সি তেনেভাবেই সুখী৷
  35. কানী বুঢ়ীৰ কাম নাই, চাউলত ধান দিয়ে আৰু বাচে : অদৰকাৰী হ’লেও ব্যস্ত থাকিবলৈকে কিবা এটা কৰি থকা।
  36. কৌৰৱৰ চাউল খায়, পাণ্ডৱৰ গুণ গোৱা: মহাভাৰতত কৌৰৱ পক্ষৰ হ’লেও ভীষ্ম, দ্ৰোণ আদিয়ে পাণ্ডৱৰ প্ৰতিহে মনে মনে বা প্ৰকাশ্যে ভালভাৱ আছিল। সেয়ে দুৰ্যোধনে তেওঁলোকক এইদৰে তিৰষ্কাৰ কৰিছিল। বৰ্তমান সময়তো তেনেকৈ এজনৰ পৰা সুবিধা লৈ তেওঁৰ বিপক্ষ আনজনৰ প্ৰতি বেছি সহানুভূতি দেখুৱা অৰ্থত এইদৰে কোৱা হয়।
  37. কাউৰী টেঙৰ নে মাউৰী টেঙৰ: মাক-দেউতাক নোহোৱা ছোৱালীয়ে ঠেকি ঠেকি শিকি ডাঙৰ হয়৷
  38. কান্দবা লাগে হিদালোৰ তলোত, কান্দছা ওদালোৰ তলোত: উপযুক্ত স্থানত আবেদন নকৰা৷
  39. কোনজনে সেৱা কৰে কোনজনে লয়, ইহাৰ গুহ্য কথা মহন্তেসে কয়[১৪]: শৰণ লোৱাৰ পিছত কাক কাক সেৱা কৰিব লাগে আৰু কোনে কৰিব লাগে সেই কথা মহন্ত অৰ্থাৎ দীক্ষা দিয়াজনেহে ভালকৈ ক’ব পাৰে৷
  40. কাচিৎ কাচিৎ ব্যভিচাৰী, ছাগল মুখে যথা ডাড়ি: ডাড়ি পুৰুষ জাতিৰ মুখতহে থাকে৷ কিন্তু মাইকী ছাগলীৰ মুখত ডাড়ি থকাৰ দৰে নিতি-নিয়মৰ মাজতো কেতিয়াবা হেৰফেৰ হ’লে দোষণীয় নহয়৷[১৫]
  41. কাজীৰ টিকাত পাঁজী, অকাজীৰ টিকাত মুগাৰ মেখেলা, যায় খমখম বাজি: পৰিশ্ৰম কৰাসকলে সদায় কামেই কৰি থাকে, বাকীসকলে পৰিশ্ৰমৰ ফল ভোগ কৰি ধুন মাৰি ফুৰে৷

[সম্পাদনা কৰক | উৎস সম্পাদনা]

  1. খোৰাৰ খোজেপতি দায়[১৪]: দুৰ্বলী লোকৰ প্ৰতিটো কথাতে দোষ চকুত পৰে যদিও সবলীজনৰ ক্ষেত্ৰত দোষ দেখিলেও সকলো নিমাতে ৰয়৷
  2. খন্তেকৰ ভোজ খাওতা নাই: ভোজ খাবলৈ আগতে খাওতাক মাতিব লাগে৷ হঠাতে ভোজ পাতি কাকো নামাতিলে কোনেও খাবলৈ নাহে৷ তেনেদৰে, হঠাৎ হোৱা বিপদতো মানুহ পোৱা বৰ টান৷
  3. খঁকুৱাই পাত কাটে, নিখঁকুৱাই মাটিতে খায়: খঁকুৱা মানুহে ভোকত থাকিও ভাত খাবৰ কাৰণে কলপাত কটাৰ দৰে বিভিন্ন আয়োজন কৰোঁতেই সময় পাৰ কৰে, কিন্তু নিখঁকুৱা মানুহে যেনেদৰে পায় তেনেদৰেই খাই পেট ভৰায়৷ ইয়াৰ পৰোক্ষ অৰ্থ হৈছে- "কোনোবাই কোনো এটা কাম কৰিবলৈ মনতে পৰিকল্পনা কৰি থাকোঁতেই আনে কোনো পৰিকল্পনা নকৰাকৈয়ে কামটো শেষ কৰা৷"
  4. খাই কাৰ্শলা ডালত উঠিল, কাঠি চেলেকাৰ মৰণ মিলিল: বেয়া কাম কৰাজন সুবিধা বুজি আঁতৰি য়ায় আৰু অনাহকত পিছত অহাজনে তাৰ শাস্তি ভোগ কৰিব লগা হয়৷
  5. খাবলে জীবলে যাৰ মন, হাগোতেও আজোঁৰে বন: যাৰ খাই লৈ জীয়াই থকাৰ হাবিয়াস আছে, সি সকলো সময়তে কামত ব্যস্ত থাকে৷
  6. খেনো খেনো পাকত ঢেঁকি থোৰাও সোমায় নাকত: অসম্ভৱ যেন লগা কথাও সম্ভৱ হোৱা৷
  7. খেনোক দেখি ৰান্ধে-বাঢ়ে, খেনোক দেখি দুৱাৰ বান্ধে: কোনোবা ঘৰলৈ অহা দেখিলে খোৱা-বোৱাৰ আয়োজন কৰা হয়, আনহাতে অন্য কোনোবা আহিলে দুৱাৰ বন্ধ কৰি ঘৰত কোনো নাই বুলি বুজাব খোজা হয়৷ অৰ্থাৎ বেলেগ বেলেগ মানুহক বেলেগ ব্যৱহাৰ কৰা হয়৷
  8. খৰ ৰান্ধনী খৰ বাঢ়নী পৈয়েক লঘোণে যায়, উদা ৰান্ধনী উদা বাঢ়নী পৈয়েকে তিনি সাজ খায়: একে সময়তে বহু কাম কৰিম বুলি ভবাজনে কেতিয়াও কোনো কাম সময়মতে শেষ কৰিব নোৱাৰে৷ যিয়ে লাহে ধীৰে কামবোৰ পৰিপাটীকৈ কৰি যায়, তেনে মানুহৰ কাম যুগমীয়া হয়৷
  9. খং নামে চণ্ডাল: খং বৰ বেয়া বস্তু, ইয়াক পৰিহাৰ কৰি চলাই ভাল।
  10. খঙত পেট কাটি ছমাহলৈ শুকনি খোৱা: খঙতে নিজৰ অনিষ্ট কৰি পিছত বহুদিনলৈ নিজে শাস্তি ভোগ কৰা।
  11. খঙত টিঙিৰি তুলা হোৱা আগৰ দিনত টিঙিৰি তুলা জুই ধৰিবলৈ ব্যৱহাৰ হৈছিল। ই জুইক সহজে জ্বলাত সহায় কৰে। ভমককৈ খং উঠা মানুহৰ ক্ষেত্ৰত ব্যৱহাৰ কৰা হয়।
  12. খাল খান্দি ঘঁৰিয়াল চপোৱা: নিজে নিজৰ আপদ চপাই লোৱা।
  13. খায় নে কাণত পিন্ধে গম নোপোৱা: আলোচ্য বিষয়ত মুঠেই জ্ঞান নথকা।
  14. খেনোক দেখি ৰান্ধে বাঢ়ে খেনোক দেখি দুৱাৰ মাৰে: সকলোকে সমভাৱে নোচোৱা৷
  15. খাবলৈ নাই পুঠি, তিৰোতাই বিচাৰে হীৰাৰ আঙঠি: সাধাৰণ খোৱা-পিন্ধাৰ অভাৱত থকা মানুহে মূল্যবান বস্তুলৈ হাবিয়াস কৰা৷
  16. খাৱৰীয়াৰ পাতত ৰৌ বৰালি/খাব নোপোৱাৰ পাতত কাঁইট দুডালি : সামজ্ঞস্যহীন বিতৰণ।
  17. খাবলৈ নোহোৱাৰ পেট ডাঙৰ, পিন্ধিবলৈ নোহোৱাৰ কঁকাল ডাঙৰ : অভাৱী মানুহৰ বলে নোৱাৰা হাবিয়াস৷
  1. খুজি কিল খোৱা :নিজৰ বিপদ নিজে মতা।

[সম্পাদনা কৰক | উৎস সম্পাদনা]

  1. গছ কাটিলেই মূঢ়া, ছোৱালী আনিলেই বুঢ়া: গছ কাটিলে তাৰ শিপাৰে সৈতে থকা অংশ ৰৈ যায়, তাক মূঢ়া বোলে৷ সেইদৰে ছোৱালী নামটো মাকৰ ঘৰত থকালৈকেহে; বোৱাৰী হোৱাৰ পাছত যিমান কুমলীয়া বয়সৰ হ’লেও তেওঁক ছোৱালী বুলি কোনেও নকয়৷
  2. গছ নাইকিয়া দেশত এৰাগছেই বৰগছ : যোগ্য কোনো নাথাকিলে অলপ জনাজনেই বৰ আসন পায়।
  3. গছত কঠাল, ওঁঠত তেল, নৌ পকোঁতেই চেল বেল: কোনো কাৰ্য্য হৈ নুঠোঁতেই তাৰ বিষয়ে গাই-বাই থকা৷
  4. গছত উঠাই গুৰি কটা: আনক কোনো কামলৈ আগবঢ়াই দি পিছ মুহূৰ্ততে মূৰপোলোকা মৰা৷
  5. গছত গৰু উঠা হোলোঙাৰে কাণ বিন্ধোৱা কথা: একেবাৰে অসম্ভব কথা।
  6. গৰম ভাতৰ ধোঁৱাই খালে: অত্যাধিক সুখ-সুবিধাই অপকাৰ সাধন কৰে৷
  7. গৰুৰ আগত টোকাৰী বায়, কাণ জোকাৰি ঘাঁহ খায়: গৰুৰ আগত টোকাৰী বজালেও যিদৰে সঙ্গীতৰ মোল একো বুজিব নোৱাৰি শিং জোকাৰি ঘাঁহ খোৱাতহে মগ্ন হয়, সেইদৰেই অজ্ঞানী লোকক যিমানেই ভাল কথা কোৱা নহওক কিয় তাক উলাই কৰি নিজৰ ইচ্ছামতে কাম কৰিয়েই যায়।
    এই ফকৰা ফাঁকি 'অবুজনক বুজোৱা আৰু ঢেৰুৱা ঠাৰি সিজোৱা' ফকৰা ফাঁকিৰ সমাৰ্থক।
  8. গৰু নমৰোতেই চাল আঁজোৰা : কোনো এটা কাম সম্পূৰ্ণ নৌহওতেই ভাগ বিচাৰি হেতা ওপৰা লগোৱা।
  9. গড়গঞা মিতিৰৰ ভাও;
    মুখে বোলে থাক থাক,
    ভৰিৰে হেঁচুকে নাও
    [১৬]: আপোন ভাব দেখুৱাই মুখেৰে এটা কথা কৈ পেটত আন ভাব ৰখা।
  10. গড়গঞা হাতী, টিকায়ো নকৰে কাটি[১৬]:
  11. গাই আনিবা ৰিংটো বাটৰ, ছোৱালী আনিবা দিনটো বাটৰ: গাইগৰু কিনিলে নতুন ঘৰত সহজে পোহ নামানি পুনৰ আগৰ গৃহস্থৰ ঘৰলৈ যায়৷ নতুন গিৰিহঁতে ৰিংটো শুনা দূৰৈৰ ঘৰৰ পৰা থাউকতে গাইজনী ওভোতাই আনিব পাৰে; বিয়াৰ কইনা দিনটোতে ঘূৰি আহিব পৰা দূৰত্বৰ হ’লে ভাল, কাৰণ মাকৰ ঘৰলৈ ন-ছোৱালীয়ে ঘনাই যাওঁ যাওঁ কৰি থাকে আৰু যাবলৈ নাপালে মনত অশান্তি পায়৷
  12. গাখীৰতে ম’হৰ খুটি, সান্দহতে হাত : কোনো সৌভাগ্যৰ ওপৰতে আন সৌভাগ্যই দেখা দিয়া৷
  13. গাখীৰ খুৱাই সাপ পোহা: কোনো দুষ্ট লোকক আসৈ দি নিজৰ অপকাৰ মাতি অনা৷
  14. গাত নাই চাল বাকলি, মদ খাই তিনি টেকেলি: হাতত পইচা-পাতি নাই, তথাপিও যিকণ ঘটে তাক মদ খোৱাৰ দৰে কু অভ্যাসত খৰচ কৰা।
  15. গাধৰ আগত বীণ বজাই লাভ নাই:-অমনোযোগীজনৰ আগত কথা কৈ লাভ নাই
  16. গায়নৰ ঘৰৰ বোন্দাইও ৰাগ দিয়ে: কোনো বিদ্যা বা কলাত পাৰদৰ্শী লোকৰ ঘৰত আনেও সেই বিষয়ে জনা৷
  17. গেলা বৰালী মনত গোন্ধ: নিজৰ দোষ দূৰ্বলতাৰ কথা জানি আনে কিবা নক’লেও নিজৰ মনতে সন্দেহ সৃষ্টি হোৱা৷
  18. গোঁসাই ঘৰত কোন? মই কল খোৱা নাই: বেয়া কাম কৰি লুকুৱাব খোজোঁতে নিজৰ কথাতে পাক খাই ধৰা পৰি যোৱা।
  19. গোৰ মাৰি গংগাত পেলোৱা' : কাৰোবাক অপকাৰ কৰিবলৈ যত্ন কৰোঁতে ওলোটাই উপকাৰহে সাধন কৰা।
  20. গুণীয়েহে জানে গুণীৰ মান, কাঠৰ থোৰাই কি জানে, নিতৌ খুন্দি মৰে ধান
  21. গালোঁ বালোঁ খোলাকতিৰ তাল: কৈ মেলি একো লাভ নোহোৱা৷
  22. গুৰুতকৈ শিষ্য হয় শিয়ান, খুচৰি খুচৰি লয় গিয়ান: যি শিষ্য বুধিয়ক, সেই শিষ্যই গুৰুৰ পৰা নানা প্ৰশ্ন সুধি সুধি গুৰুৱে দিব নোখোজা বিষয়ৰো স্পষ্ট জ্ঞান লাভ কৰে৷
  23. গধূলিৰ অতিথি সাক্ষাৎ দামোদৰ: গধূলীৰ সময়ত ঘৰলৈ আলহী আহিলে ভালদৰে সৎকাৰ কৰিব লাগে, যেনেকৈ শ্ৰীকৃষ্ণই বাল্যবন্ধু বিপ্ৰ দামোদৰৰ কৰিছিল।
  24. গো খোজত নভোমণ্ডল: গৰুৰ খোজ অকনমান হ’লেও তাত পানী জমাহৈ ৰাতিৰ আকাশ জিলিকাৰ দৰে দেখাত ক্ষুদ্ৰ হ’লেও বিস্তৰ কথা প্ৰকাশ হোৱা অৰ্থত ব্যৱহাৰ হয়।
  25. গুৰুজনে এক কৰে,ভকতে ভাগ কৰে: গুৰুৱে যি শিক্ষা দিয়ে গুৰুৰ অবৰ্তমানত শিষ্যসকলে সেই শিক্ষা আখৰে আখৰে পালন নকৰাৰ ফলত শিষ্যসকলৰ মাজত মনোমালিন্য হয় আৰু তেওঁলোকৰ একতাত ভাঙোন ধৰে৷
  26. গাঁঠিত নাই ধন, বৰসবাহলৈ মন: মন থাকিলেও অৰ্থহীন মানুহে মনেবিচৰা কাম কৰিব নোৱাৰে৷

[সম্পাদনা কৰক | উৎস সম্পাদনা]

  1. ঘ্ৰাণেন অৰ্দ্ধ ভোজনং: ভাল খাদ্যৰ গোন্ধ পালেই আধা খোৱা বুলি ধৰিব পাৰি।
  2. ঘৰলৈ আহিলে ঢকুৱা বেৰ, আলিবাটলৈ গ’লে বৰ চুৰিয়াৰ ফেৰ: নিজৰ দাৰিদ্ৰ্য লুকুৱাই ৰাখি আনৰ আগত ধনৰ অহংকাৰ দেখুওৱা৷
  3. ঘন ঘনকৈ দিবা আলি, তেহে খাবা নানান শালি: শালিধানৰ খেতিত ঘন ঘনকৈ আলি বান্ধি পানী ধৰি ৰখাৰ ব্যৱস্থা কৰিলে খেতিৰ ফচল উন্নতমানৰ হয়৷
  4. ঘঁহোতে ঘঁহোতে শিলো ক্ষয় যায়: চেষ্টা কৰি থাকিলে টান কামো সহজে কৰিব পৰা হয়৷
  5. ঘোঁৰা দেখিলে খোৰা হোৱা : সুবিধাৰ দেখিলে অধিক সুবিধা লোৱাৰ আগ্ৰহ।
  6. ঘন-চিৰিকাই ৰাজহাঁহৰ খোজলোৱা : ঘন-চিৰিকাই, ৰাজহাঁহৰ দৰে খোজ কাঢ়িবলৈ লৈ, তাকো শিকিব নোৱাৰিলে আৰু আগৰ নিজা খোজো পাহৰি ডেও দি দৰে লগা হ’ল। এতেকে, সামান্যজনে বৰ লোকৰ শাৰী পুৰাবলৈ গৈ নিজে ক্ষতিগ্ৰস্ত আৰু হাস্যাস্পদ হোৱা।
  7. ঘনমূৰী আহু তলমূৰী শাহু: আহু খেতি ঘন হ’লেহে ফচল বাঢ়ে, তেনেকৈ শাহুস্থানীয় মহিলা বয়সৰ আঁচোৰ পৰা হ’লেহে শুৱাই পৰে৷
  8. ঘৰৰ কথা নক’বি পৰক, ঘৰ হয় লৰক ফৰক: ঘৰৰ কথা আনৰ আগত ক’লে ঘৰৰ সন্মান হানি হ’ব পাৰে৷

[সম্পাদনা কৰক | উৎস সম্পাদনা]

  1. চৰাই মৰে ৰৈ, মানুহ মৰে কৈ : ৰৈ থকা চৰাই চিকাৰীৰ সহজ লক্ষ্য হৈ পৰে। সেইদৰে গোপনীয় কথা বা ক’বলগীয়া কথা কৈ মানুহে নিজৰ বিপদ নিজে মাতে।
  2. চৰাইটি দেখাতহে সৰু, সাজে হোলোং গছত বাহ : হোলোং এবিধ প্ৰকাণ্ড গছ। কোনোবা মানুহক দেখাত সৰু বা সাধাৰণ যেন লাগিলেও কিন্তু তেওঁৰ কাম-কাজ অসাধাৰণ।
  3. চকুৰ আঁতৰ হ’লে মনৰো আঁতৰ: সদায় সংস্পৰ্শত থাকিলে মানুহৰ সৈতে আত্মীয়তা বৃদ্ধি হয়; কিন্তু, বহুদিন দেখাদেখি নহ’লে আন দৈনন্দিন কাৰ্যৰ ফলত ঘনিষ্ঠ মানুহকো পাহৰা যায়৷
  4. চৰুক সুধি ভাত ৰন্ধা: ঘৰৰ সদস্যসকলক কিমান চাউলৰ ভাত লাগে ৰান্ধনীয়ে জানে আৰু সেইমতে ৰান্ধে, ৰন্ধা বাচন অৰ্থাৎ চৰুক সোধা নহয়৷ অপ্ৰয়োজনীয় লোকক কথা সোধাৰ প্ৰয়োজন নহয়৷
  5. চল চাই কঠীয়া পৰা: সঠিক সময়ত কৰিবলগা কাম কৰা।
  6. চল পাই চাপৰি বজোৱা : আনক কুৎসা-ৰটনা কৰাৰ সুযোগ পালে সুযোগ গ্ৰহণ কৰিবলৈ নেৰা লোকৰ ক্ষেত্ৰত প্ৰয়োগ কৰা হয়।
  7. চ’তৰ বিহুলৈ ছমাহ থাকোতেই হাত মেলি নচা : কোনো কামৰ সময় অহাৰ পূৰ্বেই গা সাতখন আঠখন হোৱা।
  8. চৰণেহে জানে মৰণৰ ঠাই, চুঁচুৰি বাগৰি তালৈকে যায়: দূৰ্ঘটনা ক’ত আৰু কেতিয়া হয় কোনেও আগতীয়াকৈ ক’ব নোৱাৰে৷
  9. চল পালে কুকুৰে ডিঙিলৈকে জপিয়ায়: কুকুৰক নীচ জীৱ বুলি আমাৰ সমাজত গণ্য কৰা হয়৷ সি গৰাকীৰ ভৰিৰ ওচৰত থাকে৷ কেতিয়াবা অতি আদৰৰ ফলত সি ডিঙিলৈকো জাঁপ মাৰে৷ গতিকে, নীচ প্ৰবৃত্তিৰ লোকক চল দিলে ক্ষতি হয়৷
  10. চকু লাল, বুকু খাল, সেই পুৰুষৰ লক্ষণ ভাল: (ডাকৰ বচন) যিসকল পুৰুষৰ চকু ৰঙা আৰু বুকুৰ মাজডোখৰ দ’, তেনে পুৰুষক সুপুৰুষ বুলি জনসমাজত বিশ্বাস কৰা হয়৷
  11. চন্দা এটা, বোন্দা ওঠৰটা : একেটা বস্তুলৈকে বহুতেই আশাপালি ৰৈ থকা।
  12. চকুৰ পানীৰে বাট নেদেখা হোৱা : দুখ যন্ত্ৰনাই আৱৰি ধৰা।
  13. চাপৰিলে মেঘ নেৰায়: কিছুমান দায়িত্বৰ পৰা গা এৰা দিব খুজিলেও এৰিব পৰা নহয়৷
  14. চাপৰি যোৱাকে কুঁজা বোলে, লাখুটি লোৱাকে বুঢ়া বোলে: কোনো অপ্ৰিয় কথা পোনে পোনে স্বীকাৰ নকৰিলেও আচাৰ-ব্যৱহাৰৰ পৰাই ধৰা পৰে৷
  15. চাল-বেৰৰো কাণ থাকে: গোপনীয় কথা গোপনেই ৰাখিব লাগে৷ মুখ খুলি বিশ্বাসভাজন কাৰোবাৰ আগত ক’বলৈ গ’লেও ওচৰতে অজানিতে নুশুনিবলগীয়া কোনোৱে শুনিব পাৰে৷
  16. চিকা মাৰি হাত গোন্ধোৱা : বীৰত্ব নথকা সৰু কাম কৰি নিজৰহে ক্ষতি হোৱা।
  17. চিকুটি লাও বুঢ়া কৰা: অনাগত বিপদৰ আগজাননী দিয়া।
  18. চিনাকি চাওডাঙে মানুহ কাটে;
    চিনাকি চোৰে পিৰালি চুকত কাহে[১৬]
    : আপোন বা চিনাকি লোকেই বিশ্বাসঘাটকতা কৰা বা বিপদত পেলোৱা।
  19. চুকত থাকি বুকুত কামোৰ মৰা: নিকট আত্মীয় মানুহেই অনিষ্ট কৰা।
  20. চুঙা চাই সোপা: উচিত উত্তৰ দিয়া৷ আক্ৰমণৰ উচিত প্ৰত্যুত্তৰ দিয়া৷
  21. চুইহে কিলোৱা নাই : গাত হাত নিদিলেও কথাৰে প্ৰহাৰ কৰাৰ দৰে হোৱা।
  22. চেৰেলিয়া গাই, জাকতো নিদিয়ে ঠাই: অপ্ৰয়োজনীয় বুলি গুৰুত্ব নিদিয়া অৱস্থা।
  23. চেকনিৰ আগত বিদ্যা : চেকনি অৰ্থাৎ এচাৰিৰ দ্বাৰা সৰু ল’ৰা-ছোৱালীক ভয় দেখুৱাই আৰু শাস্তি দি শিক্ষা দিয়া। (বৰ্তমান সময়ত এই ব্যৱস্থা আঁতৰিছে)
  24. চোকা কুকুৰৰ মুখত ঘাঁ  : (বেজৰ নাকত খৰ-ৰ সমাৰ্থক)
  25. চোৰ গ’লে বুদ্ধি, বৰষুণ গ’লে জাপি: কোনো বিপদ বা অঘটন হৈ যোৱাৰ পিছত তাৰ কাৰণে কৰা যিকোনো প্ৰতিৰোধমূলক প্ৰচেষ্টাৰ কোনো অৰ্থ নাথাকে৷
  26. চোৰক মোৰে পায়: আনক ঠগা মানুহে নিজে ঠগ খোৱা।
  27. চোৰক ঘৰ ৰখীয়া পতা: উদক ভেটা ৰখীয়া পতাৰ দৰে, চোৰক ঘৰ ৰখীয়া পাতিলে ঘৰৰ বস্তু চুৰ কৰি নিয়াৰ সম্ভৱনাই অধিক৷
  28. চোৰে নিয়া গৰুৰ বাটে বাটে ঘাঁহ: চোৰে গৰু চুৰ কৰি নিলে গৰুৱে বাটে বাটে ঘাঁহ খাই যায়৷ সেই চিন চাই চাই গৃহস্থই চোৰ বিচাৰি উলিয়াব পাৰে৷ কিবা কাম কৰিলে তাৰ শুং এৰি থৈ যোৱা৷
  29. চোৰে নেৰে চোৰৰ স্বভাৱ, কুকুৰে নেৰে ছাই, যাৰ যি স্বভাৱ মৰিলে লগত যায়: কোৱা হয় যে যাৰ চোৰ স্বভাৱ আছে, সি কেতিয়াও তাৰ স্বভাৱ সলনি কৰিব নোৱাৰে৷ সেইদৰে কুকুৰে ছাই দেখিলে তাতেই লেটি লৈ শোৱা অভ্যাস৷ সেই অভ্যাস মৰণকাললৈ থাকি যায়৷
  30. চোৰেহে চোৰৰ ঠেং দেখে: বেয়া চৰিত্ৰৰ মানুহে সদায় আনৰ বেয়াটোকে দেখে৷
  31. চোৰে চৰ মাৰিলেও গম নোপোৱা : অন্ধকাৰ পৰিৱেশ।
  32. চৰায়ে ৰমলিয়াই যাবা, মানুহে ৰমলিয়াই নাযাবা: চৰায়ে ৰমলিওৱা উপভোগ্য৷ মানুহৰ ৰমলিওৱা অৰ্থাৎ দ্বন্দ হাই কৰা ঠাই উপভোগ্য নহয়৷ বৰঞ্চ পৰিত্যাগ কৰিব লাগে৷

[সম্পাদনা কৰক | উৎস সম্পাদনা]

  1. ছয় পো বাৰ নাতি, তেহে কৰিবা কুঁহিয়াৰ খেতি (ডাকৰ বচন): কুঁহিয়াৰ খেতি কৰিবলৈ বহু সংখ্যক খেতিয়কৰ প্ৰয়োজন, সেয়েহে যথেষ্ট সংখ্যক মানুহ থাকিলেহে এই খেতি কৰিবলৈ আগবাঢ়িব লাগে৷
  2. ছাতি লাঠি তিঁয়নী নেৰিবি ঐ নেৰিবি: যাত্ৰাপথত বা ভ্ৰমণকালত ছাতি লাঠি আৰু তিয়নী লগত ৰাখিব লাগে৷ বিপদ কালৰ বন্ধু৷ অনাগত বিপদৰ মুখামুখী হ’ব পৰাকৈ সাজু হৈ থাকিব লাগে৷
  3. ছাঁটোকে বাঘটো দেখা: ভয় নাখাবলগীয়া কথাতে ভয় খোৱা।
  4. ছোৱালী আনিবা মাক ভাল, মাটি কিনিবা মাজ খাল: মাকৰ যদি স্বভাৱ-চৰিত্ৰ ভাল হ’লে জীয়েকৰো স্বভাৱ-চৰিত্ৰ ভাল হ’ব বুলি ধৰিব পাৰি, সেয়েহে বিয়া পাতিবলৈ তেনেকুৱা ছোৱালী আনিব লাগে।
  5. ছোৱালী বোলে কুৰিতে বুঢ়ী: আগৰ দিনত ছোৱালীক খুব কম বয়সতে বিয়া দিয়াৰ প্ৰথা আছিল, আৰু বয়স ২০ বছৰৰ বেছি হ’লে বুঢ়ী হোৱা অৰ্থাৎ বিবাহৰ অযোগ্যা হোৱা বুলি ধৰি লোৱা হৈছিল।
  6. ছোৱালী হ’ল বৰশীৰ টোপ, ল’ৰাই দেখিলে মাৰিব খোট: বৰশীৰ টোপ দেখা পালেই মাছে খোঁট মাৰে৷ ছোৱালীকো ল’ৰাৰ আগত বৰশীৰ টোপ হিচাপে ডাঙি ধৰা হৈছে৷

[সম্পাদনা কৰক | উৎস সম্পাদনা]

  1. জনাৰ মাছ ভাত, নজনাৰ গলগ্ৰহ: পাৰ্গত বা অভ্যস্ত সকলৰ বাবে যিবোৰ সহজ কথা নজনাৰ বাবে সি সদায় মূৰৰ কামোৰণি।
  2. জয় কালত ভয় নাই, মৰণ কালত ঔষধ নাই: ভাগ্যৰ পৰিহাস সম্পৰ্কে ইয়াত তুলনা দিয়া হৈছে।
  3. জালকে বুলিলোঁ জকাই এন্ধাৰে মুন্ধাৰে চিনিব নোৱাৰি পৈয়েককে বুলিলোঁ ককাই: বিভ্ৰান্তিত পৰিলে সকলো ওলট পালট হয়।
  4. জাত ইচ্ছাই পাত, বিধান ইচ্ছাই ভাত: যাৰ ভাগ্যত যি থাকে সেয়ে হয়৷
  5. জী ভালেই জোঁৱাই ভাল, আপোন ভালেই জগত ভাল: নিজৰ জী যদি ভাল হয় তেন্তে জোঁৱাই বেয়া হ’লেও ভাল কৰি ল’ব পাৰিব৷ সেই দৰে নিজেই যদি ভাল হয় তেন্তে আন কোনেও নিজক বেয়া কৰিব নোৱাৰে৷
  6. জোৰ যাৰ মুলুক তাৰ: যাৰ শক্তি বেছি সেই ব্যক্তিহে সমাজত জীয়াই থাকিব পাৰে৷
  7. জী নাতি জপনা কাটি, পো নাতি ধৰে আঁটি : যিমান মৰম চেনেহ নকৰক লাগিলে জী নাতিয়ে সদায় আঁতৰৰ। কিন্তু পো নাতি সদায় ওচৰৰ।
  8. জোকৰ মুখত চূণ: জোকৰ মুখত চূণ দিলে আহি থকা জোকডাল যেনেদৰে কোঁচ খায় যায় তেনেদৰে বেছিকৈ আত্মপ্ৰশংসা বা আনৰ কথা কৈ থকা ব্যক্তিৰ মুখৰ আগতে তাৰ সম্পূৰ্ণ বিপৰীত কথা কৈ তেওঁৰ মুখ বন্ধ কৰা৷
  9. জোৰ পুৰি হাত পোৱা: কোনো এটা বিপদ একেবাৰে কাষত আহি পোৱা৷
  10. জোনাকত হেৰুৱাই এন্ধাৰত খেপিওৱা: সম্পদৰ সময়ত চিন্তা নকৰি বিপদত হামৰাও কাঢ়ি ফুৰা।
  11. জোঁৱায়ে নিলেও নিয়া, যমে নিলেও নিয়া: আগৰ দিনত ছোৱালী এঘৰলৈ উলিয়াই দিয়াৰ পিছত তেওঁ মাকৰ ঘৰলৈ আহিবলৈ সময়কে নোপোৱা হয়৷ সেয়ে, যমে নিয়া অথবা জোঁৱায়ে নিয়া একে বুলি কোৱা হয়৷
  12. জুই দিলেও মুখ নোপোৰা : অতিশয় মুখ চোকা তিৰোতা।
  13. জুই জ্বলিলে ধোৱা ওলাবই : বেয়া কাম কৰিলে দুৰ্নাম হ'বই অথবা লুকাই চুৰকৈ কৰিলেও সত্য প্ৰকাশ হ'বই।
  14. জুই শালত গঢ়িলেহে কমাৰ শালত গঢ়িব পাৰি : প্ৰথমে ঘৰতে শিকি পাছলৈ ভালদৰে নাম অৰ্জন কৰা।
  15. জুইৰ লগত ধেমালি কৰা : বিপদজনক বস্তুক সহজভাৱে লোৱা।
  16. জোৰৰ আগত চাকিৰ পোহৰ: এটাৰ ওচৰত আনটোক নিস্প্ৰভ বুজাবলৈ ব্যৱহাৰ কৰা হয়।
  17. জ্বলা জুইত ঘিঁ ঢলা: জুইত ঘিঁ ঢালিলে সি বেছিকৈ জ্বলি উঠে অৰ্থাৎ কাৰোবাৰ খঙত অধিক খং উঠিব পৰা কথা কোৱা৷
  18. জ্বৰে এৰিলেও কৰ্পাটিয়ে নেৰা: নেৰা-নেপেৰা বিপদ৷
  19. জ্বলাওঁতে জ্বলাওঁতে কেঁচা খৰিও জ্বলে লগাওঁতে লগাওঁতে মহামিত্ৰ জনো ভাঙে: নিৰন্তৰ চেষ্টা কৰি থাকিলে নোহোৱাটোও সম্ভৱ হয়।
  20. জোন বেঁকা জন্ম কালে,
    তেঁতেলী বেঁকা বৃদ্ধ কালে।
    ধেনু বেঁকা জোৰ দিলে,
    মূৰ্খ বেঁকা সর্ব কালে।
     : মূৰ্খ সকলো সময়তেই মূৰ্খ৷ এই কথাকে বিভিন্ন চৰিত্ৰৰ বিভিন্ন তুলনাৰে প্ৰকাশ কৰা হৈছে।

[সম্পাদনা কৰক | উৎস সম্পাদনা]

  1. টেঙা আম এবাৰহে বেছিব পাৰি: বজাৰত যদি টেঙা আম মিঠা বুলি বিক্ৰী কৰা হয়, তেনেহলে প্ৰথমতে বিক্ৰী হ’ব, কিন্তু পাছলৈ গ্ৰাহকে ঠগা বুলি গম পাব আৰু সেই দোকানীৰ পৰা আম নিকিনা হ’ব, অৰ্থাৎ মানুহক এবাৰহে ঠগিব পাৰি, ঠগ খোৱাৰ পাছত মানুহ সাৱধান হয়।
  2. টেঙৰতকৈ টেঙৰ আছে ভুল নাই তাত, সোমোৱাৰ আগতে জানিবা ওলোৱাৰ বাট: পৃথিৱীত চতুৰতকৈও চতুৰ লোক থাকে। সেয়েহে নিজকে বুধিয়ক বুলি ভাবি আগ-পাছ নুগুনি আনৰ কথাৰ জালত ভৰি থ'লে বিপদ হ'ব পাৰে। সেয়েহে আগতীয়াকৈ কোনো পদক্ষেপৰ পৰা হ'ব পৰা পৰিস্থিতিৰ বিষয়ে অনুমান কৰি তাৰ সমাধানৰ ব্যৱস্থাৰ বিষয়েও আগতীয়াকৈ চিন্তা কৰা উচিত।
  3. টোপনিৰ চিকুণ পুৱা, মাছৰ চিকুণ মোৱা: ৰাতিপুৱাৰ টোপনি বৰ আকৰ্ষণীয়, তেনেকৈ মোৱা মাছো আকৰ্ষণীয়।
  4. টোপোলা দেখিলে টোপোলা যাচে, ৰ ৰ তোলৈও টোপোলা আছে: কাৰোবাক কিবা এটা দিলে তেৱোঁ ঘূৰাই কিবা এটা দিব।

[সম্পাদনা কৰক | উৎস সম্পাদনা]

  1. ঠাই চাই কৰিবা বসতি, আধা অন্য আধা জ্ঞাতি: কোনো ঠাইত বসতি কৰিবলৈ যোৱাৰ আগেয়ে সেই ঠাইত জ্ঞাতি বা মিতিৰ-কুটুম তথা চিনাকি মানুহৰ অনুপাত চাই লোৱা উচিত। আধাসংখ্যক লোক শুভাকাংক্ষী বা মিতিৰ হ'লেহে সেই ঠাইত বসবাস কৰা উচিত বুলি কোৱা হয়।

[সম্পাদনা কৰক | উৎস সম্পাদনা]

  1. ডাঙৰে কৰিলে লীলা, সৰুৱে কৰিলে ধৰি বান্ধি কিলা: ক্ষমতাশালী লোকে কৰা কাম দুৰ্বলীয়ে কৰিলে দোষ ধৰা৷
  2. ডাঙিব নোৱৰা শিলক পৰি নমস্কাৰ: বলে নোৱাৰা কাম কৰাৰ অপচেষ্টা নকৰি বিৰত থকা।
  3. ডুব যোৱা বেলি, কোনেও নুপুজে হাত মেলি: ডুব যাবৰ সময়ৰ বেলিক কোনেও সেৱা নকৰে। সেই একেদৰে প্ৰতিপত্তি শেষ হ'লে বা বিষয়বাব হেৰুৱালে মানুহ গুৰুত্বহীন হৈ পৰে।

[সম্পাদনা কৰক | উৎস সম্পাদনা]

  1. ঢাল নাই, তৰোৱাল নাই, নিধিৰাম চৰ্দাৰ : নামতহে আছে, কামত নাই।
  2. ঢেঁকী স্বৰ্গলৈ গ'লেও ধানহে বানে : যি যি কামত পাৰ্গত তেওঁ যলৈকে নাযাওক জনাসকলে তেওঁক সেই কামলৈ পাচিবই।
  3. ঢৌটোকে ৰৌটো কৰা : মাছ পানীত উজালে সৰু ঢৌ এটাৰ দৰে দেখি। কিন্তু সকলো ঢৌৱেই মাছৰ বাবে নহয়। গতিকে সাদৃশ্যবশতঃ বা সন্দেহবশতঃ অন্য প্ৰসংগ প্ৰচাৰ উচিত নহয়।
  4. ঢোলৰ লগৰ টেমেকা: প্ৰভাৱশালী লোকৰ পাছে-পাছে ফুৰা লোক।
  5. ঢোকাতে কল কলতে ঢোকা: এটাৰ ওপৰত আনটো নিৰ্ভৰশীল।

[সম্পাদনা কৰক | উৎস সম্পাদনা]

  1. তুমি আমি কৰো যদি গৰিহিত কৰ্ম, পাছৰ লোকে আক মানিবেক ধৰ্ম৷[১৪]: জনা লোকে যদি গৰ্হিত কাম কৰে, তেন্তে নজনাসকলে তাকে ভাল কাম বুলি কৰিবলৈ লয়৷ সেয়ে, জ্ঞানীলোকে কেতিয়াও গৰ্হিত বা বেয়া কাম কৰিব নালাগে৷
  2. তলৰ মাটি ওপৰ কৰা : সকলো ওলট-পালট কৰা।
  3. তৰিলে দেশ, মৰিলে স্বৰ্গ: দেশৰ হকে যুঁজি বাচি থকিলে দেশৰ স্বাধীনতা উপভোগ কৰিব পাৰিবা, আনহাতে সেই যুদ্ধত মৃত্যু হলেও স্বৰ্গলৈ যাবা।
  4. তাতো নাহিলো খাই, ইয়াতো পাবলৈ নাই : সুযোগ পায়ো হেৰুওৱা বা কোনোফালে কাৰ্য সিদ্ধি নোহোৱা
  5. তিতা গছৰ আগো তিতা, গুটিও তিতা[১৬]:
  6. তিৰীৰ কপালে ধন, পুৰুষৰ কপালে জন: তিৰোতাগৰাকীয়ে হিচাপ কৰি ঘৰ চলালে, কম উপাৰ্জনৰ ঘৰতো ধন ৰাহি হয়, আনহাতে পুৰুষজন সুস্বাস্থ্যৰ হ’লেহে ঘৰলৈ সন্তান আহে৷ (আগৰ দিনত ঘৈণীয়েকৰ সন্তান নহ’লে আন এজনী বিয়া পতাটো সাধাৰণ কথা আছিল৷)
  7. তিৰীৰ চুটি বাঢ়নীৰ বুতি: বাওনা তিৰোতা আৰু চুটি বাঢ়নী দুয়োটাই বেয়া বুলি প্ৰচলিত জনবিশ্বাস৷
  8. তেজ ধুলে উটে, মঙহ ধুলে নুটে: আপোন সম্পৰ্কীয় মানুহৰ প্ৰতি থকা আগ্ৰহ৷
  9. তেলটুপীয়ে সাজোঁতে পাৰোঁতে ফেঁচু ৰজা হোৱা: দৰকাৰী সময়ত অবাবত সময় নষ্ট কৰিলে হ’ব পৰা লোকচান প্ৰসংগত ব্যৱহাৰ কৰা হয়।
  10. তেলিয়াই কান্দে তেল পেলাই, কপহুৱাই কান্দে পেট পেলাই
  11. তিলকে তালটো কৰা: সৰু কথা এটাকে ডাঙৰ কৰা৷
  12. তুমি যদি ডালে ডালে, মই পাতে পাতে: অৰ্থাৎ তুমি যদি টেঙৰ, তেনেহলে মই নোম-টেঙৰ৷
  13. তুলসীৰ লগত কলপটুৱাৰো মুক্তি: তুলসীক পবিত্ৰ বস্তু বুলি ভবা হয় আৰু কোনো মাঙ্গলিক কামত কলপাতত তুলসী দিয়া হয়৷ ফলত তাৰ লগত দিয়া কলপাত খিলাও পবিত্ৰ হৈ পৰে৷ সেইদৰে কোনো সৎ বন্ধুৰ সঙ্গত থাকিলে অসৎ বন্ধু জনো ভাল পথে যাব পাৰে৷
  14. তেলীৰ মূৰত তেল : যাৰ যি বস্তুৰ অভাৱ নাই সেই বস্তুকে যচা
  15. তোমাৰ বাৰীৰ বাঁহগাজ কাটি তাৰে কৰিছোঁ খৰিচা, তোমাকে দি ধান দোন ললোঁ, কথাটো মন কৰিছা: আনৰ বস্তুৰে আনকে বেছি নিজে উপাৰ্জন কৰা স্বভাৱ৷
  16. তিৰীৰ লেনিওৱা, বৰষুণৰ কণিওৱা, ঘৰ চাই নকৰে মূধচ; ইয়াতকৈ নাই কুন্ধচ: লেনিয়া মাতেৰে কথা কোৱা মানুহ, কিনকনীয়াকৈ বৰষুণৰ সঁতা আৰু ঘৰৰ উচ্চতা চাই মূধচ নকৰা আটাইকেইটা সুবিধাজনক নহয় বুলি প্ৰচলিত ধাৰণা৷

[সম্পাদনা কৰক | উৎস সম্পাদনা]

  1. থিয়ৈ থিয়ৈ স্বৰ্গলৈ যোৱা: সম্প্ৰতি উপলুঙা সুৰত কোৱা দেখা যায়।
  2. থান এৰিলে মান হেৰোৱা: নতুন ঠাইত আগৰ প্ৰতিপত্তি নোহোৱা হোৱা৷

[সম্পাদনা কৰক | উৎস সম্পাদনা]

  1. দলনীত পোনা মেলা : বিপদৰ মাজত এৰি যোৱা।
  2. দুই ম’হৰ যুঁজত বিৰিণাৰ মৰণ: আনৰ কাজিয়া, বেমেজালি বা ঝামেলাৰ মাজত নিৰীহজনৰ হাৰাশাস্তি হোৱা।
  3. দুই নাওত দুই ভৰি: বিকল্পবোৰৰ পৰা সঠিক বিকল্পটো বাছনি কৰিব নোৱাৰা।
  4. দিনৰ পাহাৰ ৰাতিৰ জুই তাক নেখেদি থাকিবা শুই: দূৰৈৰ পাহাৰ আৰু ৰাতি দেখা জুইৰ স্বৰূপ ভালকৈ বুজা নাযায়৷ সেয়ে, নাজানি নুশুনি বিপদত জপিয়াই পৰিব নালাগে৷
  5. দাঁত নাইকিয়া সাপৰ ফোচফোচনি বেছি: সাপে দাঁতেৰে কামুৰি বিষ ঢালে৷ যাৰ কৰ্তৃত্ব নাই, তেনেলোকে অযথা দপদপাই থকা কাৰ্য৷
  6. দিনটো যায়, ক্ষণটো নাযায়: বিপদ আহিবলৈ বেছি পৰ নালাগে; দীৰ্ঘ সময় ভালে কুশলে গ’লেও এক ক্ষণৰ বাবে বিপদ আহিব পাৰে।
  7. দাতাই দিলেও বিধাতাই নিদিয়ে: ভাগ্যত ভোগ কৰিবলগা নাথাকিলে, বস্তু ওচৰতে থাকিলেও তাক উপভোগৰ পৰা বঞ্চিত হোৱা৷
  8. দা ধাৰেৰে মাৰিলও গাত পৰে, গদীৰে মাৰিলও গাত পৰে: আক্ৰমণ কৰোঁ বুলি আঘাত কৰিলে শৰীৰত দুখ নাপালেও অন্তৰত দুখ পোৱা৷
  9. দেহা থাকিলেহে বেহা, নহলে তিতা কেহা: স্বাস্থ্য ভালে নাথাকিলে সকলোতে অথন্তৰ হয়৷
  10. দৰিদ্ৰ লঙ্কালৈ যায়, সাগৰো শুকায়, মাণিকো লুকায়: দুখীয়া লোকৰ সকলোফালে পথ বন্ধ হোৱা৷
  11. দূৰৰ পাহাৰ শুৱনি: দূৰৈৰ বস্তুৰ প্ৰকৃত ৰূপ ধৰা টান
  12. দুখে কুলাই পাঁচিয়ে নধৰা হোৱা : বৰ বেছি দুখত পৰা৷
  13. দূৰৰ ৰৌ বৰালী, ওচৰৰ পুঠি খলিহনা: ওচৰতে সহজতে পোৱা বস্তু এৰি দূৰৰ বস্তুলৈ হাবিয়াস কৰা৷ [৭]
  14. দুষ্টৰ দুদিন, সন্তৰ শ দিন: অসাধু লোকে কেইদিনমান ৰাজত্ব কৰিব পাৰে, কিন্তু সাধু লোকেই বেছিভাগ সময় ৰাজত্ব কৰে।
  15. দহো আঙুলীৰে খায়, বুঢ়াই হেচুকিলেহে যায়: সাধাৰণ কৰ্মীয়ে কাম কৰে, কিন্তু তাৰ গুৰি ধৰোঁতাই গুৰি নধৰিলে শৃঙ্খলাৱদ্ধ নহয়৷
  16. দহো আঙুলি সমান নহয় : দহো আঙুলি সমান নোহোৱাৰ দৰে দহোজন মানুহো একে নহয়।
  17. দেখাতেই কঁঠাল, পিঠিত কাঁইট: জল জল পট পট, কোনো প্ৰমাণৰ প্ৰয়োজন নাই।
  18. দেখাক দেখি কুকুৰে পাতে একাদশী: সামৰ্থ্য নাথাকিলেও আনক দেখি কোনো কাম কৰিবলৈ যোৱা।
  19. দেখাত হে বুটী, কঠীয়া জেঠতে পৰা: দেখিবলৈ সিমান ভাল নহ’ব পাৰে, কিন্তু থাকিবলগিয়া আটাইখিনি গুণ আছে।
  20. দুহাল গোনা বাই, ছয়মাহ খাবলৈ নাই: থকা সম্পদৰ অপচয়।
  21. দহ বুলিলে দহ, পঁচিছ বুলিলে পঁচিছ হোৱা : কাৰোবাক অন্ধভাবে সমৰ্থন কৰা।
  22. দুখীয়াৰ কপালত হাঁহ কণীতো কুঁহুম নাই : দুৰ্কপলীয়া বুলি অনুভৱ কৰোঁতাই নিজে লোৱা সান্ত্বনা।
  23. দূৰ বাট সু গমন বাট নিদিবা এৰি: গন্তব্য স্থানলৈ দূৰ হ’লেও যি বাটে যাবলৈ ভাল বা আৰামদায়ক, তেনে বাটেই যাব লাগে৷
  24. দূৰ হওক, দুৰ্গতি নহওক: বাট দীঘলীয়া হ’লেও বাটটো যদি ওখোৰামোখোৰা নহয়, তেন্তে সেই পথেই গ’লে যাত্ৰা শুভ হয়৷
  25. দহজন য’ত, নিৰঞ্জন ত’ত: দহজন মানুহ লগ হৈ কাম কৰিলে অসাধ্য কামো সাধন কৰা সম্ভৱ৷ ( নিৰঞ্জন মানে ভগৱান৷ অৰ্থাৎ ঈশ্বৰপ্ৰাপ্তি হয়৷ )
  26. দহৰ নাও বামেৰেও যায়: দহজন অৰ্থাৎ বহু মানুহে একতাৰে কাম কৰিলে অসম্ভৱ কামো সহজতে হৈ যায়৷

[সম্পাদনা কৰক | উৎস সম্পাদনা]

  1. ধান পকে মানে টুনিৰ মৰণ: সম্পদ যেতিয়ালৈ গোট খায় তেতিয়ালৈ মানুহৰ বিপদ নুগুছে। কেতিয়াবা ধন বা সম্পদ হাতলৈ আহে মানে বিপদ পাৰ কৰা কঠিন হৈ পৰে।
  2. ধানটোৱে প্ৰতি কণটো, মানুহটোৱে প্ৰতি মনটো: চিন্তা-ভাবনা আদি সকলো মানুহৰ বেলেগ বেলেগ হোৱা৷
  3. ধন দিলে ধোবাই মেখেলাও কোবায়: পইচা পালে মানুহে সকলো কাম কৰিব পাৰে৷
  4. ধন লবা লেখি, বাট বুলিবা দেখি: প্ৰতি ক্ষেত্ৰতে সাৱধান হোৱা৷
  5. ধাৰত পৰিলে শিলো উটে, সপোন দেখিলে বুঢ়ায়ো মূতে
  6. ধনীৰ ঘৰত যাবা চাবলৈ, দুখীয়াৰ ঘৰত যাবা খাবলৈ: ধনী মানুহে নিজৰ সম্পত্তি দেখুৱাই ভাল পায়, আনহাতে দুখীয়া মানুহে আনক খুৱাই-বুৱাই ভাল পায়।
  7. ধেই-টাক বুলিলেই তিনি পাক ঘুৰা: বৰ খৰকৈ কাম কৰিব পৰা৷
  8. ধিনদৌ বগৰীৰ পাত, ফুকনৰ টেকেলা এইফালে নাহিবা, ৰিহা নাইকিয়া গাত:
  9. ধনেই ধৰ্মৰ মূল, ধন নহ’লে যায় জাতি কুল: ভোগবাদী সমাজে সদায় ধনীকহে সন্মানৰ চকুৰে চায়, যোগ্য হ’লেও দুখীয়াক সেই সন্মান দিব নোখোজে৷
  10. ধান হ’লে ৰৈ যায়, পতান হ’লে উৰি যায়: প্ৰকৃত গুণীজনে গুণৰ সন্মান পাবই৷
  11. ধাৰেও কাটে গাদীৰেও কাটে : ইফালেও বিপদ সিফালেও বিপদ।
  12. ধোৱা তুলসীৰ পাত : তুলসী এনেয়ে পবিত্ৰ। তাতে ধুই নিকা কৰা মানে আৰু অধিক সংস্কাৰী কৰা।
  13. ধেই দাও বুলিয়েই মণিকূট পা: প্ৰথম পৰিচয়তে ব্যক্তিৰ ভিতৰুৱা কথা উমান লোৱা৷
  14. ধুন দেখি ধুনিলি, মোহ দেখি মোহিলি, ৰূপ দেখি নধৰিবি গাত, চন্দন কাঠ বুলি সাৱটি ধৰিলি পঁচা শিমলুৰ কাঠ: ধুনীয়া বুলি বৰ আলহ উদহ কৰি পিছত থাকিবলগীয়া গুণ নাপালে আফচোচ কৰা৷

[সম্পাদনা কৰক | উৎস সম্পাদনা]

  1. নিচয়ে পাৰ চয়ে সংসাৰ[১৭]: কৰ্ম আৰু ভগৱানত নিচয় অৰ্থাৎ সম্পূৰ্ণ বিশ্বাস ৰাখিলেই সংসাৰ যাত্ৰা অনায়াসে পাৰ হ’ব পাৰি, কিন্তু যাৰ মনত চয় অৰ্থাৎ সংশয় থাকে সি নানা দুৰ্ভোগ ভূগিবলগীয়া হয়৷
  2. নগাৰ চাং তলে বাট: যেনিতেনি যাব পৰা৷
  3. নগাটো চাইহে হোৰাটো: অৱয়ব চাইহে সামৰ্থ বা যাৰ যিমান শক্তি সিমানহে কৰা।
  4. নগৈ গড়গাঁৱৰ বতৰা কোৱা : তাহানিৰ গড়গাঁৱৰ কথা-কাণ্ড বৰ বেলেগ আছিল। চাক্ষুস অভিজ্ঞতা নাথাকিলে ইয়াৰ বতৰা দিয়া শুদ্ধ নহয়। এতিয়া গড়গাঁৱৰ বিশেষত্ব নাথাকিলেও প্ৰবাদটিৰ জৰিয়তে উৰা বাতৰি বা ফোপজহি কথা কোৱা লোকৰ কথা বুজোৱা হয়।
  5. নল মৰি গজালি ওলোৱা : পুৰণিৰ ঠাইত নতুন বা কোনোবা কাৰোবাৰ বিকল্প হৈ উঠা।
  6. নতে ন অৰা পুৰণিত ছঅৰা: সকলো বস্তু নতুন হৈ থাকোতে মূল্য বা গুৰুত্ব অধিক থাকে। কিন্তু সময় যোৱাৰ লগে লগে তাৰ মূল্য বা গুৰুত্ব হ্ৰাস পায়।
  7. নমঞ্চিব কইনা, ওঠৰতা মূৰ্তি: কাম কৰিবলৈ মন নথকাজনে নানানটা ওজৰ আপত্তি দৰ্শাই কামলৈ পিঠি দিয়া৷
  8. নলগা জেঙত লগা: নকৰিবলগীয়া কাম কৰি বিপদত পৰা৷
  9. নগৰত জগৰ লগা: নকৰিব লগা কাম কৰা।
  10. নকৈ নোৱৰোঁ ফটা মুখ, কলেও লাগে ভকতৰ দোষ: কিছুমান কথা পৰিস্থিতিত পৰি সঁচাটো ক’বই লগা হয় যদিও সত্য কথা ক’লে বহুতে বেয়া পায়৷
  11. নৰকৰ কন্যা উদ্ধাৰিলে শুচি: সমাজত নিম্ন শ্ৰেণীৰ বুলি গণ্য কৰা লোকৰ ছোৱালী উচ্চবৰ্ণৰ লোকে বিয়া কৰালে উদ্ধাৰণি কৰি নিজ কুললৈ তুলি লোৱা বুলি এনেদৰে যুক্তি দিয়া পৰিলক্ষিত হয়।
  12. নামতহে গেন্ধেলা, ছকুৰি টেকেলা: নগণ্য বা অতি সাধাৰণ যেন লগা লোকো কেতিয়াবা প্ৰভাৱশালী হয়৷
  13. নাই পো লনী, নাই পো ধনী: নিজৰ পুতেক কোনো কামতে উপযুক্ত নোহোৱা৷
  14. নাঙঠৰ নাই চোৰৰ ভয়: চুৰি কৰিবলৈ একোৱেই যাৰ নাই তাৰ চোৰলৈ ভয় নাই৷
  15. না জল না থল অৱস্থা হোৱা: বিপদত উপায়হীন হোৱা অৱস্থা।
  16. নাই মোমাইতকৈ কণা মোমাই ভাল: যি আছে তাৰেই চলি থকা৷
  17. নাই বুলিলে সাপতো বিষ নাই: বিশ্বাসেই মূল কথা৷
  18. নাই বুলিলেও নেৰে, কুঁহিয়াৰ পেৰা দি পেৰে : অস্বীকাৰ কৰিলেও একে কথাকে বাৰে বাৰে সুধি থকা৷
  19. নাই কপালত দিব কোনে, আছে কপালত নিব কোনে : ভাগ্যৰ পৰিহাস কোনেও খণ্ডাব নোৱাৰে।
  20. নাই বুলিলেও হাতীৰ শুৰত সাত কলহ পানী থকা: আকালৰ সময়তো ধনীৰ হাতত কিছু হ’লেও ধন থকা।
  21. নাই হে নাখাও, লঘোনেও নাযাও, গাতো নিদিও দুখ: খাদ্য নথকা বাবে নাখাও, লঘোনো নপৰো, নিজক দুখ দিব নোৱাৰো।
  22. নাই ৰঙামাটি নাই গুৱাহাটী: এইটো এটি বুৰঞ্জীমূলক পটন্তৰ। এসময়ত গুৱাহাটী আৰু ৰঙামাটি দুয়োখন আহোম ৰজাৰ হাতৰপৰা মোগলৰ হাতলৈ গৈছিল। আহোম ৰজাই দুয়োখনৰ কোনো এখন উদ্ধাৰ কৰিবই বুলি লোৱা দৃঢ় পণ পাছলৈ ‘কৰিম কিম্বা মৰিম’ ভাৱত লোৱা সিদ্ধান্ত বুজোৱা হ’ল।
  23. নাও উঠোতে বুৰে, নাও নামোতে বুৰে নাৱত উঠা আৰু নমাৰ সময়খিনি বৰ বিপদজনক। যাত্ৰীৰ অমনোযোগিতা আৰু লৰাঢপৰাই এই দুই সময়তে বিপদ মতাৰ দৰে কোনো কামৰ আৰম্ভণি আৰু সামৰণি দুয়ো সময়তে মানুহ সাৱধান হ’ব লাগে।
  24. নাও বুৰিলেও টিঙৰ পৰা ননমা: অঁকৰা, আঁকোৰগোজ মানুহ৷
  25. নাও দিলো বঠা দিলো/আৰু দিলো চৰি/বাই-বাতি খাব নোৱাৰে/কোন কাৰ বৈৰী: জীৱিকাৰ সকলো উপায় দিয়াৰ পিছতো উপাৰ্জন কৰিব নোৱৰা৷
  26. নাকত লাগিল পাক, মহা ভকতৰ চিন্তা লাগিল, মেধি পাতিম কাক: দোধোৰ-মোধোৰ অৱস্থা৷
  27. নাকত ধৰি চাকত ঘূৰা: নগুৰ নাগতি কৰা।
  28. নাকটো মোহাৰিয়ে বুদ্ধিটো উলিওৱা : অতি চতুৰ লোক।
  29. নাগিনীয়ে লৰা পাই, নগায় জাল খাই: কৰিব লাগে কোনোবাই কৰিছে আন কোনোবাই।
  30. নাচিব নাজানে চোতালখন বেঁকা: নিজে কিবা এটা কৰিব নোৱাৰিলে আনক দোষ দিয়া।
  31. নাবাওঁ বুলিও চাৰি চাপৰ মৰা : অত্যুৎসাহী ঢুলীয়াই মুখেৰে আৰু নবজাও বুলিলেও ৰ’ব নোৱাৰি আৰু চাৰি চাপৰমান বজাইহে মনত শান্তি পায়। সেইদৰে মানুহেও নকৰো বুলিও বহুখিনি কৰাৰ কথা ইয়াৰ দ্বাৰা বুজোৱা হৈছে।
  32. নি থাকিলে পাণখিলাও গধুৰ: দূৰ পথত খালী হাতেৰে যোৱাই মংগল। যাত্ৰাপথত পাণ এখিলাও বহুত গধুৰ যেন ভাৱ হয়।
  33. নিজ বুদ্ধি শিলৰ খুটি: আনৰ বুদ্ধিতকৈ নিজৰ বুদ্ধিত কৌশল খটাই কাম কৰিবলৈ ভাল৷
  34. নিজ হাত জগন্নাথ: নিজৰ হাতেৰে কৰা কাম নিজৰ ইচ্ছামতে হয়৷
  35. নিজৰ পোকৰত গু, আনক কয় ধো ধো ধো: নিজে অসৎ হৈ আনক সৎ হবলৈ উপদেশ দিয়া। [১৮]
  36. নিজৰ নঙলা মুখত সকলো কুকুৰেই বাঘ বা নিজ দেশত ঠাকুৰ পৰৰ দেশত কুকুৰ: অৰ্থাৎ সকলো ব্যক্তিয়েই নিজৰ চিনাকী ঠাইত নিজৰ দাম্ভিকতাৰে নিজক ডাঙৰ হিচাপে প্ৰকাশ কৰে, কিন্তু আনৰ ঠাইত গৈ সেই ভাৱ প্ৰকাশ কৰিব নোৱাৰে আৰু সৰু হৈ থাকিব লাগে৷
  37. নিজৰ পোকৰ টেকটেকিয়া, লোকৰ পোকৰত পানী চতিয়া: নিজৰ দোষ নেদেখি লোকৰ দোষ দেখা।
  38. "নিজেও নাজানে বুদ্ধি, আনকো নলয় সুধি : অবুজন মানুহৰ স্বভাৱৰ কথা প্ৰকাশ পাইছে।
  39. নিবোকা চামোন, গু খোৱা যম: বেছি কথা বতৰা নকয়, কিন্তু মানসিক ভাবে খুব শক্তিশালী।
  40. নিলাজৰ লাজ নাই কেকোঁৰাৰ মূৰ নাই: কেকোঁৰাৰ মূৰ নথকাৰ দৰে নিলাজ লোকৰো কোনো কথাত লাজ নাই।
  41. নেখাওঁ তাইৰ হাতেৰে ভাত, ঘূৰি ঘূৰি তাইতেহে হাত: কাৰোবাৰ হাতে ভাত নাখাও বুলি ঠেহ পাতি থাকিলেও শেষত পেটৰ ভোকত খাবলৈ বাধ্য হয়৷ অৰ্থাৎ কোনোবা ব্যক্তিৰ হাতে কোনো কাৰ্য্য নকৰাও বুলি ভাবিও উপায় নাপায় কৰিবলৈ বাধ্য হোৱা অৱস্থা৷
  42. নেদেখাই কণাই সমান: নেদেখা কথাত সন্দেহ কৰি লাভ নাই।
  43. নেহাঁহিবি মোক, সোঁচৰিব তোক: মোৰ অৱস্থা দেখি নেহাঁহিবি, কাৰণ কাইলৈ তোমাৰো তেনে অৱস্থা হ’ব পাৰে।
  44. নোধোওঁ গা ধুৱালি, নাখাওঁ ভাত খুৱালি, নিগিলোঁ কি কৰ কৰ: কোনোবাই গা ধুবলৈ ইচ্ছা নকৰিলে জোৰ কৰি গা ধুৱাব পাৰি, ভাত খাবলৈ ইচ্ছা নকৰিলেও জোৰ কৰি মুখত ভাত সুমুৱাই দিব পাৰি, কিন্তু সুমুৱাই দিয়াৰ পাছতো যদি তেওঁ নিগিলোঁ বুলি ভাৱে তেন্তে তেওঁক কেতিয়াও তাৰ বাবে বাধ্য কৰিব নোৱাৰি৷ অৰ্থাৎ কোনো এজন মানুহক বাহ্যিকভাৱে কিছুমান কাম কৰিবলৈ বাধ্য কৰাব পাৰি যদিও মনৰ ইচ্ছাৰে কোনো কাম কৰিবলৈ নিবিচাৰিলে, কামটো কেতিয়াও সফল হৈ নুঠে৷ ক
  45. নোহোৱাৰ ন মুঠি সৰহ: কিছুমান মানুহৰ খেতি বিশেষ নাই কিন্তু ন-খোৱা ডাঙৰকৈ পাতে। তেনেকৈ উপাৰ্জন কম কিন্তু বিলাসিতা বেছি মানুহৰ ক্ষেত্ৰত এইদৰে কোৱা হয়।
  46. নৈৰ বন নাই খানে আৰু পোতে;
    বিষয়াৰ বন নাই ভাঙে আৰু পাতে
    [১৬]: নৈ বৈ গ’লে এঠাইৰ মাটি খহাই নি আনঠাইত পেলোৱাৰ দৰে বিষয়াসকলেও পূৰ্বপৰিকল্পনা নোহোৱাৰ বাবে একেটা কামকে বাৰে বাৰে কৰে৷

[সম্পাদনা কৰক | উৎস সম্পাদনা]

  1. পচলাত দাঁত ভঙা : পচলা তেনেই কোমল খাদ্য, ই মানুহৰ দাঁত ভাঙিব নোৱাৰে। কিন্তু কেতিয়াবা পচলাই দাঁত ভঙাৰ দৰে সৰু কামতে বিফল হোৱা বুজাবলৈ ব্যৱহাৰ কৰা হয়।
  2. পছোৱা বতাহে দুৱাৰ মেলে, বৰলাৰ গাত জগৰ লাগে: সন্দেহৰ ভিত্তিতেই অনাহকত নিৰ্দোষী এজনক দোষীৰ অপবাদ দিয়া।
  3. পলোৱাৰ যিমান ভাগৰ, খেদাৰো সিমানেই ভাগৰ: অসৎ কৰ্ম কৰি ধৰা পৰাৰ ভয়ত পলাই যোৱাজনৰ যিমান ভাগৰ লাগে, তেওঁক পিছে পিছে খেদি যোৱা জনৰো সমানেই ভাগৰ লাগে৷ একেদৰে, আনে কৰা কামৰ নিৰীক্ষণ কৰা বা মূল্যায়ন কৰাজনে কৰোঁতাজনৰ সমানেই কষ্ট কৰিব লগীয়া হয়৷[১৯]
  4. পাপীৰ লগত যমদূতৰ শাস্তি: অসৎ ব্যক্তিৰ লগত সৎ ব্যক্তিয়েও শাস্তি খাবলগীয়া অৱস্থা।
  5. পাগলে নকয় কি, ছাগলে নাখায় কি: মগজুৰ বিকৃতি থকা লোকে ছাগলীয়ে সকলো বস্তু খোৱাৰ দৰে যিকোনো কথা কয়৷
  6. পানীত হাঁহ নচৰা অৱস্থা: অতি দুখলগা আৰ্থিক দৈন্যতা৷
  7. পাপীৰ পিঠাত মন: বেয়া চিন্তাৰ মানুহে সদায় বেয়া দিশহে দেখা পায়৷
  8. পাপৰ ধন পৰাচিতত যোৱা: অনৈতিকভাবে উপাৰ্জন কৰা ধন, অনীতিক গাপ দিওঁতে খৰচ হৈ যোৱা৷
  9. পাণ জপাদি জপা : পাণ এখিলাৰ ওপৰত আনখিলা জপা হয়। সেইদৰে গাড়ীয়ে মটৰে অধিক মানুহ উঠালে এনেদৰে কোৱা হয়।
  10. পাণ্ডৱ বৰ্জিত দেশ : বাহিৰৰ লোকে কেতিয়াও ভৰি দি নোপোৱা ঠাই।
  11. পাহৰি আছিলো পৰিল মনত, পাচঁ বৰণীয়া পটা আছে ৰাৱণৰ ঘৰত: ৰাম ৰাৱণৰ যুদ্ধত লক্ষ্মণ ৰাৱণৰ পুত্ৰ মেঘনাদৰ শক্তি-শেলত অজ্ঞান হৈ পৰিছিল। লক্ষ্মণক বচাবলৈ ৰাৱণৰ ৰাজবৈদ্য সুসেনাক আনোতে সুসেনাই ‘মৃতসঞ্জীৱনী’, ‘বিশল্যকৰণী’, ‘সন্ধানকৰণী’ আৰু ‘সবৰ্ণ্যকৰণী’ বিচাৰি হনুমানক পাচিলে ৷ হনুমানে বৃক্ষ বিচাৰি নাপায় গন্ধমাৰ্দন পৰ্বতকে দাঙি আনিলে৷ এই আটাইকেইবিধ তৰুৰ ৰস প্ৰস্তুত কৰিবলৈ যেতিয়া পটাৰ প্ৰয়োজন হল, তেতিয়া বৈদ্যৰ মনত পৰিল যে পটাখন ৰাৱণৰ ঘৰতে থাকি আহিল৷ সময়ত খুউব দৰকাৰী বস্তু এটা পাহৰি থকা অৰ্থত এই ফকৰাটো ব্যৱহাৰ হয়।[১৯]
  12. পৰ্বতত কাছৰ কণী বিচৰা: বৰ দুৰ্লভ বস্তু বিচৰা৷
  13. পৰৰ পালে জ্বৰৰ গাৰে খোৱা: নিজৰ খৰচ নহ’লে, লোকৰ খৰচৰ হিচাপ নৰখা৷
  14. পৰৰ মূৰত কঁঠাল ভঙা: নিজৰ কাৰ্যৰ বাবে আনৰ ধন খৰচ কৰা৷
  15. পৰত আশ বনত বাস: বনত বাস কৰিলে যেনেদৰে পদে পদে বিপদ তেনেকৈ লোকলৈ আশা কৰি থাকিলেও কোন মুহূৰ্তত বিপদ হয় একো ঠিক নাই। এনেকৈয়ো ক'ব পাৰি যে আপোন মানুহ এৰি পৰক বিশ্বাস কৰিলে ধন সম্পত্তি, ঘৰি-বাৰী বিনষ্ট হয় আৰু অৱশেষত বনত গৈ বসবাস কৰিব লগীয়া হয়।[১৯]
  16. পোৱতিয়েহে জানে প্ৰসৱ বেদনা কি: কাৰ দুখ-যন্ত্ৰণা কি তেওঁ নিজেহে বুজি পায়৷
  17. পথাৰৰ মাজৰ মুঢ়া, যৰে পৰা চোৱা তৰে পৰাই পোন: মুকলি মনেৰে যি চোৱা হয় তাৰ সদায় ভালটোহে দেখা যায়৷
  18. পেটত গৰল, মুখত অমৃত/মৌ  : মুখেৰে ভাল বোলাই ভিতৰি অপকাৰ কৰা মানুহ।
  19. পুহত কল, মাঘত জল, তেহে পাবা গাত বল: অসমীয়া খাদ্যৰীতিমতে বয়োজ্যেষ্ঠসকলে কয়, পুহ মাহত কল আৰি মাঘ মাহত পৰ্যাপ্ত পানী খালে শৰীৰত বল পোৱা যায়৷
  20. পুলিয়ে পোখাই উভলা: কোনো অপশক্তি মূৰ দাঙি উঠাৰ আগেয়ে তাক সমুলঞ্চে নাশ কৰা।
  21. পঢ়ায়, পঢ়ে, ৰোৱে পাণ, এই তিনিয়ে নিচিন্তে আন: ছাত্ৰই পঢ়াৰ বাহিৰে বেলেগ একো নকৰে, শিক্ষকে পঢ়োৱাত নিমগ্ন থাকে, খেতিয়কে খেতিৰ বাহিৰে বেলেগ চিন্তা নকৰে, অৰ্থাৎ যাৰ যি কাম তেওঁ অন্য চিন্তা নকৰি কেৱল নিজৰ কামত মনোযোগ দিয়া উচিত।[১৯]
  22. পঢ়িবা শুনিবা পাইবা দুখে, মৎস্য মাৰিবা খাইবা সুখে কষ্ট কৰি পঢ়া-শুনা কৰাতকৈ খালে-দোঙে মাছ মাৰি ফুৰাই বেছি ভাল, অন্ততঃ ভাতসাজ আৰামেৰে খাব পৰা যাব৷ ই এক বিপৰীত ভাব বুজোৱা ব্যংগাত্মক, ধেমেলীয়া প্ৰবচন৷
  23. পৰুৱাৰ পাখী গজে মৰিবলৈ: নিজৰ ক্ষমতাতকৈ বেছি কাম কৰিব গলে বিপদত পৰিব পাৰে।
  24. পেট বেয়া কৰে মুড়িয়ে ঘৰ বেয়া কৰে বুঢ়ীয়ে যেনেকৈ মুড়িয়ে পেট বেয়া কৰে, তেনেকৈ বিভিন্ন ওজৰ-আপত্তিৰে একোখন ঘৰৰ পৰিবেশ অশান্তিময় কৰি তোলে৷ অৱশ্যে মুড়িয়ে পেট বেয়া নকৰে; মাথো ছন্দৰ খাটিৰতহে ব্যৱহাৰ কৰা যেন বোধ হয়৷
  25. পেটক আটে চকুক নাটে: লুভীয়া বা খকুৱা মানুহে নিজৰ পেটৰ ভোক গুচাৰ পাছতো আৰু অধিক খাবলৈ ইচ্ছা কৰে।[১৯] অৰ্থাৎ প্ৰয়োজন পূৰ হোৱাৰ পিছতো অধিক হেঁপাহ কৰা।
  26. পাবা চৰাই ভাঙিবা পাখি, বঢ়া ভাত নথবা ৰাখি: উপদেশমূলক প্ৰবচন। যি কাম যেতিয়া কৰা প্ৰয়োজন ততালিকে কৰা উচিত। সুযোগ পাওঁতেই নকৰিলে কাম সমাধা নহয়।[১৯]
  27. পোন আঙুলিৰে ঘিউঁ নাহিলে আঙুলি বেকা কৰা: পোনপটীয়াকৈ কাম নহ’লে কৌশলেৰে সমাধান কৰা।
  28. পূবৰ বেলি পশ্চিমত ওলোৱা : অসম্ভৱ কথা।
  29. পৰুৱা (পিপৰা) মুখৰ চাউল কাঢ়ি খোৱা : দুখীয়া বা নিঃকিনজনক ঠগি চহকী হোৱা।
  30. পেটত আটে, চকুত নাটে : পেটত নধৰিলেও চকুৰে তাকৰ দেখা।
  31. পোৱালী হেৰুৱা বাঘিনী : ভয়ংকৰ ৰূপ লোৱা তিৰোতা।
  32. পঁইতা পালমৰা, কৰ্কৰা লৰমৰা, তপত দিনটোলৈ গাতো শকত: আগদিনাখনৰ পানী দি থৈ দিয়া পঁইতা ভাত, বা আগদিনাখনৰ ঠাণ্ডা ভাতেৰে (কৰ্কৰা) পুৱাৰ জলপান খোৱাতকৈ তপত বা গৰম ভাতকেইটা খোৱাতো বেচি স্বাস্থ্যকৰ বুলি প্ৰবচনটোত কোৱা হৈছে৷[১৯]

[সম্পাদনা কৰক | উৎস সম্পাদনা]

  1. ফটা বাঁহ জোৰা নালাগে: সম্পৰ্ক এবাৰ বেয়া হ’লে পুনৰ আগৰ দৰে ভাল নহয়৷
  2. ফটা কঁথা তিতে মানে গালৈহে গধুৰ: আপোন মানুহৰ বদনামী হ’লে নিজলৈয়ো বদনাম আহি যায়৷
  3. ফিৰিঙতিত খাণ্ডব দাহ : সৰু কথাৰ পৰাই ডাঙৰ কাজিয়া হোৱা৷
  4. ফুটা কলহৰ মাত সাৰ: ভিতৰত একো নাথাকিলে ঢেং ঢেং শব্দ কৰা৷ জ্ঞান কম হ’লে বেছি কথাৰে জ্ঞানী বোলাবলৈ যোৱা৷
  5. ফুটা কলহত পানী ঢলা : অনৰ্থক ব্যয়।
  6. ফেউৰাৰ মাতত সিংহই উভতি নাচাই: অদৰকাৰী কথাত জনালোকে মূৰ গৰম নকৰা৷
  7. ফোপজহি ৰঙাই, এদোন ধানৰ পিঠা খুন্দি গোটেই গাঁওখনকে জনাই: নিজৰটো বৰ ডাঙৰকৈ আনক জহাই ফুৰা লোক৷
  8. ফটা হওক চিটা হওক পাটৰ টঙালী, কণা হওক কুজা হওক ভূঞাৰ পোৱালি: সজ বংশত জন্মা লোক সজ হয় বুলি বিশ্বাস৷
  9. ফল খাই পানী, যমে নিয়ে টানি: ফল খাই পানী খোৱা শৰীৰৰ বাবে বৰ ক্ষতিকাৰক৷
  10. ফাল চাচোঁতেই মাহৰ বতৰ যোৱা: নাঙলৰ ফাল চোকা কৰিবলৈ চাঁচিব লাগে৷ প্ৰস্তুতি কৰোঁতে লেহেম কৰিলে সময়ত কাম কৰিব নোৱৰা হোৱা৷
  11. ফাট মেলা বসুমতী পাতালে লুকাও: লাজ-অপমানত মূৰ তুলি থাকিব নোৱৰা অৱস্থা হোৱা৷

[সম্পাদনা কৰক | উৎস সম্পাদনা]

  1. বাৰ হাত জালৰ তেৰ হাত ফটা
    ভাল মাৰিলে বাপৰ বেটা
    ৰৌ বৰালি সৰকি গ’ল
    পুঠি-খলিহণা ৰৈ ৰৈ গ’ল৷
    (ভকতীয়া যোজনা): গুৰুৱে ডাঙৰ ডাঙৰ মানুহক তেওঁৰ ধৰ্মত দীক্ষা দিব নোৱাৰিলে, অথচ তেওঁৰ ধৰ্মৰ জালখন সাধাৰণ মানুহবোৰ ধৰা পৰিল৷ [২০]
  2. বাছি খাবা জাগি শুবা[১৪]: খাওঁতে কেতিয়াও বাছ-বিচাৰ নকৰাকৈ খাব নালগে, ই স্বাস্থ্যৰ হানি কৰে৷ মানুহে শুওতেও সচেতন হৈ শুলে ৰাতি হ’ব পৰা বিপদ-বিঘিনিৰ পৰা ৰক্ষা পাব পাৰে৷
  3. বৰশী বোৱা মাছ, কটনা কটা ভাত: বৰশীৰে মাছ ধৰা কষ্টকৰ, তেনেকৈ কটনা কাটি অৰ্থাৎ বোৱা-কটা কৰি জীৱিকা আৰ্জন কৰাও কষ্টকৰ৷[২১]
  4. বাজনাৰ শুৱনি বাঁহী, পুৰুষৰ শুৱনি হাঁহি:[২২] বাঁহীৰ মাত শুৱলা মাতে সকলোকে মুগ্ধ কৰে,তেনেকৈ হাঁহিমুখীয়া পুৰুষৰ আচৰণেও সকলোকে মুগ্ধ কৰে৷
  5. বাটত পালোঁ কমাৰ, দা গঢ়ি দিয়া আমাৰ:হঠাতে কোনো লোকক বাটে-ঘাটে লগ পাই সুবিধা আদায় কৰিব বিচৰা কাৰ্য৷[২৩]
  6. বগা ভাত দেখিলে ক’লা কাউৰীৰ অভাৱ নাই : সুবিধা দেখিলে হিতাকাংক্ষী নহ’লেও আপোন দেখুৱাবলৈ অহা মানুহৰ অভাৱ নাই।
  7. বাজিব লাগে হাঁচতি, বাজে টেমি কটাৰি: হাঁচটিত থকা টেমি-কটাৰী আদি নাবাজি হাঁচটিখন বজা অৰ্থাৎ কথা ক'ব লগা ব্যক্তিজনে নকৈ তেওঁৰ সমৰ্থনত অন্য ব্যক্তিয়ে অনৰ্থকভাৱে কথা কৈ থকা৷
  8. বন্ধু চিনিবা বিপদৰ বেলা: বিপদত পৰিলেহে কোন প্ৰকৃত বন্ধু তাক চিনিব পাৰি, কিয়নো ভাল সময়ত সকলোৱে ভালদৰেই বন্ধুত্ব দেখুৱাই।
  9. বান্দৰে কি বুজে নাৰিকলৰ মোল: নাৰিকলটো বাহিৰৰ পৰা দেখিবলৈ ভাল নহয়, কিন্তু ভিতৰতহে সুস্বাদু নাৰিকল থাকে, বান্দৰবোৰে কথাটো নাজানি নাৰিকল পালেও পেলাই দিয়ে। অৰ্থাৎ সকলোৱে মূল্যবান বস্তুৰ মূল্য নুবুজে।
  10. বান্দৰৰ তিনিটা কণী, নিতৌ উলিয়াই নিতৌ সুমুৱাই ডালৰ ফেৰেঙনিত বহি:
  11. বান্দৰৰ ডিঙিত মুকুতাৰ হাৰ : অযোগ্য বা মূল নুবুজা জনৰ হাতত সম্পদ দিলে তাৰ সদব্যৱহাৰ নহয়।
  12. বান্দীয়ে ভাঙিলে কটৰা, গড়গাওঁ পালেগৈ বতৰা/ ঘৈনীয়ে ভাঙিলে কাঁহী থলে মিচিকিয়াই হাঁহি : বান্দী সদায় পৰৰ, সেয়ে তাইৰ সামান্য দোষো বৰ জগৰৰ কাৰণ। কিন্তু বান্দীৰ তুলনাত পত্নীয়ে বেছি ক্ষতিকৰ কাম কৰিলেও সি দোষৰ নহয়। অৰ্থাৎ মানুহ চাই দোষ-গুণ বিচাৰ কৰা বা পক্ষপাত দুষ্ট সিদ্ধান্ত।
  13. বাটত পালোঁ কমাৰ দা গঢ়ায় দিয়া আমাৰ: হঠাতে কাৰোবাক লগ পাই দৰকাৰী কাম আদায় কৰি লোৱা।
  14. বাচোঁতে বাচোঁতে গেলা বৰালিত হাত: বহু চিন্তা ভাৱনা বা বাচ-বিচাৰ কৰাৰ পাছতো বেয়া বস্তুকে ল’ব লগা হোৱা।
  15. বাঢৈৰ ঘৰত পীৰা নাই : যি যিকামত পাৰ্গত তাৰ ঘৰতে আকৌ সেই বস্তুৰে অভাব।
  16. বাপৰ ধনে আটে আৰু পাপৰ ধনে নাটে: বাপেকৰ সা-সম্পত্তিৰে অৰ্থৎ সুশিক্ষাৰে মানুহৰ জীৱন সুখৰ হয়, কিন্তু পাপ বা অন্যায় পথ অৱলম্বন কৰাজনৰ জীৱনত সুখ হেৰায়৷
  17. বাপেকৰ ধুতিত নটা গাঁঠি, পুতেকে ফুৰে হাতীত উঠি:
  18. বাছৰ আগত, ঘোৰাৰ পাছত: বিপদজনক ঠাই।
  19. বাঘৰ নেজেৰে কাণ খজুৱা : অত্যুৎসাহী লোকে বিপদৰ কথা পাহৰি নকৰিব লগা কাম কৰে।
  20. বাঘৰ আগতেল খোৱা: অতি অঘাইটং লোক৷
  21. বাঘৰ আগত ছাগৰ অগা দেৱা: বিপদসংকুল অৱস্থাৰ মুখামুখী হোৱা
  22. বাঘে ছাগে একেলগ হোৱা : শত্ৰুতা পাহৰি একেলগ হোৱা।
  23. বাৰ হাত জালৰ তেৰ হাত ফটা, ভাল মাৰিলি বাপৰ বেটা, ৰৌ-বৰালি সৰকি গ’ল, পুঠি-খলিহনা পাহে পাহে ৰ’ল: ডাঙৰ অপৰাধী সাৰি গৈ সৰু-সুৰা অপৰাধী ধৰা পৰা।
  24. বালীলৈ যি পাত, সুগ্ৰীবলৈও একেই পাত : আনৰ বাবে যিটো বিপদৰ কথা নিজৰ ক্ষেত্ৰতো সেইটোৱেই হ’ব। [৭]
  25. বনৰ বাঘে নাখায়, মনৰ বাঘেহে খায়: ভয়ৰ কাৰণেহে বিপদ হয়।
  26. বাওনা হৈ চন্দ্ৰলৈ হাত মেলা: চুটি-চাপৰ মানুহে ওখত থকা বস্তু হাতেৰে ঢুকি নেপায়৷ এই যোজনাটোৰে অসম্ভৱ কামৰ হাবিয়াস কৰাৰ কথা বুজোৱা হয়৷
  27. বুঢ়া শালিকাই মাত লোৱা: শালিকা কোমল বয়সতে ঘৰত পুহিলে মানুহৰ দৰে কথা ক’বলৈ শিকে, কিন্তু বয়সত তাক কথা শিকাব নোৱাৰি৷ সেইদৰে, মানুহেও কোমল বয়সতে সহজে সকলো আয়ত্ত কৰিব পাৰে, বয়স হ’লেও মনোবলৰ কাৰণে নতুন শিক্ষা লোৱাক বুঢ়া শালিকাৰ লগত ৰিজোৱা হয়৷
  28. বিষ্ঠাক চন্দ্ৰপ্ৰায় দেখিব লাগে ভকত হ’লে:[২৪]প্ৰকৃত ভকতে ভকতৰ সকলো সদগুণ আয়ত্ত কৰিলে সকলোতে ভাল গুণ দেখা পায়৷ তেনেকৈ, মল বা বিষ্ঠাকো জোনবাইৰ দৰেই ভাবিব পাৰালেহে প্ৰকৃত ভকত হয়৷
  29. বিনা মেঘে বজ্ৰপাত: হঠাৎ হোৱা বিপদ৷
  30. বিদেশে নিয়ম নাস্তি/ বিদেশত নিয়ম নাই: বিশেষকৈ ধুতি-নীতি মানি চলা মানুহ বিদেশত (দূৰ ঠাইত) বৰ অসুবিধাত পৰিব লগা হয়। সেয়ে কিছু এৰাধৰা কৰিবলৈ বাধ্য।
  31. বিপদ অকলে নাহে : উপৰ্যুপৰি বিপদ অহিলে কোৱা হয়।
  32. বাটৰ কচু গাত ঘঁহি লোৱা: নোসোমাবলগীয়া বিপদত নিজে নিজে সোমাই পৰা৷
  33. বাৰীৰ ঘাঁহ গোহালীৰ গৰুৰ ৰাহি যোৰা নাহে: ঘৰত থকা উভৈনদী বস্তুক আওকাণ কৰি আনৰ বস্তু টানি ফুৰা৷
  34. বাহিৰে ৰং-চং ভিতৰি কোৱা-ভাতুৰি: কোৱাভাতুৰী এবিধ লতাৰ ফল, সি পকিলে তাৰ বাহিৰ ভাগ দেখাত সুন্দৰ হয়, কিন্তু ভিতৰৰ ফাল কাউৰীৰ পাখিৰ দৰে ক'লা হয়। ইয়াৰ দ্বাৰা বুজাব খোজা হৈছে যে, কোনো বস্তু বা ব্যক্তিৰ বাহ্যিকতা দেখি তেওঁৰ গুণাগুণ নিৰূপণ কৰিব নোৱাৰি৷
  35. বাহৰ পৰা উৰিল কাউৰী, পাৰিলহি কুলিয়ে কণী তিনি: সুযোগ বুজি কাম কৰা৷
  36. বিপদত কুকুৰেও মৈ টানে: বিপদকালত ওচৰত যি পায় তাৰেই কাম চলাবলগীয়া হয়৷
  37. বিনাশ কালে বিপৰীত বুদ্ধি: বিপদৰ সময়ত সঠিক সিদ্ধান্ত ল’ব নোৱাৰি নিজে শ’লঠেকত পৰা।
  38. বেঁকাকৈ পদূলি, চিকুনকৈ নঙলা, কেতিয়াও সেই ঘৰ নহয় বৰলা
  39. বেছি মেঘে গাজিলে বৰষুণ নিদিয়ে: মুখেৰে বৰ বৰ কথা কোৱা মানুহৰ দ্বাৰা কাম নোহোৱা৷
  40. বেজিৰ জলঙা মনে, কুঠাৰৰ জলঙা নমনে: অলাগতীয়াল সৰু বস্তুকো বৰ লাগতীয়াল যেন দেখা অথচ তাৰ তুলনাত ডাঙৰ বস্তু বা বিষয়ক আওকাণ কৰা৷
  41. বেজৰ নাকত খৰ: বেজ অৰ্থাৎ কবিৰাজে আনক চিকিৎসা কৰি ৰোগ নিৰাময় কৰে, কিন্তু নিজৰ ক্ষেত্ৰতে বেমাৰ ভাল কৰিব নোৱাৰিলে তেনে বেজৰ কাম নাই। অৰ্থাৎ আনৰ উপকাৰ কৰে কিন্তু নিজৰে অৱস্থা নাই।
  42. বেটিয়ে ভাঙিলে কটৰা, গড়গাঁও পালেহি বতৰা, ঘৈণীয়ে ভাঙিলে কাঁহী, থলে মিচিকাই হাঁহি: বেটি মানে কাম কৰা ছোৱালিয়ে কটৰা ভাঙিলেও সকলোকে কৈ ফুৰা, কিন্তু ঘৈণীয়েকে কাঁহী ভাঙিলেও মনে মনে থকা। অৰ্থাৎ নিজৰ আপোন মানুহৰ ডাঙৰ দোষকো লুকুৱাই ৰাখি আনৰ সৰু দোষকে কৈ ফুৰা৷
  43. বেতনিত ঔ পৰিল, গোবিন্দায় নমঃ: সাধাৰণতে বেতঁনিৰ কাষত ঔ-টেঙাৰ গছ থকা দেখা যায় আৰু ঔ-টেঙা পাৰোঁতে সি যদি বেতঁনিত পৰে তেন্তে তাক তাতে বিসৰ্জন দিয়াৰ বাদে অন্য উপায় নাথাকে (যেনেদৰে যজ্ঞত আহুতি দিয়াৰ সময়ত 'গোবিন্দাই নমঃ' বুলি একেবাৰে বিসৰ্জন দিয়া হয়)৷ ইয়াৰ অৰ্থ হ'ল কোনো এটা কাম বা বস্তু পুনৰ আৰম্ভ বা প্ৰাপ্ত কৰিব নোৱাৰাকৈ শেষ হোৱা৷
  44. বেঙো ওলাল, সাপেও দেখিলে : কাকতালীয় সংযোগ বা পূৰ্ব পৰিকল্পনা নোহোৱাকৈ কিছুমান কথা মিলি যায়। কিন্তু আন লোকে তাক পৰিকল্পিত বুলি দোষ জাপি দি বিপদত পেলায়।
  45. বোকাতহে পদুম ফুল ফুলে : সা-সুবিধাৰ অভাৱ সত্বেও ভাল ফল দেখুওৱা।
  46. বোৱাৰী আনিবা দিনটোৰ বাটত, গৰু আনিবা ৰিংটোৰ বাটত: ওচৰৰ ঘৰৰ পৰা ছোৱালী বিয়া কৰাই আনিলে ঘনে ঘনে মাকৰ ঘৰলৈ গৈ থাকিব, সেয়েহে দুৰৈৰ ঘৰৰ পৰা (যলৈ এদিনৰ বাট) বিয়া কৰাব লাগে। আনহাতে গৰু কিনিলে ওচৰৰ ঘৰৰ পৰা কিনিব লাগে, যাতে বাট ভুল কৰি আগৰ ঘৰলৈ গলেও সহজে বিচাৰি আনিব পাৰি।
  47. বলে নোৱাৰা শিলক পৰি নমস্কাৰ: টান কাম কৰিবলৈ মৰসাহ কৰাতকৈ নোৱাৰোঁ বোলাই ভাল৷
  48. বহিব জানিলে মাটিয়েই পীৰা, খাব জানিলে চাউলেই চিৰা: সকলো অৱস্থাতে নিজক খাপ খুৱাই চলিব পৰা৷
  49. বুঢ়াৰ কথা নুশুন ডেকা, টানত পৰি কিয় কেকা?: বুঢ়ালোক জীৱনৰ অভিজ্ঞতাৰে অভিজ্ঞ৷ তেনে লোকৰ কথা সহজে উলাই কৰি বিপদতহে পৰা যায়৷
  50. বুজাক বুজাবা আকাৰে ঈঙ্গিতে, নুবুজাক বুজাবা হালোৱা এছাৰিৰে: যিসকলে বুজে, আকাৰে-ইংগিতে ক’লেও বুজিব, কিন্তু নুবুজাসকলক প্ৰয়োজন হ’লে শাস্তিৰ ভয় দেখুৱাই হ’লেও বুজোৱা৷
  51. বৰাৰ ঘৰত তৰাৰ গাঁঠি বৰানো থাকিব কেই ৰাতি: তৰাৰ গাঁঠিৰেই মানুহ থাকিব পৰাকৈ কেইদিনমানলৈ এটা ঘৰৰ প্ৰয়োজনীয় গাঁঠিসমূহ দিব পাৰি আৰু সেই কথা অস্থায়িভাৱে থকা মানুহজনে ধৰিব নোৱাৰে ৷ কিন্তু সি চিৰস্থায়ী নহয় ৷ অৰ্থাৎ ক্ষন্তেকিয়া আলহীৰ নিমিত্তে চকুত ভাল লগাকৈ কোনো কাৰ্য্য কৰি মনত সন্তোষ দিয়া ব্যৱস্থা৷
  52. বামত বাম ৰজা, পোটা পুখুৰীত বাকেই ৰজা: নিজৰ নিজৰ ঠাইত সকলোৱে ৰজা।
  53. বাতি খালে আটি যায়, লুকাই খালে ঢুকাই যায়: সকলোৰে লগত মিলিজুলি উপভোগ কৰিলে সকলোৱে ভাগ পায়, আনহাতে অকলে উপভোগ কৰিব চেষ্টা কৰিলে নিজলৈকো নাটে।
  54. বাৰীৰ পুখুৰী সিচোঁতেও দুই চাৰিজনক শিঙিয়ে বিন্ধে: একেবাৰে সাধাৰণ কামতো অলপ হলেও বিপদ থাকিব পাৰে।
  55. বামুনৰো এদিন, শূদিৰৰো এদিন : শূদিৰৰ পূজা পাতল, পৰাচিত আদি বিভিন্ন কামত বামুনক খাতিৰ কৰিব লগা হয় যদিও বিপদত বামুনেও শূদিৰৰৰ ওচৰত হাত পাতিব লগা হ’ব পাৰে। অৰ্থাৎ সকলোৰে নিজৰ প্ৰভুত্ব খটুৱাৰ সময় বা সুযোগ যেনেদৰে আহে তেনেদৰে বিপদো আহে।
  56. বায়নৰ ঘৰৰ বোন্দায়ো ৰাগ টানে: চৰ্চা বা অভ্যাসৰ পৰিৱেশত থাকিলে অযোগ্যজনৰ গাতো সেই সমূহৰ প্ৰকাশ ঘটে।
  57. বিন্দুতেই সিন্ধু : ক্ষুদ্ৰ বস্তুত বিশালতাৰ প্ৰকাশ।
  58. বুঢ়া শালিকাই মাত নলয়: বেছি বয়সত মানুহে কিছুমান শিক্ষা ল’ব নোৱৰা হয়।
  59. বৰলোকৰ দায় এৰি এৰি যায়, সৰুলোকৰ দায় খাজেখোপে খায়: আগ সমাজত বহা লোকসকলৰ দোষ এৰি দিয়া হয়, কিন্তু সৰু সৰু মানুহৰ দোষ ধৰি বিচাৰ কৰা হয়৷
  60. বুঢ়া কঁঠালৰ মুঢ়া,জাকৰুৱা ঘৰলৈ ছোৱালী নিদিবা ঢেকীয়ে কৰিব বুঢ়া: আগৰ দিনত প্ৰতিসাজ ভাতৰ চাউল ঢেঁকীত ধান বানি উলিয়াব লাগিছিল৷ ঘৰৰ সদস্য যিমান বেছি হয় সিমান বেছি চাউলৰ প্ৰয়োজন হয়৷ সেয়ে, বেছি সংখ্যাৰ মানুহ থকা ঘৰত ছোৱালী দিলে ঢেঁকীত ধান বানি বানি সোনকালে সোনকালে স্বাস্থ্য ক্ষয় নিয়াব বুলি কোৱা হয়৷
  61. বামুণ চিকুণ ফোঁটে লগুণে/হোমৰ চিকুণ ধোঁৱা/পানীৰ চিকুণ পানীপৰুৱা/মাছৰ চিকুণ মোৱা । : বামুন, হোম, পানী আৰু মাছৰ লক্ষণ প্ৰকাশ পাইছে।
  62. বাপুদেউ জোলোঙাটি নুবুলিবা সৰু, চাউল ধৰে, চৰু ধৰে আৰু ধৰে গৰু : শ্ৰাদ্ধাদি সম্পন্ন কৰা বামুণৰ জোলোঙাটি সৰু হ’লেও তেওঁক দান হিচাপে বহু বস্তু দিয়া হয়। সেইদৰে দেখাত সৰু কামত ডাঙৰ হ’লেও কথাষাৰ খাটে।
  63. বাঁহৰ আগৰ ভোল: অপ্ৰয়োজনীয় সম্পদ। বাঁহ গছৰ আগত লাগি থকা ভোল পাৰি আনি খাব পৰা নাযায়, সেয়ে ভোল সুস্বাদু পাচলি হ’লেও সি কামত নাহে।

[সম্পাদনা কৰক | উৎস সম্পাদনা]

  1. ভাণ্ড পৰশি লৱণু থবা, শিষ্য পৰশি জ্ঞান কবা[১৪]: লৱণু থোৱা পাত্ৰটো পৰীক্ষা কৰিহে তাত লৱণু থব লাগে, আনহাতে শিষ্যগৰাকীৰ বুদ্ধিমত্তা পৰীক্ষা কৰি সেইমতে জ্ঞান দিলে জ্ঞান আহৰণ কৰাত সহজ হয়৷
  2. ভঙা খৰাহীত পিতলৰ বাও: কম মূল্য বা অদৰকাৰী বস্তুত মূল্যবান বা খৰচী বস্তু সংযোগ হোৱা।
  3. ভৰালত নাই কণটো, বৰসবাহলৈ মনটো: সীমিত সম্পদৰ গৰাকী হোৱা সত্ত্বেও মনত ডাঙৰ আকাংক্ষা পুহি ৰখা।
  4. ভৰিৰ তলৰ মাটি নোহোৱা হোৱা : বিপদত সৰ্বস্বান্ত হোৱা।
  5. ভুকুতে কলটো নপকে: সকলো কাৰ্য্য সম্পূৰ্ণ হোৱাৰ এটা সময় থাকে, তাকে নামানি অসময়ত ফলাফল বিচৰা অফলপ্ৰসূ হয়।
  6. ভুৰুকাত হাতী ভৰোৱা: বিশালাকাৰ একোটা বিষয় অতি সংক্ষেপে প্ৰকাশ কৰা, যেন চূণৰ সৰু টেমি এটাত হাতী এটাহে ভৰোৱা হৈছে৷
  7. ভুতৰ মুখত ৰাম নাম: কাৰোবাৰ চৰিত্ৰ বা ব্যক্তিত্বৰ লগত খাপ নোখোৱা ধৰণৰ কথা কাণ্ড।
  8. ভুতৰ ওপৰত দানহ পৰা: এটা বিপদৰ ওপৰত আন এটা বিপদে লগ দিয়া।
  9. শাকত নাখাই লোণ, পিটিকাত যায় তিনিগুণ: কৃপণৰ কৃপানণালি চিন্তাত ধন অনাহক খৰছ হোৱা৷
  10. ভয়ত ভগৱন্ত পলায়, কিললৈ বাসুদেউ ডৰায়:
  11. ভাতৰ তিতা খাব পাৰি, মাতৰ তিতা খাব নোৱাৰি: কটু কথা হজম কৰা টান৷
  12. ভাতৰ লগত পানী খোৱা কথা: তেনেই সাধাৰণ কাম, একেবাৰে সহজ কাম অৰ্থ।
  13. ভাল ভাল ঘোঁৰাই নাপাই ঘাঁহ, বটুৱা ঘোঁৰাই বিচাৰে মাহ: উপযুক্তজনেই পৰ্যাপ্ত সুবিধা বা প্ৰাপ্যখিনি লাভ নকৰাৰ বিপৰীতে অনুপযুক্তজনে সুবিধা বিচৰা।
  14. ভাল আমৰ পুলি হৈ বকৰানিত গজা: ভাল বংশৰ সন্তানে বংশগৌৰৱ ৰক্ষা কৰিব নোৱাৰা।
  15. ভালুকৰ ওলোটা খোজ: অসম্ভৱ ঘটনা।
  16. ভালে পায় ভাল, জাবৰে পায় খাল: যাৰ মানসিকতা বা দৃষ্টিভংগী যেনেকুৱা, সি তেনে লগ-সংগই পছন্দ কৰে।
  17. ভবা কথা নহয় সিদ্ধি, বাটত আছে কনা বিধি: কোনো কথা মনতে পাঙি থওঁতে কোনো অবাঞ্চিত বাধাৰ ফলত সি পূৰ নোহোৱা।
  18. ভেটিত তিতা লাও গজা: ভেটি উচন হোৱা। গালি পাৰোঁতে শাওপাত দিলে উক্ত প্ৰবাদটি প্ৰয়োগ কৰা হয়।
  19. ভোজৰ আগত, ৰণৰ পাছত: ভোজত আগতীয়াকৈ যোৱাসকলে ভাগ পাবই,কিন্তু পাছত গ’লে বস্তু নোহোৱা হোৱাৰো সম্ভাৱনা থাকে। সেইদৰে ৰণত পিছত থকাজন কিছু সুৰক্ষিত।

[সম্পাদনা কৰক | উৎস সম্পাদনা]

  1. মৰিম বুলি না আৰ্জিলে, জীলে খাম কি : ভয়ানক বিপদৰ কথা ভাবি কৰিব লগা কাম নকৰিলে ভাবি থকা বিপদ আঁতৰি গ’লেও মানুহ অন্য বিপদত পৰে। গতিকে ভৱিষ্যতৰ কথা চিন্তা কৰি থকাতকৈ সময় মতে নিজৰ কাম কৰি যোৱাই বুদ্ধিমানৰ কাম।
  2. মৰে উৰুলিপুঙা, মৰে পদূলিশুঙা, মৰে অলপ পানীৰ মাছ: অনবৰতে উৰুলীকৃত হৈ থকা পাতল স্বভাৱৰ মানুহ আৰু বিনাকামত লোকৰ পদূলিয়ে পদূলিয়ে ঘূৰি ফুৰা মানুহে নিজ স্বভাৱৰ বাবে জগৰ লগাই ফুৰে৷ তেনে মানুহ অলপ পানীত থকা মাছৰ দৰে নিজৰ দোষতে বদনামী হয়৷
  3. মাউখে উটিলে গুৰি পৰুৱাৰ মৰণ নাই: একতা থাকিলে কোনো জনসমূহ বিপদত নপৰে।
  4. মাকতকৈ জীয়েক কাজী, ঢেঁকীথোৰা লৈ বতে পাঁজী: মাকক সাধাৰণতে জীয়েকতকৈ সকলো বিষয়তে বেছি অভিজ্ঞ বুলি ধৰা হয়, কিন্তু জীয়েকে জনা দেখুৱাই পটাৰ সলনি মছলা বটিবলৈ ঢেঁকীথোৰা ব্যৱহাৰ কৰা অৰ্থাৎ অলপ জ্ঞান থকা বিষয় বস্তুৰ ওপৰত বেচি জনা দেখুওৱা৷
  5. মাছত বতিয়া আৰু মানুহত কটিয়া, ইহঁতৰ পৰা অলপ বাছি থাকিবা: বতিয়া মাছ ধৰা কঠিন, সেইদৰে কটিয়া মানুহ অসঞ্জাতী বুলি প্ৰচলিত ধাৰণা৷
  6. মাছে গৰকা পাচলি খাবা, শাহুৱে গৰকা বোৱাৰী বাবা : মাছ অকণমান দিলে আঞ্জাৰ সোৱাদ ভাল হয়৷ শাহুৱে শিকাই-বুজাই তোলা বোৱাৰী কামত খটুৱাবলৈ ভাল৷
  7. মাছোৰোকাই মাছ খায়, সব চৰাইৰ নাম যায়: এজনৰ বাবে আটাইৰে বদনাম হোৱা।
  8. মাজ মূৰত নাই চুলি, গিৰিয়েকে মাতে ৰূপহী বুলি: সজগুণী কুৰূপা নাৰীও গিৰিয়েকৰ মনত সবাতোকৈ ৰূপহী হয়৷
  9. মাতিলে ৰণলৈও যাবা, নামাতিলে ভোজলৈও নাযাবা: আমন্ত্ৰণ জনালে ৰণলৈও যাবলৈ সংকোচ কৰিব নালাগে, কিয়নো এমে কৰিলে সন্মান পোৱা যায়৷ কিন্তু নামাতিলে ভোজ-ভাত খবলৈও যাব নালাগে, ইয়াত আত্ম-সন্মান হানি হ’ব পাৰে৷
  10. মাছে বোলে মাতে পানীয়ে দুই কোঁৱাৰি ভেটে: কোনো কথা ক'ব পৰাৰ উপযুক্ত যুক্তি থকাৰ পিছতো পাৰিপাৰ্শ্বিক পৰিবেশৰ বাবে ক'ব নোৱৰা অৱস্থা৷
  11. মাছ বুলি নাখাই জীজী বুলি খায়: কোনো এটা বস্তু পোণ-পটিয়া ভাবে নলৈ আন অজুহাতত লোৱা৷ যেনে পোণ-পটিয়া ভাবে ভেটি নোলোৱা, কিন্তু আন প্ৰকাৰে লোৱা৷
  12. মাছৰ কেঁচা, চাহৰ চেঁচা: অখাদ্য।
  13. মানুহটোৱে প্ৰতি মনটো, ধানটোৱে প্ৰতি কণটো: প্ৰতিটো ধানৰ ভিতৰত একোটাকৈ কণ থকাৰ দৰে প্ৰতিজন মানুহৰ নিজস্ব মন একোটা থাকে। অৰ্থাৎ এজনৰ ভাৱধাৰা আন এজনৰ লগত নিমিলিবও পাৰে।
  14. মোল্লাৰ দৌৰ মছজিদলৈ : মোল্লাৰ কাম হ’ল মছজিদত আজান দিয়া৷ নিৰ্দিষ্ট সময়ত আজান দিবলৈ মোল্লাই যিমানেই বেগাই নাযাওক কিয় তেওঁ মছজিদ পোৱাৰ লগে লগে থমকি ৰ’বই৷ সেইদৰে সকলোৰে কামৰ এক সীমাবদ্ধতা আছে৷ যি সেই সীমা অতিক্ৰম কৰিব নোৱাৰে তেওঁৰ কামৰো কোনো গুৰুত্ব নাই৷
  15. মন থাকিলে চন, বাকৰি মাটিতো ধন: কষ্ট কৰিলে যিদৰে ছন পৰা মাটিত শস্য উৎপাদন কৰিব পাৰি, সেইদৰে মনৰ দৃঢ়তা থাকিলে যিকোনো কঠিন কামেই সমাধান কৰিব পাৰি ।
  16. ম’হতকৈ শিং চৰা: মূল কামতকৈ আনুষঙ্গিক কামত ব্যয় বেছি হোৱা৷
  17. মাছৰ তেলেৰে মাছ ভজা: অতি হিচাপত চলা৷
  18. মাছৰ চিকুণ মোৱা, টোপনি চিকুণ পুৱা: দুয়োটাই বৰ ভাল।
  19. মাখিৰ মূৰৰ ঘী কাঢ়ি খোৱা: কৃপণ লোক৷
  20. মেকুৰিৰ ডিঙিত টিলিঙা অৰা: আচল দোষী চিনাক্ত কৰা হ’লেও আঙুলিয়াব নোৱৰা৷
  21. মৰে উৰুলি পুঙা, মৰে পদুলি শুঙা: অনবৰতে উৰুলীকৃত হৈ থকা পাতল স্বভাৱৰ মানুহ আৰু বিনাকামত লোকৰ পদূলিয়ে পদূলিয়ে ঘূৰি ফুৰা মানুহে নিজ স্বভাৱৰ বাবে জগৰ লগাই ফুৰে৷ তেনে মানুহ নিজৰ দোষতে বদনামী হয়৷
  22. মূৰত থলে ওকনিয়ে খায়, মাটিত থলে পৰুৱাই খায়: অতি আদৰৰ৷
  23. মহন্তৰ চিন মাহনিত, বুঢ়া গৰুৰ চিন ঘাহঁনিত: এজন মহন্ত আচলতে কিমান মহৎ, তেওঁ মাহনী এখনৰ মাজেৰে নিঃসংগে লোভনীয় মাহ চিঙি নোখোৱাকৈ পাৰ হৈ যাব পাৰেনে তাতেই ধৰা পৰে। এতেকে এজন মানুহ কিমান মহৎ, তেওঁ সুবিধা থকা সত্তেও লোভ সংযম কৰিব পাৰিলেহে ধৰা পাৰে।
  24. ম’হৰ আগত বজাও টোকাৰি, ম’হে ঘাঁহ খায় মূৰ জোকাৰি: অঁকৰা মানুহক কথা বুজাই লাভ নাই৷
  25. মূৰ্খ বন্ধুতকৈ জ্ঞানী শত্ৰুৱেই ভাল: বন্ধুৰ মূৰ্খামিৰ বাবে কেতিয়াবা বিপদত পৰিবলগীয়া হয় আৰু তেওঁৰ পৰা শিকিবলগীয়াও একো নাথাকে৷ কিন্তু শত্ৰুভাবৰ কোনো লোক জ্ঞানী হ’লে তেওঁৰ পৰা পাকে-প্ৰকাৰে কিবা নহয় কিবা জ্ঞান পাব পাৰি৷
  26. মূৰ্খই থেকি শিকে, জ্ঞানীয়ে দেখি শিকে: মূৰ্খ মানুহে নিজৰ ভুলৰ পৰা শিকে, আনহাতে জ্ঞানী মানুহে আনৰ ভুল দেখি শিকে।
  27. মাহৰ মাৰ দেখি তিলে বেট মেলা: আনক সোধ-পোছ কৰা দেখি ভয়তে নিজে নিজে দোষ স্বীকাৰ কৰা।
  28. মিছা কথাৰ ঠেং চুটি: মিছা কথা বেছিদিন নিটিকে।
  29. মুখত এটা পেটত এটা: মুখেৰে ভাল কথা ক’লেও ভিতৰি বেলেগ এটা মনোভাৱ লৈ ফুৰা।
  30. মৌনতাই সন্মতিৰ লক্ষণ : কোনো কথা শুনাৰ পাছত যদি কোনো প্ৰতিক্ৰিয়া প্ৰকাশ কৰা নাযায় বা বিৰোধিতা নকৰে তেন্তে তাক সন্মতিৰ লক্ষণ বুলি গ্ৰহণ কৰিব পাৰি।
  31. মোতে শিকিলি মোতে বিকিলি, ঢোঁৰা-কাউৰী হৈ মোকে খুটিলি: উপকাৰীক অজগৰে খোৱাৰ দৰে৷ যিয়ে উপকাৰ কৰে তেওঁৰ অনিষ্ট কৰা৷
  32. মাছ নেপালে বিলকে ঘোদালিম: যি উদ্দেশ্যেৰে কাম কৰা হয়, সি সফল নহ’লে, পৰিশ্ৰমৰ আন অৰ্থ উলিওৱা৷
  33. মাকে শলাগে জী, বাপেকে শলাগে জী, ওচৰ চুবুৰীয়াই শলাগে যাক, সেয়েহে মাকৰ জী: মাক-বাপেকে নিজৰ ছোৱালীৰ বেয়া হ’লেও ভালটো দেখে৷ কিন্তু যি ছোৱালীক ওচৰ-চুবুৰীয়াই শলাগে, সিহে প্ৰকৃততে ভাল ছোৱালী বুলি ভবা হয়৷
  34. মাটি গুণে ভেটি, মাও গুণে বেটী: মটি ভাল হ’লে ঘৰৰ ভেটি মজবুত হয়, মাক ভাল হ’লে ছোৱালী ভাল হয় বুলি কোৱা হয়৷
  35. মই যেনে তই তেনে, সমে সমক দাঙ্গে কেনে[১৪]: একে স্বভাৱ-চৰিত্ৰ, একে জ্ঞান-বুদ্ধিৰ দুজন লোকে কোনেও কাকো শ্ৰেষ্ঠ বুলিব নোৱাৰে৷


[সম্পাদনা কৰক | উৎস সম্পাদনা]

  1. যি খেদিব হাতী, সি পলাল ৰাতি[১৪]: গুৰুদায়িত্বত থকা লোকে দায়িত্ব এৰি আঁতৰি ফুৰা৷
  2. যতে বাঘৰ ভয়, ততে ৰাতি হয়: যেতিয়া কিবা এটাৰ ভয় হয়, তেতিয়াই তাৰ সম্মুখীন হ’ব লগা হয়।
  3. য’তে ৰাতি ত’তে কাটি: যেনেকৈ সুবিধা হয় তেনেকৈ চলি যোৱা৷
  4. যত্ন কৰিলে ৰত্ন পায়: কষ্ট কৰিলেহে ভাল ফল পায়। এতেকে কষ্টৰ কামত সদায় ভাল ফল পোৱা যায়।
  5. যদিহে নোপোৱা মছলা ভাল, তলত দিবা বেছিকৈ জাল: ভাল মছলা নাথাকিলে বেছিকৈ জুই দি উতলালে খাদ্য সোৱাদ হয়৷
  6. যশ চাই যশিনী, কৃষ্ণ চাই ৰুক্মিণী: আপুনি যেনে মানুহ তেনে সঙ্গই পাব৷
  7. যাৰ যহত শাখা সেন্দূৰ, তাকে পাতে ভোকোৰা এন্দুৰ: উপকাৰীৰ প্ৰতি শলাগনি নেদেখুওৱা৷ অকৃতজ্ঞ৷
  8. যাৰ যি ইচ্ছা, হাত দাঙি দাঙি নাছা: বন্ধনহীন অৱস্থা৷
  9. যাৰ নাই গৰু, সি সবাতোকৈ সৰু: কৃষিজীৱী অসমীয়াৰ গৰু প্ৰধান সম্বল৷ গতিকে, গৰু নথকাজনক অসমীয়া সমাজত আৰ্থিকভাবে দুৰ্বল বুলি ভবা হৈছিল৷
  10. যাৰ নাই ধান, তাৰ নাই মান: ধান থকা মানে ধনী মানুহ৷ সমাজত সদায় ধনী লোককহে মান দিয়া দেখা যায়৷ গতিকে, ধান বা ধন নথকাজনে নিজকে মানহীন বুলি আক্ষেপ কৰে৷
  11. যাৰ নাই বাঁহ, তাৰ নাই সাহ: কৃষিজীৱী অসমীয়াৰ বাবে বাঁহ অতি প্ৰয়োজনীয়৷ সকলো জন্ম, মৃত্যু, বিবাহ, কৃষিকাৰ্য, খাদ্যসম্ভাৰ সকলোতে বাঁহৰ প্ৰয়োজন৷ সেয়ে, বাঁহ নহ’লে কেতিয়াবা অসহায় অনুভৱ কৰা হয়৷
  12. যি যিমান নামে, সি সিমান তিতে: দ’লৈ নামি যোৱাজন য’লৈকে যায় ত’লৈকে তিতে৷ ’নামি যোৱা’ অসৎ কাৰ্য কৰা বুজাইছে৷ অৰ্থাৎ যিয়ে যিমান বেয়া কাম কৰিব, তাৰ সিমান বেয়া ফল পাব৷
  13. যি মূলা বাঢ়ে তাৰ দুপাততে চিন: মূলা বীজ গজি দুপতীয়া হ’লেই পুলিটো ভাল হ’বনে নহয় জনা যায়৷ মানুহৰ ক্ষেত্ৰতো সৰুতেই আচাৰ-আচৰণ লক্ষ্য কৰি ভৱিষ্যতে কেনে মানুহ হ’ব পাৰে, তাৰ অনুমান কৰিব পাৰি৷
  14. যি পহু মাৰিলা বনত, সেই কথা ৰাখিবা মনত: কৃতকৰ্মৰ কথা মনত ৰখা৷
  15. যিয়ে লঙ্কালৈ যায়, সিয়ে ৰাৱণ হয়: ৰজাঘৰীয়া হ’লেই প্ৰজাৰ দুখ পাহৰা৷
  16. যাচি দিয়া সোণৰো মূল্য নাই।: সোণ মূল্যবান বস্তু হ’লেও উপযাচি দিলে তাক সোণ নহয় বুলি সন্দেহ কৰে৷
  17. যাৰ ঘৰত নুগুছে কন্দল, তাৰ ঘৰত নুফুলে কমল: সুখ শান্তিৰে বাস নকৰিলে শুভ চিন্তা প্ৰকাশক কাম কৰিব নোৱাৰি৷
  18. যিমানে বিলাই দিবা সিমানে মহান হবা: দান-বৰঙণী কৰিলে মহান বুলি স্বীকৃতি পায়।
  19. যিয়েই ৰজা তাৰেই প্ৰজা: সাধাৰণ মানুহৰে বাবে কোনে ৰাজত্ব কৰিছে সেয়া ডাঙৰ কথা নহয়, কাৰণ যিয়েই ৰাজত্ব নকৰক, সাধাৰণ প্ৰজাৰ অৱস্থা একেই থাকে।
  20. যেনে কুকুৰ, তেনে টাঙোন: যেনে অৱস্থা, সেইমতে ব্যৱস্থা কৰা৷
  21. যোগ্যে ভোগ্যে বসুন্ধৰা (সংস্কৃত): যাৰ যোগ্যতা আছে সিহে উপভোগ কৰে
  22. যোৰো যোৰ পাভ যোৰ, এটি কাণকটা এটি চোৰ: দুষ্ট লোকৰ সংগ দিয়াসকলো দুষ্টই।
  23. যোৰো যোৰ পাভ যোৰ, তয়ো হাৰীত খাইতী ময়ো গৰু চোৰ: দুষ্ট লোক দুজন লগ হ’লে দুয়োৰে মাজত বন্ধুত্ব পকা হৈ পৰে৷
  24. যাৰ নাই ভাত তাৰ নাই জাত: দুখীয়া মানুহে জাত-পাত বিচাৰ কৰি চলিব নোৱাৰে৷

[সম্পাদনা কৰক | উৎস সম্পাদনা]

  1. ৰজাই ভাল দেখে যাক, শতৰু নুবুলিবা তাক: যি মানুহৰ প্ৰভাৱশালী মানুহৰ লগত ভাল সম্পৰ্ক, সেই মানুহৰ লগত শত্ৰুতা নকৰাই ভাল।
  2. ৰজাই ভাল দেখে যাক, ভেটিও নালাগে তাক: যি মানুহৰ প্ৰভাৱশালী মানুহৰ লগত ভাল সম্পৰ্ক, সেই মানুহে অনায়াশে নিজৰ কাম কৰাব পাৰে, যি কামৰ বাবে সাধাৰণ মানুহে ভেটি দিব লাগে।
  3. ৰাইজে নখ জোকাৰিলে নৈ বয়: ৰাইজে একগোট হৈ কাম কৰিলে সকলো কামেই সম্ভৱ হৈ উঠে৷[২৫]
  4. ৰাইজৰ নাও বামেৰেও চলে: দহজন লগ লাগি বল দিলে নাও বামেৰ পানী বা পানী নথকা ঠাইতো চলাই নিব পাৰে।
  5. ৰাক্ষসৰ আগত ধোৱা চাউল: ৰাক্ষসে সদায় খাওঁ খাওঁ মূৰ্তি ধৰি থাকে৷ তেনেকৈ কিছুমান মানুহো অনবৰত খাওঁ খাওঁ কৰি থকা দেখা যায়৷ তেওঁলোকৰ খোৱাৰ প্ৰবণতা ইমানেই বেছি যে, ভাত হোৱালৈ অপেক্ষা নকৰি ধুই থোৱা চাউলকে ভক্ষণ কৰে৷ তেনে লোক ঘৰত থাকিলে খোৱাবস্তু একো বাদ পৰি নাযায়৷
  6. ৰাতি হ’লে সাত হাল, দিনত হ’লে এহালো নাই: দিনৰ পোহৰত কোনে কি কাম কৰে, সকলোৱে দেখে৷ তেওঁ সেইবিষয়ে আনক নক’লেও হয়৷ কিন্তু যি মানুহে কাম নকৰে, তেনে মানুহে কাম কৰা দেখাবলৈ ৰাতি কাম কৰাৰ বৰ্ণনা দি থাকে৷
  7. ৰান্ধনীশালত কাঁহী-বাতিৰ শব্দ হবই: এখন ঘৰত থকা মানুহখিনিৰ মাজত কেতেয়াবা হাই-কাজিয়া হয়েই, যেনেদৰে কাঁহী-বাতিবোৰৰো শব্দ হয়৷
  8. ৰাখে হৰি মাৰে কোনে, মাৰে হৰি ৰাখে কোনে।: জীৱনত যদি আয়ুস থাকে, তেন্তে বৰ ডাঙৰ দুৰ্ঘটনাতো মানুহ নমৰে৷
  9. ৰৌ বৰালী সৰকি যায়, পুঠি খলিহনা ৰৈ যায়: সৰু সৰু জাল লৈ মাছ মাৰিলে ডাঙৰ মাছবোৰ তাৰপৰা জাঁপ মাৰি পাৰ হৈ যায়, কিন্তু সৰু মাছবোৰ ৰৈ যায়৷ অৰ্থাৎ, অভিযোগ কৰিলেও ডাঙৰ দোষীবোৰ সাৰি যায় আৰু তলতীয়া কৰ্মচাৰীবোৰ দোষত অভিযুক্ত হয়৷
  10. ৰচকীয়ে পাতে গাঁও, নিবুকীয়ে ভাঙে গাঁও: ৰচকী মানে মাতে-কথাই উৎসাহী লোক৷ তেনেলোকে সমাজ একত্ৰিত কৰিব পাৰে৷ কিন্তু কথা নোকোৱা মানুহে, তলখুচৰীয়া কথাৰে মানুহৰ মনত বিৰূপ ভাবৰ সৃষ্টি কৰি মানুহৰ মাজৰ একতা ধ্বংস কৰে৷
  11. ৰূপ টকাৰ কানি, একে হোপাই শেষ: ৰূপৰ টকা মূল্যবান৷ কিন্তু সেই টকাৰে কানি কিনি অবাবতে নষ্ট কৰা হয়৷ মূল্যবান বস্তু অনায়াসে নষ্ট কৰা৷
  12. ৰূপেনো কি কৰে, গুণেহে সংসাৰ তৰে: শাৰীৰিকভাৱে সুন্দৰ হ’লেই নহয়, গুণৰ বলতহে মানুহে সন্মান লাভ কৰে৷
  13. ৰোৱা চাবা পুৱা বেলিত, গাভৰু চাবা মাছৰ তলিত: কঠিয়া ৰুই অহাৰ পিছত পুৱাহে কঠিয়াৰ প্ৰকৃত চেহেৰা ধৰিব পাৰি; তেনেদৰে মাছ ধৰি থকা অৱস্থাতহে ছোৱালীৰ প্ৰকৃত ৰূপ দেখা যায়৷
  14. ৰামলৈ চালে ডৰো, সীতালৈ চালে মৰোঁ : উপায়হীন অৱস্থা। এজনৰ প্ৰতি ভয় আৰু অন্যায়ৰ বলী হোৱাজনৰ প্ৰতি দৰদ দুয়োটাৰে মাজত দোদুল্যমান অৱস্থাত পৰা।
  15. ৰহাৰ ৰহদৈ টিপামৰ ভাদৈ শ'লগুৰিৰ আঘোণী বাই তিনিও গাত ধৰি এসোতা কান্দিলে সমন্ধত সমন্ধত নাই:
  16. ৰামো নাই অযোধ্যাও নাই : ৰাম ভাৰতীয় পৰম্পৰাত আদৰ্শৰ প্ৰতীক ৷ ৰাম ৰাজ্য অযোধ্যা সেয়ে ৰামৰ দিনত সুশাসন আৰু সুখৰ ঠাই আছিল বুলি লোক-প্ৰবাদ প্ৰচলিত ৷ কিন্তু ৰামৰ পৰৱৰ্তী অযোধ্যাত আগৰ সেই সুশাসন নাই বুলি বিশ্বাস কৰি এনেদৰে কোৱা হয় ৷
  17. ৰজা নাই পাটত, ধৰি কিলায় বাটত: দেশত অৰাজক হ’লে অৰ্থাৎ শাসন কৰিবলৈ ৰজা নাথাকিলে প্ৰজাৰ হাৰাশাস্তি হয়৷
  18. ৰাম কৃষ্ণ বাণী৷ পকা ধানৰ আগ তল গ’ল, গুৰিয়ে নাপালে পানী: যিসকল প্ৰকৃত জ্ঞানী, তেওঁলোকৰ শিৰ নত হৈ থাকে৷ ৰিপু বশৱৰ্তীসকলে জ্ঞানৰ একো তলানলা নাপায়৷

[সম্পাদনা কৰক | উৎস সম্পাদনা]

  1. লা দি শালিলোঁ‌ দা, গাৰ কাপোৰ দি বৰমানুহ কৰিলোঁ, এতিয়া প্ৰতাপটো চা:
  2. লুইতেহে জানে বঠা কিমানলৈ বহে: যাৰ মনত দুখ তেওঁহে দুখৰ গভীৰতা অনুভৱ কৰে৷
  3. লুকাই খালে ঢুকাই যায়, বাটি খালে আঁটি যায়: অকলে খাম বুলি লুকাই খোৱাতকৈ ভাগ বাটোৱাৰা কৰি খালে আনন্দ পোৱাৰ লগতে সম্প্ৰীতিও বাঢ়ি যায়৷
  4. লোকলৈ বুলি হুল পুতি নিজে মৰে ফুটি: আনৰ ক্ষতি হ’ব বুলি কৰা কামে নিজৰ ক্ষতি কৰা৷
  5. লোভে পাপ, পাপে মৃত্যু: বেছি লোভ কৰিলে মানুহে নীতি-নৈতিকতা পাহৰি অন্যায় কামতো হাত দিয়ে৷
  6. লোহাৰেহে লোহা কাটিব পাৰি: কাৰোবাক নিৰস্ত্ৰ কৰিবলৈ হ’লে তাৰ সমানেই শক্তি থাকিব লাগে।
  7. লাগি থাকিলে মাগি নাখায়: যি অহৰহ কাম কৰি থাকে, সি আনৰ ওচৰত কেতিয়াও হাত পাতিব নালাগে।
  8. লাও সদায় পাতৰ তল : লাও যিমান ডাঙৰ হ’লেও পাতৰ তলতে লুকাই থাকে; তেনেকৈ নাৰী গুণী হ’লেও গিৰিয়েকৰ পৰিচয়ৰ আঁৰত থাকে। (বৰ্তমান ইয়াৰ প্ৰাসংগিকতা নাই যদিও প্ৰাচীন কালত নাৰীৰ প্ৰতি থকা সামাজিক মনোভাৱৰ প্ৰতিফলন ইয়াত পৰিলক্ষিত হৈছে।)
  9. লংকালৈ যি যায় সিয়ে ৰাৱণ হয় : লংকাৰ ৰজা ৰাৱণ কুশাসনৰ প্ৰতীক। ৰাজনীতিৰ লগত জড়িত লোকৰ ক্ষেত্ৰত উক্ত প্ৰবাদটি প্ৰয়োগ কৰা হয়।
  10. ল’ৰাই পানী পেলাই বৰে পিছলি পৰা : সৰুৱে লগোৱা অপৰাধত ডাঙৰৰ বিপদ চপা।
  11. লাগনি নহ’লে জুই নজ্বলে টুটকীয়া নহ’লে গাঁও নবহে: লাগিনি খৰিৰে জুই সহজতে জ্বলে। জুই ধৰিবলৈ বাবে যেনেদৰে সহজে জ্বলা বস্তু দৰকাৰ, সেইদৰে গাঁৱলীয়া সমাজতো টুটকীয়া লোকে অ’ৰ কথা ত’ত লগাই পৰিৱেশ গৰম কৰি ৰাখে ।
  12. লোকৰ লাহ, লোকৰ বাহ, নাকটো কাটো চাপি আহ : লোকৰ বস্তুৰে জীৱন নিওৱা লোকে বৰকথা কোৱাটো লাজৰ কথা৷
  13. লোণ দানে সোণ দানে সমান : লোণ অৰ্থাৎ নিমখ এসমত বৰ মহঙা বস্তু আছিল ৷ সোণ যেনেকৈ দুস্প্ৰাপ্য আৰু মূল্যবান লোণকো তেনেদৰেই গণ্য কৰা হৈছিল ৷ বিভিন্ন মাংগলিক তথা ধৰ্মীয় কাৰ্যত সোণ দানৰ বিধান থাকিলে আৰ্থিকভাৱে দুৰ্বল সকলে সোণৰ পৰিৱৰ্তে বৰ্তমান তেনেই সুলভ আৰু কমখৰচী লোণ দান কৰা আজিও প্ৰচলিত ৷
  14. লোককে দেখুৱাই কেটেৰাই মাতিবা, ভিতৰি নেৰিবা বেথা: আনক দেখুৱাই খং কৰিলেও, অন্তৰত মৰম থকা৷
  15. লোহাৰ আগত অগ্নিৰ মাৰ[১৪]: লোহাক অস্ত্ৰ হিচাপে গঢ় দিবলৈ জুইত ৰঙা হৈ থকা অংশতহে পিটিব লাগে৷ অৰ্থাৎ উপযুক্ত লোকক সঠিক সময়ত জ্ঞান দিয়া৷

[সম্পাদনা কৰক | উৎস সম্পাদনা]

  1. সহিলে সম্পদ নসহিলে বিপদ: ধৈৰ্য আৰু সহ্য দুয়োটা মানুহৰ ডাঙৰ গুণ। সহ্য কৰিব কৰিব সম্পদ লাভ হয়। অৰ্থাৎ লাভবান হ’ব।
  2. সময়ৰ টিকণি আগফালে উৰে: সময় বোঁৱতী নৈৰ দৰে৷ কোনেও ধৰি ৰাখিব নোৱাৰে৷ সেয়ে, সময়তকৈ আগত সাজু হৈ নাথাকিলে সময়ৰ কাম সময়ত কৰিব নোৱৰা৷
  3. সময়ৰ শৰ সময়ত মাৰিবা: যি সময়ত যি কাম কৰিব লগা আছে, সেই সময়তেই সেই কাম কৰিব লাগে, সময়ত নকৰি পিছলৈ পেলাই থলে বিপদত পৰিবলগা হব পাৰে৷
  4. সৰুৱে পানী পেলাই, ডাঙৰে পিছল খাই: সৰু লৰা-ছোৱালীৱে কৰা দোষৰ শাস্তি সিহতৰ অভিভাৱকে পায়৷
  5. সভাত থাকি নকয় উচিত, দোষে পায় কিঞ্চিত কিঞ্চিত : সভাত বহি থাকিলে উচিত কথাত মাত মতা উচিত, অন্যথা তাত কিবা ভুল সিদ্ধান্ত গ্ৰহণ কৰিলে তাৰ দোষে সকলোকে স্পৰ্শ কৰিব।
  6. সান্দহ খোৱা বালি তল যোৱা পূৰ্বৰে পৰা লাভ কৰি অহা সা-সুবিধা হঠাৎ নোহোৱা হোৱা।
  7. সাপ মাৰি নেগুৰত বিষ এৰা: ক্ষতিকাৰক কামৰ নিষ্পত্তি সম্পূৰ্ণকৈ নকৰা৷
  8. সৰিয়ঁহৰ ডুলিত ভুত: লোক-বিশ্বাস অনুসৰি ভুত খেদিবলৈ সৰিয়হ লাগে। কিন্তু সৰিয়হৰ ডুলিত ভুত থকা কথাই বিপৰীত অৱস্থাৰ কথা সূচাইছে।
  9. সন্ধিৰ বাঁহ বুদ্ধিৰে কটা: বিপদৰ পৰা বুদ্ধিৰ জোৰত উদ্ধাৰ পোৱা৷
  10. সকলো চৰায়ে মাছ খায়, মাছৰোকাৰ নাম যায়: মাছৰোকা এবিধ বিশেষ মাছখোৱা চৰাই ৷ কিন্তু দেখা যায় যে অন্য চৰায়ে মাছ খালেও কেৱল মাছৰোকাৰ নামহে কোৱা হয় ৷ অৰ্থাৎ সকলো মানুহে দোষ কৰে কিন্তু বিশেষ কোনো ব্যক্তিকহে তাৰ বাবে জগৰ ধৰে৷
  11. সকলো জিলিকা বস্তু সোণ নহয়: জিলিকি থকা বস্তু মানেই যেনেকৈ সোণ নহয়, তেনেকৈ বেছিকৈ নিজক জ্ঞানী বুলি প্ৰকাশ কৰি থকা মানুহো প্ৰকৃততে জ্ঞানী নহ’বও পাৰে৷
  12. সাগৰত থাকে শংখ, নেগুৰিয়া শামুকে কয় ময়ো তাৰে বংশ: একে গোত্ৰ হ’লেই নিজকে জ্ঞানীজনৰ বা ক্ষমতাশালীজনৰ বুলি ফিতাহি মৰা কাৰ্য৷
  13. সাত পুৰুষত নহ'ল গাই, কঁৰীয়া লৈ খীৰাবলৈ যায়: সাধাৰণতে ফুটনি মৰা মানুহৰ ক্ষেত্ৰত ব্যৱহাৰ কৰা হয়৷ কোনো মানুহৰ সামান্য কাম এটা কৰাৰোঁ সক্ষমতা নাথাকে কিন্তু আনক দেখুৱাই ডাঙৰ ডাঙত কাম কৰাৰ কথা কয়৷ অৰ্থাৎ ঘৰত গাই-গৰু নথকাকৈয়ে গাখীৰ খিৰাবলৈ যোৱাৰ দৰে কথা৷
  14. সাতে পাতল, পাছে ঘন, ছয়ে তামোল, নদন বদন: তামোল পুলি ৰুলে ছয়হাত আঁতৰে আঁতৰে ৰুলে তাৰ শ্ৰীবৃদ্ধি ভাল হয়৷ সাত হাতত বেছি পাতল আৰু পাঁচ হাতত ঘন হয়৷
  15. সাত পো বাৰ নাতি, তেহে কৰিবা কুঁহিয়াৰ খেতি কুঁহিয়াৰ খেতি বৰ কষ্টকৰ কাম ৷ কুঁহিয়াৰ কৰিবলৈ বহু সংখ্যক মানুহৰ প্ৰয়োজন ৷ যি খন ঘৰ জনবলত চহকী তেনে লোকহে কুঁহিয়াৰ খেতিৰ বাবে উপযুক্ত ৷
  16. সাত হাল হাতীয়ে টানে এফালে, অকলে অদৃষ্টই টানে এফালে : অদৃষ্টৰ ওচৰত মানুহ অসহায়।
  17. সু জল বৰিষণা, সু মত্স্য দৰিকণা: বৰষুণৰ পানী পৰিষ্কাৰ, মাছৰ ভিতৰত দৰিকণা মাছ সোৱাদ হয়৷
  18. সু তিৰী ফেদেলী, সু ফল কদলী: সু গৃহিণীবোৰ ঘৰৰ লেঠা মাৰি নিজক সজাই-পৰাই ৰাখিবলৈ সময় নেপায়, সেয়ে ফেদেলী তিৰোতাবোৰ কৰ্মী হয় আৰু ফলৰ ভিতৰত কল সবাতোকৈ উত্তম ফল৷
  19. সাজোঁতে কাচোঁতে ফেচু ৰজা হোৱা : মূল কামটো বাদ দি উপৰুৱা কথাত লাগি থাকিলে হ’ব পৰা লোকচান বুজাবলৈ এই ফকৰাটি ব্যৱহাৰ কৰা হয়।
  20. সাঁতোৰ সাঁতোৰ নিজ বাহু বলে, সাঁতুৰিব নোৱাৰিলে যা ৰসাতলে: পানীত পৰি সাঁতুৰিব নোৱাৰিলে মৃত্যু নিশ্চিত৷ অৰ্থাৎ নিজৰ বাহু বলে কোনো কাম কৰিব নোৱাৰি আনৰ ওপৰত নিৰ্ভৰ কৰি থাকিলে একো ফল লাভ কৰিব নোৱাৰি৷
  21. সাপে নাপাহৰে ককালৰ কোব, মাকে নাপাহৰে পুত্ৰৰ শোক: সাধাৰণতে সাপৰ স্মৃতি শক্তি অতি প্ৰখৰ৷ কোনোবা ব্যক্তিয়ে সাপক অনিষ্ট কৰিলে সেই ব্যক্তি জনক কেতিয়াও নাপাহৰে আৰু আক্ৰমণ কৰিবৰ কাৰণে প্ৰস্তুত হৈ থাকে৷ একেদৰে মাকৰ বাবে পুত্ৰত মৃত্যু কেতিয়াও পাহৰিব নোৱাৰা শোক৷ অৰ্থাৎ কোনোবা ব্যক্তিক আমি এবাৰ অপকাৰ কৰিলে সেই ব্যক্তিজনে যিমান ভাল হ'লেও সদায় মনৰ মাজত এটা ক্ষোভ ৰাখি থয় আৰু সুবিধা পালে অন্যায় কৰিবলৈ নাপাহৰে৷
  22. সাপৰ সৰু বৰ নাই : সাপ সৰু হ’লেও বিষাক্তই। তেনেদৰে বেয়া বস্তু অলপ হ’লেও সি ক্ষতি কৰিবই।
  23. সাপৰ লেখা, বাঘৰ দেখা: জনবিশ্বাস মতে কপালত লেখা থাকিলেহে হেনো সাপে খায়,( যেনেকৈ লখীন্দাৰক খাইছিল), আনহাতে, বাঘে দেখিলেই খাবলৈ খেদি আহে৷ অৰ্থাৎ কিছুমান বিপদ দেখাদেখিকৈ আহে আৰু কিছুমান নেদেখাকৈ আহে৷
  24. সাপে খায় লেখি, বাঘে খায় দেখি: বিপদ আহিবই, কেতিয়াবা দেখাদেখিকৈ আৰু কেতিয়াবা নেদেখাকৈ৷
  25. সাপ হৈ খোটা, বেজ হৈ জৰা: নিজেই অন্যায় কৰি শেষত ভালৰি লগাবলৈ বা আনক দেখুৱাবলৈ তাৰ প্ৰতিকাৰৰ ব্যৱস্থা কৰা৷
  26. সাপো মৰক, লাথিও নাভাঙক : দুয়োকুল ৰক্ষা কৰিবলৈ কৌশলেৰে কাম কৰা।
  27. সেই ৰামো নাই, সেই অযোধ্যাও নাই: এজন ভাল ব্যক্তিয়ে এটা ভাল পৰিবেশো সৃষ্টি কৰে৷ কিন্তু তেওঁৰ মৃত্যুৰ লগে লগে চাৰিওফালৰ পৰিবেশটোও এলাগি হৈ পৰে৷ অৰ্থাৎ কোনো ভাল বস্তুৰ লগতে তাৰ চাৰিওফালৰ আনুষাঙ্গিক বিষয়বস্তু বিলাকো শেষ হৈ যায়৷
  28. সীতা থাকিবলৈ ৰামো থাকিব লাগিব
  29. সেকিলেও সেও নলয় কেঁকোৰা বাঁহ, সিজালেও নিসিজে বজৰীয়া মাহ: জন্মগত দোষ যত্ন কৰিও গুচাব নোৱাৰি।
  30. সোণ বেছি দৰিদ্ৰ হোৱা: এসময়ত ধণ সম্পত্তি আছিল, কিন্তু কালক্ৰমত দুখীয়া হৈ যোৱা।
  31. সোণত সুৱগা চৰা: সুৱগা এবিধ ক্ষাৰ জাতীয় বস্তু৷ সোণ পৰিস্কাৰ কৰাৰ ক্ষেত্ৰত ব্যৱহাৰ কৰা হয়৷ সুৱগাৰ স্পৰ্শত সোণ অধিক জিলিকে৷ গতিকে, ভাল কাম আৰু অধিক ভাল হোৱা৷
  32. সোণৰ চামুচ মুখত লৈ জন্মা: ধনীৰ ঘৰত জন্ম লোৱা লোক।
  33. সোলা মুখৰ হাঁ‌হি, একেখন চুৰিয়াৰ কিহৰনো বাহী:
  34. সমানে সমানে কৰিবা কাজ, হাৰিলে জিকিলে নাই লাজ: সাধাৰণতে ৰণত হৰা জিকা থাকেই, কিন্তু নিজতকৈ শ্ৰেষ্ঠজনৰ লগত বা দুৰ্বলজনৰ লগত হৰা জিকা হ'লে কোনেও আত্মসন্তুষ্টি লাভ কৰিব নোৱাৰে৷ অৰ্থাৎ নিজৰ সমকক্ষ ব্যক্তিজনৰ লগত কাম কৰি, নিজৰ যোগ্যতা প্ৰতিপন্ন কৰি হৰা জিকা হ'লে কোনেও কাকো দোষ দিব নোৱাৰে বা আনৰ ওচৰতো লাজ পাব নোৱাৰে৷
  35. সময়ৰ টিকনি সদায় আগফালে: সাধাৰণতে মানুহৰ টিকনি পাছফালে থাকে আৰু তাত সহজতে ধৰি মানুহক ৰখাব পাৰি৷ কিন্তু আগফালে থকা হ'লে কোনেও সেই কাম কৰিব নোৱাৰিলেহেঁতেন৷ একেদৰে সময়ৰ টিকনিডাল আগফালে থকা বাবে সময়ৰ গতিক কোনেও ধৰি ৰাখিব নোৱাৰে৷ অৰ্থাৎ আমি সময় থাকোতেই সকলোঁ কাম কৰা উচিত৷ ইয়াত টিকনি-ক কেৱল ধৰি ৰখাৰ সুবিধাজনক আহিলাৰ ক্ষেত্ৰত ব্যৱহাৰ কৰা হৈছে৷
  36. সিয়নীত শুৱা, ভটিয়নি পানীত যোৱা: পানীৰ সোঁতৰ লগত সাধাৰণতে মিলি যাবলৈ সহজ৷ তাৰ বাবে বেছি কষ্ট কৰিব নালাগে৷ অৰ্থাৎ বুদ্ধিৰে সহজ ব্যৱস্থা গ্ৰহণ কৰি চলি থকা৷
    আনহাতে সিয়নীত শুৱা কথাষাৰৰ লগতো এটা সাধুকথা জড়িত হৈ আছে৷ এবাৰ তিনিজন ককাই-ভাইৰ মাজত সম্পত্তিৰ ভাগ কৰিব লগা হ'ল৷ সম্পত্তিৰ নামত এখন কম্বল আৰু এযোৰ বেজি-সূঁতা৷ কোনে কি ল'ব ভাবি থাকোতে আটাইতকৈ বুদ্ধিয়ক জনে গুলি-সূঁতা ল'লে আৰু বাকি দুজনক কম্বলখন ফালি ল'ব ক'লে৷ সেই মতে কাম হ'ল৷ কিন্তু ৰাতি ফটা কম্বল দুখন লৈ দুজনে টানি-টানি শুই থাকিল৷ কিন্তু বুদ্ধিয়কজনে দুয়োজনৰ মাজত শুবলৈ সোমাই বেজি-সূঁতাৰে দুয়োখন চিলাই আৰামত শুই থাকিল৷
  37. স্থান এৰিলে মান যায়: নিজৰ থকা ঠাই এৰিলে সেই ঠাইত ইমান দিনে আৰ্জন কৰা মানও এৰিব লাগে, কাৰণ নতুন ঠাইৰ মানুহে আপোনাৰ বিষয়ে নাজানে।
  38. সতিনী আহিছে থ’ম চুকত, তুৰি-মুৰি কৰিলে গোৰ দিম বুকত: মনে নিবিচৰা মানুহক বাধ্য হৈ ঘৰত ঠাই দিবলগীয়া হ’লে ব্যক্ত কৰা মনোভাৱ৷
  39. সহিলে সম্পদ পায়, নসহিলে আপদ পায়[১৪]:

[সম্পাদনা কৰক | উৎস সম্পাদনা]

  1. শুদ্ধ সত্ত মাথাগোট থাকে ওপৰত, কি কাৰণে পৰি সেৱা কৰে চৰণত[১৪]: মূৰটোৱেই সকলো চিন্তাৰ মূল৷ মূৰটো শৰীৰৰ ওপৰ ভাগত থাকে৷ গতিকে, সৎ চিন্তাৰ অধিকাৰীজনৰ ভৰি চুই সেৱা কৰাটো বোধৰ বাহিৰত৷
  2. শ পাপে জ্বৰ, হাজাৰ পাপে খৰ: ভগবানে আপোনাৰ পাপৰ হিচাপ সৰু সৰু ৰোগৰ দ্বাৰা দিয়ে।
  3. শালৰ মাজত শিঙি ওলোৱা: আপদৰ মাজতে আকৌ নতুন আপদ লগ হোৱা৷ বহু ঠাইত ইয়াক কোনো ফালে মিল নথকা মানুহৰ মাজত থকা অৰ্থত ব্যৱহাৰ হয়।
  4. শাল শিঙৰি কহিৰৰ এফাল, ইকৰাই বোলে নিতিতিলে নুশুকালে মইও যাও কত কাল: নিৰ্মাণ সামগ্ৰী হিচাবে ইকৰা একেবাৰে দুৰ্বল, কিন্তু ঠিকভাবে ৰ’দ-বৰষুণৰ পৰা বছালে ইও বহুদিন যায়।
  5. শেনটো হৈ গৈ ফেঁচাটো হৈ ঘূৰি অহা: দম্ভালি মাৰি কিবা কাম এটা কৰিম বুলি গৈ বিফল হৈ ঘূৰি অহা।
  6. শুই থকা শিয়ালে হাঁহ ধৰিব নোৱাৰে: কিবা এটা পাবলে হলে কাম কৰিব লাগিব।
  7. শগুনৰ শাওত বুঢ়া গৰু নমৰে: শগুণে মৰা শ খায়৷ কিন্তু শগুণে গৰু মৰক বুলি ভাবিলে গৰু নমৰাৰ দৰে কোনোবাই কাৰোবাৰ ক্ষতি হওক বুলি শাও দিলেই মানুহজনৰ ক্ষতি হৈ নাযায়৷
  8. শাকত নাখাই লোণ, পিটিকাত যায় তিনিগুণ: সৰু সৰু খৰছ এৰাব চেষ্টা কৰা, কিন্তু ডাঙৰ খৰছ কৰা৷
    আগৰ দিনত লোণ বহুমূল্যবান সামগ্ৰী আছিল, যিহেতু ইয়াক অসমত পোৱা নগৈছিল সেই বাবে বাহিৰৰ পৰা আমদানী কৰা হৈছিল৷ সেয়েহে লোণ কমকৈ ব্যৱহাৰ কৰিবলৈ শাকত লোণ নিদিয়াকে বনোৱা হল, কিন্তু পিটিকা লোণ নোহোৱাকে খাব নোৱাৰা কাৰণে তাত লোণ দিব লগা হল, এতিয়া শাকত যিমান লোণ লাগিলহৈ পিটিকাত তাতকৈ বেছি লোণ লাগিব৷
  9. শাহু-বোৱাৰীৰ ঘৰ, কোনে খালে দৈ-সৰ: শাহু বোৱাৰীৰ মাজত দ্বন্দ্ব যিকোনো সৰু সৰু কাৰণতে হয়৷ ঘৰখনত কোনো এটা বস্তু ইফাল সিফাল হ'লেও সাধাৰণতে শাহু-বোৱাৰীয়ে পৰস্পৰক সন্দেহৰ দৃষ্টিৰে চায়৷[টোকা ৩]
  10. শিয়ালৰ জাক জাক, সিংহৰ এটাই যথেষ্ট: সিংহ যথেষ্ট শক্তিশালী চিকাৰী প্ৰাণী, ইয়াক বনৰ সকলো জন্তুৱেই ভয় কৰে, আনহাতে শিয়ালে নিজে চিকাৰ নকৰে, আনে চিকাৰ কৰি খাই এৰি থৈ যোৱা মাংস খায়। বহুকেইটা শিয়াল একেলগে থাকিলেও অকলশৰীয়া সিংহ এটাকে ভয় কৰে। অৰ্থাৎ বহুকেইজন সাধাৰণ মানুহ থকাতকৈ এজন শক্তিশালী মানুহেই যথেষ্ট।
  11. শত্ৰু জ্ঞান কৰি বান্ধিবা, মিত্ৰ জ্ঞান কৰি নিবা
  12. শুনা কথাত নিদিবা কাণ, দেখিলেও ল’বা তিনিটা প্ৰমাণ: চকুৰে নেদেখা কথা বিশ্বাস কৰাৰ আগতে হয় নে নহয় তাৰ কেইবাটাও প্ৰমাণ ল’ব লাগে৷
  13. শুকান জেওৰা খৰিৰ ৰস চেপি উলিওৱা: বৰ আকালৰ সময়তো কিবাপ্ৰকাৰে ধন বিচাৰি উলিওৱা৷
  14. শুকান বালিত পানী চটিওৱা : শুকান বালি তিওৱা সহজ নহয়। তেনেকৈ দুখীয়া পৰিয়াত এজেনে বহু চেষ্টা কৰিলেও অৱস্থাৰ উন্নতি ঘটোৱা টান।
  15. শূণ্যত গদা ঘূৰোৱা বীৰ: দূৰৰ পৰা হুঙ্কাৰ কৰি আচল যুদ্ধলৈ যাবলৈ ভয় কৰা লোক।
  16. শালে শিঙিক হাঁহে: আগৰ দিনত উচ্চবৰ্ণৰ লোকে শাল আৰু শিঙি দুয়োবিধ মাছকে নাখাইছিল। অৰ্থাৎ শাল আৰু শিঙি একে শাৰীৰ। গতিকে ইটোৱে সিটোক ইতিকিং কৰা অশোভনীয়।
  17. শিমলুৰ ফুল দেখি তাতে পৰে নানা পখী, তাৰ কিবা ফল-মূল খায়? পছোৱা বতাহে পাই তাকো নিলে উৰুৱাই, ধূলাজাৰি তুলাও নাপায়: সংসাৰৰ জ্বালা-যন্ত্ৰণাত দগ্ধ হৈয়ো সান্তনা লৈ থকা৷
  18. শস্যও টুটিল মৎস্যও টুটিল, টুটিল বিৰিখৰ গুটি, ভাল ভাল লোকৰ বাক্যও লৰিল, লৰিল ধৰমৰ খুঁটি: সময়ৰ সোঁতত পৃথিৱীৰ সকলো বিষয়ৰে পৰিৱৰ্তন হয়৷ আগতকৈ এই পৰিৱৰ্তন ক্ষিপ্ৰ হৈছে৷ গতিকে, বয়সীয়াল লোকে যুগৰ পৰিৱেশৰ প্ৰতি কৰা আক্ষেপ৷
  19. শালে শিঙিয়ে বিলখন, কুকুৰ মেকুৰীয়ে ঘৰখন: বিলত শাল শিঙি সকলো থাকে৷ তেনেকৈ কুকুৰ মেকুৰীৰে ভৰা ঘৰখন শুৱনী হয় বা পৰিয়ালত তেনে স্বভাৱ মানুহৰো থাকে যদিও পৰিয়ালৰ সদস্য হিচাপে থাকিব পাৰে৷

[সম্পাদনা কৰক | উৎস সম্পাদনা]

  1. হাতীয়ে খায় যিমান লাডেও সিমান: প্ৰত্যেকেই নিজৰ সামৰ্থ আৰু যোগ্যতা অনুসৰি খৰচ কৰিব লাগে৷
  2. হাতত নাই কণটো, বৰ সবাহলৈ মনটো: হাতত ফুটাকড়ি এটাও নোহোৱাকে ডাঙৰ কামলৈ মন মেলা স্বভাৱ৷ মনৰ অলিক কল্পনা৷
  3. হাতৰ কুঠাৰ ভৰিত মাৰ: নিজেই নিজৰ অপকাৰ কৰা৷
  4. হাততে সৰগ ঢুকি পোৱা : দুষ্প্ৰাপ্য বস্তু বা সম্পদ বিনাকষ্টে লাভ কৰা।
  5. হাতত পাই বাটত হেৰুৱা : সুযোগ পয়ো হেৰুওৱা৷
  6. হাতী চোৰ আগে আগে যায় বেঙেনা চোৰক ধৰি কিলায়: হাতী চোৰেই হওক বা বেঙেনা চোৰেই হওক সকলোৱেই অপৰাধী৷ কিন্তু ডাঙৰ অপৰাধী কিবা প্ৰকাৰে সাৰি যায় আৰু ধৰা নপৰে, কিন্তু সৰু-সুৰা অপৰাধীবোৰহে ধৰা পৰে৷
  7. হাবিৰ জুই দেখি, মনৰ জুই নেদেখি: হাবিত জুই লাগিলে সকলোৱে দেখা পায়, কিন্তু মানুহৰ অন্তৰত থকা দুখ কষ্ট বাহিৰৰ পৰা কোনেও উমান পাব নোৱাৰে৷
  8. হাড় নাইকিয়া জিভা, কয় কিবা কিবা: নকবলগিয়া কথা এটা কৈ পিছত জিভা পিছলা বুলি কোৱা।
  9. হাড়ত বন গজা: বহু পুৰণি হোৱা।
  10. হাঁহ চোৰৰ মূৰত পাখি, কঠাল চোৰৰ আঠাই সাক্ষী: হাঁহ চোৰ কৰিবলৈ যাওঁতে ক'ব নোৱাৰাকৈয়ে ক'ৰবাত পাখী লাগি থাকে আৰু কঠাল খাওতে মুখত কিবা প্ৰকাৰে আঠা লাগিবই৷ অৰ্থাৎ কিবা অপকৰ্ম কৰাৰ পিছত কৰবাত নহয় কৰবাত চিন থাকি যায়।
  11. হাঁহৰ ওপৰত শিয়াল ৰজা: প্ৰতিজন দুৰ্বল ব্যক্তিৰ ওপৰত সেই জনতকৈ অলপ সবল ব্যক্তিজনে নিজৰ ক্ষমতা প্ৰতিপন্ন কৰা৷
  12. হ’ব চলি, বুলিব বাপ, তেহে গুচিব মনৰ তাপ: অনিশ্চিত ভৱিষ্যতত সুখৰ আশা কৰা৷
  13. হৰিণাৰ মাংসই বৈৰী: হৰিণাৰ মাংস অতি উত্তম মাংস৷ সেই মাংসৰ কাৰণেই হৰিণা সহজতে চিকাৰীৰ চিকাৰত পৰে৷ এতেকে কেতিয়াবা কোনো মানুহৰ নিজস্ব ধন-সম্পত্তিয়েই নিজৰ বিপদ নমাই আনে৷
  14. হলা গছ দেখিলে সকলোৱে বাগি কুঠাৰ মাৰে: গছ হালি থকিলে কাটি তাক বগৰাবলৈ সহজ হয়৷ আনহাতে তাৰ বাবে বেছি কষ্ট কৰিবও নালাগে৷ সেই দৰে কোনো দুৰ্বলি লোকক তাৰ দুৰ্বলতাৰ সুযোগ গ্ৰহন কৰি সকলোৱে অপকাৰ কৰিবলৈ আগবাঢ়ে৷
  15. হস্তীৰো পিছলে পাৱ, সজ্জনৰো বুৰে নাৱ: ডাঙৰ বা মহৎ লোকৰো কেতিয়াবা কোনো কথাত ভুল হ'ব পাৰে৷
  16. হস্তীৰ লাড দেখি শহাই ফাৰে পাৱ: আনৰ উন্নতি, সুখ, আনন্দ দেখি নিজৰ সক্ষমতালৈ নাচাই তাক জোৰ কৰি পাব বিচাৰি নিজে কষ্ট পোৱা৷
  17. হয় পো মুখে, নহয় পো গুফে, হয় পো ধনী, নহয় পো লনি: ইয়াত এজন পুৰুষৰ চাৰিটা গুণ থাকিলে কেতিয়াও বিপদত নপৰাৰ কথা প্ৰকাশ কৰিছে৷ যদি এজন মানুহে সুন্দৰ কথা ক'ব পাৰে, নাইবা গুফযুক্ত অৰ্থাৎ পৌৰষত্ব থাকে, যদি ধনী হয় নাইবা দেখিবলৈ সুন্দৰ হয় তেনে হ'লে তেও যিকোনো এটা গুণ কাৰ্য্যত খটোৱাই নিজৰ বংশ ৰক্ষা কৰিব পাৰিব৷ -বা- পুত্ৰ সন্তান সকলোৰে কাম্য৷ গতিকে, সুপুৰুষ লক্ষণযুক্ত নহ’লেও বা গোঁফ নথকা মাইকীমুৱা হ’লেও সেই পুত্ৰক লৈ সন্তুষ্ট; আনহাতে,যি পুত্ৰ ধনবান হয়, সেই পুত্ৰ দেখাত অশুৱনি হ’লেও পিতৃ মাতৃৰ বাবে গৌৰৱৰ কাৰণ৷
  18. হাঁহেৰেও ৰাজী, মাহেৰেও ৰাজী: যিকোনো কথাতে সন্তুষ্ট হোৱা৷
  19. হুলেৰেহে হুল কাঢ়িব পাৰি: কাৰোবাক পৰাস্ত্ৰ কৰিবলৈ হ’লে তাৰ সমানেই শক্তি থাকিব লাগে।
  20. হাল এৰি শিয়াল খেদা: দৰকাৰী কাম এৰি অদৰকাৰী কামত সময় কটোৱা।
  21. হাগিবৰ সময়ত ঘটিটো বিচৰা: অত্যন্ত প্ৰয়োজনীয় বস্তুকো অসময়ত অনাদৰ কৰা হয়, কিন্তু প্ৰয়োজনৰ বেলিকা তাক বিচাৰি ফুৰা স্বভাৱৰ মানুহৰ ক্ষেত্ৰত কোৱা হয়।
  22. হাতী কিনি শিকলি কিনিব নোৱৰা: ডাঙৰ কাম কৰি আনুসংগিক সৰু কাম কৰিব নোৱাৰা হোৱা।
  23. হেৰুৱা মাণিক ঘূৰাই পোৱা : মাণিক মূল্যবান সম্পদ। এনে বস্তু হেৰালে দুনাই ঘূৰাই পোৱা টান। তথাপি যদি কেনেবাকৈ ঘূৰাই পোৱা যায় মনত অপাৰ আনন্দ হয়। আশাহীন কামত সফলতা অৰ্জন কৰা অৰ্থত ব্যৱহাৰ কৰা হয়।
  24. হাতী চোৰ কৰি আগে আগে যায়, বেঙেনা চোৰক ধৰে৷ নাকটো কাটিলে লাজটো নালাগে, নখটো কাটিলে মৰে: সমাজত অন্যায় অনীতি কৰা ডাঙৰ মানুহবোৰ ক্ষমতাৰ জোৰত সাৰি যায়, কিন্তু সৰু মানুহবোৰ দোষী নিৰ্ধাৰিত হৈ শাস্তি পায়৷
  25. হাল বায় ৰাতিৰ পৰা, ভাতে নাটে কাতিৰ পৰা: যৎপৰোনাস্তি কষ্ট কৰিলেও আশানুৰূপ ফল নোপোৱা৷
  26. হাতী শুৱনি দাঁতে, তিৰী শুৱনি মাতে: হাতীৰ সৌন্দৰ্য তাৰ দাঁতযোৰত, তেনেকৈ মিঠা মাত ব্যৱহাৰৰ ঘাই প্ৰণালী৷ মিঠা মাতে মানুহক সহজে আকৰ্ষণ কৰে৷
  27. হয় ৰজাত খাটিবা, নহয় কুঁজাত খাটিবা: চাকৰি পালে কৰিব লাগে নাপালে খেতিবাতিকে কৰি জীৱিকা আৰ্জিব লাগে৷

টোকা[সম্পাদনা কৰক | উৎস সম্পাদনা]

  1. অধিবাস হৈছে কোনো পৱিত্ৰ বৈদিক অনুষ্ঠানৰ আগৰ দিন। এইদিনা কৰ্তা আৰু সংশ্লিষ্ট ব্যক্তিসকলে নীতি-নিয়মৰ পালনেৰে অতিবাহিত কৰিব লাগে।
    ৰাজ্যাভিষেক হৈছে নতুন ৰজাৰ সিংহাসন আৰোহন অনুষ্ঠান।
  2. এই সম্পৰ্কীয় এটা জনপ্ৰিয় খুহুতীয়া সাধুকথা/লোককথা আছে। ছপাশালৰ প্ৰৱৰ্তন হোৱাৰ পাছত অসমীয়া গ্ৰাম্য সমাজতো মানুহে ল’ৰা ছোৱালীক লাহে লাহে স্কুললৈ পঠিয়াবলৈ আৰম্ভ কৰিলে। সাধাৰণতে যি হয়, বেছিভাগ গাঁৱলীয়া ছাত্ৰ-ছাত্ৰীয়ে বিভিন্ন ঘৰুৱা কাৰণত আধৰুৱাকৈ পঢ়া-শুনা এৰিছিল।
    এখন গাঁৱৰ নামঘৰত এখন ছপা কীৰ্তন কিনি অনা হ’ল। কিন্তু পঢ়া মানুহ নাই, পঢ়িবলৈ জানিলেহে পঢ়িব! কোনোবাই পৰামৰ্শ দিলে গাওঁবুঢ়াৰ ন-বোৱাৰীয়েকক পাঠক পাতিবলৈ। কাৰণ, গাওঁবুঢ়াৰ ন-বোৱাৰী বিয়াৰ আগতে অলপ পঢ়া-শুনা কৰা, গাঁওবুঢ়াৰ লগতে গাঁৱৰো গৰ্বৰ পাত্ৰ! গতিকে সৰ্বসন্মতিসাপেক্ষেই হওক বা চকুচৰহাৰ দুষ্টামীতেই হওক, ন-বোৱাৰীক আগত ঠগী, ওপৰত কীৰ্তন দি লাইখুটাৰ আগত বহুৱাই দিয়া হ’ল, পাছত ৰাইজ নাম ধৰিবলৈ সাজু।
    বোৱাৰীয়ে পাৰিলেহে পঢ়িব। মনত থকাৰ ভিতৰত অকল "ক"-টো আছে, তাকো মাষ্টৰে ব্লেকবৰ্ডত বগা চকেৰে অঁকা ডাঙৰ "ক"। এতিয়া ৰাইজৰ আগত শহুৰৰ সন্মানৰ প্ৰশ্ন। গতিকে পাকৈত নামতী বুদ্ধিমতী বোৱাৰীয়ে ছপা কীৰ্তনৰ চেৰেলা "ক"-ক লৈ মৰণত শৰণ লৈ নাম জুৰিলে - "কি ক আছিলা, কি ক হ’লা, খাবলে নাপাই শুকাই খীণাই গ’লা!!
    পাছৰ গল্প বিতৰ্কপূৰ্ণ, এটা ভাষ্যও আমাৰ ৱিকিপিডিয়াত প্ৰকাশ কৰা নাযায়।
  3. উক্ত ফকৰাটোৰ মাজতো সোমাই থকা এটা কাহিনী হৈছে: এদিন এঘৰ মানুহৰ পৰিয়ালত হাহাকাৰ লাগিল৷ এটা বাটিত বোৱাৰীয়েকে গাখীৰৰ সৰ কাঢ়ি থৈ গৈছিল৷ শাহুয়েকেও গাখীৰ কিনি আনি ঘৰতে দৈ কৰিছিল৷ হঠাৎ আবেলি সময়ত দেখা গ'ল দৈখিনি নাই৷ ঘৰখনত মাথো দুটা প্ৰাণী৷ শাহুৱেক আৰু বোৱাৰীয়েক৷ মেকুৰীকো দোষ দিব নোৱাৰি, মেকুৰীয়ে গাখীৰ খায় কিন্তু দৈ মুখতে নিদিয়ে৷ বোৱাৰীয়েকে ক'লে - বান্দৰ আহিছিল নেকি? চহৰৰ মাজমজিয়াত বান্দৰ কেতিয়া দেখিছিলা? শাহুয়েকে উত্তৰ দিলে৷
    ইয়াৰ পিছতে শাহু-বোৱাৰীৰ মনত পৰস্পৰৰ প্ৰতি সন্দেহ হ'ল৷ বোৱাৰীয়েকে ক'লে আপুনিহে ক'ৰবাত থৈ পাহৰিলে৷ তাকে শুণি শাহু গৰগৰাই উঠিল৷ এনেতে কাষৰ ঘৰৰ মহিলাগৰাকী আহি ক'লে যে, তেওঁৱেই অলপ দৈ বিচাৰি আহি মাত লগাই কাকো নাপাই লৈ গৈছিল৷ এতিয়া দিবলৈ আহিছে৷ ইয়াৰ পিছত শাহু-বোৱাৰীয়ে পৰস্পৰৰ মুখলৈ চাই মুখ টিপি হাঁহিলে৷

উৎস[সম্পাদনা কৰক | উৎস সম্পাদনা]

  1. অসমীয়া যোজনা পটন্তৰ, ড° প্ৰফুল্ল কুমাৰ নাথ, নিষ্ঠা প্ৰকাশন ২০১৬
  2. অসমীয়া ভাষাৰ অলংকাৰ, ফকৰা যোজনা, ড° প্ৰফুল্ল কুমাৰ নাথ৷নিষ্ঠা প্ৰকাশন ২০১৬
  3. অসমীয়া ভাষাৰ অলংকাৰ, ফকৰা যোজনা, ড° প্ৰফুল্ল কুমাৰ নাথ৷নিষ্ঠা প্ৰকাশন ২০১৬
  4. ৪.০ ৪.১ ৪.২ ৪.৩ ৪.৪ ৪.৫ ৪.৬ Idioms starting with 'অ'. প্ৰকাশক: www.xobdo.org. আহৰণ কৰা হৈছে: 13 জুলাই 2022.
  5. অসমীয়া যোজনা পটন্তৰ, ড° প্ৰফুল্ল কুমাৰ নাথ, নিষ্ঠা প্ৰকাশন, ২০১৬
  6. ৬.০ ৬.১ ৬.২ ৬.৩ ৬.৪ ৬.৫ ৬.৬ Idioms starting with 'আ'. প্ৰকাশক: www.xobdo.org. আহৰণ কৰা হৈছে: 13 জুলাই 2022.
  7. ৭.০ ৭.১ ৭.২ https://assam.org/node/2326. প্ৰকাশক: assam.org. আহৰণ কৰা হৈছে: 13 জুলাই 2022.
  8. ৮.০ ৮.১ ৮.২ ৮.৩ উদ্ধৃতি ত্ৰুটি: অবৈধ <ref> টেগ; অসমীয়া নামৰ refৰ বাবে কোনো পাঠ্য প্ৰদান কৰা হোৱা নাই
  9. ৯.০ ৯.১ ৯.২ ৯.৩ Idioms starting with 'ই'. প্ৰকাশক: www.xobdo.org. আহৰণ কৰা হৈছে: 13 জুলাই 2022.
  10. অসমীয়া যোজনা পটন্তৰ, ড° প্ৰফুল্ল কুমাৰ নাথ, নিষ্ঠা প্ৰকাশন, ২০১৬
  11. কথা গুৰু চৰিতৰ মণি-মুকুতা, ৰামমল ঠাকুৰীয়া, বীণা লাইব্ৰেৰী, ১৯৮৭
  12. Idioms starting with 'ঐ'. প্ৰকাশক: www.xobdo.org. আহৰণ কৰা হৈছে: 13 জুলাই 2022.
  13. অসমীয়া যোজনা পটন্তৰ, ড° প্ৰফুল্ল কুমাৰ নাথ, নিষ্ঠা প্ৰকাশন, ২০১৬
  14. ১৪.০ ১৪.১ ১৪.২ ১৪.৩ ১৪.৪ ১৪.৫ ১৪.৬ ১৪.৭ ১৪.৮ ১৪.৯ ৰামমল ঠাকুৰীয়া (১৯৮৭)। কথা গুৰু চৰিতৰ মণি মুকুতা। বীণা লাইব্ৰেৰী।
  15. অসমীয়া যোজনা পটন্তৰ, ড° প্ৰফুল্ল কুমাৰ নাথ, নিষ্ঠা প্ৰকাশন, ২০১৬
  16. ১৬.০ ১৬.১ ১৬.২ ১৬.৩ ১৬.৪ লীলা গগৈ (1994)। টাই সংস্কৃতিৰ ৰূপৰেখা। বনলতা প্ৰকাশন, পৃষ্ঠা:238। ISBN: 81-7339-079-7
  17. কথা গুৰু চৰিতৰ মণি-মুকুতা, ৰামমল ঠাকুৰীয়া, বীণা লাইব্ৰেৰী, ১৯৮৭
  18. url=https://www.digitaltinsukia.in/2020/04/assamese-proverb.html
  19. ১৯.০ ১৯.১ ১৯.২ ১৯.৩ ১৯.৪ ১৯.৫ ১৯.৬ Idioms starting with 'প'. প্ৰকাশক: xobdo.org. আহৰণ কৰা হৈছে: 26 জুন 2022.
  20. প্ৰাচীন কামৰূপৰ ইতিহাস, কনকলাল বৰুৱা, অনুবাদ: অঞ্জন শৰ্মা, প্ৰকাশক: powershift. পৃ: ২৮৭
  21. অসমীয়া ভাষাৰ অলংকাৰ, ফকৰা যোজনা, ড° প্ৰফুল্ল কুমাৰ নাথ৷নিষ্ঠা প্ৰকাশন ২০১৬
  22. অসমীয়া ভাষাৰ অলংকাৰ, ফকৰা যোজনা, ড° প্ৰফুল্ল কুমাৰ নাথ৷নিষ্ঠা প্ৰকাশন ২০১৬
  23. অসমীয়া ভাষাৰ অলংকাৰ, ফকৰা যোজনা, ড° প্ৰফুল্ল কুমাৰ নাথ৷নিষ্ঠা প্ৰকাশন ২০১৬
  24. কথা গুৰু চৰিতৰ মণি-মুকুতা, ৰামমল ঠাকুৰীয়া, বীণা লাইব্ৰেৰী, ১৯৮৭
  25. ঈশান জ্যোতি বৰা (15 ডিচেম্বৰ 2015). অসমীয়া ভাষাৰ আপুৰুগীয়া সম্পদ ফকৰা-যোজনা. প্ৰকাশক: xahitya.org. আহৰণ কৰা হৈছে: 26 জুন 2022.

বাহ্যিক সংযোগ[সম্পাদনা কৰক | উৎস সম্পাদনা]

  • Some Assamese Proverbs (কেপ্টেইন পি আৰ গৰ্ডনৰ সংকলিত ১৮৯৬ চনত প্ৰকাশিত ফঁকৰা যোজনাৰ কিতাপ)