জৰ্জ ৱাশ্বিংটন
অৱয়ব
জৰ্জ ৱাশ্বিংটন (ইংৰাজী: George Washington; ২২ ফেব্ৰুৱাৰী ১৭৩২ – ১৪ ডিচেম্বৰ ১৭৯৯) এগৰাকী আমেৰিকান সামৰিক বিষয়া, ৰাষ্ট্ৰনেতা আৰু প্ৰতিষ্ঠাপক পিতৃ; যিয়ে ১৭৮৯ চনৰ পৰা ১৭৯৭ চনলৈকে আমেৰিকা যুক্তৰাষ্ট্ৰৰ প্ৰথম ৰাষ্ট্ৰপতি হিচাপে কাৰ্যনিৰ্বাহ কৰিছিল। ১৭৭৫ চনৰ জুন মাহত দ্বিতীয় কণ্টিনেণ্টেল কংগ্ৰেছে কণ্টিনেণ্টেল আৰ্মীৰ সেনাপতি হিচাপে নিযুক্তি প্ৰদানৰ পাছত তেওঁ দেশপ্ৰেমী বাহিনীক আমেৰিকান বিপ্লৱী যুদ্ধত বিজয়ৰ দিশে লৈ গৈছিল আৰু তাৰ পাছত ১৭৮৭ চনত সংবিধান সভাত সভাপতি হিচাপে কাৰ্যনিৰ্বাহ কৰিছিল, যিয়ে আমেৰিকা যুক্তৰাষ্ট্ৰৰ সংবিধানৰ খচৰা প্ৰস্তুত কৰি ইয়াক অনুমোদন জনাইছিল আৰু আমেৰিকান যুক্তৰাষ্ট্ৰীয় চৰকাৰ স্থাপন কৰিছিল। সেয়েহে ৱাশ্বিংটনক “Father of his Country” বুলি কোৱা হয়।
উদ্ধৃতি
[সম্পাদনা কৰক | উৎস সম্পাদনা]- শিক্ষকসকলেহে ৰাষ্ট্ৰৰ মন আৰু আত্মাৰ প্ৰকৃত খনিকৰ৷
- প্ৰকৃত বন্ধুত্ব হৈছে লেহেমীয়া বৃদ্ধিৰ উদ্ভিদ, আৰু ই প্ৰশংসাৰ অধিকাৰী হোৱাৰ আগতেই প্ৰতিকূলতাৰ জোকাৰণিৰ সন্মুখীন হ’ব লাগিব আৰু তাক সহিব লাগিব।[১]
উৎস
[সম্পাদনা কৰক | উৎস সম্পাদনা]- ↑ Letter to Bushrod Washington (15 January 1783)