অম্বিকাগিৰি ৰায়চৌধুৰী
অৱয়ব
অম্বিকাগিৰি ৰায়চৌধুৰী (ইংৰাজী: Ambikagiri Raichoudhury; ১৮৮৫-১৯৬৭) কুৰি শতিকাৰ অসমৰ এজন কবি, গীতিকাৰ, গায়ক, গদ্য-লেখক, সংবাদ-সেৱী, আলোচনী সম্পাদক, দেশপ্ৰেমিক, সমাজ-সেৱক আৰু ভাৰতৰ স্বাধীনতা সংগ্ৰামৰ অগ্ৰণী সংগ্ৰামী সেনা। ওৰে জীৱন অসম আৰু অসমীয়াৰ স্বাৰ্থৰ হকে মাত মতা আৰু জাগৰণৰ চেতনা সঞ্চাৰিত কৰিবলৈ চেষ্টা কৰা বাবে তেখেতক ‘অসম কেশৰী’ উপাধিৰে সম্বোধিত কৰা হয়। ১৯৫০ চনত তেওঁ অসম সাহিত্য সভাৰ সভাপতি হিচাপে নিৰ্বাচিত হৈছিল।
উদ্ধৃতিসমূহ
[সম্পাদনা কৰক | উৎস সম্পাদনা]- চৰিত্ৰত জাতীয়তাবোধ নাথাকিলে সেই দেশৰ অস্তিত্বৰ লগতে ভাষা, সংস্কৃতি, অৰ্থনীতি, ৰাজনীতি আদিও নাথাকে৷ নিৰ্ভেজাল জাতীয়তাবোধ বা চেতনা নাথাকিলে সেই জাতিয়ে বা দেশে প্ৰগতিৰ পথত আগুৱাব নোৱাৰে৷[১]
- যুগে যুগে আদান-প্ৰদানৰ কৰ্মস্থলীত যোগ-বিয়োগ, পূৰণ-হৰণৰ মাজেদি সংস্কৃতি হৈ শান্তি-শৃঙ্খলাৰ আনন্দক স্থায়িত্ব দি যি এটা সৌন্দৰ্যবোধৰ সামাজিকতা গঢ়ি উঠে, সেয়ে সেই ঠাইডোখৰৰ লোকসমষ্টিৰ সংস্কৃতি৷[১]
- সাহিত্যতো সাহিত্যিকাৰৰ জীৱনৰ প্ৰতিবিম্ব৷ জীৱনটোৰ যেনে ৰূপ, তেনে প্ৰতিবিম্ব লৈয়ৈই সাহিত্যই জন্ম লাভ কৰে৷[২]
- অসমখেন গেল, কিবা এটা কৰ৷[২]
- “..... হাট-বজাৰৰ বেহা-বেপাৰ হাতত লওক৷ মাটিকেইডুখৰিত খেতি কৰি অপৰ্যাপ্ত খাদ্য-শস্য উৎপাদন কৰক-- অসমীয়া সাহিত্যৰ বিৰাট স্ফুৰণ ঘটাই তোলাৰ পথ বিৰাটভাবে মুকলি কৰক৷[২]
- অসমীয়া, এবাৰ মাত্ৰ তোমাৰ অন্তৰখন আত্মশ্ৰদ্ধাৰ স্বাৰ্থৰ আলোকেৰে উদ্ভাসিত কৰি তোলা৷ দেখিবা অশ্ৰদ্ধাত মলি হৈ পৰি থকা তোমাৰ সাংস্কৃতিক মণি-মুকুতাবোৰ বিদ্বোজল ৰূপেৰে তোমাৰ আগত উপস্থিত হৈ কিমান পৰিমাণে তাক বিদ্ব-মোহন কৰি তুলিছে৷[১]
- মই বাহিৰৰ পৰিষ্কাৰ পৰিচ্ছন্নতা ভাল পাওঁ৷ কিন্তু তাতোকৈ বেছি ভালপাওঁ ভিতৰৰ কল্মষহীন পৰিমাৰ্জনা আৰু দুৰ্নীতি-কলংকহীন চাকচিক্যতা৷[১]