মাৰ্কাছ টুলিয়াছ চিচেৰো
অৱয়ব
মাৰ্কাছ টুলিয়াছ চিচেৰো (খ্ৰীষ্টপূৰ্ব ৩ জানুৱাৰী – ৭ ডিচেম্বৰ ৪৩ খ্ৰীষ্টপূৰ্ব) এজন ৰোমান ৰাজনীতিবিদ, কূটনীতিক, আইনজ্ঞ, পণ্ডিত, দাৰ্শনিক আৰু বাগ্মী আছিল। ৰোমান সাম্ৰাজ্য স্থাপনৰ ৰাজনৈতিক সংকটৰ সময়ত তেওঁ সৰ্বোত্তম নীতিবোৰ বজাই ৰাখিবলৈ চেষ্টা কৰিছিল। তেওঁৰ বিস্তৃত লেখাসমূহৰ ভিতৰত তেওঁৰ বক্তব্য, দৰ্শন আৰু ৰাজনীতিৰ ওপৰত ৰচিত গ্ৰন্থসমূহ পোৱা যায়। তেওঁক ৰোমৰ অন্যতম লেটিন ভাষাৰ শ্ৰেষ্ঠ বাগ্মী আৰু প্ৰবন্ধ ৰচয়িতা আখ্যা দিয়া হয়। তেওঁ ৰোমৰ এটি সম্ভ্ৰান্ত পৰিয়ালত জন্মগ্ৰহণ কৰিছিল।
উদ্ধৃতিসমূহ
[সম্পাদনা কৰক | উৎস সম্পাদনা]- কিতাপ নথকা ঘৰ আৰু আত্মাহীন দেহা একেই।
- এখন গ্ৰন্থ যৌৱনৰ খাদ্য, প্ৰৌঢ়ত্বৰ আলোক, প্ৰগতিৰ অলংকাৰ, দুৰ্ভাগ্যৰ পৰা নিৰাপত্তা, ঘৰ এখনৰ পোহৰ আৰু যাত্ৰাৰ সংগী।
- অসুস্থজনৰ বাবে যেতিয়ালৈকে জীৱন থাকে, তেতিয়ালৈকে আশা থাকে।
- প্ৰথম সমাজখন হ’ল বিবাহ বন্ধনত, তাৰপিছত পৰিয়ালটোত, তাৰপিছত ৰাষ্ট্ৰত৷ পৰিয়ালটোত শাসন কৰা দেউতাকজন যেন এজন ৰজা৷ পিছে তেওঁৰ কৰ্তৃত্ব থাকে তেওঁ শাসন কৰাসকলৰ প্ৰতি মৰম-সহানুভূতিতহে৷ সৰ্বোপ্ৰকাৰৰ উন্নতি আৰম্ভ হয় ঘৰখনত আৰু সেই উৎসৰ পৰাই ভাল হওক, ভুল হওক সমাজ শাসন কৰা নীতিবোৰ উদ্ভৱ হয়৷ মাক-দেউতাকৰ চালিকা-শক্তিও এই প্ৰেম সহানুভূতিতহে৷[১]
- মানুহ নিজেও নিজৰ পৰম শত্ৰু৷[২]
- সংসাৰত এনে মূৰ্খ নাই যি সুখী হ’ব পাৰিছে আৰু এনে জ্ঞানী লোক নাই যি সুখী নোহোৱাকৈ আছে৷
- আজৰি সময় কটোৱাৰ বিবিধ উপায়ৰ ভিতৰত এটা অতি উত্তম উপায় হ’ল কিতাপ পঢ়া৷[৩]
- কিতাপ হ’ল জৌৱনৰ খাদ্য, বৃদ্ধকালৰ আনন্দ, সমৃদ্ধিৰ অলংকাৰ, বিপদৰ সান্ত্বনা আৰু আশ্ৰয়, ঘৰৰ আনন্দ আৰু উত্তম ভ্ৰমণৰ সংগী৷[৪]
- এখন ৰাজ্যৰ ক্ষেত্ৰত হোৱাদি এটা পৰিয়াল ক্ষেত্ৰতো সম্পদৰ উত্তম উৎস হ’ল মিতব্যয়িতা৷[৫]
- প্ৰথম সমাজখন হ’ল বিবাহ বন্ধনত, তাৰপিচত পৰিয়ালটোত, তাৰপিচত ৰাষ্ট্ৰত৷ পৰিয়ালটোত শাসন কৰা দেউতাকজন যেন এজন ৰজা৷ পিচে তেওঁৰ কৰ্তৃত্ব থাকে তেওঁ শাসন কৰাসকলৰ প্ৰতি মৰম সহানুভূতিতহে৷ সৰ্বোপ্ৰকাৰৰ উন্নতি আৰম্ভ হয় ঘৰখনত আৰু সেই উৎসৰ পৰাই ভাল হওক, ভুল হওক সমাজ শাসন কৰা নীতিবোৰ উদ্ভৱ হয়৷ মাক-দেউতাকৰ চালিকাশক্তিও এই প্ৰেম-সহানুভূতিতহে৷ [৬]
- যিজনে নিজৰ অতীতক নাজানে, তেওঁ চিৰকালেই শিশু হৈ থাকে৷[৭]
উৎস
[সম্পাদনা কৰক | উৎস সম্পাদনা]- ↑ উদ্ধৃতি অভিধান, ৰক্তাভ জ্যোতি বৰা, পৃ: নং, ৩৩০, প্ৰকাশক: উৎপল হাজৰিকা, বাণী মন্দিৰ
- ↑ উদ্ধৃতি অভিধান, ৰক্তাভ জ্যোতি বৰা, পৃ: নং, ৩০৮, প্ৰকাশক: উৎপল হাজৰিকা, বাণী মন্দিৰ
- ↑ উদ্ধৃতি অভিধান, ৰক্তাভ জ্যোতি বৰা, পৃ: নং, ২৭; প্ৰকাশক উৎপল হাজৰিকা, বাণী মন্দিৰ
- ↑ উদ্ধৃতি অভিধান, ৰক্তাভ জ্যোতি বৰা, পৃ: নং, ৭৪; প্ৰকাশক উৎপল হাজৰিকা, বাণী মন্দিৰ
- ↑ উদ্ধৃতি অভিধান, ৰক্তাভ জ্যোতি বৰা, পৃ: নং, ২৭৭; প্ৰকাশক উৎপল হাজৰিকা, বাণী মন্দিৰ
- ↑ উদ্ধৃতি অভিধান, ৰক্তাভ জ্যোতি বৰা, পৃ: নং, ৩৩০; প্ৰকাশক উৎপল হাজৰিকা, বাণী মন্দিৰ
- ↑ প্ৰাচীন কামৰূপৰ ইতিহাস, কনকলাল বৰুৱা, অনুবাদ: অঞ্জন শৰ্মা, Powershift, পৃ:নং; ৬