নগেন শইকীয়া
অৱয়ব

ড° নগেন শইকীয়া (জন্ম:১৯৩৯) একাধাৰে গল্পকাৰ, ঔপন্যাসিক, শিক্ষাবিদ, সমালোচক, সম্পাদক আৰু অধ্যাপক। 'মিত-ভাষ' নামৰ এক শ্ৰেণীৰ নতুন ৰচনাশৈলীৰে তেওঁ অসমীয়া সাহিত্যক নতুনত্ব প্ৰদান কৰে। তেখেতে অসম সাহিত্য সভাৰ ১৯৯৭ চনৰ বিলাসীপাৰা অধিৱেশন আৰু ১৯৯৮ চনৰ হাওৰাঘাট অধিৱেশনত সভাপতিত্ব কৰিছিল। তেখেতে ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ অসমীয়া বিভাগৰপৰা অধ্যাপক হিচাপে অৱসৰ গ্ৰহণ কৰে৷
উক্তি
[সম্পাদনা কৰক | উৎস সম্পাদনা]- ভাষা থাকিলেহে জাতি থাকিব, মুখৰ মাতষাৰ হেৰালে পেটৰ ভাতে আমাক বচাব নোৱাৰে বা জাতি ৰক্ষা কৰিব নোৱাৰে৷[১]
- কোনোবাই ক’ৰবাত এনে এটা কাম আৰম্ভ কৰিবই লাগিব৷ এনে কামে যদি এক শতাংশ উদ্দেশ্যহে পূৰণ কৰে, বাকী নিৰান্নব্বৈ শতাংশ পূৰণ কৰাৰ প্ৰয়োজনীয়তা ই বঢ়াই তুলিব; যদি ই কোনো উদ্দেশ্য পূৰণ নকৰে বিদগ্ধজনৰ বাবে আমাৰ এই অসাফল্য নিজেই এটি প্ৰত্যাহ্বান হ’ব৷[২]
- মই আচলতে নিজকে শিক্ষাবিদ বুলি নাভাবোঁ, শিক্ষক বুলিহে ভাবোঁ। শিক্ষাবিদসকলে শিক্ষা সম্পৰ্কে জানে আৰু মই শিক্ষা সম্পৰ্কে জনাতকৈ শিক্ষক হিচাপে নিজকে পৰিচয় দি ভাল পাওঁ।[৩]
- আমাৰ পুৰণিকলীয়া শিক্ষা বুলি কথা নাই, ভাৰতবৰ্ষৰ শিক্ষা ব্যৱস্থাত মূল্যবোধৰ শিক্ষাই এক আগস্থান পাই আহিছে। কিন্তু কিছুদিনৰ পৰা পৰীক্ষামূলকভাৱে ব্যৱহাৰ কৰা শিক্ষানীতিসমূহত মূল্যবোধৰ ওপৰত যেন কম গুৰুত্ব দিয়া হৈছে, সেয়া পৰিলক্ষিত হৈছে। ইয়াৰ ফলত আমাৰ ল’ৰা-ছোৱালীসমূহৰ যিটো ব্যক্তিত্ব সেয়া যেন সঠিকভাৱে সমাজে বিচৰাধৰণে গঢ় লৈ উঠা নাই। আমাৰ যিবিলাক অসামাজিক ঘটনা ঘটিবলৈ ধৰিছে, এই ঘটনাবিলাকৰ মূলতে মই মূল্যবোধৰ শিক্ষাৰ নাটনিকে ঘাই কাৰণ বুলি মই ভাবোঁ৷[৩]
- মই ডিজিটেল ৱৰ্ল্ডৰ মানুহেই নহয়। মই নিজে অনুভৱ কৰো যে মই ডিজিটেল জগতৰ কিছু কাম শিকিব লাগিছিল .....।[৩]
- সাহিত্য সভা দৰাচলতে সাহিত্যিকসকলৰ অনুষ্ঠান হৈ থাকিব লাগে, অৰ্ধসাহিত্যিক বা অসাহিত্যিকৰ অনুষ্ঠান হ’ব নালাগে। কিন্তু সাহিত্য সভাত যিবোৰ নতুন নীতি-নিয়ম কৰিলে, সেই নিয়মবিলাক ৰাজনৈতিক দলৰ নীতি-নিয়মৰ দৰে হ’ল। তাৰ ফলস্বৰূপে সাহিত্য সভাৰ যিটো পূৰ্বৰ গৰিমা, সেইটো বহুপৰিমাণে হ্ৰাস পালে বুলি মই ভাবোঁ৷[৩]
- যিবোৰ বাতৰিৰ সামাজিক মূল্য নাই, তেনেকুৱাধৰণৰ বাতৰি পৰিহাৰ কৰা উচিত। বেয়া ঘটনাসমূহ বাতৰিৰ মাধ্যমেৰে নিশ্চয়কৈ দাঙি ধৰিব লাগিব। কিন্তু এনেকুৱা বাতৰি সঘনাই দেখুৱাই থাকিলে তাৰ বেয়া প্ৰভাৱ এটাও সমাজত পৰে।[৩]
- ..... ভাৰতীয় গণতন্ত্ৰক মই ভিতৰৰ পৰা দেখিলোঁ। আৰু এটা কথা দেখিলোঁ মই যে, ভাৰতবৰ্ষত যিজনেই প্ৰধানমন্ত্ৰী হয়, তেওঁৰ নিৰ্দেশতেই গোটেই দেশখন চলে। গণতন্ত্ৰত যদিও মূল্যবোধৰ কথা আমি কওঁ, এই গণতন্ত্ৰও একপ্ৰকাৰ ৰাজতন্ত্ৰৰ লেখীয়াই। আগৰ ৰাজতন্ত্ৰত যিদৰে ৰজাৰ কথামতেই দেশ চলিছিল, এতিয়াও প্ৰধানমন্ত্ৰীজনে যি কথা কয়, সেই কথাটোকেই সৰ্বতোপ্ৰকাৰে সংসদত গৃহীত হয়গৈ।[৩]
- মই মোৰ মাতৃভাষাত লিখা দেশৰ এজন সামান্য লেখক। ভাৰতবৰ্ষৰ পূবত থকা অসমেই মোৰ মাতৃ। সেইবাবে মই বন্দনা কৰোঁ।[৪]
- মহাপুৰুষ শ্ৰীমন্ত শঙ্কৰদেৱৰ পৰা শিকি আহিছোঁ অনন্ত বিশ্বব্ৰহ্মাণ্ডৰ স্ৰষ্টা, কৰ্তা আৰু বিধাতাস্বৰূপ এক অবিনাশী শক্তিক শ্ৰদ্ধা কৰিবলৈ। মই জাতি-বৰ্ণ-ধৰ্ম-ভাষা-সম্প্ৰদায় নিৰ্বিশেষে সকলোকে সমান জ্ঞান কৰিবলৈ সৰুৰে পৰাই শিক্ষক পিতৃৰ পৰা শিকি আহিছোঁ। সাহিত্যৰথী বেজবৰুৱাৰ পৰা শিকি আহিছোঁ 'অ' মোৰ আপোনাৰ দেশ' বুলি দেশক বন্দনা কৰিবলৈ আৰু নিজকে দূবৰি বনতকৈয়ো সৰু বুলি ভাবিবলৈ, অসম কেশৰীৰ পৰা শিকি আহিছোঁ অসমীয়া জাতীয়তাবাদ, ভাৰতীয় মহাজাতীয়তাবাদ আৰু বিশ্ব মানবতাবাদৰ আদৰ্শ, জ্যোতিপ্ৰসাদৰ পৰা শিকি আহিছোঁ ’সুন্দৰৰ আৰাধনা জীৱনৰ খেল’ বুলি ভাবিবলৈ আৰু জাতিৰ পিতা মহাত্মা গান্ধীৰ পৰা শিকি আহিছোঁ "India is one in many and many in one" বুলি ভাবিবলৈ-এয়ে ভাৰতবৰ্ষ।[৪]
উৎস
[সম্পাদনা কৰক | উৎস সম্পাদনা]- ↑ (নৱেম্বৰ 6, 2023). "মোজাম্মিল হক স্মাৰক মাতৃভাষা বঁটা গ্ৰহণ". খবৰ অসমীয়া খবৰ. সংগ্ৰহ কৰা হৈছে: নৱেম্বৰ 7, 2023.
- ↑ শইকীয়া, নগেন (২০১৬)। অসমীয়া মানুহৰ ইতিহাস। কথা, পৃষ্ঠা:১। ISBN: 978-81-89148-15-7।
- ↑ ৩.০ ৩.১ ৩.২ ৩.৩ ৩.৪ ৩.৫ নগেন শইকীয়াৰ সৈতে সাক্ষাৎকাৰ. আহৰণ কৰা হৈছে: 3 ডিচেম্বৰ 2023.
- ↑ ৪.০ ৪.১ নগেন শইকীয়াক জীৱনজোৰা সাধানা বঁটা, হাইদৰ হুছেইনক সাদিন বঁটা প্ৰদান.... আহৰণ কৰা হৈছে: 21 জুলাই 2025.