সমললৈ যাওক

ছক্ৰেটিছ

ৱিকিউদ্ধৃতিৰ পৰা
ছক্ৰেটিছৰ মূৰ্তি

ছক্ৰেটিছ (ইংৰাজী: Socrates) আছিল এগৰাকী ধ্ৰুপদী গ্ৰীক এথেনিয়ান দাৰ্শনিক। পাশ্চাত্য দৰ্শনৰ এক অন্যতম প্ৰতিষ্ঠাপক এইগৰাকী ৰহস্যময় দাৰ্শনিক ঘাইকৈ তেওঁৰ ছাত্ৰ প্লেটো, জেন’ফ’ন আদিৰ লেখা তথা তেওঁৰ সমসাময়িক এৰিষ্ট’ফেনৰ নাটকসমূহৰ মাজেৰেহে অধিক পৰিচিত৷ প্লেটোৰ লিখনিসমূহত থকা মতে নীতিশিক্ষাৰ ক্ষেত্ৰত ছক্ৰেটিছৰ অৱদান অপৰিসীম। ইয়াৰ উপৰিও এপিষ্টেম’ল’জীৰ ক্ষেত্ৰতো ছক্ৰেটিছৰ যথেষ্ট অৱদান আছে আৰু তেওঁৰ ধ্যান-ধাৰণাক কেন্দ্ৰ কৰিয়েই পাশ্চাত্য দৰ্শনৰ ভেটি গঢ় লৈছে।

  1. তোমাৰ সু-কৃতকাৰ্যতা আৰু সু-নামেই হ’ল তোমাৰ জীৱনৰ আটাইতকৈ মূল্যৱান সম্পদ৷[উৎসৰ প্ৰয়োজন]
  2. মানুহ এদিন মৰিবই লাগিব, দোষ কৰি মৰাতকৈ বিনাদোষে মৰা বেছি ভাল।[]
  3. ভুল আঁতৰাই সত্য প্ৰতিষ্ঠা কৰাটোৱেই শিক্ষাৰ মূল লক্ষ্য৷[]
  4. শিক্ষাই জ্ঞান, জ্ঞানেই শিক্ষা৷[উৎসৰ প্ৰয়োজন]
  5. যশস্যা আপোনাৰ সুকীৰ্তিৰ মৃদু সম্পদ৷[উৎসৰ প্ৰয়োজন]
  6. ধৰ্ম মানুহৰ মনতহে থাকে আঁঠুত নাথাকে৷[উৎসৰ প্ৰয়োজন]
  7. পৃথিৱীত ইমান বস্তু আছে যে এইবোৰ মই সমূলি নিবিচাৰোঁ৷[উৎসৰ প্ৰয়োজন]
  8. মানুহৰ মাজত ভগৱান আছে৷ সেই দেৱতাক কামেৰে আৰু বিশ্বাসেৰে পাব পাৰি৷[উৎসৰ প্ৰয়োজন]
  9. আনক সমালোচনা কৰিবলৈ যোৱাৰ আগতে নিজকে সমালোচনা কৰা৷ নিজে শুদ্ধ আৰু পৱিত্ৰ হ’ব পাৰিলেহে আনৰ বিষয়ে মতামত দিয়াৰ যোগ্যতা অৰ্জন কৰিব পাৰিবা৷[উৎসৰ প্ৰয়োজন]
  10. অপৰীক্ষিত জীৱন জীয়াই থকাৰ যোগ্য নহয়।[]
  11. মানুহ এদিন মৰিবই লাগিব, দোষ কৰি মৰাতকৈ বিনাদোষে মৰা বেছি ভাল৷[]
  12. মৃত্যু হয় মংগলময়, অথবা ই এক গভীৰ নিদ্ৰা৷ এই কথাটোকে আমি আন এটা দৃষ্টিকোণৰ পৰাও চাব পাৰোঁ৷ মৃত্যু যিকোনো দুটা কথাৰ ভিতৰত যিকোনো এটা মাত্ৰ হ’ব পাৰে: হয় ই এক অন্তহীন শূন্যতা আৰু সম্পূৰ্ণ নিশ্চেতনা অথবা বহুতো মানুহে ভবাৰ দৰে ই আত্মাৰ ইহকালৰ পৰা পৰকাললৈ গমন মাত্ৰ৷ যদি আপুনি ধৰি লয় যে, মৃত্যু এক গভীৰ নিদ্ৰা মাত্ৰ, আনকি স্বপ্নয়ো সেই নিদ্ৰাত ব্যাঘাত ঘটাব নোৱাৰে, তেন্তে মৃত্যুতকৈও কাম্য আন একোৱেই হ’ব নোৱাৰে৷ সেইক্ষেত্ৰত অনন্তকাল এটা মাত্ৰ অন্তহীন ৰাতি৷(মৃত্যুৰ আগমুহূৰ্তত বিচাৰকমণ্ডলীক উদ্দেশ্যি কোৱা কথা৷)[]
  13. সন্তুষ্টি প্ৰকৃতিৰ সম্পদ, বিলাসিতা কৃত্ৰিম দৰিদ্ৰতা৷[উৎসৰ প্ৰয়োজন]
  14. জ্ঞান মানুহক দিব নোৱাৰি উপলব্ধি কৰিব পাৰি৷[উৎসৰ প্ৰয়োজন]
  15. শিক্ষাই মানুহৰ শ্ৰেষ্ঠ সম্পদ।[উৎসৰ প্ৰয়োজন]
  16. মই কাকো একো শিকাব নোৱাৰোঁ; মই কেৱল তেওঁলোকক ভাবিবলৈ বাধ্য কৰিব পাৰোঁ৷[]
  17. যিসকলক ভালপোৱাটো আটাইতকৈ কঠিন, তেওঁলোককে ইয়াৰ আটাইতকৈ বেছি প্ৰয়োজন।[]
  18. শক্তিশালী মনৰ মানুহে ধাৰণা আলোচনা কৰে, সাধাৰণ মনৰ মানুহে ঘটনাৰ আলোচনা কৰে, দুৰ্বল মনৰ মানুহবোৰে অন্য মানুহৰ বিষয়ে আলোচনা কৰে।[]
  19. প্ৰথম নিজক বুজি লোৱা, তেতিয়াহে আনক বুজিব পাৰিবা৷[]
  20. কথা কম ক’বা, কাম বেছিকৈ কৰিবা৷ আনক উপদেশ কমকৈ দিবা মহৎ লোকৰ উপদেশ শুনিবা৷ তোমাৰ মংগল হ’ব৷[]
  21. মই কেৱল এটা কথাহে জানো, সেয়া হ’ল মই একোকে নাজানো৷[১০]
  22. সন্তুষ্ট প্ৰকৃতিৰ সম্পদ, বিলাসিতা কৃত্ৰিম দৰিদ্ৰতা৷[১১]
  1. নিয়মীয়া বাৰ্তা, ৫ জুলাই, ২০২১
  2. অপূৰ্ব তালুকদাৰ। মহৎ লোকৰ বাণী। নিষ্ঠা প্ৰকাশন, পৃষ্ঠা:১।
  3. আত্মানুসন্ধান, হোমেন বৰগোহাঞি, পৃষ্ঠা ৪৬
  4. ছক্ৰেটিছ. "বাণী", ৫ আগষ্ট, ২০২১, পৃষ্ঠা. ৬. আহৰণ কৰা হৈছে ১০ ছেপ্টেম্বৰ ২০২১.
  5. উদ্ধৃতি অভিধান, ৰক্তাভ জ্যোতি বৰা, পৃ: নং, ৩৭৯, প্ৰকাশক: উৎপল হাজৰিকা, বাণী মন্দিৰ
  6. ছক্ৰেটিছ. "বাণী", ২১ মাৰ্চ ২০২৩, পৃষ্ঠা. ৬. আহৰণ কৰা হৈছে ২২ মাৰ্চ ২০২৩.
  7. ৭.০ ৭.১ https://yourpositiveoasis.com/30-powerful-quotes-socrates-make-think/
  8. মহৎ লোকৰ অমৃত বাণী 2015, পৃষ্ঠা. 19.
  9. মহৎ লোকৰ অমৃত বাণী 2015, পৃষ্ঠা. 9.
  10. মহৎ লোকৰ অমৃত বাণী 2015, পৃষ্ঠা. 26.
  11. মহৎ লোকৰ অমৃত বাণী 2015, পৃষ্ঠা. 37.
  • তালুকদাৰ, যাদৱ চন্দ্ৰ (২০১৫)। মহৎ লোকৰ অমৃত বাণী। পানবজাৰ, গুৱাহাটী। গণেশ প্ৰকাশন।
:w:
:w:
ৱিকিপিডিয়াত সম্বন্ধিত পৃষ্ঠা: