গায়ত্ৰী প্ৰান্তিক শৰ্মা
অৱয়ব
গায়ত্ৰী প্ৰান্তিক শৰ্মা (ইংৰাজী: Gayatrii prantik sarmah জন্ম-১৯৮৮);অসমৰ এগৰাকী গল্পকাৰ আৰু ঔপন্যাসিক।
উদ্ধৃতিসমূহ
[সম্পাদনা কৰক | উৎস সম্পাদনা]সূৰ্যফুলৰ দেশলৈ
[সম্পাদনা কৰক | উৎস সম্পাদনা]- পৃথিৱীত হাঁহি থকা মুখবোৰৰ আঁৰত মানুহবোৰে কিমান এসোপা দুখ লৈ জীয়াই থাকে তুমি ভাবিবও নোৱাৰা। যাৰ আগত তোমাৰ বা মোৰ দুখ একেবাৰে নগণ্য।[১]
- দুচকুৰ কাজলৰ তলত নাৰীয়ে যে লুকুৱাই ৰাখিব জানে কান্দোন। লুকুৱাই ৰাখিব জানে শত সহস্ৰ বেদনা।[১]
- বুকুৰ ওপৰত কিমান ডাঠকৈ দুখৰ চামনি পৰিলে সেই চামনি ফালি ওলাই আহিব নোৱাৰে চকুপানী![১]
- জীৱনলৈ কেতিয়াবা এনেকুৱা কিছুমান মুহুৰ্ত আহে য'ত অনুভৱ হয় নিজৰ বাহিৰে সকলোৱেই মিছা।[১]
- সম্পৰ্ক এটাত থকালৈকে পোৱা নোপোৱাৰ হিচাপ যদি আমি কৰিবলৈ নিবিচাৰোঁ আঁতৰি অহাৰ পিছত হিচাপ কিয়?[১]
- ভদ্ৰতাৰ মাপকাঠি আচলতে বহু ক্ষেত্ৰত শিক্ষাই নিৰূপণ নকৰে।বহু ক্ষেত্ৰত শিক্ষাই নিৰূপণ নকৰে এটা বহল পৰিসৰৰ মগজু।[১]
- কিছুমান মানুহ গুচি যায়,এসোপা বেয়া স্মৃতি দি।কিন্তু সেই বেয়া স্মৃতিৰ বাবেই আমি কেতিয়াও পাহৰি পেলাব নোৱাৰোঁ দুপলক হ'লেও সেই মানুহজনৰ সৈতে কটোৱা ভাল স্মৃতিবোৰ। [১]
- পৃথিৱীৰ কোনো মানুহকে কেতিয়াও কোনো পৰিস্থিতিয়ে সলাব নোৱাৰে।মানুহৰ চাৰিত্ৰিক দিশত অন্ততঃ পৰিস্থিতিয়ে কেতিয়াও কোনো পাৰ্থক্য় আনিব নোৱাৰে। পৰিস্থিতিৰ ওপৰত দোষ দি মানুহ মাত্ৰ পলাব বিচাৰে সেই সময়খিনিৰ পৰা।[১]
- মানুহে ইচ্ছা কৰিলে গোটেই পৃথিৱীখন সলাব নোৱাৰিলেও সলাই পেলাব পাৰে নিজৰ পৃথিৱীখন। [১]
- সততাৰ পথ হ'ব পাৰে কষ্টকৰ,কিন্তু প্ৰাপ্তি যে সদায়েই সুন্দৰ। [১]
- পৃথিৱীখন ধুনীয়া কৰিম বুলি ভবা মানুহে কেতিয়াবা সোঁতৰ বিপৰীতে গৈ কিছুমান সিদ্ধান্ত লৈ পেলাবলগীয়া হয়। [১]