মালালা ইউছুফজাই

মালালা ইউছুফজাই (ইংৰাজী: Malala Yousafzai ; জন্ম: ১২ জুলাই ১৯৯৭) এগৰাকী পাকিস্তানী মানৱ অধিকাৰ আৰু শিক্ষাকৰ্মী। তেওঁ কৈলাশ সত্যৰ্থীৰ সৈতে যৌথভাৱে ২০১৪ চনৰ ন'বেল শান্তি বঁটাৰে সন্মানিত হৈছিল।
উদ্ধৃতি[সম্পাদনা কৰক | উৎস সম্পাদনা]
শান্তিৰ ন'বেল বঁটাৰ বক্তৃতা (১০ ডিচেম্বৰ, ২০১৪)[সম্পাদনা কৰক | উৎস সম্পাদনা]
- শিক্ষা জীৱনৰ অন্যতম আশীৰ্বাদ — আৰু ইয়াৰ অন্যতম প্ৰয়োজনীয়তা।
- কেতিয়াবা মানুহে মোক সুধিবলৈ ভাল পায় যে ছোৱালীবোৰ কিয় স্কুললৈ যাব লাগে, তেওঁলোকৰ বাবে কিয় ই গুৰুত্বপূৰ্ণ। কিন্তু মই ভাবো তাতোকৈ গুৰুত্বপূৰ্ণ প্ৰশ্নটো হ’ল তেওঁলোকে কিয় নাযাব, কিয় তেওঁলোকৰ স্কুললৈ যোৱাৰ এই অধিকাৰ নাথাকিব।