মেৰী কুৰী

ৱিকিউদ্ধৃতিৰ পৰা
মেৰী কুৰীৰ আলোকচিত্ৰ

মেৰী কুৰী (ইংৰাজী: Marie Curie; ৭ নৱেম্বৰ, ১৮৬৭ - ৪ জুলাই, ১৯৩৪) পোলেণ্ডৰ এগৰাকী পদাৰ্থবিদ তথা ৰসায়নবিদ। জীৱনৰ বেছিভাগ সময়েই ফ্ৰান্সতে কৰ্মৰত এইগৰাকী মহিলা তেজস্ক্ৰিয়তা বিষয়ক অগ্ৰগামী গৱেষণাৰ বাবে বিখ্যাত। এখেত ন'বেল বঁটা লাভ কৰা প্ৰথমগৰাকী মহিলা, লগতে দুবাৰকৈ ন'বেল বঁটা লাভ কৰা একমাত্ৰ মহিলা, বিজ্ঞানৰ দুটা ভিন্ন বিষয়ত ন'বেল লাভ কৰা এখেতেই একমাত্ৰ ব্যক্তি। পেৰিছ বিশ্ববিদ্যালয়ৰো প্ৰথম মহিলা অধ্যাপিকা আছিল মেৰী কুৰী। নিজস্ব কৰ্মৰ গৰিমাত পেৰিছৰ পেন্থিয়নত সমাধি লাভ কৰাও এখেত প্ৰথম মহিলা।

উদ্ধৃতিসমূহ[সম্পাদনা কৰক | উৎস সম্পাদনা]

  1. জীৱনত ভয় কৰিবলগীয়া একো নাই, জীৱনক কেৱল বুজিব লাগিব। এতিয়া জীৱনক অধিক বুজাৰ সময়, যাতে আমি ভয় কমকৈ কৰোঁ।[১]
  2. কি কৰা হৈছে সেয়া কেতিয়াও কোনেও লক্ষ্য নকৰে; কি কৰিবলগীয়া আছে সেয়াহে লক্ষ্য কৰে।[২]
  3. আমি পাহৰিব নালাগে যে যেতিয়া ৰেডিয়াম আৱিষ্কাৰ হৈছিল তেতিয়া কোনেও নাজানিছিল যে ই চিকিৎসালয়ত উপযোগী বুলি প্ৰমাণিত হ’ব। কামটো আছিল বিশুদ্ধ বিজ্ঞানৰ। আৰু এইটোৱেই প্ৰমাণ যে বৈজ্ঞানিক কামক প্ৰত্যক্ষ উপযোগিতাৰ দৃষ্টিকোণৰ পৰা বিবেচনা কৰিব নালাগে। ইয়াক নিজৰ বাবে, বিজ্ঞানৰ সৌন্দৰ্য্যৰ বাবে কৰিব লাগিব, তাৰ পিছত বৈজ্ঞানিক আৱিষ্কাৰ এটা ৰেডিয়ামৰ দৰে মানৱতাৰ বাবে উপকাৰ হোৱাৰ সম্ভাৱনা সদায় থাকে।[৩]
  4. মানুহক উন্নত নকৰাকৈ এখন উন্নত পৃথিৱী গঢ়ি তোলাৰ আশা কৰিব নোৱাৰি। তাৰ বাবে আমাৰ প্ৰত্যেকেই নিজৰ উন্নতিৰ বাবে কাম কৰিব লাগিব, আৰু একে সময়তে সকলো মানৱতাৰ বাবে সাধাৰণ দায়িত্ব ভাগ কৰিব লাগিব, আমাৰ বিশেষ কৰ্তব্য হ'ল, আমি যিসকলৰ বাবে আমি আটাইতকৈ উপযোগী হ'ব পাৰোঁ বুলি ভাবোঁ তেওঁলোকক সহায় কৰা। [৪]
  5. মই বিশ্বাস কৰোঁ যে আন্তঃৰাষ্ট্ৰীয় কাম এটা গধুৰ কাম, তথাপিও ই 'এপ্ৰেণ্টিছশ্বিপ'ৰ মাজেৰে যোৱাটো অপৰিহাৰ্য, বহু প্ৰচেষ্টা আৰু লগতে প্ৰকৃত ত্যাগৰ মনোভাৱৰ মূল্যত: যিমানেই অসম্পূৰ্ণ নহওক কিয়, জেনেভাৰ কামৰ এটা মৰ্যাদা আছে যি আমাৰ ভৱিষ্যতৰ সমৰ্থনৰ যোগ্য।[৫]
  6. আমাৰ কোনো এজনৰ বাবে জীৱনটো সহজ নহয়। কিন্তু তাৰ কথা কি ক’ব? আমি অধ্যৱসায় আৰু সৰ্বোপৰি নিজৰ ওপৰত আস্থা ৰাখিব লাগিব। আমি বিশ্বাস কৰিব লাগিব যে আমি কিবা নহয় কিবা কামত পটু আৰু যিকোনো উপায়ে সেয়া লাভ কৰিব লাগিব।[৬]
  7. বিজ্ঞানত আমি ব্যক্তিৰ প্ৰতি নহয়, তেওঁলোকৰ ধাৰণাৰ প্ৰতি বেছি আগ্ৰহী হ’ব লাগিব।[৭]
  8. মোৰ সমগ্ৰ জীৱন প্ৰকৃতিৰ নতুন নতুন দৃশ্যই মোক শিশুৰ দৰে আনন্দিত কৰি আহিছে।[৪]

উত্‍স[সম্পাদনা কৰক | উৎস সম্পাদনা]

  1. নিয়মীয়া বাৰ্তা, ২৭ আগষ্ট, ২০২১
  2. Letter to her brother (1894)
  3. Lecture at Vassar College, Poughkeepsie, New York (14 May 1921)
  4. ৪.০ ৪.১ Pierre Curie (1923), as translated by Charlotte Kellogg and Vernon Lyman Kellogg, p. 168
  5. Letter to Eve Curie (July 1929), as quoted in Madame Curie : A Biography (1937) by Eve Curie Labouisse, as translated by Vincent Sheean, p. 341
  6. https://www.goodreads.com/author/quotes/126903.Marie_Curie
  7. Madame Curie : A Biography (1937) by Eve Curie Labouisse, as translated by Vincent Sheean, p. 222

বাহ্যিক সংযোগ[সম্পাদনা কৰক | উৎস সম্পাদনা]

:w:
:w:
ৱিকিপিডিয়াত সম্বন্ধিত পৃষ্ঠা: