সমললৈ যাওক

অৰুন্ধতী ৰয়

ৱিকিউদ্ধৃতিৰ পৰা
২০১৩ চনত অৰুন্ধতী ৰয়

সুজানা অৰুন্ধতী ৰয় (জন্ম: ২৪ নৱেম্বৰ ১৯৬১) এগৰাকী ভাৰতীয় ইংৰাজী ভাষাৰ সাহিত্যিক। তেওঁৰ বিখ্যাত ইংৰাজী উপন্যাস দ্য গড অৱ স্মল থিংছৰ বাবে তেওঁ ১৯৯৭ চনত মেন বুকাৰ বঁটা লাভ কৰে। ১৯৮৯ চনত ইন হুইছ এনি গিভ ইট ডজ ওৱানছৰ বাবে শ্ৰেষ্ঠ চিত্ৰনাট্যৰ ৰাষ্ট্ৰীয় চলচ্চিত্ৰ বঁটা আৰু ২০০৬ চনত দ্য আলজেব্ৰা অফ ইনফাইনিট জাষ্টিছ নামৰ প্ৰবন্ধ সংকলনৰ বাবে ইংৰাজী ভাষাৰ সাহিত্য অকাডেমি বঁটা লাভ কৰিছিল। তেওঁ এগৰাকী ৰাজনৈতিক কৰ্মী আৰু মানৱ অধিকাৰ আৰু পৰিৱেশ সংৰক্ষণ সংক্ৰান্তিয় বিষয়ত জড়িত হৈ আছে।

  • যদি আপুনি ধাৰ্মিক, তেন্তে মনত ৰাখিব যে এই বোমাটো হৈছে মানুহৰ ঈশ্বৰৰ প্ৰতি প্ৰত্যাহ্বান। ইয়াৰ শব্দসজ্জা একেবাৰে সহজ: আপুনি সৃষ্টি কৰা সকলো বস্তু ধ্বংস কৰাৰ আমাৰ ক্ষমতা আছে। যদি আপুনি ধাৰ্মিক নহয় তেন্তে এইদৰে চাওক। আমাৰ এই পৃথিৱীখন ৪ ৬০০ ০০০ ০০০ বছৰ পুৰণি। ই এটা দুপৰীয়াতে শেষ হ’ব পাৰে।
    • দ্য এণ্ড অফ ইমেজিনেছ্যন আগষ্ট, ১৯৯৮ [১].
দ্য গড অফ স্মল থিংছ
  • মহৎ কাহিনীবোৰৰ ৰহস্যটো হ’ল ইয়াৰ কোনো গোপন কথা নাই। মহৎ কাহিনীবোৰেই আপুনি শুনিছে আৰু আকৌ শুনিব বিচাৰিছে। যিবোৰত আপুনি যিকোনো ঠাইতে প্ৰৱেশ কৰি আৰামত বাস কৰিব পাৰে। এইসমূহে ৰোমাঞ্চ আৰু চাতুৰ্যকৰ সমাপ্তিৰে আপোনাক প্ৰতাৰণা নকৰে। অভাৱনীয় কথাৰে আপোনাক আচৰিত নকৰে.. এইসমূহ আপুনি থকা ঘৰখনৰ দৰেই চিনাকি। বা আপোনাৰ প্ৰেমিকৰ ছালৰ সুবাস। আপুনি জানে যে সেইবোৰৰ কেনেকৈ অন্ত পৰে তথাপিও আপুনি এনেকৈ শুনি থাকে যেন আপুনি নাজানে। যিদৰে আপুনি জানে যে এদিন আপুনি মৰিব, আপুনি এনেদৰে জীয়াই থাকে যেন আপুনি নমৰে। মহৎ কাহিনীবোৰত আপুনি জানে কোন জীয়াই থাকে, কোনে মৰে, কোনে প্ৰেম বিচাৰি পায়, কোনে নাপায়। আৰু তথাপিও আপুনি আকৌ জানিব বিচাৰে। সেইটোৱেই এইবিলাকৰ ৰহস্য আৰু এইবিলাকৰ যাদু।