সমললৈ যাওক

গুৰু নানক

ৱিকিউদ্ধৃতিৰ পৰা
ৰাজা ৰবি বাৰ্মাৰ দ্বাৰা অংকিত গুৰু নানকৰ চিত্ৰ

গুৰু নানক (ইংৰাজী: Guru Nanak; ১৪৬৯ – ১৫৩৯) শিখ ধৰ্মৰ জনক তথা দহজন শিখ গুৰুৰ প্ৰথমজন। তেওঁৰ জন্মদিন গোটেই পৃথিৱীতে গুৰু নানক গুৰুপৰ্ব হিচাপে কাতি মাহৰ পূৰ্ণিমা তিথিত পালন কৰা হয়। গুৰু নানকক বিশ্বৰ অন্যতম শ্ৰেষ্ঠ ধৰ্মগুৰু হিচাপে স্বীকৃতি দিয়া হয়। তেওঁ বহু ঠাই ভ্ৰমণ কৰি একেশ্বৰবাদৰ বাণীসমূহ জনসমাজত বিলাই দিছিল। এজন ঈশ্বৰ আৰু তেওঁ সকলো আদি আৰু অন্তৰ মূল, এই পৰম সত্যয়ে আছিল গুৰু নানকৰ শিকনীসমূহৰ মূল আধাৰ। তেওঁ সমতা, ভাতৃত্বসুলভ প্ৰেম, সামূহিক কল্যাণ আৰু পুণ্যৰ ওপৰত ভিত্তি কৰি একপ্ৰকাৰ বিশেষ পৱিত্ৰ, সামাজিক আৰু ৰাজনৈতিক মঞ্চ স্থাপন কৰিছিল। গুৰু নানকৰ বাণীসমূহ ৯৭৪টা ঘোষাৰে সমৃদ্ধ গুৰু গ্ৰন্থ চাহিবত কেন্দ্ৰীভূত হৈ আছে। ই শিখ ধৰ্মৰ পৱিত্ৰতম গ্ৰন্থ। শিখ বিশ্বাস মতে গুৰু নানকৰ পৱিত্ৰতা, দৈৱিক শক্তি আৰু ধৰ্মীয় অধিকাৰ তেওঁৰ পিছত আন নজন শিখ গুৰুলৈ গুৰুৰ অধিকাৰ পোৱাৰ পিছত স্থানান্তৰ হয়।

  1. যাৰ নিজৰ ওপৰত বিশ্বাস নাই, তেওঁ কেতিয়াও ভগৱানক বিশ্বাস নকৰে।[]
  2. সকলোৰ ওপৰত মৃত্যু, কিন্তু তাৰ ওপৰত সত্যৰ বাবে জীয়াই থাকা।[]
  3. বন্ধুসকল আমি কেতিয়াও মৃত্যুক বেয়া বুলি নকলোহেঁতেন, যদি জানিলোহেঁতেন যে বাস্তৱত কেনেকৈ মৰিব পাৰি।[]
  4. অকল সেয়াই কওক যি শব্দবোৰ আপোনাৰ সন্মান বৃদ্ধি কৰে।[]
  5. চিন্তামুক্ত থাকি আমাৰ কৰ্ম কৰা উচিত।[]
  6. ধনক পকেটত স্থান দিয়া দৰকাৰ নিজৰ হৃদয়ত নহয়।[]
  7. সত্য সবাতোকৈ মহান, কিন্তু তাতোকৈ মহান সত্যানুন্ধানী জীৱন৷[]
  8. ব্ৰাহ্মণ, শূদ্ৰ, হিন্দু, মুছলমান ঈশ্বৰৰ চকুত সকলো সমান।[]
  9. কেতিয়াও কাৰো পৰা অধিকাৰ কাঢ়ি লোৱা উচিত নহয়৷[]
  10. আমাৰ স্ত্ৰী জাতিক সন্মান দিয়া উচিত৷[]
  11. যুক্তিৰে ঈশ্বৰৰ ব্যাখ্যা কৰা নাযায়; চিৰজীৱন ধৰি কোনোবাই চেষ্টা কৰিলেও নোৱাৰে৷[]
  12. ঈশ্বৰ এজনেই আৰু তেওঁৰ নাম হ’ল ’সত্য’৷ তেঁৱেই জগতৰ সৃষ্টিকৰ্তা৷ তেওঁ কাকো ভয় নকৰে, তেওঁ কাকো ঘৃণাও নকৰে৷ তেওঁ জাগতিক জন্ম-মৃত্যুৰ উৰ্দ্ধত৷ তেওঁ স্ব-দীপ্তিৰে আলোকিত হয়৷ একমাত্ৰ প্ৰকৃত গুৰুৱেহে তেওঁৰ সন্ধান দিব পাৰে৷ এই ঈশ্বৰ সৃষ্টিৰ আদিতেও প্ৰাসংগিক আছিল, আজিও আছে আৰু ভৱিষ্যতলৈয়ো থাকিব৷[]
  13. আপোনাক যদি সঁচাকৈয়ে কোনোবাই ভালপায়; তেন্তে জানিব আপুনি ঈশ্বৰৰ সন্ধান পাই গৈছে৷[]
  14. পৃথিৱীখন আচলতে এখন ৰংগমঞ্চ আৰু আমি সকলোৱে ইয়াত অভিনয় কৰি আছোঁ৷[]
  15. মাংস খোৱা উচিত নে শাক-পাচলি খোৱা উচিত, তাকে লৈ মূৰ্খসকলে তৰ্ক কৰে৷ কোনবিধ মাংস আৰু কোনবিধ পাচলি তাক কোনে ঠিক কৰি দিছে আৰু কি খালে পাপ হয় তাকেইবা আচলতে কোনে জানে৷[]
  16. ভগৱানে তোমাক যিমান ধন-সম্পত্তি দিছে; সেয়া যদি তুমি কেৱল তোমাৰ বুলিয়েই সাৱটি থাকা, তেন্তে সি পুতিগন্ধময় এটা মৰাশৰ দৰে; যদি তুমি তাক আনৰ সৈতে ভগাই লোৱা, তেন্তে তাক প্ৰসাদতকৈয়ো পৱিত্ৰ বুলি গণ্য কৰা হ’ব৷[]
  17. না কোই হিন্দু, না কোই মুছলমান।[]
  18. ভগবান এজন। সকলো মানুহেই তেওঁৰ সন্তান। গতিকে সম্বন্ধত সকলো ভাই।[]
  19. বেদ-পুৰাণ-ভাগৱত শাস্ত্ৰ পঢ়ি সাময়িক আনন্দ পোৱা যায়; কিন্তু ভগবানক পোৱা নাযায়।[]
  20. ভগবানক পালেই মুক্তি লাভ হয়।[]
  21. একমাত্ৰ ঈশ্বৰেহে নিত্য; তেওঁত বাহিৰে আন সকলো অনিত্য।[]
  22. ভগবানক পাবৰ কাৰণে সংসাৰ এৰি সন্ন্যাসী হোৱাৰ একো আৱশ্যক নাই।[]
  23. ভগবান আমাৰ দৈনন্দিন কামৰ মাজতে লুকাই আছে।[]
  24. ভগবানৰ ওচৰত গুহাবাস সন্ন্যাসী যেনে, তলাতল ঘৰত বাস কৰা ধনীও তেনে। দুয়োকে৷ তেওঁ সমান চকুৰে চায়।[]
  25. কাৰ কি জাতি ভগবানে তাৰ খবৰ নকৰে; কোনে কি কৰিলে তাৰেহে তেওঁ খবৰ কৰে।[]
  26. তেৱেঁই প্ৰকৃত হিন্দু, যি ন্যায়নিষ্ঠ আৰু তেঁৱেই প্ৰকৃত মছলমান যি পবিত্ৰ।[]
  27. সকলো বস্তুৰ ভিতৰেদি ভগবানৰ জ্যোতি প্ৰকাশ পাইছে। তেওঁৰ জ্যোতিৰ বলতহে সকলো প্ৰকাশ পায়।[]
  1. ১.০ ১.১ ১.২ ১.৩ ১.৪ ১.৫ গুৰু নানকৰ বাণী, ১৩ জানুৱাৰী, ২০২২
  2. ২.০ ২.১ ২.২ ২.৩ গুৰু নানকৰ বাণী. আহৰণ কৰা হৈছে: 14 ছেপ্টেম্বৰ 2023.
  3. ৩.০ ৩.১ ৩.২ ৩.৩ ৩.৪ ৩.৫ Guru Nanak Jayanti 2021. আহৰণ কৰা হৈছে: 14 ছেপ্টেম্বৰ 2023.
  4. দেৱগোস্বামী, কেশৱানন্দ (২০০৫)। শংকৰদেৱ অধ্যয়ন প্ৰসংগ। লাবণ্য প্ৰকাশন, পৃষ্ঠা:৬। ISBN: 81-7206-224-9
  5. ৫.০০ ৫.০১ ৫.০২ ৫.০৩ ৫.০৪ ৫.০৫ ৫.০৬ ৫.০৭ ৫.০৮ ৫.০৯ অমৰ কাহিনী,কাশী নাথ বৰ্মন, গ্ৰন্থাকাৰৰ দ্বাৰা প্ৰকাশিত,১৯৪৯