সমললৈ যাওক

টনি মৰিছন

ৱিকিউদ্ধৃতিৰ পৰা
টনি মৰিছনৰ আলোকচিত্ৰ

টনি মৰিছন (ইংৰাজী: Toni Morrison; ১৮ ফেব্ৰুৱাৰী ১৯৩১ – ৫ আগষ্ট ২০১৯) এগৰাকী আমেৰিকান ঔপন্যাসিক, সাহিত্যিক, সম্পাদক, শিক্ষক আৰু অধ্যাপক। তেওঁ প্ৰিন্সটন বিশ্ববিদ্যালয়ৰ সন্মানীয় অধ্যাপক আছিল। ১৯৭০ চনত তেওঁৰ প্ৰথম উপন্যাস "দা ব্লুৱেষ্ট আই" প্ৰকাশিত হৈছিল। তাৰপিছত ১৯৭৭ চনত প্ৰকাশিত হোৱা উপন্যাস "চং অফ চ'ল'মন"ৰ বাবে তেওঁ নেচনেল বুক ক্ৰিটিক্স চাৰকেল বঁটা লাভ কৰিছিল। ১৯৮৮ চনত "বিলাভড" উপন্যাসৰ বাবে তেওঁ আমেৰিকান বুক এৱাৰ্ড আৰু কল্পসাহিত্যৰ পুলিৎজাৰ বঁটা লাভ কৰিছিল। ১৯৯৩ চনত তেওঁ সাহিত্যৰ নোবেল বঁটা লাভ কৰিছিল। ২০১২ চনৰ ২৯ মে' তাৰিখে আমেৰিকাৰ ৰাষ্ট্ৰপতি বাৰাক ওবামায়ে তেওঁক আমেৰিকাৰ সৰ্বোচ্চ অসামৰিক সন্মান "প্ৰেচিডেন্সিয়েল মেডেল অফ ফ্ৰীডম" প্ৰদান কৰিছিল। ২০১৬ চনত তেওঁ আমেৰিকান কল্পসাহিত্যৰ পেন/চাউল বেল' বঁটা লাভ কৰিছিল।

  • যদি আপুনি পঢ়িব বিচৰা কিতাপ এখন আছে, কিন্তু এতিয়ালৈকে ইয়াক লিখা হোৱা নাই, তেন্তে আপুনি ইয়াক লিখিব লাগিব।[১]
  • আপুনি ভয় কৰা বস্তুটো বাস্তৱিক হয় বা নহয়, ই নো কি পাৰ্থক্যৰ সৃষ্টি কৰিব?
    • ছং অফ চলোমন (১৯৭৭)
:w:
:w:
ৱিকিপিডিয়াত সম্বন্ধিত পৃষ্ঠা: