নীল প্ৰজাপতি (গ্ৰন্থ)
অৱয়ব
(নীল প্ৰজাপতিৰ পৰা পুনঃনিৰ্দেশিত)
নীল প্ৰজাপতি অসমীয়া গল্পকাৰ, ঔপন্যাসিক অনুৰাধা শৰ্মা পূজাৰীৰ এখন সমাজকেন্দ্ৰিক উপন্যাস।
উদ্ধৃতিসমূহ
[সম্পাদনা কৰক | উৎস সম্পাদনা]- মানুহ কিমান অবোধ আৰু মূৰ্খ, যি অমৃতপান কৰিও সন্তুষ্ট হ’ব নোখোজে!
- জোনৰ পোহৰ আৱৰ্জনাতো পৰে, নিৰ্মল পানীতো পৰে।
- সংসাৰ এখন যেতিয়া কাৰোবাৰ বাবে বন্দিত্ব হৈ পৰে, তেওঁক বন্দী কৰি ৰখাৰ অধিকাৰ কাৰো নাই।
- বিবাহ এক মানসিক নিৰাপত্তা, বুজাবুজিৰ চুক্তি।
- ভালপোৱা বিষয়টোৱেই সাময়িক। প্ৰকৃতিয়ে সমানে সদায় যিদৰে বৰষুণ নিদিয়ে, ৰ’দ নিদিয়ে, সেইদৰে আজীৱন সমানে ভালপোৱাও নাথাকে। তাৰতম্য ঘটে।
- জীৱনে আমাক চলায়, জীৱনক চলোৱা মানুহ বৰ কম।
- আকাশৰ বেলিটো সদায় পৃথিৱীৰ সকলো নৃশংসতা, নিষ্ঠুৰতাৰ সাক্ষী, সেইবুলি জানো পিচদিনা নতুন হৈ, নতুন আশাৰে সূৰ্য ওলাই নাহে!
- ছিৰিৰে কেৱল উধাই যোৱাটোৱেই গতি নহয়, থমকি ৰৈ পৃথিৱীখনৰ সৌন্দৰ্য বুটলি ল’ব নাজানিলে এই গতিৰ শেষত মাথোঁ শূন্যতা থাকে।
- মানুহৰ জীৱনটোও খালী হৈ যোৱা কোঠাৰ দৰে, পৰিস্থিতিয়ে পূৰ্ণতা আনে আৰু শূন্যতাও দিয়ে।
- মানুহ আৱেগিক, অৰ্থনৈতিক যি কাৰণতেই নহওক, আনৰ ওচৰত প্ৰয়োজনতকৈ বেছি নিৰ্ভৰশীল হোৱাটো ভাল কথা নহয়।
- লতাবোৰ বগাই যিদৰে সুৰুযমুখী হয়, সেইদৰে সুৰ শিল্পীমুখী হয় আৰু শিল্পী সুৰমুখী।
- সাঁতুৰিব জনা মানুহে পানী নেদেখাকৈ বহু বছৰ থাকিব পাৰে, কিন্তু পানীত পৰিলেই সাঁতুৰিব পাৰে।
- তীব্ৰবেগী সময়বোৰে মানুহৰ জীৱনৰ হিচাপ লৈ নাথাকে, সময়ৰ হিচাপ ৰাখে মানুহে।
- মানুহৰ জীৱনত কিয়বোৰৰ উত্তৰ কাহানিও নাথাকে। মাত্ৰ ঘটি যায় সকলো।
- মানুহৰ জীৱনত কোনো ঘটনা, ঘোষণা দি নঘটে।