চাৰ্লচ ডিকেঞ্চ
চাৰ্লচ ডিকেঞ্চ (ইংৰাজী: Charles Dickens, সম্পূৰ্ণ নাম Charles John Huffam Dickens; ৭ ফেব্ৰুৱাৰী, ১৮১২ – ৯ জুন, ১৮৭০[১]) এজন ইংৰাজ লেখক আৰু সমাজ সমালোচক আছিল। তেখেতে দুখ কষ্টেৰে ভৰা নিজ জীৱনৰ অভিজ্ঞতাৰ ভিত্তিত সাহিত্য সৃষ্টি কৰি ইংৰাজী সাহিত্য সমৃদ্ধিশালী কৰি থৈ গৈছে। চাৰ্লচ ডিকেঞ্চৰ জন্ম ইংলেণ্ডৰ পৰ্টচ মাউঠ নামে ঠাইত ১৮১২ চনত হৈছিল৷[২] চাৰ্লচৰ ১২ বছৰ বয়সত দেউতাক জন ডিকেঞ্চ ঋণৰ দায়ত পৰি জেললৈ যাবলগীয়া হয়। দেউতাকৰ ঋণ পৰিশোধ আৰু সংসাৰ চলোৱাৰ গুৰু দায়িত্ব মূৰ পাতি লৈ সেই বয়সতে চাৰ্লচে মজুৰি কৰিবলৈ লয়। কিন্তু অশেষ কষ্ট স্বীকাৰ কৰিও তেওঁ দেউতাকৰ ঋণৰ ৪০ পাউণ্ড ধন উপাৰ্জন কৰিবলৈ অক্ষম হয়। কাৰখানাত মজুৰি কৰি দিনে মাত্ৰ ১ চিলিং উপাৰ্জন হয়। ইয়াৰেই নিজৰ থকা-খোৱাৰ বন্দৱস্তৰ লগতে পঢ়া-শুনাৰ খৰচো আছে। দেউতাক জন ডিকেঞ্চে ঋণৰ ধন আদায় দিব নোৱাৰাৰ বাবে জেলত তিনিমাহ ম্যাদ সম্পূৰ্ণ কৰিবলগীয়া হয়। তিনিমাহৰ মূৰত জেলৰ পৰা ওলাই জন ডিকেঞ্চে পুনৰ চাকৰিত ধৰে আৰু চাৰ্লচক স্কুললৈ যোৱাৰ সুবিধা কৰি দিয়ে৷[৩]
উদ্ধৃতিসমূহ
[সম্পাদনা কৰক | উৎস সম্পাদনা]- ক্ষুধাক নিয়ন্ত্ৰণ কৰা, দেখিবা তুমি মানৱ প্ৰকৃতিক জয় কৰিছা৷[৪]
- “এই পৃথিৱীত সেইজন কেতিয়াও নিষ্ফল নহয়, যিয়ে আনৰ বোজা অলপ হ’লেও লঘু কৰে।”[৫]
- “দুখ-কষ্টে সকলো ধৰণৰ শিক্ষাতকৈ অধিক শক্তিশালী।”[৬]
- বৈদ্যুতিক যোগাযোগ কেতিয়াও সেই মানুহজনৰ মুখৰ বিকল্প হ’ব নোৱাৰে, যিয়ে নিজৰ আত্মাৰে আনক সাহসী আৰু সত্যনিষ্ঠ হ’বলৈ উৎসাহ দিয়ে।”[৭]
- মোৰ লগত জড়িতসকলৰ পৰা একো লুকুৱাই ৰখাটো মোৰ স্বভাৱত নহয়। যেতিয়া মই মোৰ হৃদয়খন ঢালি দিছো, তেতিয়া মই কেতিয়াও ওঁঠ দুটা বন্ধ কৰি ৰাখিব নোৱাৰো।[৮]
- দেশৰ প্ৰতি প্ৰেম ঘৰৰ প্ৰতি থকা প্ৰেমৰ পৰাই উদ্ভৱ হয়।[৯]
- "গোটেই জীৱন আমি আমাৰ ভগ্নী-মহিলাসকলে দুখ পোৱা দেখিছো, নিজৰ মাজত আৰু সন্তানৰ মাজত।"[১০]
- "মকৰা জালত ধৰা হৃদয়বোৰ অৱশেষত মুক্ত হ’ব, তেতিয়াহে প্ৰেমৰ প্ৰতিশোধ সম্পূৰ্ণ হ’ব।"[১১]
- হেৰা, তোমাৰ হৃদয়ত মোক স্থান দিয়া মোৰ স্বামী, কিয়নো মোৰ প্ৰেম শিলৰ ওপৰত প্ৰতিষ্ঠিত, আৰু ই অদম্য।[১১]
- তুমি মোৰ আত্মাৰ শেষ সপোন হৈ পৰিছা।[১০]
উৎস
[সম্পাদনা কৰক | উৎস সম্পাদনা]- ↑ Lansbury, Coral. Dickens, Charles (1812-1870) (English ভাষাত). Australian Dictionary of Biography On Line Edition. প্ৰকাশক: Australian National University. আহৰণ কৰা হৈছে: 2010-03-16.
- ↑ [১] Dickens Family Tree website
- ↑ কনকসেন ডেকা (১৯৯৪)। আধুনিক বিশ্বৰ এশগৰাকী মহান ব্যক্তি। দিছপুৰ প্ৰিণ্ট হাউছ, পৃষ্ঠা:১০৮-১১১।
- ↑ Dickens, Charles। Nicholas Nickleby [Subdue your appetites, my dears, and you've conquered human nature.]। Chapman & Hall। আহৰণ কৰা হৈছে: 4 July, 2023।
- ↑ ‘আৱাৰ মিউচুৱেল ফ্ৰেণ্ড’১৮৬৪ চনৰ পৰা ১৮৬৫ চনলৈ খণ্ড খণ্ড কৈ প্ৰকাশহৈছিল।
- ↑ ‘গ্ৰেট এক্সপেকটেচনচ’ প্ৰকাশৰ চন ১৮৬১ ।
- ↑ ‘দ্য লাইফ অফ্ চাৰ্লচ ডিকেঞ্চ’লেখক-John Forster,১৮৭২ চনৰ পৰা ১৮৭৪ চনলৈ খণ্ড খণ্ড প্ৰকাশ পাইছিল।
- ↑ Master Humphrey's Clock, (1840) Vol. 1
- ↑ The Old Curiosity Shop (1841),chapter 38
- ↑ ১০.০ ১০.১ A Tale of two cities, Charles Dickens
- ↑ ১১.০ ১১.১ David Coperfield,Charles Dickens
বাহ্যিক সংযোগ
[সম্পাদনা কৰক | উৎস সম্পাদনা]- Charles Dickens Quotes
- Great Expectations quotes analyzed; themes, literary devices, teacher guide