ছুছান কেইন

ৱিকিউদ্ধৃতিৰ পৰা
ছুছান কেইনৰ আলোকচিত্ৰ

ছুছান কেইন (ইংৰাজী: Susan Horowitz Cain) (জন্ম ১৯৬৮) হৈছে এগৰাকী আমেৰিকান লেখিকা, প্ৰবক্তা আৰু "কোৱাইট্" (Quiet: The Power of Introverts in a World That Can't Stop Talking) নামৰ অ-কাহিনীমূলক গ্ৰন্থখনৰ লেখিকা।

উদ্ধৃতিসমূহ[সম্পাদনা কৰক | উৎস সম্পাদনা]

সাতটা আনন্দময় বছৰ ধৰি মই অন্তৰ্মুখীতা সম্পৰ্কীয় এখন কিতাপ পঢ়ি, লিখা আৰু গৱেষণা কৰি সময় পাৰ কৰিছিলোঁ। কিন্তু প্ৰকাশৰ তাৰিখ আহিছিল, ইডিল শেষ হৈছিল আৰু মোৰ মেটামৰ্ফ’ছিছ সম্পূৰ্ণ হৈছিল। মই এতিয়া সেই অসম্ভৱ অক্সিম’ৰনিক জীৱটো আছিলোঁ:ৰাজহুৱা অন্তৰ্মুখী
  • নিৰৱ আৰু অল্পভাষী মানুহৰ প্ৰতি আমাৰ সংস্কৃতি পক্ষপাতদুষ্ট, কিন্তু মানৱতাৰ কিছুমান মহান কৃতিত্বৰ বাবে অন্তৰ্মুখীসকল দায়ী৷ [১]
  • প্ৰগতি আৰু উত্তৰণৰ পথেৰে আগুৱাই আহি আজি আমাৰ পৃথিৱীখন যিটো স্থানত অৱস্থান কৰিছেহি, বিশ্বৰ চাৰিওফালে বিগত শতাব্দীসমূহত আৰু এইমুহূৰ্ততো যিমানবোৰ যুগান্তকাৰী আৱিষ্কাৰ, বিস্ময়কৰ ঘটনা, চমৎকাৰী যন্ত্ৰ নাইবা কৌতূহলোদ্দীপক মতবাদৰ সৃষ্টি হৈছে— সেইবোৰৰ অধিকাংশৰ আঁৰতেই আছে এজন অন্তৰ্মুখী৷[২]
  • কিতাপ লিখাৰ ক্ষেত্ৰত এনেকুৱা কিবা এটা আছে যিয়ে আমাক দৈনন্দিন জীৱনত ইমান সহজ নহয় বুলি কোৱা কথাবোৰ আলোচনা কৰাৰ অনুমতি দিয়ে৷ মোৰ বাবে কিতাপ লিখাৰ গোটেই কথাটো হ’ল পৰীক্ষা নকৰাকৈ থাকি যোৱা, অব্যক্ত আৰু অসংগঠিতবোৰক চোৱা। [৩]
  • আমাৰ সংস্কৃতিয়ে ৰিস্ক লোৱাসকলক সঠিকভাৱে প্ৰশংসা কৰে, কিন্তু আমাক আমাৰ “শ্ৰোতা”সকলক পূৰ্বতকৈ বেছি প্ৰয়োজন।[৪]
  • একাকীত্ব ফেশ্বনৰ বাহিৰত। আমাৰ কোম্পানী, আমাৰ বিদ্যালয় আৰু আমাৰ সংস্কৃতি মই নিউ গ্ৰুপথিংক (নতুন দলীয় চিন্তা) বুলি কোৱা এটা ধাৰণাটোৰ দাসত্বত আছে, যিটোৱে ধৰি লৈছে যে সৃষ্টিশীলতা আৰু কৃতিত্ব এটা অদ্ভুতভাৱে সামাজিক ঠাইৰ পৰা আহে।[৫]
  • আধা জনসংখ্যাৰ শক্তি ক্ষয় কৰি সমাজখনক এনেদৰে সংগঠিত কৰাটো কেতিয়াও ভাল কথা নহয়।[৬]
  • লজ্জাবোধ হৈছে নেতিবাচক বিচাৰৰ ভয়, আনহাতে অন্তৰ্মুখীতা হৈছে কম উদ্দীপনাক পছন্দ কৰা। লাজ লগাটো সহজাতভাৱে অস্বস্তিকৰ; অন্তৰ্মুখীতা নহয়। [৭]
  • আমি (অন্তৰ্মুখী) অসামাজিক নহয়; আমি বেলেগ ধৰণে সামাজিক৷ [৮]
  • বেছিভাগ অন্তৰ্মুখী লোকেই এই বিষয়ে সচেতন নহয় যে তেওঁলোকে কেনেকৈ অহৰহ সময় এনেদৰে ব্যয় কৰি আছে যিটো তেওঁলোকে নহ’বলৈ পছন্দ কৰিব৷ তেওঁলোকে গোটেই জীৱন কৰি আহিছে, গতিকে ই কেৱল দ্বিতীয় প্ৰকৃতি হৈ পৰে। মই মানুহক নিজৰ মনটোৰ ভিতৰতে যিজন সেইজন হ’বলৈ প্ৰাপ্যতা দিবলৈ চেষ্টা কৰিছো৷[৯]
  • একাকীত্ব গুৰুত্বপূৰ্ণ, আৰু কিছুমান মানুহৰ বাবে তেওঁলোকে উশাহ লোৱা বতাহকণৰ দৰেই ই গুৰুত্বপূৰ্ণ৷[১০]

বাহ্যিক সংযোগ[সম্পাদনা কৰক | উৎস সম্পাদনা]

:w:
:w:
ৱিকিপিডিয়াত সম্বন্ধিত পৃষ্ঠা:


উত্‍স[সম্পাদনা কৰক | উৎস সম্পাদনা]

  1. "Introverts run the world -- quietly," CNN.com, March 18, 2012.
  2. অন্তৰ্মুখিতাৰ শক্তি, নিৰৱ বিপ্লৱ আৰু ছুছান কেইন
  3. Mineo, Liz (interviewer), "That feeling you get when listening to sad music? It's humanity", The Harvard Gazette, May 11, 2022.
  4. Manifesto, ThePowerOfIntroverts.com, January 2012 (est).
  5. The Rise of the New Groupthink," Opinion section of The New York Times, online January 13, 2012; in print January 15, 2012.
  6. Cook, Gareth (interviewer), "The Power of Introverts: A Manifesto for Quiet Brilliance," Scientific American, January 24, 2012.
  7. Cook, Gareth (interviewer), "The Power of Introverts: A Manifesto for Quiet Brilliance," Scientific American, January 24, 2012.
  8. Cook, Gareth (interviewer), "The Power of Introverts: A Manifesto for Quiet Brilliance," Scientific American, January 24, 2012.
  9. Bielski, Zosia (interviewer), "Giving introverts permission to be themselves," The Globe and Mail, January 26, 2012.
  10. "Susan Cain: Quiet revolutionary" speaker profile at TED.com, February 2012 (est.)