সমললৈ যাওক

ডাগ হেমাৰশ্বল্ড

ৱিকিউদ্ধৃতিৰ পৰা
ডাগ হেমাৰশ্বল্ড আলোকচিত্ৰ

ডাগ হামাৰশ্বল্ড (ইংৰাজী: Dag Hammarskjöld ; জন্ম: ২৯ জুলাই ১৯০৫ – মৃত্যু : ১৮ ছেপ্টেম্বৰ ১৯৬১) এজন ছুইডেনৰ কূটনীতিবিদ, ৰাষ্ট্ৰসংঘৰ দ্বিতীয় সচিব প্ৰধান আৰু নোবেল বঁটা বিজয়ী। তেওঁ শীতল যুদ্ধৰ সংকট, আফ্ৰিকাৰ বিঔপনিবেশিকৰণ আৰু আৰব-ইজৰাইল সংঘাতৰ প্ৰতি ৰাষ্ট্ৰসংঘৰ সঁহাৰিৰ তদাৰক কৰিছিল। কংগো সংকটৰ মধ্যস্থতা কৰিবলৈ গৈ বিমান দুৰ্ঘটনাত তেওঁৰ মৃত্যু হৈছিল।

নিয়তি এনেকুৱা বস্তু যিটো বাঞ্ছনীয় বা পৰিহাৰযোগ্য নহয়... ই যুক্তিক অৱজ্ঞা নকৰা এক ৰহস্য; কাৰণ ইয়াৰ পৰা বুজা যায় যে এই জগতখন আৰু মানৱ ইতিহাসৰ গতিপথ দুয়োটাৰে এটা অৰ্থ আছে।
  1. তোমাৰ যিমানখিনি শক্তি আছে, জীৱনে কেৱল সিমানখিনিয়েই দাবী কৰে। এটা মাত্ৰ বীৰত্ব তোমাৰ পক্ষে সম্ভৱ—কেতিয়াও পলাই নাযাবা।[]
  2. সম্পূৰ্ণতা আয়ত্ত কৰিবলৈ হ'লে আমি প্ৰত্যেকেই এজন এজনকৈ আত্ম-বিলুপ্তিৰ মৃত্যুৰ মাজেদি পাৰ হৈ যাব লাগিব।[]
  3. নিজকে কেতিয়াও ভয় নকৰিবা, জীৱন-যাপনৰ প্ৰক্ৰিয়াত নিজৰ ব্যক্তিত্বক সম্পূৰ্ণৰূপে বিকশিত কৰি তুলিবা—কিন্তু তাকে কৰিবা আনৰ মঙ্গলৰ কাৰণে।[]
  4. নিঃসঙ্গতাৰ যন্ত্ৰণানাশক প্ৰতিশেধক হিচাপে কাম, মানুহৰ সঙ্গৰ বিকল্প হিচাপে কিতাপ।[]
  5. সততা এটা অতিশয় সৰল বস্তু: সদায় আনৰ কাৰণে জীয়াই থাকিবা, কেতিয়াও নিজৰ সুবিধা নিবিচাৰিবা।[]
  6. মৃত্যুৰ সন্ধান নকৰিবা। মৃত্যুৱে তোমাক বিচাৰি পাব। বৰঞ্চ সেই পথ বিচাৰি যাওক যিয়ে মৃত্যুক পূৰ্ণতালৈ ৰূপান্তৰিত কৰি তোলে।[]
  7. আমাৰ ভাগ্যৰ গাঁথনি বাছি ল’বলৈ আমাক অনুমতি দিয়া হোৱা নাই; কিন্তু আমি ইয়াৰ ভিতৰত যিখিনি ৰাখোঁ, সেয়া কেৱল আমাৰ।[]
  8. শান্তি আৰু নিস্তব্ধতাৰ স্বাৰ্থত কেতিয়াও নিজৰ অভিজ্ঞতা বা বিশ্বাসৰ পৰা আঁতৰি নাযাব।[]
  9. বন্ধুত্বৰ কোনো শব্দৰ প্ৰয়োজন নাই, ই হৈছে নিসংগতাৰ যন্ত্ৰণাৰ পৰা মুক্তি পোৱা নিসংগতা।[]
  10. যিসকলে প্ৰতিদিনে নিজৰ যোগ্যতা প্ৰমাণ কৰে তেওঁলোকহে ক্ষমতাৰ যোগ্য।[]
  11. ম‌ই আলোচনাৰ বিষয়ে কেতিয়াও আলোচনা নকৰো।[]
  12. ভাল হোৱাটো সহজ, আনকি শত্ৰুৰ ওচৰতো—কাৰণ ইয়াত চৰিত্ৰৰ অভাৱ।[]