বাহাই ধৰ্ম

ৱিকিউদ্ধৃতিৰ পৰা
সকলো বস্তু ঈশ্বৰৰ পৰাই ওলাই আহে আৰু তেওঁৰ ওচৰলৈ ঘূৰি যায়। তেওঁ সকলো বস্তুৰ উৎস আৰু তেওঁৰ মাজত সকলো বস্তুৰ অন্ত পৰিছে। ~ বাহাউল্লাহ

বাহাই ধৰ্ম (ফাৰ্চী ভাষাত: بهائیت, আৰবী ভাষাত: بهائية) এটা একেশ্বৰবাদী ধৰ্ম যি সকলো মানুহৰ আধ্যাত্মিক ঐক্যত বিশ্বাস কৰে। বাহাই ধৰ্মৰ তিনি মূল নীতি হ'ল: ঈশ্বৰৰ ঐক্য- এজন ঈশ্বৰেই সকলো সৃষ্টিৰ মূল; ধৰ্মৰ ঐক্য- সকলো ধৰ্মৰ উৎস এক; মানুহৰ ঐক্য- সকলো মানুহ সমান, বিভিন্ন জাতি, সংস্কৃতিয়ে বৈচিত্ৰ্যৰ মাজত ঐক্য বুজায় আৰু ই সন্মানীয়। বাহাই শিক্ষাৰ মতে মানৱ জীৱনৰ লক্ষ্য ঈশ্বৰৰ মহত্ত্ব বুজি ঈশ্বৰৰ আৰাধনা কৰা, তেনে কৰিবলৈ মানুহে 'প্ৰাৰ্থনা', 'আত্মজ্ঞানৰ সন্ধান' আৰু 'মানৱ সেৱা' কৰিব লাগিব।

উদ্ধৃতি[সম্পাদনা কৰক | উৎস সম্পাদনা]

  • আটাইতকৈ গ্ৰহণযোগ্য প্ৰাৰ্থনা হ’ল পৰম আধ্যাত্মিকতা আৰু উজ্জ্বলতাৰে আগবঢ়োৱা প্ৰাৰ্থনা; ইয়াৰ দীঘলীয়া হোৱাটো ঈশ্বৰৰ প্ৰিয় হোৱা নাই আৰু নহয়। প্ৰাৰ্থনা যিমানেই বিচ্ছিন্ন আৰু বিশুদ্ধ সিমানেই ঈশ্বৰৰ সান্নিধ্যত গ্ৰহণযোগ্য।
    • পাৰ্চীয়ান বায়ান, VII, পৃ.১৯

উৎস[সম্পাদনা কৰক | উৎস সম্পাদনা]

বাহ্যিক সংযোগ[সম্পাদনা কৰক | উৎস সম্পাদনা]

:w:
:w:
ৱিকিপিডিয়াত সম্বন্ধিত পৃষ্ঠা: