মাৰ্ক টোৱেইন
অৱয়ব

ছেমুৱেল লেংহৰ্ণ ক্লিমেঞ্চ (ইংৰাজী: Samuel Langhorne Clemens; ৩০ নৱেম্বৰ, ১৮৩৫ – ২১ এপ্ৰিল ১৯১০) বা ছদ্মনামেৰে জনাজাত মাৰ্ক টোৱেইন আছিল এজন আমেৰিকান সাহিত্যিক আৰু হাস্যৰসিক। তেখতে দা এড্ভেন্সাৰ্ছ অৱ টম ছয়াৰ (১৮৭৬) আৰু এড্ভেন্সাৰ্ছ অৱ হাকল্বেৰী ফিন (১৮৮৫) উপন্যাস দুখনৰ জৰিয়তে খ্যাতি অৰ্জন কৰিছিল।
উদ্ধৃতি
[সম্পাদনা কৰক | উৎস সম্পাদনা]- গুণ কেতিয়াও ধৰ্মৰ সমান সন্মানী নহয়৷
- সত্যই কিছুমান মানুহকহে সন্তুষ্টি দিয়ে৷
- তোমাক মানসিকভাবে আঘাত কৰিবলৈ দুজন মানুহৰ দৰকাৰ৷ এজন তোমাৰ শত্ৰু, আনজন তোমাৰ বন্ধু৷ শত্ৰুজনে তোমাৰ বদনাম ৰটি ফুৰিব, বন্ধুজনে সেই খবৰটো আনি তোমাক দিব৷[১]
- জীৱনত সাফল্য অৰ্জন কৰিবলৈ যি দুটা বস্তুৰ প্ৰয়োজন তাৰ ভিতৰত আত্মবিশ্বাস অন্যতম৷ ইয়াৰ দ্বিতীয়টো অজ্ঞতা৷[২]
- প্ৰত্যেক মানুহেই একোটা ’চন্দ্ৰ’, আৰু তেওঁৰ এটা অন্ধকাৰ দিশ থাকে, কিন্তু সেই দিশটো তেওঁ আন কাকো নেদেখুৱায়৷[৩]
- সত্যই হ’ল আমাৰ সকলোতকৈ মূল্যবান সামগ্ৰী৷ হাত ধৰি তাক খৰচ কৰিবা৷ দোধোৰ-মোধোৰত পৰিলেও সঁচাটোকে ক’বা৷[৪]
- সফলতাৰ আটাইতকৈ ডাঙৰ গোপন মন্ত্ৰটো হৈছে, সকলোতকৈ আগতে কামটো কৰিবলৈ আৰম্ভ কৰা ৷
- “সাহস ভয়ৰ অনুপস্থিতি নহয়, বৰং ভয়ৰ ওপৰত বিজয় লাভ কৰা।”[৫]
- “ভাল বন্ধুই, ভাল কিতাপ আৰু শান্ত বিবেক—এইবোৰেই হৈছে আদৰ্শ জীৱন।”[৬]
- “যিসকল আগবাঢ়ি নাযায়, তেওঁলোকেই পিছ পৰি যায়।”[৭]
উৎস
[সম্পাদনা কৰক | উৎস সম্পাদনা]- ↑ উদ্ধৃতি অভিধান, ৰক্তাভ জ্যোতি বৰা, পৃ: নং, ২৬, প্ৰকাশক: উৎপল হাজৰিকা, বাণী মন্দিৰ
- ↑ উদ্ধৃতি অভিধান, ৰক্তাভ জ্যোতি বৰা, পৃ: নং, ৩১, প্ৰকাশক: উৎপল হাজৰিকা, বাণী মন্দিৰ
- ↑ উক্তি সঞ্চয়ন, শ্ৰী ৰাম চন্দ্ৰ ভূঞা, পৃ: নং, ৩৪, প্ৰকাশিকা, বীণা বৰা ভূঞা
- ↑ উদ্ধৃতি অভিধান, ৰক্তাভ জ্যোতি বৰা, পৃ:নং: ৩৫৯, প্ৰকাশক: উৎপল হাজৰিকা, বাণী মন্দিৰ
- ↑ পাড্নহেড উইলচন
- ↑ ফল'ইং দ্য ইকুৱেডৰ
- ↑ টম ছয়িয়াৰৰ দুঃসাহসিক অভিযান
