সমললৈ যাওক

আন্না হাজাৰে

ৱিকিউদ্ধৃতিৰ পৰা

আন্না হাজাৰে (ইংৰাজী: Anna Hazare; জন্ম ১৫ জানুৱাৰী, ১৯৪০) হ'ল ভাৰতৰ সমাজ সংস্কাৰক। তেওঁৰ প্ৰকৃত নাম কিচান বাবুৰাও হাজাৰে (ইংৰাজী: Kisan Baburao Hazare)। তেওঁ ভাৰতৰ মহাৰাষ্ট্ৰ ৰাজ্যৰ আহমেদনগৰ জিলাৰ ৰালেগন সিদ্ধি গাঁৱৰ উন্নয়ন কাৰ্যসূচীৰ কাৰণে বিশেষ জনপ্ৰিয়তা অৰ্জন কৰিছিল। আনাৰ কাৰণেই এই গাঁৱখনে এখন আদৰ্শ গাঁও হিচাপে পৰিচয় লাভ কৰিছিল। এই কামৰ স্বীকৃতিৰ বাবে তেওঁক ১৯৯২ চনত ভাৰত চৰকাৰে পদ্মভূষণ সন্মানেৰে সন্মানিত কৰে। ২০১১ চনৰ ৫ এপ্ৰিলৰ পৰা তেওঁ চৰকাৰী কাৰ্যলয়ত আৰু সমাজৰ পৰা দুৰ্নীতি নিৰ্মুলৰ কাৰণে জন লোকপাল বিল আইনৰূপে বলবৎ কৰাৰ কাৰণে আমৰণ অনশন কাৰ্যসূচী আৰম্ভ কৰে।

  • লাখ লাখ মানুহে স্বাধীনতাৰ বাবে প্ৰাণ আহুতি দিছিল কিন্তু কিছুমান মানুহৰ স্বাৰ্থপৰতাৰ বাবে আমি সঠিক স্বাধীনতা লাভ কৰা নাই।[১]
  • মই এই দেশৰ যুৱক-যুৱতীসকলক ক’ব বিচাৰো যে এই যুঁজ কেৱল লোকপালৰ সৈতে বন্ধ কৰা উচিত নহয়৷ বৰ্তমানৰ নিৰ্বাচনী সংস্কাৰৰ দোষ আঁতৰোৱাৰ বাবে আমি যুঁজিব লাগিব। নিৰ্বাচনী ব্যৱস্থাৰ দোষৰ বাবেই ১৫০ জন অপৰাধী সংসদত উপনীত হৈছে।[১] (লোকপাল বিধেয়ক সন্দৰ্ভত)
  • যিখন দেশত সংবেদনহীন একাংশই শাসন কৰে, সেইখন দেশৰ কি হ’ব মই চিন্তিত৷ কিন্তু আমি জন শক্তিৰ দ্বাৰা ইয়াক সলনি কৰিব পাৰোঁ‌।[১]
  • এয়া গণতন্ত্ৰ নেকি? সকলোৱে একত্ৰিত হৈ টকা উপাৰ্জন কৰিছে। মই যদি মোৰ সমাজ, মোৰ দেশৰ জনসাধাৰণৰ বাবে মৰি যাওঁ তেন্তে মই নিজকে ভাগ্যৱান বুলি গণ্য কৰিম।[১]
  1. ১.০ ১.১ ১.২ ১.৩ Anna Hazare's Best Quotes of Recent Times. প্ৰকাশক: mensxp.com. আহৰণ কৰা হৈছে: 7 ছেপ্টেম্বৰ 2022.
:w:
:w:
ৱিকিপিডিয়াত সম্বন্ধিত পৃষ্ঠা: