সমললৈ যাওক

কালিৰাম মেধি

ৱিকিউদ্ধৃতিৰ পৰা

কালিৰাম মেধি (ইংৰাজী: Kaliram Medhi; ১৮৮০-১৯৫৪) এজন প্ৰসিদ্ধ অসমীয়া সাহিত্যিক আৰু ব্যাকৰণবিদ আছিল। পৌৰাণিক অসমীয়া সাহিত্যৰ বিজ্ঞানসন্মত পুথি সমালোচনাৰ তেওঁ‌ বাটকটীয়া আছিল। কালিৰাম মেধিয়ে ১৯০২ চনত ‘বিষ্ণুপ্ৰিয়া দেৱী পুৰস্কাৰ’ আৰু ১৯৪৬ চনত ‘ৰায়বাহাদুৰ অব আছাম’ খিতাপ লাভ কৰিছিল।১৯২৩ চনত হেম সৰস্বতীৰ 'প্ৰহ্লাদ চৰিত' কাব্য খন সম্পাদনা কৰি প্ৰকাশ কৰে গবেষণা আৰু পাণ্ডিত্যৰ বাবে ১৯৪৩ চন ‘তত্ত্বনিধি’ উপাধি লাভ কৰিছিল।

  1. ভাষা কেৱল সাহিত্যৰ সঁজুলি নহয়, ই জাতীয় জীৱন আৰু জাতীয় ইতিহাসৰ স্মৃতিচিহ্ন আৰু ই সমাজৰ উন্নতিৰ সংকেত।[১]
  2. বৰ্তমানে প্ৰচলিত কোনো শব্দকে সাহিত্যৰ পৰা বাদ দিয়া উচিত নহয়। সেয়া কৰিলে ভাষাৰ বুৰঞ্জী লোপ পাব আৰু অংগহীন হ’ব। শব্দত ব্ৰাহ্মণ-শূদ্ৰ বিচাৰিলে বা আৰ্য-দস্যু বাচিলে জাতীয় ভাষা নাথাকে; জাতীয় সাহিত্য নহয়। জাতীয় ভাষাত ডাঙৰ-সৰু নাই, হিন্দু-মুছলমান নাই, ৰজা-প্ৰজা নাই আৰু পণ্ডিত-মূৰ্খ নাই।[১]
  3. অহম (আহোম) ৰাজপুৰুষসকলে কেতিয়াবাই অহমভাষা এৰি অসমীয়া ভাষা গ্ৰহণ কৰিছে। তেওঁলোকেও অসমীয়া এৰি অহম ভাষা চলাব নোৱাৰে। অহম ৰজাসকলে উন্নতিকল্পে মাটি-বাৰী দি অসমীয়া সাহিত্যিকক আগেয়ে সহায় কৰিছিল। বৰ্তমান যুগতো সাহিত্য চৰ্চাত অহম ভাতৃসকল উদ্যোগী।[১]
  4. আমাৰ দেশত এই দুই সম্প্ৰদায়ৰ ভিতৰত ধৰ্ম বা জাতি লই বিদ্বেষ নাই; আগেও নাছিল আৰু আশা কৰিব পাৰি, আগলৈও নাথাকিব। পুৰণি কালৰ পৰা উভয়ে একেটা ভাষাৰ উন্নতি আৰু পুষ্টিসাধন ব্ৰতত ব্ৰতী; ধৰ্ম মাথোন পৃথক। আমাৰ ভাষা-সংস্কৃতিৰ ওচৰত যেনে ধৰুৱা, আৰবী আৰু ফাৰ্চীৰ ওচৰতো তেনে ধৰুৱা। কেৱল মাত্ৰাতহে কম-বেছি আছে। আমাৰ ভাষাত যিমান আৰবী আৰু ফাৰ্চী শব্দ আছে, ভাৰতৰ বহুত ভাষাত তিমান নাই। অসমীয়া ভাষা কেৱল হিন্দুৰ নহয় মুছলমানৰো সম্পত্তি।[১]
  5. প্ৰকৃত গৌৰৱৰ কাৰণ জ্ঞান,আত্মসংযম আৰু আত্মদানৰ পৰা ওলায়।-কালিৰাম মেধি।[২]
  1. ১.০ ১.১ ১.২ ১.৩ ড° পৰমানন্দ মজুমদাৰ (6 August, 2023). কালিৰাম মেধিৰ সোণসেৰীয়া কথা. প্ৰকাশক: nilacharai.com. আহৰণ কৰা হৈছে: আগষ্ট 27, 2023.
  2. অসমীয়া উদ্ধৃতি-অভিধান 2003, পৃষ্ঠা. 99.
:w:
:w:
ৱিকিপিডিয়াত সম্বন্ধিত পৃষ্ঠা: